‘নিৰ্বাচিত কথা- বতৰা’

‘সাহিত্য ডট অৰ্গ’ৰ এই সংখ্যাৰ মূল বিষয়টিৰ লগত সংগতি ৰাখি ‘নিৰ্বাচিত কথা- বতৰা’  শিতানলৈ মুকলি প্ৰশ্নটি আছিল:

বিশ্ববিশ্ৰুত পদাৰ্থ বিজ্ঞানী আৰু বিজ্ঞানৰ জগতৰ কালজয়ী নায়ক এলবাৰ্ট আইনষ্টাইনৰ এষাৰ বিখ্যাত উক্তি হ’ল, “আপুনি যদি আপোনাৰ সন্তানটি বুদ্ধিদীপ্ত হোৱাটো বিচাৰে তেন্তে তেওঁক সৰুৰেপৰা সাধুকথা পঢ়িবলৈ দিয়ক। যদি আৰু বেছি বুদ্ধিদীপ্ত হোৱাটো বিচাৰে তেন্তে তেওঁক আৰু বেছি সাধুকথা পঢ়িবলৈ দিয়ক।”

কিতাপ পঢ়াৰ অভ্যাসৰ জৰিয়তে পৃথিৱীৰ উন্নত দেশসমূহ উত্তৰণৰ দিশত কিদৰে আগুৱাই গৈছে তাৰ ওপৰত আলোকপাত কৰি বিশিষ্ট বুদ্ধিজীৱী তথা সাহিত্যিক হোমেন বৰগোহাঞিয়ে এষাৰ বৰ সোণসেৰীয়া কথা কৈছে, “ছাত্ৰ অৱস্থাতেই যদি মানুহৰ মনত কিতাপ পঢ়াৰ আগ্ৰহ সৃষ্টি নহয়, তেন্তে পিছলৈ সেই আগ্ৰহ সৃষ্টি কৰা সম্ভৱ নহয়।”

কিন্তু সাম্প্ৰতিক সময়ত বিজ্ঞান আৰু তথ্য- প্ৰযুক্তিৰ চমকপ্ৰদ উপাদানসমূহৰ ধাতৱীয় পৃথিৱীখনত মোহাচ্ছন্ন হৈ ৰোৱা আমাৰ শিশুসকলৰ মাজত কিতাপ পঢ়াৰ আগ্ৰহ খুব কমেইহে পৰিলক্ষিত হয়। ৰং- বিৰঙৰ সাধুকথাৰ কিতাপবোৰ আৰু শিশু আলোচনীসমূহ এটা সময়ত আমাৰ শৈশৱ কালছোৱাৰ বাবে অবিচ্ছেদ্য আছিল যিটো এতিয়া কাচিৎ হে একাংশ সচেতন অভিভাৱকৰ সন্তানৰ ক্ষেত্ৰত দেখা পোৱা যায়। এইটো অনস্বীকাৰ্য যে আজিৰ তাৰিখত চচিয়েল মিডিয়াত এচাম যুৱ প্ৰজন্মই নিৰৱচ্ছিন্নভাবে মাতৃভাষাত সাহিত্য চৰ্চা কৰাৰ সমান্তৰালকৈ শিশুসকলৰ মাজত ছপা আখৰৰ প্ৰতি নিস্পৃহাও পৰিলক্ষিত হৈছে।

এয়া নিঃসন্দেহে সমাজ এখনৰ বৌদ্ধিক উত্তৰণৰ বাবে অশনি সংকেত।

সেয়েহে, এই সন্দৰ্ভত আপোনালোকৰ মন্তব্য আমাক জনাওক। আজিৰ শিশুক কিতাপ পঢ়াৰ আনন্দৰ প্ৰতি আগ্ৰহী কেনেকৈ কৰি তুলিব? এইক্ষেত্ৰত অভিভাৱক আৰু বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ কৰণীয় কি? অনাগত দিনবোৰত সমাজত নতুন প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ সুস্থ বাতাবৰণ ঘূৰি আহিব বুলি আমি আশা কৰিব পাৰোঁনে?

মতামতসমূহ:

মৃণাল কুমাৰ মিশ্ৰ: বৰ প্ৰয়োজনীয় বিষয় এটা ৰাইজৰ সম্মুখলৈ উলিয়াই দিয়াৰ বাবে প্ৰথমতেই ধন্যবাদ জনাইছোঁ। কিতাপ পঢ়ি আনন্দ লাভ কৰিব পাৰিলে কিতাপ পঢ়াৰ অভ্যাস নিজে নিজেই গঢ় লৈ উঠিব বুলি মই ভাবো। সেইবাবে ঘৰখনৰ ভিতৰত কিতাপ পঢ়াৰ এক অনুকূল পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব। হোমেন বৰগোহাঞি ডাঙৰীয়াই ঠিকেই কৈছে, ছাত্ৰ অৱস্থাতেই কিতাপ পঢ়াৰ অভ্যাস গঢ়ি নুঠিলে পিছলৈ সেই অভ্যাস গঢ়া কঠিন হৈ পৰে। সামাজিক মাধ্যমৰ ব্যাপক প্ৰসাৰে ল’ৰা ছোৱালীৰ মনতো প্ৰভাৱ বিস্তাৰ কৰে। ইয়াৰো কাৰণো নিশ্চয় আছে। ৰঙীন দৃশ্য-শ্ৰাৱ্য মাধ্যমেৰে অতি সহজতেই লাভ কৰিব পৰা বিভিন্ন তথ্যই সহজেই আকৰ্ষণ কৰে শিশু অথবা কৈশোৰ মন। কিন্তু সেই একেখিনি তথ্য কিতাপৰ পৰা বিচাৰি গ্ৰহণ কৰিবলৈ যথেষ্ট সময় তথা ব্যক্তিগত উদ্যমৰ প্ৰয়োজন হয়। বৰ্তমান সময়ত কিতাপৰ ব্যয় আন এক চিন্তনীয় বিষয়। সেয়েহে ইন্টাৰনেটৰ সহায়ত সহজতে পোৱা তথ্য সমূহৰ জনপ্ৰিয়তা কিতাপৰ মাজত বিচাৰি পোৱা তথ্যতকৈ বেছি হোৱা দেখা গৈছে। তথাপিও আমি কিতাপ পঢ়ি পোৱা আনন্দৰ বতৰা নিশ্চয়কৈ ল’ৰা-ছোৱালীক জনোৱা উচিত, শিকোৱা উচিত। মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ ধাৰাত পুথিগত বিদ্যা বা জ্ঞানে প্ৰধান ভূমিকা গ্ৰহণ কৰি আহিছে। গতিকে সেই জ্ঞান ভাণ্ডাৰৰ ৰস পান কৰিবলৈ কিতাপ পঢ়াৰ বিকল্প নাই আৰু এই কথাখিনিকেই নিয়াৰিকৈ আমাৰ সন্তানক বুজাই দিয়াটো আমাৰ কৰ্তব্য। ডিজিটেল মাধ্যমত সঞ্চিত জ্ঞান আৰু ছপা মাধ্যমত সঞ্চিত জ্ঞানৰ পাৰ্থক্য নাই। কিন্তু ছপা মাধ্যমত মানে কিতাপৰ মাজত সঞ্চিত জ্ঞান বহুত প্ৰাচীন, যিবিলাকৰ বহু অংশ এতিয়াও ডিজিটেল মাধ্যমত সঞ্চিত হ’বলৈ বাকী। অৰ্থাৎ কিতাপ পঢ়াৰ বিকল্প নাই।

হিৰণ্ময়ী গগৈ কোঁৱৰ: প্ৰশ্ন তিনিটাৰ উত্তৰ মই এনেদৰে দিব বিছাৰিছো:
১/ শিশুক কিতাপৰ প্ৰতি আগ্ৰহী কৰিবলৈ আপুনি নিজেই কিতাপ পঢ়ক৷ শিশু অনুকৰণপ্ৰিয়, গতিকে দেখিয়েই আকৰ্ষিত হয় ৷
২/ শিশুৰ কোমল মনত সাধুকথাই এখন মোহময়ী জগতৰ সৃষ্টি কৰে আৰু শিশুৱে অনিৰ্বচনীয় আনন্দ লাভ কৰে, ফলত শিশুৰ কল্পনাশক্তি আৰু বোধশক্তি বৃদ্ধি পায়, সাধুৰ চলেৰে নীতিশিক্ষা লাভ কৰে, ভাল বেয়া বিচাৰ কৰিবলৈ শিকে৷ গতিকে অভিভাৱকসকলে শিশুক খুব সাধু শুনাওক, আপুনি জোৰ নকৰাকৈয়ে পঢ়িবলৈ বিচাৰিব৷ তেতিয়া আপুনি তেওঁক সহায় কৰক (কিতাপআনি দিয়ক, কিতাপৰ দোকান- গ্ৰন্থমেলালৈ লৈ যাওক বা কিতাপ উপহাৰ দিয়ক ইত্যাদি)৷
ল’ৰা- ছোৱালীৰ পাঠ্যপুথিতো বহুত সাধু সন্নিবিষ্ট হৈছে৷ শিক্ষক- শিক্ষয়িত্ৰীসকলেও আকৰ্ষণীয়ভাৱে সাধুবোৰ উপস্থাপন কৰক, সিহঁতক অভিনয় কৰাওক, প্ৰসংগক্ৰমে অন্য সাধু কওক৷ কণ- কণ শিশুসকল নিশ্চয় আকৰ্ষিত হ’ব ৷
৩/ চ’ছিয়েল মিডিয়াৰ আগ্ৰাসনে এই কথা ভবাই তোলে৷ তথাপিও ভাবো অনাগত দিনত নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ সুস্থ বাতাৱৰণ নিশ্চয় আহিব, এতিয়াও নাই বুলি নকওঁ৷ নতুন প্ৰজন্মক কেৱল দোষ নিদিব, সিহঁতক চকু দিয়ক, দায়িত্ব দিয়ক, বিশ্বাস ৰাখক আৰু আশীৰ্বাদ দিয়ক৷ নতুন প্ৰজন্মই গোগ্ৰাসে গিলা তৰল কথা লিখিয়েই কেৱল গ্ৰন্থৰ সংখ্যা বৃদ্ধি কৰা কথাটো নিয়ন্ত্ৰণ কৰিব লাগিব৷

লিপিকা গগৈ: সন্তানসকল সদায় অনুকৰণপ্ৰিয়। সিঁহতে উপদেশতকৈ আৰ্হি ভাল পায়। মাক দেউতাকে যদি কিতাপ পঢ়ি ভাল পায় তাকে দেখি- দেখি সিহঁতৰো পঢ়াৰ আগ্ৰহ জন্মে। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই ক‌ওঁ যে মই খুউব পঢ়ো। ৰাতি শুই শুই কিতাপ পঢ়াৰ অভ্যাস আছে আৰু যেতিয়া টোপনি আহে শিতানত ৰাখি থ‌ওঁ। তাকে দেখি জনা বুজা হোৱাৰে পৰা ল’ৰাটোৱে কিতাপৰ ছবি চাই চাই টোপনি যায়। আৰু মই সি চাই থকাখনো শিতানতে ৰাখো। যেতিয়া তাক স্কুলত দিলোঁ, মাহৰ মেগাজিন বোৰ আনি দিবলৈ ধৰিলোঁ এতিয়া এনে এক পৰ্যায় পালেগৈ যে প্ৰত্যেক মাহৰ মোৰ আলোচনীৰ লগত তাৰ ৰংমন, কণকণ থাকেই। ইংৰাজীও আনি দিওঁ কিন্তু ধাৰাবাহিক ভাৱে নাপাওঁ। আমাৰ ইয়ালৈ ইংৰাজী আলোচনী খুবেই কম আহে। এতিয়া তাতোকৈ ডাঙৰ কথা হ’ল আমাৰ দুটাক দেখি দেখি ছোৱালীজনীও যি হ’লেও কিতাপ এখন নি শিতানত থয়। কেতিয়াবা দেউতাকৰ ডায়েৰীও শিতান পায়গৈ। তাকে দেখি সিঁহতৰ পুথা, এনাই, মাহী, মোমাইয়েকেও জন্মদিন আহিলেই সাধু এখন লৈ আহে। এনচাইক্লপেডিয়া এতিয়ালৈকে দুটা ষ্টেজ আনি দিছোঁ। মোৰ কথাখিনি মই এইবাবেই উদাহৰণ দিলোঁ যে আৰ্হি সকলোতকৈ ভাল। সাধুকথাৰপৰা হে কিতাপৰ প্ৰতি মোহ জন্মে৷ এই কথাটো সত্য। মইও খুউব সাধু পঢ়িছিলোঁ আৰু শুনিছিলোঁ। য’ৰপৰা আজি গ্ৰন্থৰ দোকান দেখিলেই ল’ৰা আৰু মোৰ ৰ’বলৈ সময় নাথাকে। বৰ্তমানৰ শিক্ষা ব্যৱস্থাই যদি বজাৰত প্ৰতিটো প্ৰজন্মৰ উপযোগীকৈ এখাপ- এখাপ কৈ গ্ৰন্থ প্ৰকাশৰ সুবিধা কৰে তেন্তে প্ৰজন্ম আগুৱাই যাব আৰু এদিন সমাজত এক সুস্থ বাতাৱৰণ গঢ়ি উঠিব। অপৰাধ প্ৰৱণতা ক্ৰমশ হ্ৰাস পাব। সদায় মনত ৰখা উচিত পাঠ্যক্ৰমৰ কিতাপৰ সমানে ব্যৱহাৰিক জ্ঞান অৰ্জন কৰিবলৈ বাহিৰা গ্ৰন্থৰ অতিকে প্ৰয়োজন।

ঋতু ৰাজ: মোৰ মতে আপোনাৰ দ্বাৰা উৎথাপিত বিষয়টো কেৱল সাধু পঢ়া বা নপঢ়াৰ সৈতে জড়িত নহয়৷ গতিকে অকণমান বহলাই লিখিলো।
কালি এজন বন্ধুৰ সৈতে ফোনযোগে প্ৰায় দুঘন্টা কথা পাতিলো।
বন্ধুজন অহা মাহত “Chemistry” ত “Post Doctorate” কৰিবলৈ জাপানলৈ যোৱা কথা।
কথাৰ মাজতে বন্ধুজনৰ মতামত জানিবলৈ মই সুধিলোঁ যে শিশুক কেনেকৈ গঢ় দিয়া উচিত?
বন্ধুজনে কোৱা কথাসমূহৰ ভিতৰত কিছুমান আছিল, যেনে:
ক) শিশুৱে সদায় ডাঙৰে কৰা কাৰ্য্যসমূহৰ অনুকৰণ কৰে। গতিকে শিশুক শিষ্টাচাৰ শিকাবলৈ হ’লে নিজে শিষ্টাচাৰী হ’ব লাগিব। শিশুক মুখেৰে কৈ শিষ্টাচাৰ শিকোৱা কঠিন।
খ) শিশুক পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ ঘৰতে এক পঢ়াৰ পৰিবেশ গঢ়ি তুলিব লাগিব। অৰ্থাৎ অভিভাৱক সকলো অধ্যয়নপুষ্ট হ’ব লাগিব। ঘৰত এক পঢ়াৰ পৰিবেশ থাকিলে শিশুৰ পঢ়াৰ প্ৰতি অমনোযোগী হোৱাৰ সম্ভাৱনা খুব কম।
গ) উক্ত পৰিবেশসমূহ নাপালেও বিশেষ পৰিস্থিতিগত কাৰণত মানুহৰ জীৱন ভাল বা বেয়া দিশত গতি কৰিব পৰে। গতিকে এজন মানুহে জীৱনত যিমানবোৰ ভাল বা বেয়া পৰিস্থিতিৰ মাজেদি তাৰ প্ৰভাৱ মানুহৰ জীৱনত পৰেই।
গতিকে মানুহ নামৰ প্ৰাণীটোৱে যাতে নিজৰ সৎ গুণসমূহকহে বিকাশিত কৰিবলৈ সুযোগ পায় তাৰ বাবে সকলোৰে সন্মিলিত প্ৰচেষ্টাত এক সামগ্ৰিক পৰিবেশৰ ৰচনা কৰিব লাগিব।

ইলা চেতিয়া: আপুনি এটা সুন্দৰ আৰু সময়োপযোগী প্ৰসংগ উত্থাপন কৰিছে। কিতাপৰ প্ৰতি আজিৰ প্ৰায় সংখ্যক শিশু আৰু ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ নথকাটো পৰিলক্ষিত হৈছে। আজিকালি অভিভাৱকসকলেও কেৱল নম্বৰ পাবৰ বাবে পাঠ্যপুথি কেইখনৰ ওপৰত বেছি জোৰ দিয়া দেখা যায়। আজিৰ প্ৰায় সংখ্যক শিশুৱে তেজীমলাৰ সাধু, চিলনীৰ জীয়েকৰ সাধু, বীৰবলৰ সাধুৰ নামেই শুনা নাই বুলি ক’লেও বঢ়াই কোৱা নহয়। আজৰি সময়ত টিউচন, কাৰ্টুন, ভিডিঅ’গে’ম আদিত ব্যস্ত৷ শিশুসকল ৰঙীন বস্তুৰ প্ৰতি সততে আগ্ৰহী হোৱা দেখা যায়। আজিকালি ৰঙীন ছবিৰে ভৰা বহুতো শিশু পুথি আৰু সাধু কিতাপ পোৱা যায়। ৰঙীন ছবিৰে ভৰা কিতাপ দেখিলে সিঁহতে আগ্ৰহ প্ৰকাশ কৰিবই। মাক দেউতাকেও যদি আজৰি সময়ত সাধু কিতাপখন একেলগে বহি পঢ়াৰ অভ্যাস কৰে, তেন্তে শিশুটিয়েও কিতাপ খনৰ প্ৰতি আগ্ৰহী হ’ব। ৰঙীন ছবি থকা কিতাপে শিশুক সহজে আকৰ্ষিত কৰে। এনেদৰেই শিশুক কিতাপ অধ্যয়নৰ জগতখনলৈ লাহে লাহে প্ৰবেশ কৰালে সিহঁতো নিশ্চয় আগলৈকো অধ্যয়নশীল হৈ পৰিব বুলি ভাবো। এই ক্ষেত্ৰত ঘৰখন তথা মাক দেউতাকৰ ভূমিকা বেছি হ’ব লাগিব। কিয়নো ঘৰেই শিক্ষাৰ ঘাই কঠিয়াতলি। ঘৰখনতে শিশুৱে বেছি সময় অতিবাহিত কৰে।

ইন্দ্ৰজিত কোঁৱৰ: খুব ভাল বিষয় এটা উপস্থাপন কৰিছে। আমি অভিভাৱকসকলো কম পৰিমাণে দায়ী, আজি কিবা শব্দ এটা বিচাৰিবলৈও বহুত অভিভাৱকে ম’বাইলটো বা কম্পিউটাতো মেলি লোৱা দেখা যায়। সেইবোৰো দেখি শুনি শিশুৰ মনঃস্তত্বত বিশেষ ক্ৰিয়া কৰে। লগতে এইটো কথাও উল্লেখ কৰিব লাগিব যে যদি আমি অভিভাৱকসকলেই শিশুক আলোচনী বা সাধুকিতাপবোৰ কিনি আনি নপঢ়াও- এসময়ত প্ৰকাশক বা লিখকসকলেও নতুনকৈ কিবা কৰিবলৈ থমকি ৰ’ব; লগতে কিছুমান অভিভাৱকৰ মন থাকিলেও কিতাপৰ সংখ্যা কমি যাব। আজিকালি আঙুলি টিপাতে সকলোখিনি পায় যদিও ছপা আখৰৰ কিতাপ পঢ়া অকল পাঠ্যপুথিতে ৰৈ যাব আৰু আচল কিতাপ পঢ়াৰ আনন্দ পৰা বঞ্চিত হ’ব! মই ভাবো ইয়াৰ বাবে সমাজৰ সকলো শ্ৰেণী সচেতন নাগৰিকৰে কৰণীয় আছে।

নীলাঞ্জনা পাচনি: মোৰ বিচাৰত পিতৃ-মাতৃৰ আদৰ্শৰে পৰিচালিত হয় সন্তান৷ জন্ম হৈয়েই যি পৰিবেশত এটি শিশু ডাঙৰ হয়, সেই পৰিবেশেই শিশুৰ মনঃস্তত্বত প্ৰভাৱ পেলায়। বিশেষকৈ মাতৃগৰাকীৰ প্ৰভাৱ এইক্ষেত্ৰত অপৰিসীম৷ যি শিশুৱে সৰুৰেপৰা এখন সাধুকিতাপ পঢ়াৰ পৰা বঞ্চিত হৈছে, তেঁও জীৱনৰ বহুদিশ, বহু অনুভৱৰ কথা অনুধাৱন কৰিবই নোৱাৰিব। এই ক্ষেত্ৰত পিতৃ-মাতৃৰ লগতে শিশুজনে অধ্যয়ন কৰা বিদ্যালয়খনৰো বহু কৰণীয় আছে। সঠিক দিশ নিৰ্দেশনাই এজন শিশুক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তুলিব।

বিদ্যুৎ শৰ্মা: আমি স্কুলত পঢ়ি থকা সময়ত স্কুলৰ ছাৰ-বাইদেউসকলে বিভিন্ন মনোমোহা সাধু আমাৰ আগত ৰসালকৈ কৈছিল। আমি তন্ময় হৈ শুনিছিলো। মাজে মাজে আমাকো ক’বলৈ দিছিল। যাৰ বাবে আমাৰ সকলোৰে সাধু কিতাপ পঢ়াৰ আগ্ৰহ বাঢ়িছিল।

নজৰুল ইছলাম: সাম্প্ৰতিক সময়ৰ সমাজ ব্যৱস্থাৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয়ৰ সময়োপযোগী উপস্থাপন। ছ’চিয়েল মিডিয়াৰ গ্ৰাসত সোমাই পৰা আমাৰ আধুনিক সমাজত কিতাপ পঢ়াৰ ধৈৰ্য বহুত মানুহৰে নাই, যিহেতু ম’বাইল নামৰ আধুনিক যন্ত্ৰৰ দাসত্বত বহুতো ব্যক্তিয়ে জীৱনৰ গুৰুত্বপূৰ্ণ সময়কো পাহৰি পেলাইছে৷ সন্তানে সদায় পিতৃ মাতৃক অনুসৰণ কৰে কিন্তু আমাৰ সমাজত ছ’চিয়েল মিডিয়াৰ প্ৰতি অতি- আকৰ্ষিত পিতৃ মাতৃয়ে সন্তানক সাধু শুনোৱা বা কিতাপ পঢ়িবলৈ ক’বলৈ সময়য়েই নাপায়৷ যিহেতু কিছু পিতৃ মাতৃয়ে দিনটোৰ বেছি ভাগ সময় ছ’চিয়েল মিডিয়াত অত্যাধিক পোষ্ট দি নিজে জনপ্ৰিয় হোৱাৰ প্ৰতিযোগিতাত সোমাই মূল্যৱান সময় অপচয় কৰে৷ অধ্যয়নে মানুহক ধৈৰ্যশীল কৰি তোলে৷ সাম্প্ৰতিক সময়ত মানুহৰ ধৈৰ্যৰ বহুত অভাব৷ আমি প্ৰথমতে নিজে ছ’চিয়েল মিডিয়াৰ পৰা আকৰ্ষণ কমাই কিতাপ পঢ়াৰ মানসিকতাৰ গঢ় দিব লাগিব, তেতিয়াহে সন্তানে আমাক অনুকৰণ কৰি কিতাপ পঢ়াৰ প্ৰতি আকৰ্ষিত হ’ব আৰু সন্তান ভৱিষ্যতে এজন ভাল ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠিত হ’ব৷

খঞ্জন কুমাৰ দাস: খুব সুন্দৰ প্ৰসংগ এটা উত্থাপন কৰিছে। এনে বহুত ছাত্ৰ-ছাত্ৰীক লগ পাইছো, যি সকলে স্নাতক মহলাৰ প্ৰথম বছৰত থিয় দিও সাধু শুনা নাই বুলি ক’ব পাৰে। তেজীমলা, চম্পাৱতী, বুঢ়ী আইৰ সাধু,বীৰবলৰ সাধু… নাই একো ক’ব নোৱাৰে। নম্বৰৰ ওজন কিন্তু শক্তিশালী। বহুত দুখ লাগে ভাবিলে…! এই অসুবিধাটো নাইকিয়া কৰিবলৈ বিদ্যালয়, স্থানীয় সামাজিক সংগঠন আদিয়ে স্থানীয়ভাৱে সাধু কোৱাৰ প্ৰতিযোগিতা পাতিব পাৰে। বয়সস্থসকলক গোটাই লৈ সৰুবোৰক সাধু শুনোৱাৰ ব্যৱস্থা কৰিব পাৰে৷ সপ্তাহ বা মাহত একোখনকৈ কিতাপ পঢ়িবলৈ দি তেওঁলোকৰ চিন্তাৰ উমান ল’বও পাৰি।

দেৱযানী ধনদিয়া: সঁচাকৈ, আজি কালি ল’ৰা- ছোৱালীৰ কিতাপ পঢ়াৰ প্ৰতি যি অনীহা সেয়া ভাল কথা নহয়৷ মই নিজে দুজনী ছোৱালীৰ মাক আৰু মই নিজকে এই ক্ষেত্ৰত বিফল বুলিয়ে ভাবো৷ সিহঁতক কিতাপৰ মনোৰম জগত খনলৈ যে নিব পৰা নাই! এতিয়া অৱশ্যে পলমকৈ কমকৈ হলেও দুই এখন কিতাপ পঢ়িছে৷ সৰুজনীয়ে দুখন কিশোৰ উপন্যাস ‘অনুপম ক’লৈ গল’ আৰু ‘ইমু নামৰ কাজিৰঙাৰ গঁড়টো’ পঢ়ি যেতিয়া মোক ক’লে “ইমান ভাল লাগিল” বুলি তেতিয়া যে মই কিমান সুখী হৈছিলোঁ বুজাব নোৱাৰোঁ! সঁচাকৈ কিতাপ পঢ়াৰ সুখ ছ’চিয়েল মিডিয়াই দিব নোৱাৰে, আমি সকলোৱে কিতাপ পঢ়িবৰ বাবে সন্তানক যত্নপৰ কৰি তুলিব লাগে! সমাজৰ এক সাধাৰণ নাগৰিক হ’লেও এই কথাটোৱে মোক বহুত দুখ দিয়ে!

(মতামতসমূহ অসম্পাদিত ৰূপত প্ৰকাশ কৰা হ’ল)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক