নিস্বাৰ্থ প্ৰেম (ৰঞ্জিত কুমাৰ বৰা)

মাজনী, তেনেকুৱা কৰিব নাপায় নহয়, খোৱানা। মখমলৰ কাপোৰৰ দৰে সুকোমল চুলিকোছাত মৰমেৰে হাত বুলাই বুলাই দেউতাকে ৰিতুক ভাত খাবলৈ জোৰ কৰিলে।
: দেউতা, মই পুৱা ভাত খাবলৈ বেয়া পাও। দেউতা, প্লীজ জোৰ নকৰিবা।
ৰিতুৰ সেমেকা চকুযুৰিৰে অবাধ্য চকুলো দুটোপালমান নিগৰি দুগালেৰে বৈ গ’ল। কন্যাৰ শোকাহত নিৰ্জু মুখখনি দেখি ৰাজ বিগলিত হৈ পৰিল। আলফুলকৈ অশ্ৰুধাৰা দুটি মচি দি ৰাজে ক’লে—
মাজনী, বাতিটোৰ গোটেইখিনি খাব নালাগে, আধামান খালেই হ’ব। চোৱাচোন, তোমাৰ কাৰণে মায়ে কিমান যতনাই ভাত ৰান্ধি দিছে। ৰুমী আণ্টিয়ে ঘৰতে তৈয়াৰ কৰা সুগন্ধি, সুস্বাদু ঘি আনি দিছে। জানানে মাজনী, ঘি স্বাস্থ্যৰ কাৰণে বৰ উপকাৰী।
: দেউতা, প্লীজ!—মাজনীৰ কণ্ঠত অনুনয়ৰ সুৰ।
হেৰা, অলপ চেনি দিয়াচোন। চেনি ইমান কমকৈ দিলে মাজনীয়ে কিদৰে খাব? তোমাৰ যে কামবোৰ নহয়।—পত্নী ৰিমাৰ ওপৰত কৃত্ৰিম খং দেখুৱাই চেনি অলপ দিবলৈ ক’লে। ৰাজৰ কথা শুনি পাকঘৰৰ ভিতৰৰ পৰাই অলপ বিৰক্তিসনা মাতেৰে ৰিমাই মাত লগালে—
‘দিছো, দিছো। চেনি ঠিকেই দিছো। আপোনাৰ ‘লাডলী’জনীক কেনেকৈ পাৰে খুৱাওক। মই কৈ কৈ ভাগৰিলোঁ।
কম্পিউটাৰ ইঞ্জিনীয়াৰ ৰাজ আৰু সুশিক্ষিতা ৰিমাৰ একমাত্ৰ কন্যা ৰিতু। যিমান ধুনীয়া, সিমানেই বুদ্ধিমতী। দহ বছৰত ভৰি দিছে তাই। কিন্তু বয়সৰ তুলনাত যেন ৰিতুৰ বিবেক, বিচাৰবুদ্ধি বহু বেছি। ক্লাছতো সদায়েই প্ৰথম স্থান লাভ কৰি আহিছে তাই। বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰী, সহপাঠীৰ নয়নৰ মণি তাই। তাইৰ এটাই আপত্তি, পুৱা ভাত নাখায়। সেইটোৰ বাহিৰে তাইৰ কোনো অভিযোগ, আপত্তি নাই। মাক-দেউতাকে যি কয় তাকেই মনোযোগেৰে শুনে। সময়মতে পঢ়া-শুনা কৰা, হোমৱৰ্ক কৰা সকলোতে দ্বিধাহীন।
: ঠিক আছে, মই গোটেইখিনি খাম। কিন্তু আপুনি এটা ‘প্ৰমিজ’ কৰিব লাগিব। কোৱা, প্ৰতিশ্ৰুতি দিবানে?—কথাখিনি কওঁতে ৰিতুৰ সেমেকা মুখখনি সামান্য উজলি উঠিল।
: ‘প্ৰমিজ।’—ৰিতুৰ গালত চুমা এটা আঁকি দি ৰাজে মৰমেৰে ক’লে।
: দেউতা, মাকো সোধা, তেৱোঁ প্ৰতিশ্ৰুতি দিব লাগিব। তেতিয়া মই গোটেইখিনি ভাত খাম। গোটেইখিনি।
কথা শুনি বাহিৰত কাপোৰ মেলি থকা মাকে খোৱাৰ কোঠালীলৈ আহি ৰিতুৰ মোলায়েম হাত এখনত ধৰি ক’লে—কোৱা, কি লাগিব? যি লাগে তাকেই দিম। তুমি মাথোঁ নাখাওঁ বুলি নক’বা।
কন্যাই প্ৰতিশ্ৰুতি বিচৰাত মনৰ ভিতৰত জন্ম লোৱা কৌতুহল দমাব নোৱাৰি ৰাজে সুধিলে—মাজনী, কম্পিউটাৰ জাতীয় কিবা লাগে যদি এতিয়াই দিব নোৱাৰিম। দৰমহা পোৱাৰ সময় হৈছে। তেতিয়ালৈ অপেক্ষা কৰিব লাগিব। হ’বনে?
দেউতা, মোক তেনে কোনোধৰণৰ ব্যয়বহুল উপহাৰ নালাগে।—এইবুলি কৈ ৰিতুৱে লাহে লাহে ভাত খাবলৈ ধৰিলে। মুখমণ্ডল দেখিয়েই ৰাজৰ অনুমান কৰোঁতে অসুবিধা নহ’ল যে প্ৰতি গৰাহ ভাত খাওঁতে মাজনীয়ে যেন যন্ত্ৰণাৰ পাহাৰ এখনহে ভাঙি ভাঙি গৈ আছে। তেনেদৰে তাই বাতিটোৰ ভাতখিনি খাই শেষ কৰিলে। ৰিতুৰ সেমেকা মুখখন দেখি ৰাজৰ নিজৰ ওপৰতে খং উঠিল। সৰু ছোৱালীজনীক এইদৰে জোৰকৈ খুওৱা উচিত নাছিল!
বেছিনত হাতখন ধুই মাজনীয়ে আশাভৰা চাৱনিৰে ৰাজৰ এখন হাতত ধৰি ক’লে—দেউতা, মোৰ চুলিখিনি খুৰাই দিব লাগিব। তপা কৰি দিব লাগিব।
ৰিতুৰ কথা শুনি মাকে চিঞৰি উঠিল—অসম্ভৱ। তুমি ছোৱালীজনী হৈ চুলি খুৰাবা, হ’বই নোৱাৰে। টিভি চাই চাই তোমাৰ মূৰটোত একো নাইকিয়া হ’ল। অসম্ভৱ। এয়া কেতিয়াও হ’ব নোৱাৰে।
মাজনী, তুমি বেলেগ কিবা বিচৰা, আমি দিবলৈ প্ৰস্তুত আছো। কিন্তু চুলিখিনি… প্লীজ, তোমাৰ তপা মূৰটো আমি কিদৰে চাম। কম্পিউটাৰ লাগে, ক’ৰবালৈ ফুৰিবলৈ যাবা, যি কোৱা তাকেই কৰিম। কিন্তু চুলি খুৰোৱাৰ কথা নক’বা দেই।—ৰাজে মৰমসনা মাতেৰে ৰিতুক বুজোৱাৰ চেষ্টা কৰিলে।
: দেউতা, মোক একোৱেই নালাগে।
মাজনী, আমাৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰা। জানাই, তুমি আমাৰ বাবে কিমান মৰমৰ, কিমান হেঁপাহৰ।
দেউতা, তুমি দেখিছাই, ভাতখিনি খোৱাটো মোৰ বাবে কিমান যন্ত্ৰণাদায়ক আছিল। মা আৰু তুমি প্ৰমিজ কৰিছিলা বাবেই কষ্ট কৰি হ’লেও সেইখিনি খাই শেষ কৰিলো। এতিয়া তুমি প্ৰতিশ্ৰুতিৰ পৰা ফালৰি কাটিব বিচাৰিছা। তুমিয়েই দেখোন এদিন মোক ৰজা হৰিশ্চন্দ্ৰৰ কাহিনীৰে কৈছিলা প্ৰতিশ্ৰুতিক সন্মান জনাব লাগে, যিমানেই কঠিন নহওক কিয় নহওক, আমি কথা দিলে কথা ৰাখিব লাগে।
ৰিতুৰ কথা শুনি ৰাজ আৰু ৰিমা দুয়ো বাক্‌ৰুদ্ধ হৈ পৰিল। ৰাজে লাহেকৈ ক’লে—মাজনী, আমি প্ৰতিশ্ৰুতি ৰাখিম। তোমাৰ ইচ্ছা পূৰণ কৰা হ’ব।
চুলিখিনি খুৰোৱাৰ পিচত ৰিতুৰ গোলাকাৰ মুখখনি যেন অধিক উজ্বল হৈ পৰিছিল। চকু দুটা অলপ ডাঙৰ যেন দেখাইছিল। অইন দিনৰ দৰে সোমবাৰেও পুৱা ৰাজে ৰিতুক বিদ্যালয়লৈ লৈ গ’ল। চাৰিচকীয়া বাহনখনৰ পৰা নামি ৰিতুৱে দেউতাকক হাঁহি এটাৰে বিদায় দি বিদ্যালয় চৌহদৰ ভিতৰলৈ আগুৱাই গ’ল। গাড়ীৰ পৰা মন্ত্ৰমুগ্ধ চাৱনিৰে ৰাজে তাইলৈ চাই থাকিল। তেনেতে আন এখন গাড়ীৰ পৰা কিশোৰ এজনে নামি মাত লগালে—ৰিতু, অলপ ৰ’বানা।
ৰাজে দেখিলে ৰিতুৰ সহপাঠী ৰিংকু। তাৰো মূৰটো তপা। ৰাজ অলপ আচৰিত হ’ল। মনতে ভাবিলে—কি দিন আহিল, চুলি খুৰোৱাটোও আজিকালি ফেচন হৈ পৰিল! ৰাজৰ তন্ময়তা ভাঙি এগৰাকী মহিলাই ক’লে—‘ৰিতুৰ সৈতে গৈ থকা ল’ৰাজন মোৰ পুত্ৰ। সি লিউকোমিয়াত ভুগি আছে।’
আত্মপৰিচয় নিদিয়াকৈ পুত্ৰৰ কথা কোৱা মহিলাগৰাকীয়ে ফেকুৰি উঠা নিজৰ মুখখন অলপ সময়ৰ বাবে ঢাকি ধৰিলে। পিচত নিজকে সংযত কৰি পুনৰ ক’বলৈ ধৰিলে—কেমোথেৰাপীৰ পাৰ্শ্বক্ৰিয়াৰ বাবে ৰিংকুৰ মূৰৰ সকলো চুলি সৰি গ’ল। সমনীয়াই জোকাব বুলি সি এমাহে বিদ্যালয়লৈ যোৱা নাছিল। পৰহি ৰিতুৱে খবৰ ল’বলৈ গৈ ৰিংকুক স্কুললৈ যাবলৈ বুজনি দিছিল। তাই কৈছিল—‘মই আছো নহয়, তুমি আহিবা। মই তোমাৰ স’তে থাকিম।’ কিন্তু কেতিয়াও কল্পনাও কৰিব পৰা নাছিলোঁ যে ৰিতুৱে নিজে তপা হৈ ৰিংকুক বিদ্যালয়লৈ যোৱাত এইদৰে উৎসাহিত কৰিব। আপোনালোক ধন্য। এনে সজ কন্যা এগৰাকী জন্ম দিয়া পিতৃ-মাতৃ সঁচাকৈ সেৱাৰ যোগ্য। অচিনাকি মহিলাগৰাকীয়ে আৰু কি কৈছিল ৰাজৰ কাণত নোসোমাল। পকেটৰ পৰা ৰুমালখন উলিয়াই ৰাজেও মুখখন ঢাকি ধৰিলে। আৱেগৰ অশ্ৰুত তিতি থাকিল ৰুমালখন।

(এটা বিদেশী গল্পৰ ছাঁ লৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক