“কাব্য সাহিত্য বিশেষ” নিৰ্বাক কবিতা আৰু অদৃশ্য ছবি…. (দুলাল বৰুৱা)

..কবিতাত শব্দই চালিকা শক্তি। নিজৰ চেতনাক আনৰ চেতনাৰ মাজলৈ সঞ্চাৰ কৰা মাধ্যম হ’ল শব্দ। শব্দৰ মাজত ঘনীভূত হৈ থাকে আৱেগ-অনুভূতি-চিন্তা। কেতিয়াবা কোনো এটা বা দুটা শব্দও প্ৰতীক হিচাবে লৈ এটা সম্পূৰ্ণ কবিতাৰ সৃষ্টি হ’ব পাৰে। জীৱনৰ দুটা চেহেৰা— এটা বাহিৰৰ আনটো ভিতৰৰ। বাহিৰৰ চেহেৰাৰ সৈতে তুলনা কৰিব পাৰি গছৰ, ভিতৰৰ চেহেৰাৰ সৈতে নদীৰ। গতিকে এটা কবিতাত গছ আৰু নদীক প্ৰতীক হিচাবে লৈও জীৱনৰ চেহেৰা দুটা ফুটাই তুলিব পাৰি….। কবিতাৰ শব্দ বুলি কোনো আছুটীয়া বস্তু নাই, যিবোৰ প্ৰচলিত শব্দ সিবোৰেই কবিতাত ব্যৱহৃত শব্দ। প্ৰসংগ-পৰিবেশত আৰু স্থানিকতাৰ কাৰণেই প্ৰচলিত শব্দই সুকীয়া মাহাত্ম্য লাভ কৰি ধ্বনিময় ছন্দৰ সুৰৰ আৰোহ-অৱৰোহ সৃষ্টি কৰে কবিতাৰ ব্যঞ্জনা। মানুহৰ চেতনা, পৰিবেশ আৰু স্মৃতি নানা ঘটনা, প্ৰতি মুহূৰ্ততে ব্যক্তিগত চেতনাৰ বিভিন্ন মানসিক অৱস্থাবোৰৰ সাল-সলনি ঘটি থাকে। এনে সাল-সলনি সত্ত্বেও মূল চেতনাৰ স্ৰোত বিৰামহীনভাৱে চলি থাকে। চেতনাত প্ৰতিফলিত হোৱা আটাইবিলাক অৱস্থা বা ঘটনাই চেতনাক আলোড়িত নকৰে, কিছুমানেহে কৰে। নদীয়ে যেনেকৈ জান-জুৰি আৰু উপনৈৰ জলস্ৰোত গ্ৰহণ কৰি নিজে বিস্তাৰ লাভ কৰে। তেনেকৈ চেতনায়ো চিন্তা, স্মৃতি, ভাৱনাৰ সোঁত গ্ৰহণ কৰি পৰিপুষ্টি লাভ কৰে। কবিতাও চেতনাৰ সৃষ্টি। কিন্তু ই এক বিশেষ বা সংস্কৃত চেতনা আৰু ই বেছি সংবেদনশীল। কবিৰ সংবেদনশীল চেতনাও এনে ঠাইত বন্ধা থাকে যে অন্তৰ্জগত-বহিৰ্জগতত ঘটা যিকোনো ঘটনাই কবিৰ চেতনাত ঝংকাৰ তুলি তেওঁক সজাগ কৰি দিয়ে। তেতিয়াই সৃষ্টি হয় কবিতা..।

কবিতা আৰু ছবি, দুযোবিধেই স্বকীয়তাৰে ভিন্ন শিল্প যদিও, উপলব্ধি আৰু মনন ক্ষেত্ৰত দুয়োবিধেই একাকাৰ হৈ যায়। কবিতা আৰু ছবি দুযোবিধৰেই পৰিসৰ অপৰিসীম। অন্তৰ্দৃষ্টিৰে কবিতা সদা-দৃশ্যমান আৰু ছবিত এই সকলোবোৰ সম্ভৱপৰ।

একাকাৰ হ’ল /ছবি আৰু কবিতা / কবিতাৰ ৰং-মেলা /মনৰ মাজত দোলে /ছবিৰ শব্দবোৰ নীৰৱে /অহা যোৱা কৰে / প্ৰতিধ্বনিত হয় / মন আৰু মগজুত…. আমি প্ৰত্যেকেই একোটা ধাৰণাৰ পৰিসৰত বাস কৰোঁ, আৰু তাতেই বিচাৰি পাওঁ ছবিৰ মাজত কবিতা আৰু কবিতাৰ মাজত ছবি, অথবা আমি ক’ব পাৰোঁ ছবিবোৰ নিৰ্বাক কবিতা আৰু কবিতাবোৰ অদৃশ্য ছবি।

কবিতা আৰু ছবিৰ সম্পৰ্কৰ কথা ক’বলৈ যাওঁতে আমি ধৰি লওঁ যে কবিতা আৰু ছবি উভয়েই বিনিময়ৰ মাধ্যম। য’ত দৃশ্যমান পৰিঘটনা একোটাক শিল্পীয়ে নিজস্ব পৰ্যবেক্ষণ, উপলব্ধি, কৌশল প্ৰভৃতি সমলেৰে সুন্দৰ কৰি পঢ়ুৱৈ সমাজলৈ প্ৰেৰণ কৰে আৰু তেনেদৰে পুনৰ দৃশ্যমান হৈ পৰে পৰিঘটনাটো। অৱশ্যে ই সত্য যে দৰ্শকৰ দৃষ্টিভংগীৰ ভিন্নতাৰ হেতু এই চিত্ৰকল্পৰ হৃদয়ংগম হ’ব পাৰে ভিন্ন প্ৰকাৰৰ। কিন্তু এই যে চিত্ৰকল্পৰ পৰা পুনৰ চিত্ৰকল্প, তাতে একাকৰ হৈ যায় কবিতা আৰু ছবি। তেনেহলে আমি ক’ব পাৰোঁ যে….

“মোৰ আকুলতাখিনিক লৈ

তুমি অভিমান নকৰিবা

নিব খুজিলে নিব পাৰা

এচাঙি শূন্যতা…”

কবিতাটো এটা অদৃশ্য ছবি…. লিঅ’নাডো-দা-ভিন্সিৰ “মনালিচা” এটা নিৰ্বাক কবিতা…..।

 

ফটো: বিদ্যুৎ বিকাশ বৰ্মন

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক