নিৰ্বাচিত কথা-বতৰা: কাতি বিহুৰ অনুভৱ

পংকজ বৰা: কালি কাতি বিহুৰ দিনা অসমত চৰকাৰী বন্ধ নাচিল৷ শুনি কিবা অদ্ভূত লাগিল৷ সংক্ৰান্তিৰ দিনা বা বছেৰেকীয়া বিহুৰ দিনা নামঘৰত শৰাই দিয়া অসমীয়া সমাজৰ নিয়ম৷ মোৰ দেউতা অৱসৰপ্ৰাপ্ত শিক্ষক৷ দেউতাৰ অনুজ শিক্ষক কেইজনমানো কালি আমাৰ গাঁৱৰ নামঘৰৰ কাতি বিহুৰ শৰাইৰ সেৱা ল’বলৈ গৈছিল৷ সৰ্বশিক্ষাৰ ওপৰৰ অফিচাৰৰ পৰা হেনো তেঁওলোকলৈ টেলিফোন যোগে কৈফিয়ৎ তলবৰ হুকুম আহিছে, যে বিহুৰ দিনা বিদ্যালয়ত নাথাকি কিয় নামঘৰলৈ গৈছে৷ শুকুৰবাৰৰ দিনা জুম্মাৰ পৱিত্ৰ নামাজ পঢ়িবলৈ যোৱা ধাৰ্মিক মুছলমান এজনক আমাৰ চৰকাৰে এনেদৰে কৈফিয়ৎ তলব কৰিব পাৰিবনে? খ্ৰিষ্টিযান ধৰ্মৰ উপাসনাৰ উদ্দেশ্যে সৃষ্ট সোম-শুক্ৰবাৰৰ কৰ্ম সপ্তাহৰ ব্যৱস্থা আজিও আমাৰ সমাজত প্ৰচলিত৷ আজিকালি আমদানিকৃত উৎসৱত অসমত চৰকাৰী বন্ধ দিয়া হয়, উদাহৰন ‘চঠ্ পূজা’৷ এনে বহু উৎসৱ চৰকাৰী পৃষ্ঠপোষকতাত উৎযাপন কৰা হয়৷ কিমধিকম্!
কঙাল অসমীয়া জাতিৰ কঙাল উৎসৱ, কঙাল সমাজ, কঙাল আমাৰ নেতা!

ময়ুৰী দত্ত: আজি কাতি বিহু।যিকোনো উৎসৱ-পাৰ্বনতে মন আজিকালি প্ৰায়ে উৰা মাৰে অতীতলৈ, শৈশৱৰ দিনবোৰলৈ । কাতি বিহুৰ দিনা ৰাতিপুৱাই দেউতা আৰু ভাইটিয়ে তুলসীৰ ভেঁটি বনাইছিল আৰু তুলসীৰ পুলি এটা ৰুইছিল।আমাৰ চোতালত অসংখ্য তুলসীৰ গছ আৰু পুলি আছিল । ওচৰ-চুবুৰীয়া সকলোৱেই আমাৰ ঘৰৰ পৰাই তুলসীৰ পুলি নিছিল ।সন্ধিয়া মায়ে তুলসীৰ তলত শৰাই দিছিল । খেতি পথাৰ নাছিল কিন্তু বাৰীতে য’ত শাক-পাচলিৰ গুটি সিঁচা হয় তাতে চাকি এগছ দিয়া মনত পৰে । ওচৰৰ সমনীয়া ল’ৰা-ছোৱালীক মাতি আনিছিলোঁ । মই আৰু ভাইটিয়ে চাকি জ্বলাওঁ ।তাৰপিছত নাম গোৱা আৰম্ভ হয়—

“তুলসীৰ তলে মৃগপহু চৰে
তাকে দেখি ৰামচন্দ্ৰই ধনু শৰ ধৰে”

আৰু যিমান প্ৰাৰ্থনা জানো গাইছিলো এটাৰ পিচত এটাকৈ । মুখস্থ আছিল বহুকেইটা, স্কুলত গোৱা আৰু ঘৰতো সদায় সন্ধিয়া মাৰ লগত প্ৰাৰ্থনা কৰাৰ অভ্যাস থকাৰ বাবে ।
শেষত সেৱা কৰি মায়ে ভগাই দিয়া মাহ-প্ৰসাদ খাইছিলোঁ । তাৰপিছত চুবুৰীটোৰ বাকীকেইঘৰতো নাম গাই প্ৰসাদ খাইছিলোঁ, টোপোলা বান্ধি ঘৰলৈ লৈ আনিছিলোঁ । কাৰ ঘৰলৈ প্ৰথমতে যোৱা হ’ব সেই লৈ অলপ তৰ্ক-বিতৰ্কও হৈছিল । অৱশ্যে মই সকলোতকৈ সৰু হোৱাৰ বাবে আমাৰ ঘৰলৈ প্ৰথমতে আহিছিল সকলো ।
এতিয়াও মোৰ নতুন ঘৰতো তুলসীয়ে লগ এৰা নাই, বিয়াৰ পিছত আঠমঙলা খাই উভটোতে দেউতাই তুলসীৰ পুলি এটা দি পঠিয়াইছিল , ইটাৰে স্থায়ীকৈ ভেঁটি এটা বনাই ৰুই দিছিলোহি ।সেই তুলসীজোপা আজি নাই, কিন্তু এই প্ৰায় আঠ বছৰত চোতালত আৰু বহুতো নতুনকৈ গজিল। মই সদায় ৰাতিপুৱা গা ধুই উঠি গোঁসাই ঘৰত সোমাই ভেঁটিত থকা তুলসী গছৰ গুৰিত পানী ঢালোঁ। কাতি মাহৰ বাহিৰেও প্ৰতি সন্ধিয়া তুলসীৰ তলতে চাকি দিওঁ, দুই সন্তানক আমি গোৱা প্ৰাৰ্থনাবোৰ শিকাবলৈ যত্ন কৰোঁ ।
পৰম্পৰামতে নাৰীয়ে তুলসীৰ পাত ছিঙিব নেপাই বুলি কয় । ইয়াৰ আঁৰত থকা কাহিনীও জানিছিলোঁ কিন্তু এতিয়া মনত নাই। কিন্তু দেউতাই এই নিয়ম মনা নাছিল । বৈবাহিক সূত্ৰে লাভ কৰা মোৰ নতুন মা-দেউতায়ো মোক ছিঙিবলৈ বাধা দিয়া নাই আজিলৈকে ।আকুল-মিকুলৰ কাহ হলেই তুলসীৰ পাত আনি পিচি মৌ আৰু আদাৰ ৰসৰ লগত খুৱাওঁ।
চুবুৰীৰ ঘৰে ঘৰে নাম গাই প্ৰসাদ খাই ফুৰাটো আজিৰ ল’ৰা-ছোৱালীৰ বাবে সাধু কথাৰ নিচিনা হৈছেগৈ । আকাশ বন্তিও বুজি নেপায় সৰহসংখ্যকে । তথাপিও আমি বহুতেই সাধ্যানুসাৰে আমাৰ পৰম্পৰা মানি চলিবলৈ চেষ্টা কৰি আহিছোঁ , শ্ৰদ্ধা কৰি আহিছোঁ । অভাৱ-অনাটনেৰে ভৰা এই সময়ছোৱাত মানুহ জুৰুলা হলেও সৃষ্টিৰ সম্ভাৱনা থাকে পথাৰত । এই সম্ভাৱনাই বাস্তৱৰূপ পাবলৈ আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাওঁ, সাজু হওঁ প্ৰাচুৰ্যক আদৰিবলৈ । আমাৰ সংস্কৃতিত কাতি বিহুত পৰস্পৰক শুভেচ্ছা জনোৱাৰ পৰম্পৰা নাই য’দিও সমাগত দূৰ্গাপূজাৰ ৰংৰহইচৰ মাজতো আমাৰ আপোন কাতি বিহুটি অনাড়ম্বৰভাবে পালন কৰি নিজস্ব পৰম্পৰাক জীয়াই ৰখা সকলোকে শুভেচ্ছা জনাইছোঁ ।

পুষ্পৰাম দলৈ: আমাৰ জাতীয় উত্‍সৱ তিনিটা – ৰঙালী,কঙালী আৰু ভোগালী…এই বিষয়ে কাৰো দ্বিমত নাই |আজি কাতি বিহু…. আশা কৰো, সকলোৱে সুকলমে বিহুটি পালন কৰিলে | এই চেগতে মোৰ ফালৰ পৰাও আটাইলৈ কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো |
বিহুক লৈ আমি গৌৰৱ কৰো | আজি আমাৰ দ্বিতীয়টো বিহু ….আহিন আৰু কাতি মাহৰ সংক্ৰান্তিত আৰম্ভ হোৱা এই বিহুত ভোগ-প্ৰাচুৰ্য আৰু উলহ-মালহ নাই যদিও ধৰ্মীয় অনুষ্ঠানৰে কাতি বিহুটি আৱিৰ্ভাব হয় | শৰতৰ দৰেই স্নিগ্ধ ৰূপত আৱিৰ্ভাব হোৱা এই বিহুত হয়্তো কিছুমান ঠাইত গোটেই মাহটোৱে নাম-প্ৰসংগ চলে |কিন্তু এনেহেন বিহু এটিত চৰকাৰৰ ফালৰ পৰা এটা দিনো বন্ধ নহোৱাৰ কাৰনটোহে বিচাৰি নাপালো | অথচ ক’ত অনুষ্ঠান-প্ৰ্তিষ্ঠানত হকে-বিহকে চৰকাৰী কাৰ্য্য্লয়,স্কুল-কলেজ বন্ধ দেখিবলৈ পাও |…………….হকে-বিহকে বন্ধ আমিও ভাল নাপাও | কিন্তু জাতীয় স্বাৰ্থৰ নামত এটা দিন বন্ধ পালে হয়তো বেয়া নহব | এই বিষয়ে বিজ্ঞ জনে বা কি কয় |
কথাখিনি এই বাবেই অনুভৱ কৰিছো, বিহু অসমীয়া জাতিৰ উমৈহতীয়া উত্‍সৱ | জাতি-ধৰ্ম
নিৰ্বিশেষে অসমীয়া মাত্ৰেই বিহু উত্‍সৱ পালন কৰে | বিহুৰ নাম শুনিলেই অসমীয়াৰ মন-প্ৰাণ নাচি উঠে , হিয়া উলাহে নধৰা হয় | এই জাতীয় উত্‍সৱৰ মাজেৰে জাতিৰ আচাৰ-বিচাৰ , সভ্যতা -সংস্কৃতিৰ প্ৰতিফলন হয় | আমাৰ এই বিহুৰ মাজতো অসমীয়া জাতিৰ আচাৰ-বিচাৰ, বিস্বাস আদি প্ৰ্তিফলন হয় |গতিকে এনে এটা দিনত চৰকাৰী ছুটি এটা পালে হয়তো বেয়া নহব |যাতে আহিব লগা নতুন প্ৰজন্ময়োও ক’ব পাৰে, “অহাকালি কাতি বিহুৰ বাবে স্কুল বন্ধ |”

 

দেৱব্ৰত গগৈ: পাৰ হৈ যোৱা জীৱনটোৰ কেইটামান বছৰ আছিল , যিকেইবছৰত আমাৰ বাবে ৰঙালী বা ভোগালী বিহুতকৈও হেপাহৰ আৰু আনন্দৰ বিহু আছিল কাতি বিহু । বয়সটো আছিল এনেধৰণৰ — এই লৰালি এৰো এৰো , কৈশোৰত সোমাও সোমাও , যৌৱনলৈ আৰু দুখোজ মান আছে ।

এতিয়াৰ বয়সটো হ’ল মাল্টি ফাংচনেল । যেন পেণ্টিয়ামৰ প্ৰচেচৰটোহে । বেপাৰৰ পাওনা আছে বহুত , ঘৰত গেছ নাই , গাড়ীখনে আমনি দি আছে গেৰেজলৈ লৈ যাব লাগে , পোণাকণটোৰ পানীলগা জ্বৰ , ফেচবুকৰ আপডেট বোৰ চাব লাগে ইত্যাদিবোৰ চিন্তা একেলগে মগজুটোৱে লৈ ফুৰিব লগা হয় ।

কিন্ত ওপৰত কৈ অহা সেই বিশেষ বয়সটোৰ তেনেকুৱা দুৰ্ভাগ্য হোৱা নাছিল । মনত মাথো এটাই চিন্তা , কাইলৈ কাতি বিহু , তুলসীজোপা ৰুব লাগে , সন্ধিয়ালৈ নিজৰ ঘৰখনৰ বাদেও কাষৰ কেইঘৰলৈ গৈ মাহ-চাউল গলিয়াব লাগে ।

চাও বুলিও চাবলৈ নাপালো , সেইসময়খিনি । গুচিয়েই গ’ল । এতিয়া বিশ্বাস কৰিবলৈকে টান লাগে আৰু সেয়ে নিজকে সোধো — “সচাঁই বাৰু তেনেকুৱা দিন কিছুমানৰ মাজেৰে মই পাৰ হৈ আহিছোনে ?”

দিনবোৰ আঁতৰি যোৱাৰ দুখ নাই , আকৌ যে নাপাম সেইবাবেই দুখ লাগে ।

তুলসীৰ তলত গোৱা প্ৰাৰ্থনাবোৰ মনত পৰিলে বুকুখনৰ কোনোবা এডোখৰ মোঁচৰ খাই যোৱা যেন লাগে ।

সমুদ্ৰ কাজল শ‍ইকীয়া: কাতি বিহু কঙালী; ই ভোগালী বা ৰঙালীৰ দৰে উদযাপনৰ বস্তু নহয়। সেয়েহে কেইবাজনেও ইয়াৰ শুভেচ্ছা জনোৱা প্রথাটোৰ বিৰুধিতা কৰিছে। এটা দিশৰ পৰা এয়া যুক্তিপূর্ণ। কিন্তু মই অন্য ধৰনেৰে কথাটো ভাবিছোঁ। কাতি বিহু কঙালি, কাৰণ ইয়াত ৰঙ ৰহইচ নাই আৰু ভঁৰাল উদং। কিন্তু একেটা সময়তে এইটো কথাহে বেছি গুৰুত্বপূর্ণ যে আশাৰ সঞ্চাৰ হ’বৰ বাবে এয়াই উপযুক্ত সময়। এই সময় আশাৰ আৰু প্রতীক্ষাৰ। শুভৰ আগমণৰ আৰু অশুভক দূৰতে নিপাত কৰাৰ প্রার্থনাৰ সময় এয়া। সেইফালৰ পৰা কাতি বিহুহে আচলতে শুভেচ্ছা বা শুভকামনাৰ সময়। ব’হাগৰ বতৰত শুভেচ্ছা কিহলৈ লাগে, শুভেচ্ছা পালোৱেই বা নাপালোৱেই, কুলিয়ে মাতিবই, কপৌ ফুলিবই আৰু আমি নাচিমেই। ভোগালিতো আমি অগৰি দগৰি খামেই খাম। শুভেচ্ছা নাপালোঁ বুলি হাত সাবটি বহি নাথাকোঁ। আমাক শুভেচ্ছা লাগে এতিয়াহে, কঙালিৰ বতৰত- অনাগত ভবিষ্যতৰ বাবে।
বানে গৰকা বালিচৰতো আশাৰ সঞ্চাৰ হওক। উদং ভঁৰাল ভৰি উঠক।

প্ৰতিম প্ৰতাপ বৰুৱা: কাতিবিহুৰ ওলগেৰে

আজি কাতিবিহু ।

দূৰ্গাপূজাৰ আনন্দ-উৎসৱ, বজাৰ-সমাৰৰ ধামখুমীয়াত আমাৰ মৰমৰ কাতিবিহুটো লাহে লাহে হেৰাই যাব খুজিছে নেকি ? “কাতিবিহু কঙালী” বুলি কওতে কওতে বিহুটো এলাগী হৈ পৰা নাইতো ? কাতিবিহুটো বহুতে কাতিপূজা বুলি কোৱা নিজেই শুনিছোঁ ।

এইখিনি সময়ত পথাৰবোৰ সেউজীয়া হৈ পৰিছে । অলপকৈ কুঁৱলী পৰিবলৈ আৰম্ভ কৰিছে । গেৰ মেলা ধানখিনি চাই চাই আমাৰ খেতিয়কসকলৰ মুখত হাঁহি বিৰিঙিছে । একে সময়তে চহৰৰ ডাঙৰ ডাঙৰ মণ্ডপত দূৰ্গা পূজাৰ আয়োজন হৈছে । বজাৰবোৰ হৈ পৰিছে ৰমকজমক ।

আজি অসমলৈ অলপ বেছিকৈ মনত পৰিছে । কাতি বিহুৰ দিনা ঘৰৰ চোতালৰ এচুকত ৰাতিপুৱাই সৰুকৈ ঢিপ এটা সাজি তুলসী পুলিটো ৰুৱা হয় । সন্ধিয়া ধাননি পথাৰখনত চাকি এগছি জ্বলাই খেতিয়কজনে নেদেখাজনক উদ্দেশ্যি সেৱা এটি কৰে । তাৰ পিছত তুলসীৰ তলত চাকি এগছি জ্বলাই গায় “তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰ-ধনু ধৰে …… ।“

সৰুতে আমাৰ বিশাল পৰিয়ালটোত আৰু লগতে চুবুৰীটোতো আমি কেইটামান মাত্ৰ সৰু সৰু লৰা-ছোৱালী আছিলোঁ । ময়েই আটাইতকৈ ডাঙৰ আছিলোঁ । সকলোৰে ঘৰতে তুলসীৰ তলত দিয়া শৰাইখন ভাঙিবলৈ আমিয়েই গৈছিলোঁ । দুটাই মাত্ৰ প্ৰাৰ্থনা জানিছিলোঁ – “তুমি চিত্ত-বৃত্তি মোৰ প্ৰৱৰ্ত্তক নাৰায়ণ” আৰু “মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো” আৰু এটা ভক্তিমূলক গীত জানিছিলোঁ – “কালিন্দীৰ তীৰে তীৰে কানাই ধেনু চাৰে” । হাত চাপৰি বজাই বজাই সেইকেইটাকে সকলোৰে ঘৰত গাইছিলোঁ । তাৰ পিছত সেই সৰু লৰা-ছোৱালীকেইটাৰ আগতে গৃহস্থই তুলসীৰ তলত সেৱা লৈছিল আৰু আমি আশীৰ্বাদ দিছিলোঁ । এবাৰ দদাইদেউহঁতৰ ঘৰত আমি তুলসীৰ তলত নাম লওতে বাৰাণ্ডাত দেউতা বহি আছিল । আশীৰ্বাদ দিবৰ সময়ত মই দেউতাৰ সন্মুখত লাজতে মাতিব নোৱাৰা হ’লোঁ । দেউতাই ক’লে – “দেচোন আশীৰ্বাদটো । মই বাৰু ভিতৰলৈ গৈছোঁ ।“ দেউতা ভিতৰলৈ যোৱাৰ পিছত আশীৰ্বাদ দিছিলোঁ – “নমো নমো নাৰায়ন দেৱ, প্ৰসন্ন হৈয়োক হৰি ….. ভাল বোলে, সেৱকীয়ে যি মনে সেৱা কৰিছে, সেৱাৰ সৎবাঞ্চিত পুৰণ কৰিব লাগে । হৰি সন্তোষৰ অৰ্থে ….. হৈছে আৰু, উঠক ।“ তাৰ পিছত বুটমাহ, কল-নাৰিকলৰ পাতখনত আক্ৰমণ চলাই দিছিলোঁ ।

দিল্লীত এতিয়াও কাতিবিহুৰ দিনা টাবত ৰোৱা তুলসীৰ তলতে চাকি এগছি জ্বলাই সেৱা এটা কৰোঁ প্ৰত্যেকবছৰে । আজি গধূলিও তাৰ ব্যতিক্ৰম নহ’ব ।

প্ৰাৰ্থনা দেৱী: কাতি বিহু, তুলসীজোপা আৰু অলপ আবেগ

কাতি বিহুৰ দিনা ৰাতিপুৱাই ভাইতিয়ে তুলসীৰ ভেঁটি বনাইছিল আৰু তুলসীৰ পুলি এটা ৰুইছিল।
সন্ধিয়া মায়ে তুলসীৰ তলত শৰাই দিছিল, মই ডাঙৰ কাৰণে চাকি জ্বলাবলৈ অনুমতি পাওঁ সদায়।
তাৰপিছত নাম গোৱা আৰম্ভ হয়,

“তুলসীৰ তলে মৃগপহু চৰে
তাকে দেখি ৰামচন্দ্ৰই ধনু শৰ ধৰে”…
আৰু যিমান প্ৰাৰ্থনা আছিল চব গাইছিলো, আৰু এটা শ্লোকো গাইছিলো,
“তুলসী দৰ্শনে পূণ্যম
স্পৰ্শনে পাপ নাশনম ।
ছায়াঁয়া সৰ্বতীৰ্থানি তুলসীভ্যো নমো নম: ।।”
শেষত চবেই সেৱা কৰি মায়ে ভগাই দিয়া মাহ-প্ৰসাদ খাইছিলো । এতিয়া আমি তিনিওটা ভাগে ভাগে । ক’ত ঘূৰাই পাম সেই সোণালী শৈশৱ !!!
এই পৰম্পৰা মুম্বাইত থকালৈকে আছিল (তাত আমি টাবত তুলসী ৰুইছিলো), কিন্তু ছিডনীলৈ অহাৰ পিছত সেইয়া নোহোৱা হৈছে। তুলসীৰ পুলি ক’ত পায় গমেই পোৱা নাই…গতিকে মন উৰা মাৰে আগৰ দিনবোৰলৈ ।
কাতি বিহুৰ উপৰিও তুলসীজোপাৰ প্ৰয়োজনীয়তা সদায় আমাৰ, ৰাতিপুৱা দেউতাই গোঁসাই ধুৱাওঁতে, ঘৰত কিবা পূজা-পাৰ্বণত তুলসীৰ পাত অপৰিহাৰ্য্য। আমাৰ সমাজত দৰাই কইনা আনিবলৈ যাওঁতেও মূৰত তুলসীৰ মালা পিন্ধি যায় । তুলসীৰ পাত কিন্তু আমাক ছিঙিবলৈ দিয়া নাছিল, সদায় দেউতা বা ভাইতিয়েহে ছিঙিছিল ।
মই সদায় ৰাতিপুৱা গা ধুই উঠি ভগৱানৰ ওচৰত মূৰ দোঁৱাই তুলসী গছৰ গুৰিত পানী ধালিছিলোঁ । সেই প্ৰথাও চলি আছিল মুম্বাইত থকালৈকে । বিয়াৰ আগতে মই আৰ. আৰ. এল.ত ৰিছাৰ্চ কৰি থাকোতে দুবছৰ যোৰহাটৰ জনপ্ৰিয় গাৰ্লছ হোষ্টেল “ড’নাছ এক’ম’ডেশ্যন”ত আছিলোঁ । আমাৰ গেটৰ ওচৰতে এজোপা ডাঙৰ তুলসী গছ আছিল । সদায় পাতেৰে জাতিষ্কাৰ হৈ থাকে । তাত মই সদায় পানী দিছিলোঁ । তুলসীজোপাৰ সৈতে লাহে লাহে মোৰ এক এৰাব নোৱাৰা সম্বন্ধ গঢ় লৈ উঠিছিল । মোক দেখি হোষ্টেলৰ আন বহুতো ছোৱালীয়ে তাত পানী দিছিল । চবৰে মৰম পাই পাই গছজোপা আৰু ঠন ধৰি উঠিছিল । আমাৰ হোষ্টেলটো আছিল সকলোৰে মৰমৰ মীৰা আণ্টিৰ । আমাৰ তুলসীজোপাৰ প্ৰতি শ্ৰদ্ধা দেখি তেখেতে সদায় সেই ঠাইখিনি পৰিষ্কাৰ কৰি থবলৈ নিৰ্দেশ দিছিল। যেতিয়া মোৰ বিয়া ঠিক হ’ল তেতিয়া আণ্টিয়ে কৈছিল “প্ৰাৰ্থনা তুমি তুলসীত পানী ঢালি ঢালিয়েই সৰোজ (মোৰ স্বামী)ক পালা”…লাজত আৰক্তিম হৈ উঠিছিল মোৰ গাল ! আণ্টিৰ কথা হয়তো সঁচা ।…ক’ব নোৱাৰো এতিয়া আছেনে নাই সেই মৰমৰ তুলসীজোপা আমাৰ…।

দেৱাঙ্গ পল্লৱ শইকীয়া: শৈশৱ সুৱঁৰি

শৈশৱত কাতি বিহু কেৱল ৰচনা কিতাপত পোৱাৰ দৰে কঙালী নাছিল আমাৰ বাবে । খাদ্য সামগ্রী উভৈনদি নাছিল সঁচা কিন্তু ৰং ৰহইচ কম নাছিল ।

মাটিৰে এটা ভেটি বনাই, পানীৰে লেপি তাত এটা তুলসীৰ পুলি ৰুই দিওঁ । সন্ধিয়া পৰত চুবুৰিৰ লগৰ কেইজনমানক মাতি সেই তুলসীৰ ভেটিৰ আগত নাম-প্রসংগ কৰোঁ, জনাই নজনায় । বাদ্য আছিল আমূলৰ পুৰণা খালি টেমা খোল হিচাবে আৰু পুৰণা চাইকেলৰ বে’লেৰে বনাই লোৱা খুতি তাল । ।আমাৰ ঘৰত শেষ হোৱাৰ পাছত বাকি কেইজনৰ ঘৰত সেই একেই কাৰ্যসূচী । সেইদিনা সন্ধিয়া আমাৰ নাম-প্রসংগেৰে চুবুৰিৰ আকাশ বতাহ ৰজনজনাই থাকে।

চহৰৰ ল’ৰা ছোৱালীয়ে শৈশৱত এই মাদকতা খিনি পাইছিল নে নাই নাজানো কিন্তু আমাৰ দিনত পোৱা সেই আনন্দেৰে ভৰা সময়খিনি মনত পৰিলে মনতো ভৰি উঠে, জন্ম হোৱা ঠাইক লৈ গৌৰৱ হয় । শৈশৱৰ স্মৃতি সুৱঁৰি বৰ্তমানৰ সময়খিনি সুন্দৰ কৰি তুলিবলৈ আমাৰ যে ইমান সমল আছে !!!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments