নিয়ৰৰ ফুল – নীতালি শৰ্মা দত্ত।

“শেৱালিফুল সোপাকে গচকি ফেনেকি থৈ যায় এইসোপাই সদায়। এনেকৈ হ’বলা মৰ্ণিং ৱাক কৰে। অধমহঁত। ঠেং ভাঙিম তহঁতৰ। “

চৰক, চৰক, চৰক…

জাপ মাৰি উঠিল ৰঞ্জন। তাৰমানে আজি আকৌ! গাৰুৰ তলৰ পৰা মোবাইল ফোনটো উলিয়াই সময়টো চালে সি। তিনি বাজি গৈছেহে পোনেই। চটফটাই ৰঞ্জন বিছনাৰ পৰা নামিবলৈ লওঁতেই ভোৰভোৰাই উঠিল মনিষা।

: এই বুঢ়াবয়সত পৰকিতি ল’ৰিছে। না শান্তিৰে ভাত এসাজ খাব পাওঁ না শুব পাওঁ। উফ …

গাৰুটো পিছফালে দুইকাণত হেঁচি ভোৰভোৰাই থকা মনিষালৈ চাই উঠি আহিল ৰঞ্জন। নোৱাৰে। মাকজনীক এইটো ৰূপত কোনো পুত্ৰই চাই থাকিব নোৱাৰে।

বাহিৰত এতিয়া ঘিটমিটিয়া আন্ধাৰ। শৰতৰ এটি নিশাৰ শেষপ্ৰহৰ। আগনিশালৈকে আকাশত শুকুলা মেঘৰ নাচোন চায়েই সি শুবলৈ গৈছিল যদিও শেষ নিশা আকাশখন ক’লা ডাৱৰে আৱৰি আছে। দূৰৈৰ পূৱ আকাশৰ এটি কোণত ক্ষীণ হেঙুলীয়া এডাল আঁচ দেখা গৈছে। জগতৰ ঘৰৰ বাঁহনিখনৰ ফাঁকেৰে হেঙুলীয়া আঁচডাল চকুত পৰিছে ৰঞ্জনৰ। ঘৰৰ টিনত টোপ টোপকৈ নিয়ৰ সৰাৰ শব্দ ভালকৈয়ে শুনা পাইছে সি। পুৱাব আৰু ৰাতিটো। পদূলিমূৰৰ শেৱালিজোপাৰ পৰা বতাহত উৰি আহিছে নিশা সৰা শেৱালিফুলৰ আমোলমোল সুবাস। চৰক চৰক শব্দটো তাৰ পৰাই আহিছিল যদিও এইবাৰ ঘৰৰ গাতে লাগি থকা নামঘৰৰ চোতালৰ পৰা ভাঁহি আহিছে। বাঢ়নীৰ কৰ্কশ শব্দই ভাঙি পেলাব খোজা নৈশ নিৰ্জনতাত এইবাৰ শুনোঁ নুশুনোঁকৈ ৰঞ্জনৰ কাণত পৰিছে বিহুনামৰ সুৰ।

কুৱাই কা নকৰা জিলি জা নকৰা
শদিয়া পাৰৰে আলি
কেঁচাই খাওঁ কেঁচাই খাওঁ
নকৰ সোণামুৱা
নহওঁ মই তিয়ঁহৰ জালি।

হাতত মোবাইলৰ টৰ্চলাইটটো জ্বলাই ৰঞ্জন কুঁকুৱাই নামঘৰৰ চোতাল পালেগৈ। নামঘৰৰ হালধীয়া বাল্বৰ পাতল পোহৰত এজনী প্ৰেতিনীৰ দৰে দেখা গৈছে মাকক। আপোনমনে গীত গাই গাই চৌহদটোৰ আগফাল পিছফাল সাৰি ফুৰিছে। মাজে মাজে বাঢ়নীটাঁৰ থেকেচি থেকেচি কাৰোবাক গুৱালগালি পাৰিছে।

“ননচেন্স নৰমনিচ, অন্ধমুনি হ’বি”

নামঘৰৰ চৌহদ সাৰি হ’লেই কাষৰ অৱণীহঁতৰ চোতাল পাবগৈ মাক। এনেকুৱাই হৈ আছে বিগত কেইবাদিনো ধৰি। বুকুখন মোচৰখাই উঠিল ৰঞ্জনৰ। নিজৰ মূৰটো চুই চালে সি। নিয়ৰত ভিজি গৈছে চুলিবোৰ। ফেৰফেৰিয়া বতাহ এচাটিয়ে গাটোও শীতল কৰি আনিছে। শীতলৈনো আৰু কেইটা দিন। তাতে আকাশখনলৈ চাই বৰষুণ এজাকো আহেহে লাগে। এনেহেন বতৰত পুৱতি নিশা মাকজনীয়ে কৰি থকা বলিয়ালিত ৰঞ্জনৰ চকুদুটা খচখচায়।

: ইচ শৰৎ ককাইদেউ। তুমি আহিলাই। মই আজৰিয়েই হোৱা নাই নহয়। ৰ’বা সাউৎকৈ জোবোৰা এটা মাৰি আহোঁ।

ছাঁ পোহৰৰ মাজতেই ৰঞ্জনক দেখি সদায় কৰাৰ দৰেই মানুহজনীয়ে লাজত ওৰণিখন আৰু অকণ টানি লয়।

: অ, আজিলৈ হ’ব আৰু। আহা ঘৰলৈ যাওঁ। পঢ়িব লাগে নহয়।

: অ, অ। আজি কিন্তু ইংৰাজীৰ লেচন পঢ়াব নোৱাৰিবা দেই। বৰ টান। আজি ভূগোলকেই শিকাবা।

: বাৰু…

নখ কামুৰি থকা মানুহজনীৰ আদৰুৱা মাতষাৰত হা তে হা মিলাই ৰঞ্জনে কঁকালত ধৰি লাহে লাহে ঘৰ পোৱাইহি মাকক।
হাতৰ বাঢ়নী ঠাইতে থৈ বিহুনাম গাই গাই গা ধোৱা মাকক গাধোৱা ঘৰৰ সমুখত পৰ দি থাকে ৰঞ্জনে।
কেনেবাকৈ পৰি যায় যদি! আকৌ দুৰ্ঘটনা এটা ঘটি যায় যদি! বিহুনাম গাই গা ধুই বাহিৰলৈ অহা মাকক জুহালত জুই অকণ ধৰি সেকি পুটুকি ৰঞ্জনে ৰঙাচাহ অকণ মুখত দিয়ায় মানে মাকে কিবা ভাৱত বিভোৰ হৈ জুইকুৰালৈ চাই থাকে। তাৰপিছত বিছনাত পৰা মাকজনী দিনটোলৈ এটি কাঠৰ পুতলাৰ দৰে শুই থাকে বিছনাখনত। সময়ত ভাত দুগৰাহ খুৱাব পাৰিলে ভালেই। নহ’লেও হয় কেটকুট নাইকিয়া কৈ আঁঠুৱাৰ খুটা কেইটালৈ চাই মানুহজনী পৰি থাকিব নহ’লে হুইলচেয়াৰখনত সমুখলৈ শূন্য দৃষ্টি দি বহি থাকিব। কাৰো কথাই নুশুনে ৰঞ্জনক বাদ দি। ৰঞ্জনলৈ কেতিয়াবা অবাক হৈ ৰ লাগি চাই থাকে। কেতিয়াবা শৰৎ ককাইদেউ বুলি তালৈ চাই লাজতে মৰহি যায়। কেইদিনমানৰ পৰা মানুহজনীৰ বেমাৰটো বেছি হৈছে। হুইল চেয়াৰৰ পৰা উঠিব নোৱাৰা মানুহজনীয়ে কি নো শক্তিৰ বলত গোটেই চোতালখন সাৰি ফুৰে তাকে লৈ সকলো অবাক।

“পানীগয়ৈনীৰ মনটো ভুল হৈছে। “
কথাটো এনেকৈয়ে ওলাইছিল। মানুহজনীয়ে চিনাকি মানুহবোৰকো যেতিয়া অবাক লাগি চাইছিল কথাবোৰ এনেকৈয়ে বতাহত উৰিছিল গাঁওখনত। কেতিয়াবা হাঁহি দিছিল অকাৰণতে। কেতিয়াবা উচুপি উচুপি কান্দিছিল। কেতিয়াবা নিজৰ মাজতে ভুনভুনকৈ কথা পাতিছিল। সৰু সৰু ল’ৰাছোৱালীবোৰ আহিবলৈ এৰিছিল মানুহজনীৰ ওচৰলৈ। পিছে এতিয়া যে মানুহজনীৰ দেও-ভূত লগা বুলিহে কোনেও কাষ নাচাপে। কোনোবা শৰৎ ককাইদেউৰ কথা কৈ কৈ নিশা আন্ধাৰতেই বিছনাৰ পৰা উঠি আহিবলৈ শক্তি পোৱা মানুহজনীয়ে ঘৰৰ আগফাল পিছফাল গোটেই বাহি চোতাল বাঁহৰ বাঢ়নীৰে নিয়াৰিকৈ সাৰি গাঁৱৰ ৰাস্তাত উঠেগৈ। কেতিয়াবা যদি তাহানিৰ যুগৰ বিহুনাম গাই মতলীয়া হৈ চোতাল সাৰে কেতিয়াবা আকৌ বিয়ানাম একোটা গাই হিয়ালি-জিয়ালি হৈ ঘৰৰ পিৰালিতে বহি উচুপে। তেনে সময়ত ৰঞ্জনক দেখিলে ‘শৰৎ ককাইদেউ কিয়নো এনে হ’ল‘ বুলি মাকে তালৈ চোৱা ৰঙা কাতৰ চকুহাললৈ চাই ৰঞ্জনৰ মনটো মৰি যায়।

মনিষাই ভোৰভোৰায়।
“কোন পৈয়েকৰ কথা মনত পেলাই কান্দে জানো এনেকৈ। পৰকিতি নলৰা নহয় কি এইবোৰ।”

ৰঞ্জনৰ নতুনকৈ অকলে শুবলৈ লোৱা নগাভৰু জীয়েকজনীয়ে মাকৰ ওচৰলৈ দৌৰ মাৰে ভয়তে। গাঁৱৰ মানুহে বেজ অনাৰ কথা কয়।
গুৱাহাটীত থকা ভায়েক গুঞ্জনৰ নববিবাহিতা পত্নীয়ে ফোনতে মনিষাক আপত্তি কৰে।

“লাজৰ কথা হৈছে। পৰিয়ালৰ মানুহৰ আগত মুখ উলিয়াব নোৱাৰা কথা হৈছে।”

দুই বৌৱেকৰ ক্ষোভৰ জুইকুৰাত লাগনি খৰি অকণ দি ভনীয়েক সীমাই বলকে।
শহুৰেকৰ ঘৰত মাকৰ বেমাৰক লৈ হেনো আলোচনা।

“বলিয়া মানুহ ঘৰত থাকিলে জিনত যায় হেনো বলিয়ালি। সীমাৰ পেটৰ পোৱালিকো বলিয়ালিয়ে পাব বুলি ঘৰলৈ অহাৰ বাট বন্ধ কৰিছে শহুৰেকৰ ঘৰে।”

নিশা এপৰলৈকে মোবাইল টিপি বিছনালৈ যোৱা বেকাৰ সৰু ভায়েকেটোৱে বুঢ়ী নমৰ কেলৈ বুলি অশ্লীল মাত দুটামান দিয়ে বিছনাৰ পৰাই।
সকলোৰে কথাবোৰ শুনি শুনিয়ো মুখেৰে একো মাতিব নোৱাৰা ৰঞ্জনে প্ৰতিটো পুৱতি নিশা মাকক কেতিয়াবা জগতৰ পদূলি নহ’লে কেতিয়াবা নামঘৰৰ পদূলিৰ পৰা ওভতাই আনিছে।

: হ’লনে ভাও দি। লাজত নাক উলিয়াব নোৱাৰা কৰিলে বুঢ়ীয়ে।

মাকক বিছনাত শুৱাই থৈ আহি বাৰাণ্ডাৰ কাঠৰ আৰামী চকীখনতেই আকাশ পাতাল ভাবি বহি থকা ৰঞ্জনৰ কাণত পৰিল শুৱাৰ পৰা উঠি অহা মনিষাৰ চিঞৰ-বাখৰ। এতিয়া ঘৰৰ প্ৰাণী আটাইকেইটা উঠিব। কোনোবাই যদি ৰঞ্জনক বকিব কোনোবাই জগা কাঠ এডাল হৈ বিছনাত পৰি থকা মানুহজনীক।
মনিষাই বলকিয়ে থাকে। মাজতে টিউচন যাবলৈ ওলোৱা জীয়েকেও মাত এষাৰ দিয়েহি।

“হেৰাইছিলে যে ভালেই হৈছিল। দেউতাকনো কিহে পাইছিল জানো আকৌ বিচাৰি আনিবলৈ।”

মন যায় ৰঞ্জনৰ। আগতে মাকে মুখে মুখে কথা ক’লেই বাৰাণ্ডাৰ চিলিঙিত খুচি থোৱা চিটিপনি এছাৰিডালেৰে সিহঁতক পিটাৰ দৰেই যেন ওঁঠ টিপিলে গাখীৰ ওলোৱা জীয়েকজনীকে কলাফুল চিঙি যোৱাকৈ পিটিব। এনে লাগে মাকৰ চৰিত্ৰত ধৰি কথা কোৱা মনিষাৰ গালতেই যেন ৰঙা পৰি যোৱাকৈ এচৰ শোধাব। এই গুঞ্জন, খঞ্জন আৰু সীমাকো যেন আগতে পঢ়া টেবুলত অংক নোৱাৰিলে মাকে হাতৰ তলুৱাত কাঠৰ স্কেলপাতেৰে দিয়াৰ দৰেই চটৌপচটৌপকৈ দুকোব মান শোধাব।

চকীতে মূৰটো পেলাই বহি থকা ৰঞ্জনৰ চকুযোৰ ৰঙা পৰে। আকৌ এবাৰ খচখমচায় চকুযোৰ।
মনটোৱে কৈ উঠে।

“যা গৈ মা। এয়া তোৰ সময় হৈ থকা নাই। এই ঘৰো তোৰ হৈ থকা নাই।“

মাক নেযায়। শীৰ্ণকায় দুৰ্বল দেহাটো চোঁচৰাই প্ৰেমৰ গীত গাই চোতাল সাৰি ফুৰেগৈ। ভ্ৰম বলকে।
বিছনাতে জগা কাঠ হৈ পৰি হাঁহি থাকে, কান্দি থাকে।
চলিয়েই থাকে কথাবোৰ। বুবু বাবা হৈ উৰি ফুৰে কথাবোৰ।
এৰা, কেতিয়াৰ পৰা আৰম্ভ হৈছিল বাৰু কথাবোৰ। দেউতাক ঢুকোৱাৰ পিছতো মাকজনী ঠিকেই আছিল। ঠিকনো নাথাকিব কেলৈ। দেউতাকৰ পৰানো অৱহেলা আৰু ইতিকিঙৰ বাদে পাইছিলেই বা কিটো এইহেন জীৱনটোত। কথা-বতৰা কমকৈ কোৱা হৈছিল মাথোঁ। মাজে মাজে প্ৰেচাৰৰ সমস্যাটোৱেহে উক দিছিল। তাৰ মাজতেই গুঞ্জন আৰু সীমাৰো বিয়া পাতিছিল।
ক্ৰমান্বয়ে কথা কমকৈ ক’বলৈ লোৱা মানুহজনী দুবছৰ আগতে এবাৰ নোহোৱা হৈছিল। নোহোৱা হৈছিল মানে একেবাৰে পোন্ধৰ দিনমানলৈ খবৰ নোহোৱা মানুহজনীক বলিয়াৰ দৰে বিচাৰখোচাৰ কৰি লক্ষ্মীমপুৰৰ ৰঙানদীৰ ওচৰৰ এটা শিৱমন্দিৰৰ পৰা উদ্ধাৰ কৰি আনিছিল ৰঞ্জনে। কোনোবাই কোনোবাই কয় মানুহজনীয়ে চাগে নিজৰ ঘৰলৈ গৈছিল।

ক’ত নো নিজৰ ঘৰ! মাইকী মানুহৰো নিজৰ ঘৰ থাকেনে!

“ভুল হৈছিল, ভুল হৈছিল।
পানীগিয়ৈনীৰ মনটো ভুল হৈছিল “

অনবৰতে কাৰোবাৰ লগত কথা পাতি থকাৰ দৰে থকা মানুহজনীৰ কাষলৈ দেওভূত অহাৰ ভয়ত মানুহো কাষ নচপা হৈছিল। গুৱাহাটীলৈ নিয়াৰ পিছত মানুহজনী সামান্য সুস্থ হৈ আহিছিল।

স্কিজ্জ’ফ্ৰেণীয়াত আক্ৰান্ত হেনো মানুহজনী। দীৰ্ঘদিনীয়া অৱহেলা আৰু একাকীত্বৰ বাবেই কিছুমান চৰিত্ৰ মনতে সাজি লৈ এনে বেমাৰীয়ে সেই চৰিত্ৰসমূহৰ সতেই বাস কৰে। নিজৰ এখন জগত সাজি সেই চৰিত্ৰসমূহৰ সতেই সোমাই থাকে। কথা কয়, হাঁহে। এককথাত এক ভ্ৰমৰ দুনীয়াত থাকে। এই বেমাৰৰ স্থায়ী চিকিৎসা তেনেকৈ নাই যদিও উপযুক্ত মানসিক সাহচৰ্য আৰু থেৰাপীৰে ৰোগীক সুস্থ কৰি তুলিব পাৰি। ভোক নোহোৱা, টোপনি নোহোৱা এনে কেতবোৰ উপসৰ্গৰ দৰৱ জাতি আৰু চিকিৎসকৰ পৰামৰ্শ লৈ উভতি অহা ৰঞ্জনে ভাবিছিল মাক সুস্থ হ’ব। হৈছিলও। ভ্ৰম বকিবলৈ এৰিছিল যদিও কথা প্ৰায় একেবাৰেই নকৈছিল। খোৱা-বোৱাত অনীহাৰ বাবে দুৰ্বল হৈ পৰা মানুহজনীৰ কংকালসাৰ দেহটো লাহে লাহে হুইলচেয়াৰেৰে চলাফিৰা কৰিব পাৰিছিল।
ভুলটো তাতেই হৈছিল ৰঞ্জনৰ। ৰঞ্জনৰ কলেজৰ চাকৰি। ভায়েক আৰু ভনীয়েকৰ বিয়াৰ নামত মূৰত ওলমাই লোৱা ঋণৰ বোজা শেষ কৰিবলৈকে কলেজৰ শেষতো নিশালৈকে টিউচন কৰিছিল বিভিন্ন ঠাইত। মানসিক সাহচৰ্য্যৰ বাবে মাকক ঘৰৰ মানুহক গতাই ঘূৰি ফুৰা ৰঞ্জনে জনা নাছিল মাকজনীৰ যে তলেতলে ৰোগে মূৰলৈকে আকৌ শিপাইছিল। এইবাৰতো ভয়ংকৰ হৈ দেখা দিছে এই ৰোগে। শৰৎ ককাইদেউ বুলি তালৈ চাই লাজতে নখ কামোৰা মাকজনী, টিউচন পঢ়োৱাৰ কথা কৈ ভ্ৰম বকা মাকজনীলৈ সি চাব নোৱাৰা হৈছে।
এৰা, কিমান দিনৰ কথা বাৰু এয়া। পূজা অহাৰ আগজাননীৰে চোতালত দহিকতৰা চৰাইকেইযোৰে নচাৰ সময়ৰ কথা। পদূলিৰ শেৱালিজোপাত এপাহ দুপাহকৈ শেৱালি ফুলিছিল। মানুহজনীৰ পুৱতি নিশা উঠা বেমাৰটো তেতিয়াই আৰম্ভ হৈছিল। শেৱালিৰ দলিচা সামৰি মানুহজনীয়ে গোটেইচোতালখন সাৰিবলৈ লৈছিল। ৰঞ্জনক তাৰ মাজতেই কৈছিল।

: শৰৎ ককাইদেউ। আজি শেৱালি ফুলেৰে সৰু মাছৰ জোল বনাম। ভাতকে খাই যাবা।

: শৰৎ ককাইদেউ। শেৱালি ফুলৰ মালা এধাৰি গুঁঠিছোঁ। চোৱাচোন।

শূন্যতে দাঙি ধৰা শোঁতোৰা পৰা ছালৰ হাতদুখনলৈ চাই ৰঞ্জনে কৈছিল।

: বৰ ধুনীয়া।

বুকুখন মোচৰ খাইছিল তাৰ। চকুদুটা খচখচাইছিল।

আৰু খচখচোৱা চকুহাল লৈয়েই আজি ৰঞ্জন আহিছে মানুহজনীক লৈ গাঁওখনলৈ।
সিদিনা তিলো আমৈয়েক আহি ওলোৱাৰ পিছতহে তাৰো চকু মুকলি হৈছিল।
মাকৰ সখীয়েক তিলোত্তমা আমৈয়েকে বোৱাৰীয়েকৰ ঘৰলৈ আহি শুনিছিল সখীয়েকৰ খৱৰ।

: পোনা ও, শকুন্তলাক এবাৰ মোমায়েকৰ ঘৰলৈ লৈ যাচোন। মুকুতি চাগে তাতে পাব তাই।

একেই শোঁতোৰ পৰা চালৰ গালত এজোলোকা চকুপানী বোৱাই তিলো আমৈয়েকে কোৱা কথাত ৰঞ্জন দৌৰিছিল মাকৰ মোমায়েকৰ ঘৰলৈ। পানীগাৱত জন্ম হোৱা মাকজনীয়ে মোমায়েকৰ ঘৰত থাকি পি ইউ লৈকে পঢ়াৰ কথা সিহঁতে জানে।

দৌৰিছিল ৰঞ্জন মাকক লৈ। এয়া মামাককাকৰ চিনাকি পদূলিত জিলিকি উঠা মাকৰ চকুযোৰ দেখিছে সি। শীৰ্ণকায় হাতখনেৰে গাড়ীৰ ভিতৰৰ পৰাই খিৰিকিৰে মাকে ক’ৰবালৈ দেখাইছে। নৈ খনৰ সিপাৰলৈ। মামাককাকৰ নাতি প্ৰবালে ৰঞ্জনক লৈ গৈছে তালৈকে গাড়ীৰে।
নৈৰ গাতে লাগি থকা ঘৰটোৰ চৌহদটো বগা কাপোৰেৰে ঘেৰি ৰখা হৈছে।

: শৰৎ বৰদেউতাৰ দহা আজি। বিয়া বাৰু নকৰালে নহয়। গাঁৱৰ মানুহেহে সৎকাৰ কৰিলে। দিল্লীৰ পৰা ভতিজাকটো আহি সকাম পাতিছেহি। এপাক সোমাই যাওঁ নেকি ৰঞ্জন দাদা।

প্ৰবালৰ একো কথা কাণত সোমোৱা নাই ৰঞ্জনৰ। মাকজনী ঢলি পৰিছে তাৰ কান্ধত। নাকেৰে হোটহোটাই থকা শব্দটোও নিতাল মাৰিছে। ৰঞ্জনৰ মনটোৱে চেবাই গৈছে। তিলো জেঠায়ে কৈছিল যে …

“শকুন্তলাই মুকুতি পায়েই বা তাত! “

একেখন গাঁৱতে একেলগে ডাঙৰ হোৱা তিলো আমৈয়ে কি মানুহজনীৰ ভিতৰখনলৈকে পঢ়ি পেলাইছিল, যি পাঠ পেটৰ পোৱালি হৈয়ো সিহঁতে নপঢ়িলে, পঢ়িব নুখুজিলে!

ৰঞ্জনৰ খচখচোৱা চকু দুটাৰ পৰা নজনাকৈ বাগৰি আহিছে দুটি জলধাৰা।

শৰতৰ বিদায় বেলাত এপাহ নিয়ৰৰ ফুল সৰি
পৰিছে।
ঠিক চকুলোৰ দৰে…
টোপ, টোপ, টোপ…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক