নিয়ম: মাধুৰিমা ঘৰফলীয়া

নিয়ম

মাধুৰিমা ঘৰফলীয়া

 

চ’তমহীয়া ৰ’দজাক বৰ চোকাকৈ ওলাইছে। যোৱা দুদিন একেৰাহে পেনপেনীয়া বৰষুণ। সেয়ে মোলানীয়ে যোৱাৰাতি ফৰকাল আকাশখন চায়ে চোতালখন গোবৰেৰে মচি থৈছিল। বিহুৰ বাবে ধান বহোৱাই হোৱা নাই। উখোৱা ধানবোৰ আকৌ য’তে ত’তে মেলিলে শিল-বালি মিহলি হৈ পাছত ভাত খাওঁতে কেৰকেৰাই উঠিব। চোতালখন ৰাতিয়ে মচি থোৱাৰ বাবে পুৱা সোনকালেই ধান খিনি সিজাই ৰ’দত মেলি দিলে। এতিয়া ধানখিনি পুণৰ লৰাবলৈ লওঁতেহে তাই ঘামেৰে জুৰিলি জুপুৰি হৈ গৈছে। দিনকাল সলনি হ’ল দেই! “এই চ’তমহীয়াও ইমান গৰম হ’ব পায় নে”- মুখৰ ভিতৰতে ভোৰভোৰাই মোলানীয়ে ধানখিনি লৰাই দিলে। ৰ’দত দিয়া ধান ভালকৈ লৰাই নিদিলে মিলত অকল খুদ চাউলহে ওলাব।
-কি ধান অ’ মোলানী…আইজোং নেকি?
তামোলেৰে ৰঙা কৰি থোৱা মুখখন মচি পৰিয়ালৰে জায়েক সেউতী আহি মোলনীহঁতৰ পিৰালিতে লেপেটা কাঢ়ি বহিল।
-এহ বাইদেউ সেই মাটিখনতে কিয় বহিল, এই পীৰাখন লওকচোন।
মোলনীয়ে লৰালৰিকৈ পীৰা এখন আগবঢ়াই দি ভিতৰৰ পৰা তামোল-পাণৰ বঁটাতো লৈ আনিলে গৈ।
-সেই ব পথাৰৰ আইজোং ধান বাইদেউ। বিহুলৈ বুলি চাউল উলিওৱাই হোৱা নাই নহয়……
-এৰা পাই বিহুটো পালেহিয়ে। কিবা জলপান কৰিলিনে….
সেউতিয়ে বঁটাৰ পৰা তামোল এখন লৈ পুণৰ সুধিলে।
-জলপানৰ নামত সান্দহ দুকলহ আৰু হুৰুম অলপ কৰি থৈছোঁ আৰু কিবা কিবি কৰিব লাগিব। অকলশৰীয়া মানুহ কিমান নো কৰিম আউ।
কথাষাৰ কৈ মোলানীয়ে হুমুনিয়াহ এটা কাঢ়িলে। মানুহটো ঢুকুৱা আজি দুবছৰ হৈছেহে মাথোঁ । মদে তাৰ কলিজাখন খুলি খুলি খালে। কলেজত পঢ়া একমাত্ৰ ল’ৰা পোনাকণেই তাইৰ সাৰথি।
-হেৰি নহয় মই আক আহিছিলোঁ তহঁতৰ ঢেঁকীটোৰ খবৰ ল’বলৈ। আমাৰটোত আক গাইশালিতো বেয়া হৈ আছে। কালিলৈ কোনোবাই কিবা খুন্দিব নেকি?
-নুখুন্দে বাইদেউ…আহিব।
সেউতিয়ে তামোলৰ পিকখিনি চোতালৰ কাষৰ গোলপজোপাৰ গুৰিতে পেলাই আকৌ সুধিলে- সাঁজ থ’লি নে মোলানী?
-থলোঁ…বৰা চাউল। বেছি নহয় পিছে…একলহ হে। মাত্ৰ নিয়মটোৰ বাবে…
-মাত্ৰ একলহ… হেৰৌ এইহেন বিহুটোত মাত্ৰ একলহ সাজেৰে কাৰ মুখত দিবি তই। তোৰ ভঁৰালৰ ধান কেতিয়া আটক হ’ল, হয়। তাতে শলিতা লগোৱাটোও পাতিবি নহয়। নে তহঁতিও কিবা নতুন ধৰ্ম চৰ্ম ল’ব খুজিছ?
গৰগৰাই উঠিল সেউতি ।
-তেনেকুৱা কথা নহয় অ’ বাইদেউ, সেই দেউতাক ঢুকুৱাৰ পাছৰে পৰা লৰাটোৱে এইবোৰ সাঁজ পানীৰ কাৰবাৰবোৰ বৰ বেয়া পোৱা হ’ল। সি মোক বহুত বুজালে। আজি সাঁজ খোৱা ল’ৰা এটাই কালিলৈ চুলাই খাবলৈ সংকোচ নকৰিব। আৰু সেইবোৰত মন বহিলে কি হ’ব মোৰ কপাললৈ চালেই হ’লচোন!
-তেও নিয়ম বুলি কথা এটা আছে বুজিছ মোলানী। শলিতা লগোৱা সকামটোত যদি সাঁজকণেকেই ভকতক উদৰ পুৰাই খুৱাব নোৱাৰ কি পুইন হ’ব তোৰ…
মোলানীৰ পৰা উত্তৰ নুশুনাকৈয়ে সেউতি খঙত উঠি গুছি গ’ল। মোলনীৰ মেলা মুখ মেলা হিচাপেই থাকিল। তাই মানুহজনীলৈ চালে। বয়সত তাইৰ সমানেই হ’ব চাগৈ! কিন্তু জীৱনে কোঙা কৰা দেহ। বয়সৰ আগেই বুঢ়ী হৈ পৰিছে। গাঁৱৰ প্ৰায়বোৰ মহিলাৰে একেই অৱস্থা। দিনৰ দিনতো কাম কৰিব আৰু ৰাতি হ’লে নিজেই যতনাই দিয়া সাঁজ পানীকণ খাই অথবা ক’ৰবাৰ ভাটিত চুলাই খাই নিচা ধৰাৰ পাছত গিৰিয়েকবোৰে ঘৈণীয়েকবোৰৰ পিঠিত ঔ কিল জাৰে। ল’ৰা-ছোৱালীবোৰে সেই সময়ত এচুকত বহি মাক-দেউতাকৰ ভাওনা চাই থাকে। তথাপি মানুহবোৰৰ সু-জ্ঞান নাহে। দিনৰ পিছত দিন মদৰ জালে ঘৰৰ শান্তি নষ্ট কৰাৰ জীৱন্ত সাক্ষী হৈয়ো সেই একেজনী মহিলাই কাৰোবাৰ নৱজাতক সন্তানৰ মুখত জন্মৰ পাছতে চেলেকাই দিব দেওৰস হিচাপে সাঁজ। নিয়মৰ নামত প্ৰতিটো সকাম বা বিহুত নিজৰ মাকেই কণমানি ল’ৰাটোলৈয়ো আগবঢ়ায় দিব সাঁজৰ বাতি এটা আৰু সেই ল’ৰাটোৱেই এটা সময়ত মদাহী হৈ মদৰ জালত সেইজনী মাককে নগুৰ-নাগতি কৰিব। মোলনীয়ে নিজৰ দেহাটোলৈ চালে। তাই মানুহটো নিষ্ঠুৰ নাছিল যদিও কেৱল মদৰ বাবেইতো সি হেৰাই গ’ল। নাই নাই… তাই কাৰো কথা নুশুনে। পোনাকণে ঠিকেই কৈছিল- জীয়াই থাকিবৰ বাবে নিয়ম লাগে। কিন্তু নিয়মৰ বাবে জীৱন এটা শেষ কৰিব নোৱাৰি।

“নতুন বছৰ সোমালে
গছে পাত সলালে
কুলি চৰায়ে লগালে মাত
ঐ গোবিন্দেই ৰাম…”
ঢোল আৰু পেঁপাৰ মাতত গাঁওখন ৰজনজনাই উঠিল। পুৱাৰে পৰা আলহি সোধ-পোছ কৰি মোলানীৰ কঁকাল কেৰমেৰাই গৈছে যদি বাকী থকা কামখিনিও খৰকৈ কৰি গ’ল। পোনাকণে এইবাৰ গাঁৱৰ বিহুখনত ঢোল বজাইছে… ল’ৰাটোৱে বাৰে বাৰে মাকক সকীয়াই থৈ গৈছে সোনকালে বিহু চাবলৈ যাবলৈ। মোলানী য়ে তাক কৈছিল-বোলোঁ ৰ’ চোন এই বিহুৰ দিনা গধূলি বেলিকা গাঁওবুঢ়াৰ ঘৰত হুঁচৰি নাচালেও হ’ব। কালিলৈ বেলেগৰ ঘৰত গাঁওতেই চাম দে। পিছে ল’ৰাটোৱে ক’লে, এইবাৰ হেনো সকলোৰে ঘৰে ঘৰে চোতাল বিহু নামাৰে… তাৰ সলনি গাঁওবুঢ়াৰ ঘৰতে সমজুৱাভাবে বিহু মাৰিব। যি সকলে শৰাই দিম বুলি ভাবিছে তাতে দিলেই হ’ল। মোলনী অবাক হ’ল…
-কমিনিচ কালেও নুশুনা কি কথা কলি অ’… বছৰেকৰ বিহুত যদি গাঁৱৰ বিহুজোৰাই ঘৰৰ চোতাল নগচকে আমি ক’ৰ পৰা বিহু মাতি গচকাম, হয়!
-ৰংমইকাইহঁতে তেনেকৈয়ে কৈছে মা। গাঁৱত বিহু মাৰি থাকিলে বোলে চহৰত বিহু মাৰিবলৈ সময় নহ’ব। চহৰৰ মানুহবোৰেহে সৰহ কৈ পইচা দিয়ে। আমাৰ দৰে মানুহে নো কিমান দিব। মই সিহঁততকৈ সৰু। গতিকে একো ক’ব নোৱাৰোঁ। তই কিন্তু সোনকালে যাবি।
মোলানীক ভাবত উটুৱাই পোনাকণে টঙালিখন বান্ধি বান্ধি ওলাই গৈছিল। তাইৰ চকু দুটা সেমেকি আহিছিল। অৱশেষত বাপোতি সাহোন হুঁচৰিজোৰাও টকাই কিনি ল’লে।

যথাসময়ত মোলনী গৈ গাঁওবুঢ়াৰ ঘৰ পালেগৈ। গোটেই গাওঁখনেই হয়তো উঠি আহিছে। মোলনীয়ে পোনাকণলৈ চালে, বাপেকগঢ়ি ল’ৰাটোৱে ঢোলৰ চাপৰবোৰ যেন বুকুৰ মাজৰ পৰা হে উলিয়াইছে…গমগমাই উঠিছে গাঁওবুঢ়াৰ চোতাল। চাহপানী দিয়াই চাহপানী দিছে। সাঁজ দিয়াই সাঁজ দিছে। কিছুমান ডেকাই সাঁজৰ নিচাত টলং-ভটং কৈ নাচিছে। পেঁপাৰ মাতটো যেন ঘূৰি ঘূৰি মোলানীৰ বুকুত খুন্দা মাৰিছে। আস! পোনাকণে প্ৰথমবাৰৰ বাবে ঢোল বজোৱা এই বিহুজোৰা যে কেৱল টকাৰ অভাবৰ বাবেই যে সিহঁতৰ চোতাল গচকাব নোৱাৰিব অথচ যোৱাকালিলৈকে বিহুজোৰাকলৈয়ে তাইৰ কিমান ব্যস্ততা আছিল… কি খুৱাব, কোনটো পিঠা সাজিব…
আয়ৈ ঐ… মাৰিলোং… টেঁটুফলা চিঞৰ এটাই পলকতে সকলো স্তব্ধ কৰি দিলে। সকলোৱে বিহু এৰি যি ফালৰ পৰা চিঞৰতো আহিছিল সেই ফালে লৰ দিলে। গাঁওবুঢ়াৰ ঘৰৰ দীঘল পদূলিটোৰ এটা মুৰত থকা আম জোপাৰ তলত কোনোবা এটাই মূৰত হাতখন ধৰি বহি আছে। গোটেইখন তেজেৰে ৰাঙলী। দুটা ডেকাই ধৰা ধৰি কৈ প্ৰায় অৰ্ধ-চেতন ল’ৰাটোক চোতাললৈ আনিলে। মোলনীয়ে ল’ৰাটোৰ মুখলৈ জুমি চালে।
-অ’ এইটো দেখোন ৰমেশ, সেউতিৰ ডাঙৰ ল’ৰাটো। অলপ আগত নিচাৰ জালত টলং-ভটং কৈ নাচি আছিল।
ইতিমধ্যে সেউতিয়ে বাঁহফলা চিঞৰেৰে কান্দোন আৰম্ভ কৰিলেই। কোনোবা দুটামানে হস্পিটেললৈ নিবলৈ গাড়ী বিচাৰি গ’ল।
-মা ঘৰলৈ যাং ব’ল।
পুতেকৰ মাতত মোলানী চক খাই উঠিল। মন্ত্ৰমুগ্ধৰ দৰে তাই পোনাকণৰ হাতত ধৰি আগবাঢ়িল। ঘৰ পাইহে পোনাকণে মুখ খুলিলে।
-ৰমেশকাই প্ৰায়ে সাঁজৰ নিচাত আহি আমাৰ নাচনীকেইজনীক জোকাই থাকে। বিশেষকৈ মৰমীক। তাইক আক বিকুকাই ভাল পায়। আজি সিও নিচাত আছিল। দুয়োটাই এনেয়ো ইটোৱে সিটোক মাৰোঁ মাৰোঁকেই আছিল। গতিকে নিচাৰ জালত দি দিলে।
-তহঁতি মন কৰি থকা নাছিলি কিয় অ’ পোনা! বিহুখন পণ্ড কৰিলে পাষণ্ডকেইটাই।
-কিমানক মন কৰিবি মা? দেখা নাছিলি দুটামান ল’ৰাৰ বাহিৰে গোটেইবোৰ সাঁজৰ নিচাত মচগুল। সিহঁত দুটাই নলগা হ’লেও অইন কোনোবাই লাগিলহেঁতেন! পোনাকণে অলপ ৰৈ আকৌ ক’লে-বিহুৰ নামত এই মদ খোৱা নিয়মবোৰ শেষ নোহোৱালৈকে এইবোৰ চলি থাকিবই। যা মা ভাতৰ যোগাৰ কৰ গৈ। এই অবুজনবোৰৰ বাবে দুখ কৰি লাভ নাই।
মোলানী কিন্তু লৰচৰ নহ’ল। তাই একেথৰে নিজৰ হঠাতে ডাঙৰ হৈ পৰা ল’ৰাটোলৈ চাই থাকিল, মাক হোৱাৰ গৌৰৱেৰে।
-এৰা, জীয়াই থাকিবৰ বাবে নিয়ম লাগে। কিন্তু নিয়মৰ বাবে জীৱন এটা শেষ কৰিব নোৱাৰি।

(লেখাটোত উজনি অসমৰ কিছুমান কথিত উচ্চাৰণ আৰু কথিত শব্দ সোমাই আছে, যেনেকৈ কমিনিচ কালে-এই শব্দটো মই আমাৰ আইতাহঁতৰ মুখত প্ৰায়ে শুনোঁ। তেওঁলোকে কোনো কালে ঠাইত কমিনিচ কালে বুলিহে কয়। আৰু এটা কথা উল্লেখ কৰিছোঁ-শলিতালগোৱা সকাম। এই সকামটো প্ৰায় বিহুৰ দুই তিনিদিনৰ ভিতৰত আহোমৰ ভিতৰপকীয়া সকলে পাতে। অৱশ্যে কেতিয়াবা বেলেগ সময়তো পাতে। ভিতৰপকীয়া আহোম সকলৰ বাহিৰে আৰু কোনোবাই এই সকামটো পাতে যদি মই নাজানোঁ। এই সকামত প্ৰসাদ হিচাপে সাঁজ ব্যৱহাৰ কৰা হয়। আমি সৰু হৈ থাকোঁতে আমাৰ ঘৰত পতা এই সকামটোত মই আৰু এবিধ বস্তু নিয়মীয়াকৈ দিয়া দেখিছিলোঁ সান্দহৰ সৈতে হাঁহৰ মাংসৰ ভাজি। এনে মানুহো দেখিছোঁ যাৰ ভঁৰালৰ ধানে বছৰ জুৰাই খাবলৈ নোজোৰে কিন্তু এই সকামটোৰ বাবে কুইণ্টল হিচাপত সাঁজ তৈয়াৰ কৰে। ডেকা বুঢ়া সকলোৱে সেইদিনাই উদৰ পুৰাই সাঁজ খায় আৰু তাৰ পাছত…)

***********************************
“কৃষ্ণৰ মূৰতে বকুল ফুল এপাহি
নিয়ৰ পাই মুকলি হ’ল
ঐ গোবিন্দাই ৰাম”

“দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী
কেতেকী মলেমলায়
ঐ গোবিন্দাই ৰাম”

“হুঁচৰি—এ—চ’ত
আমি বিহু মাৰোঁ য’ত
দূৱৰিও নগজে ত’ত”
***********************************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments