নিৰুদিষ্ট এজন কবিৰ সন্ধানত (সাগৰ হাজৰিকা)


খোজবোৰ অতিকে চিনাকী চিনাকী যেন লাগিছে
হয়, এই উৰুঙা বাটেদিয়েই গৈছিল এদিন
জীৱনৰ সন্ধানত এটা জীৱন,
নিজৰ ঠিকনা বিছাৰি ঠিকনাবিহীন হৈ পৰিছিল এজন মানুহ
শুনিছিলানে সেই খবৰ
“জীৱনৰ সন্ধানত নিৰুদিষ্ট কবি”
চিত্ৰকৰ আছিল তেওঁ, জীৱনৰ ছবি আঁকিছিল
হৃদয়ৰ পৰা হৃদয়লৈ গঢ়িছিল মৈত্ৰীৰ সাঁকো,
পৃথিৱীখন সেউজীয়া ৰঙেৰে লেপি দিছিল
তেওঁৰ তুলিকাৰ আঁক-বাঁকত সপোনবোৰ জীৱন্ত হৈ উঠিছিল
নিতাল বেলাত সপোনৰে সৈতে আপোনতা গঢ়িছিল
পৃথিৱীৰ প্ৰেমত পৰা এজন দুৰ্দান্ত প্ৰেমিক আছিল তেওঁ
প্ৰেম যেন হৃদয়ৰ ভাষা নহয় যুদ্ধ জয়ৰ এপাত অস্ত্ৰ!
 
এদিন দুঃসময়ে ভাঙি থৈ গৈছিল কবিৰ সপোনৰ কাৰেংঘৰ
কেনে নিৰ্দয় আছিল সেই সময়, সময় নহয় যেন পাষাণ ডাকু!
পলকতে আঁজুৰি নিছিল জীৱন উদযাপনৰ সমস্ত হেঁপাহ
সেয়ে এদিন অস্তাচলৰ বুকুত হেৰুৱা সপোন বিছাৰি
এই উৰুঙা বাটেৰেই ওলাই গৈছিল তেওঁ……..
হয়, এই উৰুঙা বাটেদিয়েই গৈছিল এদিন
জীৱনৰ সন্ধানত এটা জীৱন…….
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক