নিষিদ্ধ নহয়! (মানবেন্দ্ৰ কুমাৰ শৰ্মা)

ষ্টেচন পাইও আমি বিব্ৰত হৈয়েই আছিলোঁ৷ অথচ এজনে আনজনৰ মনোভাব ভালদৰে বুজি পাইয়ো এই কথা খুলি ক’বলৈ কিন্তুু এজনো আগবাঢ়ি অহা নাছিল: কথাৰে ইমানলৈ আগবঢ়াৰ পিছত এতিয়া তেনে কিবা এষাৰ ক’লেই যেনিবা অতদিনৰ দম্ভালিৰ সেই বেলুনটো পাম্‌চাৰ হৈ বাকী দুজনৰ সমুখত কোৱাজনক একেবাৰে নালায়ক, নপুংসক আদি কৰিহে তুলিব!
সেয়েহে অসহায় এই যুৱক সকল গুজ্‌গুজকৈ গৈ ট্ৰেইনতে বহিল আৰু টিহুৰ পৰা গৈ বৰপেটাৰোড ষ্টেচন পালে৷ তাত নামিও মহাপুৰুষ সকলে পুলুংপালাং কৰিয়ে সময় খেদাব ধৰিলে৷ সেই সময়তো- ’এহ বাদ দিয়া এইবোৰ’, বুলি কোনোবা এজনে মাত্ৰ এবাৰ ক’লেই যেন তিনিওজনেই ৰক্ষা পৰিব আৰু ঘৰৰ ল’ৰা অহা বাটেই ঘৰলৈ উভতিব৷ নিজৰ লগতে মাক-বাপেকৰো ইজ্জৎ এনেদৰে মিট্টি মে মিলাই দিয়াৰ আশংকাত সিহঁত ভিতৰি ভিতৰি শিয়ৰি উঠিল৷
০০০০০০০০০০
পৰিকল্পনামতেই এজনৰ পাঁচশকৈ, মুঠ পোন্ধৰশ টকা আমাৰ মাজত জমা আছিল; তেতিয়াৰ হিচাবত আমাৰ সেই কামৰ বাবে যথেষ্ট৷ পিছে আমাৰ এই অস্থিৰতাৰে কি কৰা যায় এতিয়া? কৈকেয়ীক কথা দি সময়ত দশৰথৰ দুই নাওত দুই ভৰি হোৱাৰ দৰে আমাৰো যেন তেতিয়া নাজল্‌-নাথল্‌ অৱস্থা৷
আচলতে একান্ত সুহৃদ কেইজনমানৰ স’তে কেৰম খেলি থাকোঁতে কথাটো এদিন ধেমালিৰ চলেৰেহে কৈছিলোঁ৷ দুজনমানে মুহূৰ্ততে সপ্ত জাপ্‌ দেখুৱালে; সতি-সন্ততি কোনোবা শূৰ্পনখাৰ দৰে ব্যভিচাৰী হ’বলৈ যাওঁতে যেন কোনোৱা লক্ষ্মণে ধৰি একেবাৰে নাক-কাণ কাটিহে পঠালে! ইমান ৰসাতলে যোৱা কাম বোলে এই জীৱনত সিহঁতে কেতিয়াও কৰিব নোৱাৰে! সিহঁতৰ এনে আস্ফালন শুনি দুজনৰ খং উঠিল, ’আৰে, এইটো কিবা জগৎত কোনোকালে নোহোৱা-নোপোজা কথা নেকি? আৰু ইমানেই যদি বেয়া দুৰ্গা পূজাৰ লগত কিয় ইয়াৰ ওতপ্ৰোত সম্পৰ্ক? এই বিনা ক’ৰবাত কেতিয়াবা দুৰ্গা পূজা হোৱাৰ কথা তুমি এতিয়ালৈ শুনিছা নে দেখিছা? নে এই পূজাটোৱেই কিবা বেয়া? ’
আৰু হয়তো কিবা এক অনাস্বাদিত অনুভৱৰ কল্পনাই এওঁ লোকক শিহৰিত কৰিও তুলিলে; সেয়েহে ক’লে, ’চাই থাক এই পূজাৰ সময়তে আমি হাতে-কামে কৰি দেখুৱাম, -লাগিলে অধঃপাতেই যাম৷ ’
আৰু এতিয়া দেখাবলৈ ওলাই অহাৰ প্ৰথম ঢাপতে আমাৰ লালবাতি জ্বলিছে৷
পিছে এনে পৰিকল্পনা তেনেকৈ সণ্ঢালনিও কৰিব নোৱাৰি৷ সেয়েহে সেই দিশত ওৱাকিবিহাল যেন লগা এজনক বৰপেটাৰোডলৈ গ’লেই হ’বনে বুলি আকাৰে-ইংগিতে সুধাত প্ৰায় ভেকাহি মাৰিয়েই কৈছিল, ’তালৈ কিয় যাব লাগে? লাগিলে মই ইয়াতেই যোগাৰ কৰি দিব পাৰিম৷ আৰু যদি ইয়াত এনেদৰে দিলে মন নভৰে তাতোকৈ শিলিগুৰিলৈ নাযাৱ কিয়? তাততো একেবাৰে পছন্দৰ নতুন নতুন বস্তুৱেই পাবি৷ ’- ডাঙৰীয়াৰ টিউনেই স্পষ্ট কৰিলে মুহূৰ্ততে মিলোৱা কমিচনৰ অংক৷
পিছে শিলিগুৰিলৈ যোৱাৰ সেই বয়সত আমাৰ মন আছিল যদিও দম নাছিল৷ সেয়েহে তেতিয়ালৈ আমাৰ বাবে প্ৰায় অচিনাকি সেই বৰপেটাৰোড চহৰতে নামি কিবা এক অনামী সংকোচেৰে ঘূৰি ফুৰিলোঁ৷ বিচাৰি যোৱা ’বস্তু’ তাৰ কিছু ঠাইত পোৱা যায় যে আমি নিশ্চিত; কিন্তুু কোনফালে পোৱা যায় আমাৰ সেই ধাৰণা নাছিল৷ তেতিয়া আমি যেন লংকাপুৰীত হনুমান; সীতাক বিচাৰি চৌদিশ চলাথ কৰিছোঁ৷
তেনেদৰে অনাই-বনাই ঘূৰি ফুৰোঁতে আমাৰ পেটৰ কেঁচু, কুমুটিবোৰো এসময়ত সাৰ পাই উঠিল৷ গতিকে চূড়ান্ত পৰ্বলৈ ধাপলি মেলাৰ আগত গাটো ভালদৰে টঙাই ল’লেহে সময়ত বল পাম ভাবি মনে বিচৰা ধৰণৰ হোটেল এখন বিচাৰি চুচুক্‌ চামাককৈ আমি তাতেই সোমালোঁ৷ জ্ঞানীজনে কয় খোৱা-বোৱা আগত, কাম-বন পিছত; আৰু এই ক্ষেত্ৰত সদায়ে চাৰ্বাক দৰ্শন মানি চলা ভাল৷ মাছ, মঙহেৰে দগৰি খাই দিয়াত আমাৰ শৰীৰো একেবাৰে তন্দৰুস্ত হৈ উঠিল৷
ইমান সময়ে কথাটো কোনেও নুলিয়ালে যেতিয়া হয়তো পিছ হোঁহঁকাৰো আমাৰ এতিয়া আৰু উপায় নাই৷ সেয়েহে হোটেলৰ বিল দিয়াৰ সময়ত আমি কোনফালে গ’লে ইপ্সিত লক্ষ্য পূৰ হ’ব-সেইটো মেনেজাৰক লাহেকৈ সুধিয়েই দিলোঁ৷
তেখেতেও আমাৰ স’তে কিছু কথা-বতৰা পাতি সকলো বুজাই আমাক উৎসাহী কৰি তুলিলে আৰু নিৰ্দিষ্ট পথৰ বিষয়ে ভালকৈ বুজাই দিলে৷ মেনেজাৰৰ কথাই আমাৰ প্ৰাণত তেতিয়ালৈ উথলি থকা সমগ্ৰ দুৰ্ভাৱনা আঁতৰাই এক নৱউদ্যম আনি দিলে৷
পাহোৱাল তিনিওজন যুৱক পৰম আগ্ৰহী হৈ সেই নিৰ্দিষ্ট গলিটোত সোমাল৷
০০০০০০০০০০
থেৰোগেঁৰো কিবা এটা ভাৱত আহিছিলোঁ যদিও পৰম সন্তুষ্টিৰ মেট্‌-মৰা সম্ভাৰ লৈ সেই গলিৰ সোমোৱা বাটটোৰে এসময়ত আমি বাহিৰ ওলালোঁ৷ পৰিতৃপ্তিৰ শিহৰণে আটাইকেইজনৰে মুখমণ্ডল ইতিমধ্যে উজলাই তুলিছিল৷ ’বস্তু’বোৰ লিৰিকি-বিদাৰি তাৰ মাজতেই বিলীন হৈ থকাৰ সুখানুভূতিয়ে তেতিয়াও মোহাচ্ছন্ন কৰি ৰখাত সকলোৱে সমস্বৰে ক’লোঁ, ’সুযোগ পালেই কিন্তুু আকৌ আহিমদেই৷ ’
কিন্তুু নিজকে সেই পৰিৱেশত তেনেদৰে বিলীন কৰাৰ সেই সুযোগ আৰু এই জীৱনত দ্বিতীয়বাৰ লোৱা নহ’ল৷
০০০০০০০০০০
সিদিনা ষষ্ঠীৰ দিন আছিল৷
সপ্তমীৰ দিনা আবেলি আমি পূজা স্থলীৰ সেই নিৰ্দিষ্ট ঠাইলৈ আগবাঢ়িলোঁ৷
বাংলাদেশী বেশভূষাৰ বুলি ক’লে সচৰাচৰ যিটো ছবি মনলৈ আহে, তেনে কিছু মানুহে সেই ঠাই ইতিমধ্যে দখল কৰি লৈছিল৷ তাৰ মাজতেই সুবিধাজনক যেন লগা ঠাই এডোখৰ বিচাৰি সিহঁতৰ দৰে বিজুলী বাহৰ টুকুৰা এটাত আমাৰ ’বস্তু’বোৰো পাৰ্যমানে সজ্জিত কৰাৰ চেষ্টা চলালোঁ৷
০০০০০০০০০০
লাহে লাহে পূজা স্থলীত মানুহ বাঢ়িল আৰু এই সময়তে কিবা এক অনামী লাজ-সংকোচে আমাক পুনৰ জুমুৰি ধৰিলেহি৷ এতিয়া যদি চিনাকি কোনোবা আহি আমাৰ সমুখতে ওলায় কি কৰিম? নকবনে, ’ইচ্‌ কাম নাপালি আৰু? ’
আমাৰ এই অস্থিৰতাৰ বাবে চিনাকি কোনোবা এজন সেইফালে অহা দেখিলেই আমি মেঘনাদৰ দৰে যেন মেঘৰ আঁৰতহে লুকাও৷ আমাৰ বাবে মেঘৰ ৰূপ লৈ জন সমূদ্ৰ আছিল৷ এই লুকা-ভাকুৰ মাজতো কিবা এটা বেলেগ আমেজ আছিল৷
তেনে এক মুহূৰ্ততে মোৰ আচম্বিতে দৃষ্টিগোচৰ হ’ল যে বিশ্বসুন্দৰী মাৰ্কা কোনোবা এগৰাকী ষোড়শী আমাৰ সেই ’বস্তু’বোৰ লক্ষ্য কৰিয়ে আগবাঢ়ি আহিছে৷ তিনিওজনেই তেতিয়া মেঘনাদৰ ভূমিকাত যদিও আমাৰ দৰে সুন্দৰৰ পূজাৰীৰ সমুখৰ এনে দৃশ্যই সকলো খেলিমেলি লগালে৷ মোৰ বিব্ৰত অৱস্থাই কিবা এক ভাল লগা উত্তেজনাৰ ৰূপ ল’লে৷ ততালিকে মোৰ অজ্ঞাতবাস জলাঞ্জলি দি বুকু ফিন্দাই আগবাঢ়ি গ’লোঁ৷
ষোড়শীৰ প্ৰায় চকুতে চকু থৈ মই সুধিলোঁ, ’লাগিব নেকি? ’
সুন্দৰীয়ে মোৰ ওপৰৰ পৰা তললৈ কিবা এক আচহুৱা দৃষ্টিৰে চালে আৰু এবাৰ চালে কাষৰ সেই বেশধাৰী সকলোলৈ৷ ময়ো কামত আহক ভাবি ’সাবধান’ ভঙ্গীমাত পাৰ্যমানে বুকুখন ফুলাই দিলোঁ৷
তথাপিও তেওঁ একো নোকোৱা দেখি মই পুনৰ সুধিলোঁ, ’ পছন্দ হৈছে নেকি? ’
সুন্দৰীয়ে পুনৰ সেই দৃষ্টিৰে মোৰ ফালে চালে৷
ষোড়শীয়ে কি ভাবিছিল বা মই কি কৈছিলোঁ সিমান এটা ভবা নাছিলোঁ৷ সঁচাকৈৱে সেই সময়ত মই কিবা এক বেলেগ আমেজতহে মজি আছিলোঁ৷
বিধিৰ বিপাক, তেনে সময়তহে সেই মেঘনাদ দুজনৰো আবিৰ্ভাৱ হ’ব লাগেনে? আহিয়েই, ’ভণ্টি লোৱা লোৱা’ লগালে৷
ভণ্টিৱে সুধিলে, ’দোকানী ক’ত? ’
আমি ক’লোঁ, ’আমাৰেই দোকান দিয়া৷ ’
তেওঁ ক’লে, ’ ইচ্‌, বেলুনৰ দোকানীয়ে এনেদৰে ফিট্‌ফাট্‌ হৈ জোতা মোজা পিন্ধি নাথাকে নহয়৷ ’
এনেদৰে কৈৱেই তেওঁ গোঁগোঁ কৰি গুচি গ’ল৷ আমিও ফেঁচাটোৰ দৰে হ’লোঁহক৷ মোৰতো তেতিয়াই জোতা মোজা দলিয়াই, এই সাজৰ বিনিময়ত সেই বেশধাৰী কাৰোবাৰ এযোৰেই আনি পিন্ধিম যেন লাগিছিল৷
০০০০০০০০০০
এই ব্যৰ্থতাই আমাক পুনৰাই মেঘনাদ হ’বলৈ প্ৰৰোচিত কৰিলে৷ যি কৰ্মই সুন্দৰীৰ অমিয়া লহৰ অসহনীয় ভ্ৰূকুটিলৈ ৰূপান্তৰ ঘটায়, তেনে কৰ্মত ধাউতি অহা বাবে নিজকেই ধিক্কাৰ দিলোঁ৷
তেনেতে আমাৰ দোকানৰ ফালে অলপ গোলমাল শুনি কাষ চাপি দেখোঁ- কথা বিষমেই৷
ষোড়শীৰ স’তে ভেৰোণীয়া বাহিনী আৰু দলটোৱে যেন আমাকেই বিছাৰি আছে৷ আমি দোকানলৈ আগবাঢ়িলোঁ৷
সুন্দৰীয়ে আমাক ইংগিত কৰি সেই বাহিনীক কিবা কোৱাত চোঁচা লোৱাৰ ভংগীত দুজনমান আমাৰফালে আগুৱাই আহিল৷
সিহঁত কাষ পাওঁতেই আমি সুধিলোঁ, ’বেলুন ল’ব নেকি? ’
বীৰকেইজন অলপ জয় পৰিল আৰু সুধিলে, ’কথাটো কি? ’
’কথা আৰু কি হ’ব৷ বৰপেটাৰোডলৈ গৈ হ’লচেল দামত বেলুন আনিছোঁ, গতিকে অইনতকৈ আমাৰ দোকানত অলপ হ’লেও কম দামতেই পাব৷ ’
কিবা যেন বেলেগ গ্ৰহৰ আচৰিত জীৱহে দেখিলে, তেনে ভাবত সুধিলে, ’আপোনালোকে সঁচাকৈৱে বেলুনৰ দোকানী? ’
তেওঁলোকৰ অবিশ্বাসৰ ভাব দেখি কাষৰ কেইজনেও ক’লে যে হয়, দোকান আমাৰেই৷ আৰু আমাৰ দোকানলৈ গ্ৰাহক আহিলেতো আমি সোধ্‌-পোছ্‌ কৰিমেই৷ মুঠতে ল’কা কাণ্ড নঘটিল৷ বিশ্বসুন্দৰীও তেতিয়া আগবাঢ়ি আহি এনে অনাহুত পৰিস্থিতি সৃষ্টিৰ বাবে আমাক ভুল নুবুজিবলৈ অনুৰোধ কৰিলে৷ ৰং-ধেমালিৰ মাজেৰে আমাৰ দোকানৰ পৰা আটাইকেইজনে ভালেমান বেলুন কিনিলে৷
এনেদৰেই আমাৰ ব্যৱসায়ৰ বহনি ঘটিল৷
০০০০০০০০০০
ইতেমধ্যে আমাৰ সেই অঞ্চলত আমাৰ বেলুনৰ দোকানৰ কথাটো বাতৰি হৈ পৰিল৷ গতিকে অষ্টমীৰ দিনা বেলুন কিনা মানুহতকৈ চোৱা মানুহৰ উৎপাতত আমাৰ দোকানত বিৰ্‌ দি বাট্‌ নোপোৱা অৱস্থা হ’ল৷
আমিও কাকো বিমুখ নকৰিলোঁ৷ তেনেদৰে যোৱা সকলোৱে একাপ হ’লেও চাহ নোখোৱাকৈ নিশ্চয় উভতা নাছিল৷ সমুখত থকা চাহৰ দোকানীয়ে এপাকত, ’আমাৰ বেলেগ গ্ৰাহতকৈ আপোনালোকৰ ফালৰ পৰা অহা গ্ৰাহকে বেছি’ বুলি কৈ আমাৰ দোকানত ডেস্ক-বেঞ্চ এযোৰেই থৈ গ’ল৷
অৱশ্যে বেলুন ফুলোৱাৰ ক্ষেত্ৰত আমি কম সমস্যাত পৰা নাছিলোঁ৷ বিশেষকৈ সাপ বেলুন পাম্পেৰে ঠিকমতে ফুলাইও মুখৰ গাঁঠিটো ভালদৰে এজনেও দিব নোৱাৰোঁ৷ আমাৰ মাজৰে এজনে কাষৰে দোকানী এজনক মাতি আনি সেই সমস্যাৰ সমাধান কৰিছিল৷ ’পিক্‌ আৱাৰ’ত যেতিয়া সি নিজৰ বেলুন বিক্ৰী কৰিবলৈ যাব খুজে তেতিয়া অলপ দম চম দি কোৱা হয়, ’আগতে আমাৰ কাম কৰ৷ লাগিলে পঞ্চাচ টকা লৈ যাবি৷’
আৰু এটা সমস্যা হৈছিল এই যে মুৰাকন্ধৰ মূৰটোৰ সমান ডাঙৰ বেলুনটো-সেইটো ফুলোৱাৰ ক্ষেত্ৰত৷ পাম্পেৰেও ফুলোৱাৰ সুবিধা নাই৷ আমাৰ মাজৰে এজন সেইটো ফুলোৱাৰ ক্ষেত্ৰত এসময়ত পাৰদৰ্শী হৈ উঠিল৷ তেওঁ কৰে কি, তিনিমূৰীয়া বৃদ্ধৰ লেখিয়া এঠাইত বহি লয় আৰু দম লৈ লৈ ফুলায় থাকে৷ এবাৰ তেনেদৰে ফুলাই বেলুনটোত গাঁঠি দিয়াৰ পিছতহে তেওঁ আবিষ্কাৰ কৰিলে যে কিবা যাদুৰ বলত তেওঁৰ ওঠৰ চেপত সোমাই থোৱা চাধাকণ ইতিমধ্যে অন্তৰ্ধাণ হৈছে৷ কথাটো কি হ’ব পাৰে আমি গৱেষণা চলোৱাৰ সময়তে তাত থকা সকলোৱে এটা বিষ্ফোৰণৰ শব্দ শুনা পালোঁ আৰু কাষৰ বেঞ্চত বহি চাহ খাই থকা দুজন মানৰ কাপতো প্ৰায় ক’লা ৰঙৰ কিবাকিবি সিচৰিত হৈ পৰিল৷ তেতিয়াহে আমি নিশ্চিত হ’লোঁ যে তেনেদৰে বেলুন ফুৱাই থাকোঁতে তাৰ মুখৰ এই অমৃতসোপাৰ লোভত এটা পাকত নিশ্চয় মুৰাকন্ধটোৱে সেইয়া গ্ৰাস কৰিলে আৰু এতিয়া বিষ্ফোৰণৰ লগে লগে বোমৰ ভিতৰত থকা স্প্লিণ্টাৰৰ দৰে দশোদিশে সেয়াহে সিচৰিত হৈ পৰিল৷
এজন বকাসুৰে তথাপিও সেই একাপ চাহ সম্পূৰ্ণকৈ খাইছিল৷
০০০০০০০০০০
বৰপেটাৰোডৰ পৰা অনা বেলুন সিদিনাই শেষ হৈ পৰিল বাবে অলপ বেছি দামত স্থানীয় বজাৰৰ পৰা বেলুন আনি আমি কাম চলাব লগা হ’ল৷
কিন্তুু হ’ল কি স্থানীয় বজাৰৰ পৰা অনা এই কন্ধমুৰা চাইজৰ বেলুন আধাতকৈ বেছিয়ে ফুটা; আমাৰ সমস্যা হ’ল, কিয়নো আমি পাঁচ টকা দৰত বিকা একোটাৰ কিনা দাম আছিল তিনি টকা৷
আমিও ব্যৱসায়িক বুদ্ধি লগালোঁ-কোনোবাই যদি দৌৰা-দৌৰিকৈ বেলুন নিব আহে তেতিয়া ভাল দুটামানৰ মাজতে ফুটাবোৰো দিব লাগিব৷
নৱমীৰ দিনা ৰাতি মই এনেয়ে অলপ টহল দি আছোঁ৷ তেনেতে মোৰ কাষলৈ চাৰ এজন আহি ক’লে, ’ ঘৰত এইমাত্ৰ তুমি দোকান দিয়াৰ কথা শুনিয়েই দৌৰি আহিছোঁ৷ তুমি দোকানত নাথাকিলেও দোকানখন বিছাৰি উলিয়াব পাৰিলোঁ৷ ভাল লাগিল দেখি৷ ’
মই চাৰৰ স’তে একাপ চাহ খাই দোকানলৈ আহি দেখোঁ দুই মহাপুৰুষ বীৰৰ ভঙ্গীমাৰে বহি আছে৷ মই বোলো, ’কথা কি? ’
দুইবীৰে ক’লে, ‘সৱ শেষ কৰি দিলোঁ৷’
’কি শেষ কৰিলা? ’
’সেই ফুটা বেলুন কেইটা৷ ’
মোৰো ভাল লাগিল৷ যিকি নহওক এওঁলোকে কম সময়তে অসম্ভৱ যেন লগা কাম এটা সম্ভৱ কৰিলে৷
’কেনেকৈ, কাক টুপী পিন্ধালানো? ’
’এহ নক’বা আৰু৷ মানুহ এজন খুব দৌৰা-দৌৰিকৈ আহিল আৰু ক’লে, বেলুন কেইটামান দিয়া৷ আমি সেই কেইটাই দিলোঁ৷ তেখেতেও পইছা দি গুচি গ’ল৷ ’
হঠাৎ মোৰ গা চোবালে আৰু মানুহজনৰ বৰ্ণনাৰে তেওঁলোকে কোৱা কথা শুনি মূৰে-কপালে হাত দিলোঁ৷
পিছত লগ পাই চাৰে কৈছিল, ’হে গোটেই কেইটা বেলুন ফুটাহে৷ ’
০০০০০০০০
দোকানী হোৱাৰ প্ৰথম দিনা আমি লাজ-সংকোচেৰে চিনাকি মানুহৰ পৰা লুকাই আছিলোঁ৷ দ্বিতীয়দিনা আমাক দেখি কোনোবাই কিনে যদি কিনক ভাবত বুকু ফিন্দাই দেখা দিছিলোঁ আৰু তৃতীয় দিনৰ পৰা চিনাকি মানুহবোৰ বিচাৰি বিচাৰি এটা হ’লেও কিনক বুলি অনুৰোধ কৰিব পৰা হৈছিলোঁ৷
যদিওবা দুৰ্গা পূজাত বেলুনৰ দোকান দিব ওলাই প্ৰথমতে আমি দুঃচিন্তাত পৰিছিলোঁ শেষলৈ কিন্তুু এই কাৰবাৰটোৱে সেইবেলিৰ দুৰ্গা পূজা আমাৰ বাবে খুবেই ৰমণীয় আৰু জীৱনটোলৈ অনন্য কৰি তুলিলে৷ অকল সেই পূজাত যিমান জেলেপি খাইছিলোঁ, সেই পৰিমাণটোৰ ওচৰত কিজানি জীৱনৰ আনবোৰ পূজাত খোৱা জেলেপিৰ সমষ্টিয়ে হাৰ মানিব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments