নিৰ্বাচন আৰু অভিজ্ঞতা – সদানন্দ ভূঞা

 

পঞ্চায়ত নিৰ্বাচন হৈ যোৱা কিছুদিন হৈ গ’ল৷ নিৰ্বাচনৰ অভিজ্ঞতাৰ টুকুৰা খবৰ লিখিম লিখিম বুলি ভাবিও লিখিবলৈ আহৰিয়েই পোৱা নাছিলোঁ৷ যা হওক আজি মনতে পাঙিলোঁ বোলো ব্ৰহ্মাণ্ড উলটি গ’লেও লিখিম বুলিছোঁ লিখিমেই৷ গতিকে আগবাঢ়ি যাওঁ আৰু৷ নে কি কয়?

বিগত পঞ্চায়ত নিৰ্বাচন আমাৰ তিনিচুকীয়া জিলাত ০৫-১২-২০১৮ তাৰিখে অনুষ্ঠিত হৈছিল৷ নিৰ্বাচনৰ আগমুহূৰ্তত তিনিচুকীয়া জিলা প্ৰশাসনে ১৬-১১-২০১৮, ২২-১১-২০১৮ আৰু ৩০-১১-২০১৮ তাৰিখে আমাৰ দৰে নিৰ্বাচনী যোদ্ধাসকলক প্ৰশিক্ষণ দি নিৰ্বাচনী যুদ্ধৰ বাবে সাজু কৰি তুলিছিল৷ তিনিচুকীয়া মহকুমাৰ যিকোনো এটা কেন্দ্ৰৰ প্ৰথম পুলিং বিষয়া হিচাবে মই নিযুক্তি পাইছিলোঁ৷ তৃতীয় দিনৰ প্ৰশিক্ষণটো গ্ৰুপ চিনাকি আছিল৷ সেইদিনাখন প্ৰিজাইদিং বিষয়াজনক চিনাকি হৈয়েই গম পাইছিলোঁ এইজনা মহাশয় ভূতৰ ওপৰত দানহ পৰাদি মোৰ ওপৰত লম্ভিব৷ মোৰ ধাৰণা সঠিকেই আছিল৷ আগতীয়া দীঘলীয়া নমস্কাৰ পৰ্বৰে মোৰ ওচৰত তেখেত নিবোকা চামোনটো হৈ নানা কাকূতি মিনতি৷ ময়ো নিৰুপায় হৈ নতশিৰে যৎপৰোনাস্তি সহায় কৰিম বুলি কথা দিছিলোঁ৷ পিচে ভোট যুদ্ধৰ দিনাখনৰ প্ৰথম আৰম্ভণিৰ পৰাই হলা গছ দেখি বাগি কুঠাৰ মাৰিবলৈ আৰম্ভ কৰি দিছিল৷ ভোট যুদ্ধৰ আগদিনাখন তিনিচুকীয়াৰ দাঁতিকাষৰীয়া এটা ভোট কেন্দ্ৰত দিনৰ দুই বজাত উপস্থিত হৈছিলোঁ৷ সেই অঞ্চলৰ মুখীয়ালসকল আহি আমাৰ লগত চা-চিনাকি হৈছিল৷ দিনৰ প্ৰায় তিনিবজাত মই নিৰ্বাচনৰ ফৰ্মসমূহ আৰু এনভেলেপৰ আগতীয়াকৈ লিখি থব পৰা কামবোৰ লিখি মেলি নিশা ভাত পানী খাই এঘাৰ বজাত টোপনি গৈছিলোঁ৷ পিচদিনাখন ভোট যুদ্ধ৷ এজেণ্টসকল আহি পোৱাৰ লগে লগে বেলট বাকচ সাজু কৰিব লাগে৷ প্ৰিজাইদিং মহাশয় অঁকৰা লাগিল৷ ময়েই সকলোবোৰ নিয়ম পালন কৰি এজেণ্টসকলৰ সন্মুখত বেলট বাকচ সাজু কৰিছিলোঁ৷ তাৰপিচতেই ভোট যুদ্ধ আৰম্ভ হৈছিল৷ ময়ো এক নং পুলিং বিষয়া হিচাৱে নিজৰ দ্বায়িত্ব পালন কৰি আছিলোঁ৷ অলপ শান্তিত নিজৰ দ্বায়িত্ব পালন কৰোঁ বুলি ভাৱিছিলোঁ যদিও প্ৰিজাইদিং মহাশয়ৰ পৰা শান্তি পোৱা নাছিলোঁ৷ তামোলখন খাবলৈও মোকেই সুধিছিল, পানী গিলাচ খাবলৈও মোকেই সুধিছিল, প্ৰস্বাৱ কৰিবলৈ যাবলৈও মোকেই সুধিছিল৷ মুঠতে টিপটিপ মোৰ কাণৰ কাষত ফুচ ফুচ ফাচ ফাচ৷ কি কৰিব, বোলে আইৰ ঘৰলৈ যাম দহো আঙুলিয়ে খাম৷ নহ’লগৈ৷ তিঁতা-কেঁহা লগাই দিছিল৷ ময়ো মনতে পাঙি থৈছিলোঁ বোলো বেটা ৰহ, সুযোগ আহিবলৈ দে৷ ফটা হওক চিটা হওক পাটৰ টঙালি, কণা হওক কুঁজা হওক ভূঞাৰ পোৱালিৰ চিনাকি দি আছোঁ৷ ভূঞা পোৱালিৰ কপাল, সুযোগ নাহি পাৰে নে৷ এতিয়া সেই কাহিনীটোৰেই বুজ লওঁ আহক৷

শাৰী পাতি ৰাইজে বাহিৰত ভোট দিবলৈ থিয় হৈ আছিল৷ আৱেলি প্ৰায় তিনিমান বজাত বাহিৰত চিঞৰ-বাখৰ, হুলস্থূল৷ এগৰাকী চাহ বনুৱা মহিলাই কাৰোবাৰ লগত তৰ্কাতৰ্কি কৰি আছে৷ আহি আহি মোৰ সন্মুখত থিয় হৈছিল৷ পিচে পিচে প্ৰায় ২১/২২ বছৰমান বয়সৰ তেখেতৰ জীয়েক এজনী৷ আহিয়েই মোৰ ওচৰত অভিযোগ ……
মহিলাঃ- দেখ ত বাবু, ঐ পুলিচ বাবুটা একদম হাৰামী লাগি৷ (চাওঁকচোন বাবু, এই পুলিচ বাবুটো একদম হাৰামী আছে)৷
মইঃ- কেলেই? কি হ’লনো বাইদেউ?
মহিলাঃ- মকে ভিতৰ ঢুকেক নাই দেলি৷ (মোক ভিতৰত সোমাব নিদিয়ে)৷
মইঃ- কিয়?
মহিলাঃ- ঐ পুলিচ বাবুটা বলতহে মই চাৰাব পিকে আলি, এই আস্তে মই ঢুকেক নাই পাৰম৷ মই বললি… বাবু মই চাৰাব নাই পিলি, হাৰিয়া পিকে আলি৷ বাবুটা নাই মানেলা৷ দেখনা বাবু মই কাহে নাই আহম৷ মই কি ভোট দেক নাই লাগি? (এই পুলিচ বাবুটোৱে কৈছে মই মদ খাই আহিছোঁ, সেইকাৰণে মই সোমাব নোৱাৰোঁ৷ মই কলোঁ… বাবু মই মদ খাই অহা নাই, চুলাই খাইহে আহিছোঁ৷ বাবুটোৱে নামানেই৷ চাওঁকচোন বাবু, মই কিয় নাহিম? মই কি ভোট নিদিম নেকি?)
মইঃ- ওৱা, আপুনি আকৌ কেলেই নাহিব৷
মহিলাঃ- ফিন মকে বদমাচ মাইকী বইল দেলা৷ মই কি বদমাচ মাইকী লাগি, বল ত বাবু৷ (আকৌ মোক বদমাচ মাইকী বুলিও কৈছে৷ মই বদমাচ মাইকী নেকি, কওঁকচোন বাবু৷)
মইঃ- আপুনি ইমান ভাল মানুহ৷ কেলেই বদমাচ হব৷ এই পুলিচ বাবুটোহে বদমাচ৷
মহিলাঃ- হা বাবু, তই ঠিক বলেলা৷ ঐ পুলিচ বাবুটা বদমাচ লাগি৷ বাবু, তই বহুত ভাল আদমী লাগি৷ একটা কথা বলবই খাৰাব নাই পাবি হো৷ (হয় বাবু, তই ঠিক কথা কৈছ৷ এই পুলিচ বাবুটোৱেই বদমাচ হয়৷ বাবু, তই বহুত ভাল মানুহ আছ৷ এটা কথা কম বেয়া নাপাবি দেই)
মইঃ- কওঁকচোন৷
মহিলাঃ- (পিচফালে থকা জীয়েকক দেখুৱাই) বাবু, এইটা মৰ চানা চোকৰী লাগি৷ দেখনা কত চুন্দৰ লাগি৷ মৰ ঐ চানা চোকৰীটা তৰ চংগে চাদী দেবই৷ তৰ পচন্দ লাগি কি নাই লাগি? (বাবু, এইজনী মোৰ নুমলীয়া জী৷ কিমান ধুনীয়া চা না৷ মোৰ এই নুমলীয়া জী’ক তোৰ লগত বিয়া দিম৷ তোৰ পচন্দ হৈছে নে নাই)
মইঃ- (মহিলাৰ প্ৰস্তাৱ শুনি মূৰ ঘূৰাবলৈ অলপ বাকী থাকিল৷ প্ৰিজাইদিং মহাশয় সেই সময়ত পেচাৱ কৰিবলৈ বাহিৰলৈ গৈছিল৷ আমাৰ কথা-বতৰাবোৰ তেখেতে শুনা নাছিল৷ উপাই পাই গ’লোঁ ভূঞা পোৱালিয়ে বাপ্পেকে৷ মই বোলো…) বাইদেউ, আপোনাৰ জীয়েক বৰ ধুনীয়া৷ বিয়া পাতিব পৰা হ’লে ভালেই আছিল৷ পিচে মই বহ বছৰ আগতেই বিয়া পাতিলোঁ৷ আপোনাৰ ছোৱালীৰ বয়সৰ মোৰ এজনী ছোৱালী আছে৷ গতিকে বেয়া নাপাব৷ আপোনাৰ ছোৱালীক বিয়া দিব পৰা ভাল দৰা ইয়াতেই আছে৷ বহুত ধনী মানুহ৷ ঢেৰ টকা-পইচা আছে৷ বিয়া পাতিবলৈ ছোৱালী বিচাৰি আছে৷ (প্ৰিজাইদিং মহাশয়ৰ চকীখন দেখুৱাই) সেই যে চকীখন দেখিছে৷ অলপ পিচত সেই চকীখনত মানুহ এজন বহিব৷ সেইজনেই আপোনাৰ ছোৱালীক বিয়া পাতিব৷ আগতে আপোনালোকে ভোটটো দি আহক, তাৰপিচত তেখেতক আপোনাৰ ছোৱালীক বিয়া পাতিবলৈ জোৰ দি ধৰিব৷
মহিলাঃ- হা বাবু, তই ঠিক বাতটাই বললি৷ ঐ বাবুটাৰ চংগে মৰ চানা চোকৰীটা চাদী দেবই দেব৷ (হয় বাবু, তই ঠিক কথাই কৈছ৷ এই বাবুজনৰ লগতে মোৰ নুমলীয়া জী’ক বিয়া দিমেই দিম)

তাৰপিচত ঘটনা সাংঘাতিক৷ প্ৰিজাইদিং মহাশয় বাহিৰৰ পৰা আহি চকীত বহিছিলহে মাত্ৰ৷ মাকে জীয়েকক বিয়া দিবলৈ প্ৰিজাইদিং মহাশয়ক লগাইছে টনা-আজোৰা৷ জীয়েকেও চাকৰীয়াল চহকী স্বামী পালোঁ বুলি আঠু লৈ সেৱা লৈছিল৷ মাকেও জীয়েকৰ বাবে চাকৰীয়াল স্বামী পালোঁ বুলি প্ৰিজাইদিং মহাশয়ৰ গালত টপৰ টপৰ চুমা দি গৈছিল৷ মোৰ কাণ্ড কোনেও গম পোৱা নাছিল৷ প্ৰিজাইদিং মহাশয়ৰ হাহাকাৰ অৱস্থা৷ সকলো হতভম্ব৷ মাক-জীয়েকৰ কাণ্ডত সকলোৱে বাগৰি বাগৰি হাঁহিছিল৷ প্ৰিজাইদিং মহাশয়ৰ সৰ সৰকৈ চকুপানী বৈছিল৷ মই বাহিৰত থিয় হৈ থকা মহিলাসকলক ইংগিত দিয়াত কেইগৰাকীমান মহিলাই মাক-জীয়েকক টানি বাহিৰলৈ উলিয়াই নিয়াতহে আমাৰ এলাইবাদু প্ৰিজাইদিং মহাশয়ৰ ৰক্ষা৷ তাৰপিচত বপুৰাৰ ভোক- পিয়াহ, হগা-মুতা সকলো বন্ধ৷ কোনেও ফুটকে উলিয়াব নোৱাৰাৰ বাবে অমুকাই তেখেতক জোকোৱাৰ মনৰে কৈছিলোঁ… বিয়াখন পাতি ল’ব লাগিছিল৷ ছোৱালীজনী দেখাত বৰ ধুনীয়া আছিল৷

(এই ঘটনাটোত কোনোধৰণৰ কল্পনাৰ ৰহন সনা নাই, সম্পুৰ্ণ বাস্তৱ সচা ঘটনা৷)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments