নিসংগতা (মমিতা নৰহ)

নিসংগতা

(১)

যেতিয়া জীনা বহুত সৰু হৈ আছিল, তেতিয়াই মাকে জীৱনৰ পৰা চিৰবিদায় লৈছিল। দেউতাকে বহুত মৰম-আদৰত তাইক লগ দিবলৈ চেষ্টা কৰিলে। ২০-২৫ বিঘা চাহ-বাগানৰ দায়িত্ব, এটা চৰকাৰী চাকৰিৰ ব্যস্ততাৰ মাজতো দেউতাকে জীনাৰ প্ৰতিটো ইচ্ছা-অনিচ্ছাৰ খবৰ ৰাখে। কিন্তু কেতিয়াবা জীৱনৰ প্ৰতি তেওঁৰো অনিহা জাগি উঠে। নিজৰ পৰিয়ালৰ বিপৰীতে গৈ নিজৰ প্ৰেয়সীক গোটেই জীৱন লগ দিয়াৰ প্ৰতিশ্ৰুতিৰে দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু নিয়তিৰ কি কৰুন পৰিহাস, জীনাৰ জন্মৰ এবছৰ নৌহওঁতেই ৰশ্মীয়ে সুখৰ সংসাৰখন এৰি গল। আজি অম্লান দত্ত সম্পূৰ্ণ অকলশৰীয়া। পত্নী তথা একালৰ প্ৰেমিকাৰ প্ৰতি থকা নিস্বাৰ্থ মৰম ভালপোৱাৰ বাবে দত্তই কেতিয়াও দ্বিতীয় বিবাহৰ কথা ভাৱিব পৰা নাছিল। জীনা লাহে লাহে ডাঙৰ হৈ আহিছে। লগৰ সমনীয়া বোৰে নিজৰ মাকৰ হাতত ধৰি ফুৰিবলৈ ওলালে তাই দূৰৰ পৰাই চাই থাকে। ৰাতি হলে দেউতাকৰ কোচত খেলি খেলি কেতিয়া টোপনি যায়, গমকে নাপায়। ভাগৰুৱা দত্তও জীনাৰ সংগ পাই দিনৰ সমস্ত ভাগৰ পাহৰি যায়।

তাই এইবাৰ তিনিবছৰ বয়সত ভৰি দিয়াত দেউতাকে ওচৰৰে ভাল ইংৰাজী মাধ্যমৰ স্কুল এখনত নাম লগাই দিয়ে। তাইক চোৱা-চিতা কৰিবলৈ ঘৰত ছোৱালী এজনী ৰাখিলে। কিন্তু জীনাৰ মনত এইকেইদিন বেলেগ এটা চিন্তাই বাহ লৈছে। “মা“ শব্দটোয়ে তাইক আমনি কৰিব ধৰিলে। স্কুলৰ পৰা আহিয়ে দেউতাকক সুধে “বাবা, মোৰ ফ্ৰেন্ডৰ মা আছে, মোৰ কিয় নাই?” তাইৰ প্ৰশ্নবোৰৰ উত্তৰ দত্তই বিচাৰি নাপায়। দুচকু সেমেকি উঠে। এইফালে জীনাই দেউতাকৰ পৰা উত্তৰ নাপাই আমনি কৰিবলৈ ল’লে। দত্তও কোনোমতে বিষয়টোৰ পৰা ফালৰি কাটি জীনাক সাৱটি লৈ সাধু কথা শুনাবলৈ আৰম্ভ কৰে। জীনা শুই যোৱাৰ পাছত দত্তই সেই চিনাকী নিসংগতাৰ মাজত আকৌ ডুব যায়।
“আৰে জীনা, ইয়াত আহা। মই ডাঙৰ খুৰী, তোমাৰ কাৰনে কি আনিছো চোৱা।” জীনাই খুৰীয়েকে অনা মিঠাইখিনি আগ্ৰহেৰে খাবলৈ ধৰিলে।
বহুত দিনৰ মুৰত শইকীয়াক লগ পাই দত্তৰ মনটো ভাল লাগিছে। শইকীয়া, শইকীয়াৰ পত্নী আৰু দত্ত একেলগে স্কুল-কলেজ পঢ়িছিল। দত্তক দ্বিত্বীয় বিবাহৰ কথা বহু আগতেই শইকীয়াই কৈছিল। আজিও কথাৰ মাজতে শইকীয়াই পুনৰ আৰম্ভ কৰিলে।
“বাবা, মই আন্টিক মা বুলি মাতো নে?” জীনাৰ কথা শুনি দত্ত, শইকীয়া সকলো হতবাক হল। শইকীয়ানিয়ে পৰিস্হিতি চম্ভালি ললে আৰু জীনাক কোচত উঠাই লৈ কলে “মাজনী, মইতো তোমাৰ মাযে হয়। আজিৰপৰা মোক মা বুলিহে মাতিবা”। জীনাই সেইদিনা পৰম আনন্দ পালে কাৰণ তাই আজি মা বুলি কাৰোবাক জীৱনৰ প্ৰথম বাৰৰ কাৰনে সম্বোধন কৰিছে। দত্তই বাৰুকৈয়ে অনুভৱ কৰিব পাৰিছে কোমলীয়া জীনাৰ মনৰ আনন্দ।
“অ’কে দোস্ত , ভালদৰে থাকিবি। মাঘ বিহু এইবাৰ আমাৰ ঘৰত মানিম। জীনাক লৈ আহিবি …….” শইকীয়াৰ কথাৰ মাজতে দত্তই কলে “ এইবাৰ ভাল ছোৱালী এজনীকে চা, যিগৰাকীয়ে জীনাক সঁচা মাকৰ মৰম দিব পাৰিব।” দত্তৰ কথা শুনি শইকীয়াই নিৰৱে দত্তক সাৱটি ধৰিলে। দত্তৰ চকুত বহু কষ্টত লুকাই থোৱা চকুপানী নিগৰি আহিল। শইকীয়াইও একো নক’লে।

(২)

“মা, আহা না।“ জীনাই নতুন মাকক পাই লগ নেৰাই হল।মাক নহ’লে জীনাৰ একোয়ে যে নহয়। শ্ৰদ্ধাঞ্জলী পাৰ্কলৈ দত্ত, জীনা আৰু নিজৰা(দত্তৰ দ্বিত্বীয় পত্নী) সোমাই আহিল। দত্তই জীৱনটোৰ লগত কম্প্ৰমাইজ কৰি নিজৰাক নিজৰ পত্নী ৰুপত স্বীকাৰ কৰি ললে। এখন সুখী পৰিয়াল সময়ৰ লগত খোজ পেলাই গৈ থাকিল।
জীনাৰ মাকক লৈ বহুত সপোন। মাকৰ হাতত ধৰি খেলিবলৈ যাব তাই, মাকে টিফিনত মেগি বনাই তাইক পঠিয়াই দিব স্কুললৈ আৰু বহুতো। দেউতাক কামলৈ যোৱাৰ পাছত মাকৰ লগত ব্যস্ত হৈ পৰে জীনা। নিজৰাৰো আৰম্ভনিত সকলো ঠিকেই লাগিছিল। কিন্তু উচ্চশিক্ষিত নিজৰাৰ পিছলৈ এইবোৰ আমনি লাগিব ধৰিলে।
জীনাক কথাই কথাই গালি পাৰিব ধৰিলে। ঘৰৰ সৰু-সুৰা কামবোৰ জীনাই কৰিব ললে।
“জীনা, বাচন খিনি ধুই আহ- “নিজৰাৰ কথা দত্তই মন দি শুনি আছিল , তথাপি অফিচলৈ যাও বুলি কৈ ওলাই গল। কিন্তু দত্তৰ মনটো আজি উগুল-থুগুল হৈ আছে। “নিজৰাই জীনাক বাছনখিনি ধুবলৈ কিয় কলে? জীনা ৫-৬ বছৰ বয়সৰ ছোৱালী। ইমান সৰুতে নিজৰ মাক থকাহলে জীনাক বাচনখিনি ধুবলৈ দিলেহেতেন নে ? মই বাৰু ভুল চিন্তা কৰিছো নেকি? নে মোৰ অজানিতে জীনাৰ লগত কিবা অন্যায় ……..?” এইবোৰ বহু চিন্তাই দত্তক আজি অশান্তি দিব ধৰিলে।
জীনাই বহুত কথা বুজি পোৱা হল, তাই এতিয়া ডাঙৰ হৈ আহিছে। মাক-দেউতাকৰ মাজত তাইক লৈ মাজে-সময়ে হোৱা কাজিয়াবোৰৰ উমান পোৱা হল। তাই মাকক বহুত ভাল পায়, মাকে দিয়া কামবোৰ তাই একো নোকোৱাকৈয়ে কৰি থাকে। দত্তই কয় “ ঘৰত কাম কৰা ছোৱালী আছে। তাৰ পাছতো মোৰ ছোৱালীক এইবোৰ কাম কৰিবলৈ দিছা।” দত্তৰ কথাবোৰ শুনি নিজৰাও মনে মনে নাথাকি তৰ্কত লিপ্ত হৈ পৰে। অশান্তিকৰ পৰিৱেশ সৃষ্টি হোৱাৰ ভয়তে দত্তই মনে মনে থাকিবলগা হয়।
জীনা এতিয়া ষোল্ল বছৰত ভৰি দিলে। তাই যথেষ্ট স্ফূৰ্টীবাজ ছোৱালী। কিন্তু নিৰবে বহি বহু কথা ভাৱে। চকুলো টোকে তাই। কিন্তু কাৰো আগত মনৰ কথা প্ৰকাশ নকৰে। দত্তই অনুভৱ কৰিব পাৰিছে জীনাৰ মনৰ কথাবোৰ আৰু নিজকে কয় “ মোৰ ছোৱালী জীনা বহুত ডাঙৰ হল”।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক