‘নিৰৱধি নৈৰাঞ্জনা’:এক আলোকপাত (সুপ্ৰকাশ ভূঞা)

“…গীতালি বৰাৰ গল্পৰ জৰিয়তে অনুভৱ কৰিলোঁ মানৱীয় অনুভূতিবোৰৰ এক সঞ্জীৱনী শক্তি থাকে যাৰ জৰিয়তে হোৱা জীৱনৰ আৱাহন আৰু আৰাধনাই কলাক প্ৰত্যয়জনকভাৱে সঞ্জীৱিত কৰিব পাৰে।”—অৰিন্দম বৰকটকী

সাম্প্ৰতিক সময়ত স্বকীয় অৱদানেৰে অসমীয়া  গল্প সাহিত্য সমৃদ্ধ কৰা গল্পকাৰসমূহৰ ভিতৰত গীতালি বৰা অন্যতম। বিষয়বস্তু আৰু কথনশৈলীৰ সফল সম্প্ৰৰীক্ষাৰে গল্প ৰচনা কৰি প্ৰথমখন সংকলন “সম্ভৱতঃ”ৰ বাবে ২০০৮ বৰ্ষত মুনীন বৰকটকী বঁটা লাভ কৰা তেখেতৰ আনকেইখন গল্প সংগ্ৰহ হৈছে “অৰ্গল খোলা প্ৰিয়ম্বদা”, “এপল’ এপল’ ” আৰু ” নিৰৱধি নৈৰাঞ্জনা” ।

গীতালি বৰাৰ গল্প সংকলন “নিৰৱধি নৈৰাঞ্জনা” কেইবাটাও কাৰণত অসমীয়া গল্প সাহিত্যৰ বাবে গুৰুত্বপূৰ্ণ।প্ৰথম কথা ইয়াৰ আটাইকেইটা গল্পই হৈছে ৰূপকথাৰ পুনৰ্নিৰ্মাণ। এইখনেই নিশ্চয় অসমীয়া গল্প সাহিত্যৰ প্ৰথমখন সংকলন , যাৰ গোটেইকেইটা গল্পই হৈছে পুৰাকথাশ্ৰয়ী। এক কথাত, এইখন এখন নতুন ধাৰাৰ বাটকটীয়া গল্প – সংগ্ৰহ। বিষয়বস্তুৰ বৈচিত্ৰ্য গ্ৰন্থখনৰ আন এক গুৰুত্বপূৰ্ণ দিশ। মহাভাৰত, ৰামায়ণ, বুঢ়ী আইৰ সাধুৰ পৰা জ্যোতিপ্ৰসাদৰ নাটলৈকেই নহয়, বুদ্ধ যুগৰ পৰাও গল্পকাৰে বুটলি আনিছে কেতবোৰ চৰিত্ৰ তথা ঘটনা, যিবোৰৰ উপেক্ষিত আৰু আন্ধাৰ দিশো গল্পকাৰৰ সুতীক্ষ্ণ অন্তৰ্দৃষ্টি আৰু বিশ্লেষণ- ক্ষমতাত উজ্বলি উঠিছে । অপূৰ্ব ভাষিক দক্ষতাৰে , চিত্ৰধৰ্মী বৰ্ণনাৰে একোটা প্ৰাচীন পৰিবেশ চকুৰ আগত তুলি ধৰাৰ লগতে মানৱ মনৰ গোপন-গহন কোণৰ সংবাদো উন্মীলিত কৰিছে।
সংকলনটিৰ প্ৰথমটো গল্প “অগ্নিসম্ভূতা”ত মহাভাৰতৰ এটি উল্লেখযোগ্য চৰিত্ৰ দ্ৰৌপদীৰ চকুত নপৰা দিশ এটাক তুলি ধৰিছে। দ্ৰৌপদী বুলিলে সাধাৰণতে দুটা ঘটনাই প্ৰধানতঃ মনলৈ আহে । প্ৰথম, পঞ্চপাণ্ডৱৰ পত্নী আৰু আনটো হৈছে কুৰুৰাজসভাত তেওঁৰ বস্ত্ৰহৰণ। কিন্তু ইয়াত বৰ্ণিত হৈছে অজ্ঞাতবাসৰ সময়ত বিভিন্ন ৰাজকন্যাৰ পাণিগ্ৰহণ কৰি অৱশেষত কৃষ্ণভগ্নী শুভদ্ৰাৰ সতে ইন্দ্ৰপ্ৰস্থলৈ উভতি আহোঁতে দ্ৰৌপদীৰ অধীৰ অপেক্ষা আৰু উছাহ কিদৰে মোলান পৰি গৈছে, তীব্ৰ দুখ-অভিমানে তেওঁক দহিছে-
“… চন্দ্ৰালোকিত এই নিশা মই মোৰ হৃদয়ক সম্পূৰ্ণৰূপে পখালি পেলাম, যাতে ই আৰু কেতিয়াও কাৰো পৰা একো প্ৰত্যাশা নাৰাখে। সুখময়, প্ৰেমময় দিনৰ সপোন সাঁচি ৰখা দুচকুৰ পৰা বোৱাই দিম সকলো অশ্ৰু – যাতে ই কেতিয়াও আৰু সপোন নাসাঁচে।
“…আৰু এই অগ্নিসম্ভূতা শৰীৰ-
আঃ! এই শৰীৰক মই বহন কৰিব লাগিব তেতিয়ালৈকে যেতিয়ালৈকে ধৰাত ধৰ্ম স্থাপন নহয়!”
এনে বৰ্ণনাৰ মাজেৰে দ্ৰৌপদীৰ আন এটা ৰূপ স্পষ্ট হৈ উঠিছে- অৰ্জুনৰ প্ৰেমিকা দ্ৰৌপদী। শেষত দ্ৰৌপদীক আঁকোৱালি ধৰি সান্ত্বনাবাণীৰে বুৰাই পেলোৱা অৰ্জুনৰ অস্তিত্ব প্ৰকৃততে সত্য নে ভ্ৰম – এই প্ৰশ্নই যি বিভ্ৰান্তিৰ সৃষ্টি কৰিছে , সেয়া অতি তাৎপৰ্যপূৰ্ণ আৰু বহুমাত্ৰিক।

অসমীয়া গল্পত বুদ্ধযুগৰ চৰিত্ৰক লৈ ৰচিত “বুদ্ধজায়া”ই খুৱসম্ভৱ প্ৰথমটো গল্প। বুদ্ধপত্নী যশোধৰা গোপাক কেন্দ্ৰ কৰিয়ে আৱৰ্তিত হৈছে গল্পটোৰ কথাবস্তু। বুদ্ধ আৰু বৌদ্ধ ধৰ্মৰ প্ৰসিদ্ধিৰ আঁৰত লুকাই যোৱা গোপাৰ মনোবেদনাই হৈছে গল্পটিৰ মূল আবেদন।
“সত্য কি? মুক্তি কি? মই যশোধৰা গোপা,গৌতম বুদ্ধৰ পত্নীয়ে বহুবাৰ নিজকে এই প্ৰশ্ন কৰিছোঁ। তেনেহ’লে ৰাজ্য আৰু সংসাৰৰ দায়িত্বৰ পৰা তেওঁৰ পলায়নেই আছিল সত্য- মুক্তিৰ পথ?কণমানি পুত্ৰ আৰু নিদ্ৰিত পত্নীক সেই মুক্তিৰ বাবেই এৰি থৈ গৈছিল নেকি যুৱৰাজ গৌতমে?”
তপস্যাৰ অন্তত , বুদ্ধত্ব প্ৰাপ্তিৰ পাছত যেতিয়া তথাগত উভতি আহিল, যশোধৰাই আনবোৰৰ দৰে তেওঁক আদৰিবলৈ যোৱা নাছিল।
“কৌটিকলীয়া সংস্কাৰ আৰু জ্ঞানে মোক শিকাইছিল, দায়িত্ব পালনতহে প্ৰকৃত ধৰ্ম পালন হয়। বৃদ্ধ পিতৃ, ৰাজ্য, পুত্ৰ আৰু পত্নীৰ প্ৰতি দায়িত্ব পালন নকৰি যিজনে মুক্তিৰ আশাত(নে দুখৰ পৰা পৰিত্ৰাণ লভি চিৰসুখী হোৱাৰ লোভত!) বনগমন কৰিছিল, সেইজন এসময়ৰ পৰমাত্মীয় পুৰুষৰ পৰা দীক্ষা লোৱাৰ হেঁপাহ মোৰ সমূলি নাছিল।”
পৰৱৰ্তী সময়ত গেৰুৱা বস্ত্ৰ আৰু মুণ্ডিত মস্তকেৰে বৌদ্ধ ধৰ্মত দীক্ষিত পুত্ৰক দেখাৰ পাছত অসহায় গোপাই ৰোহিনী নদীৰ বুকুত নিজকে সমৰ্পণ কৰিবলৈ বিচাৰে যদিও আত্মোপলব্ধি ঘটে। এই কথাই কাৰুণ্য সঞ্চাৰ কৰে সঁচা, কিন্তু ই গোপাৰ নিজস্ব দৃষ্টিভংগীক তুলি ধৰাৰ লগতে বুদ্ধৰ দুৰ্বল দিশটোও উদঙাই দেখুৱাইছে।

“কথা-হ্লাদিনী” হৈছে কৃষ্ণৰ কৈশোৰকালৰ প্ৰেয়সী , বৃন্দাবনৰ লগৰী ৰাধাৰ অন্তহীন অপেক্ষাৰ গল্প। কিন্তু এই গল্পৰ আৰম্ভণি ঘটিছে কুৰুক্ষেত্ৰ ভূমিত, যুদ্ধৰ পাছত।
“আদিগন্ত অদ্ভুত ৰং- যেন মৃত্যুৱে শোণিতৰ বৰণ লৈ কেলি কৰিছে। মানুহৰ ক্ৰন্দন , চিৎকাৰ আৰু চিতাগ্নিয়ে বলীয়া মেঘৰ দৰে বেষ্টন কৰিছে আকাশ।ক’তো লেশমানো জীৱনৰ গোন্ধ নাই। শ্যামলিমা নাই। যেন মৰি ভূত হৈ গৈছে চৰাচৰ।”
সেই “আত্ৰানি হাহাকাৰৰ” মাজতে বিগত যৌৱনা ৰাধা মুখামুখি হৈছে পাৰ্থ সাৰথি কৃষ্ণৰ সতে, যি ৰাধাক চিনি নাপালে।
“তেৱেঁই নিচিনিলে মোক- যাৰ বাবে মই এতিয়াও জীপাল কৰি ৰাখিছোঁ মোৰ উশাহ – -… যাক পূজিছোঁ দেৱতাৰ দৰে – -… আৰাধনা কৰিছোঁ অহোৰাত্ৰ — তেওঁৰ বাবেই মই আজি অপৰিচিতা।”
“তেনেহ’লে কিয়েইবা পাৰ্থক্য থাকিল এইবোৰ শৱদেহ আৰু মোৰ মাজত। গভীৰতৰ হৈ উঠিল এক অনুভৱ– এই কুৰুক্ষেত্ৰ আৰু মোৰ হৃদয় আত্মা যেন ক্ৰমশঃ একাকাৰ হৈ উঠিছে।” উপেক্ষিত ৰাধাৰ হৃদয়ক যুদ্ধ-বিধ্বস্ত কুৰুক্ষেত্ৰৰ লগত একাকাৰ কৰি পেলোৱা “কথা-হ্লাদিনী” এটা কৰুণ-ব্যঞ্জনাত্মক গল্প।

জ্যোতি প্ৰসাদ আগৰৱালাৰ “ৰূপালীম” নাটকৰ যেন এপিলগ(epilouge)হে “হালধীয়া সৰাপাতৰ নাও”।নাটকখনৰ “জিৰ জিৰ্ জিৰজিৰ নিজৰি” নামৰ গীতটিৰ পৰাই তুলি লৈছে গল্পৰ শিৰোনাম। ৰূপালীমৰ মৃত্যুৰ পাছত মায়ব’, মণিমুগ্ধ আৰু ইতিভেনৰ কিছু নেদেখা দিশ উন্মোচিত হৈছে। ৰূপালীম হেৰাই গৈছে।…” যাৰ কথা কৈছিল ৰূপালীমে, তাৰ ক’তো সেই কুমলীয়া ছোৱালীজনীৰ কণমান সোঁৱৰণিৰো যেন অৱশেষ নাই।” ৰূপালীমৰ প্ৰেমিক বুলি ভবা মায়ব’ “আন এজনী তেজে তলবল ৰূকমী ৰূপহীৰ দায়িত্বশীল গিৰীয়েক হৈ পৰিছিল।দুটা অকণমানি নোদোকা ল’ৰাৰ পিতাক।আৰু মণিমুগ্ধৰ প্ৰেয়সী ইতিভেন, যিগৰাকী নাৰীয়ে ঈৰ্ষাৰ জুইৰে পুৰি মাৰিছিল ৰূপালীমক, সেই “ইতিভেনে পুনৰ এবাৰ বুজি উঠে– যিকুৰা জুয়ে ৰূপালীমক পুৰিছিল সেইকুৰা জুই গোটেই জীৱন বুকুত লৈ ফুৰিব লাগিব– জ্বলি জ্বলি ছাই হৈ নোযোৱালৈকে। স্বামী হৈও , ইতিভেনৰ দুবাহুৰ মাজত থাকিও কেতিয়াও মণিমুগ্ধ ইতিভেনৰ নহ’ব– কেতিয়াও।” কাৰণ মণিমুগ্ধ ৰূপালীমৰ প্ৰেমত পৰিছিল। ৰূপালীমৰ বাবেই বাট চাই ৰ’ব তেওঁ আজীৱন। ভাৱ হয়, এই গল্পটোৱেহে যেন “ৰূপালীম”নাটকক পৰিপূৰ্ণতা প্ৰদান কৰিলে।

বুঢ়ী আইৰ সাধুৰ অন্তৰ্গত “চিলনীৰ জীয়েকৰ সাধু”ৰ আধাৰত ৰচিত হৈছে “চিলনীৰ গল্প”। চিলনীৰ জীয়েক,চিলনী, সদাগৰ আৰু কথক– এই চাৰিটা দৃষ্টিকোণৰ পৰা বৰ্ণিত গল্পটোত আংগিকে অন্য এক মাত্ৰা লাভ কৰিছে। সদাগৰলৈ তোলনীয়া জীয়েকক বিয়া দিয়াৰ পাছত চিলনীৰ নিসংগতা আৰু দুখবোধ গল্পটোৰ লক্ষণীয় দিশ।
“চিলনীৰ বুকু শুদা কৰি বণিকৰ হাত ধৰি মানুহৰ মাজলৈ গুচি যায় চিলনীৰ জী। আঁহতৰ আগৰ চিলনীৰ বাহ খালী হৈ পৰি ৰয়। চিলনী জুপুকা মাৰি বহি থাকে আঁহতৰ ডালত।”
…”কেতিয়াবা উৰি উৰি দূৰলৈ গ’লেও চিলনীৰ ভয় হয়– জানোচা মাতে তাই। জানোচা বিপদত পৰি বিনাই মাতোঁতে সময়মতে তাইৰ সন্মুখত ওলাবগৈ নোৱাৰে চিলনী।”
পখী আৰু মানুহৰ নিবিড় সম্পৰ্ক কাব্যিক ভাষাৰে ব্যঞ্জিত হৈছে গল্পটোত।

মানৱ মন বৰ বিচিত্ৰ আৰু ৰহস্যময়। এই ৰহস্যময়তাকে প্ৰতিপাদন কৰিছে “উৰ্মিলা : এটা অ-ৰামায়ণী গল্প”ই।ৰামায়ণৰ এটা অতি উপেক্ষিত চৰিত্ৰ উৰ্মিলাৰ মনৰ গোপন সংবাদ বিশ্বাসযোগ্য ৰূপত বৰ্ণিত হৈছে গল্পটোত।
“..কোনেও নাজানিব– মোৰ দাহ্য শৰীৰতে নিঃশেষ হৈ যাব এই সত্য যে প্ৰথম দৃষ্টিতে মই সূৰ্যকান্তি পুৰুষ ৰামচন্দ্ৰৰ প্ৰেমত পৰিছিলোঁ–“। কিন্তু পৰিহাস এয়ে যে সেই সময়ত ৰামচন্দ্ৰই “দীপ্ত দুচকু তুলি সীতাৰ মুখলৈ চাইছিল।”
একেদৰে লক্ষ্মনৰ সীতাৰ প্ৰতি থকা অনুৰাগে উৰ্মিলাৰ দুখবোধক অধিক তীব্ৰ কৰি তুলিছে।
“…মোৰ এটা আকাংক্ষা আছিল– বসুধাত অন্তত এজন ব্যক্তিৰ বাবে মই সীতাতকৈ অধিক প্ৰিয় হ’ম। সেয়ে লক্ষ্মনৰ সীতাৰ প্ৰতি থকা আগ্ৰহে সূচী এটাৰ দৰে মোৰ আত্মাত বিন্ধিছিল।” আনহাতে ৰাৱণৰ প্ৰেমে সীতাৰ আত্মাক স্পৰ্শ কৰিছিল নেকি– সেই সম্ভাৱনাৰো উমান দিছে গল্পকাৰে–
“…সেই সত্য সীতাৰ দাহ্য শৰীৰৰ ভিতৰতে ৰৈ যাব আৰু এসময়ত পঞ্চভূতত বিলীন হ’ব।
এৰা। বৰ বিচিত্ৰ মানৱ মন।
নশ্বৰ শৰীৰৰ ভিতৰত কিমান যে অবিনশ্বৰ সত্য লুকাই থাকে!”
মানৱ মনৰ এনে জটিলতা কেৱল এই মহাকাব্যিক চৰিত্ৰ কেইটাতে সীমাবদ্ধ হৈ থকা নাই, স্থান-কাল অতিক্ৰমী ই যেন হৈ পৰিছে আধুনিক মনঃস্তত্বৰো প্ৰতিফলন।

গল্প সংকলনটিৰ একে নামৰ শেহৰটো গল্প “নিৰৱধি নৈৰাঞ্জনা”ত বুদ্ধ-সুজাতাৰ সম্পৰ্ক সুজাতাৰ দৃষ্টিকোণৰ পৰা উপস্থাপিত হৈছে।পাৰম্পৰিকভাৱে বুদ্ধ-সুজাতাৰ সম্পৰ্ক গুৰু-শিষ্যাৰ সম্পৰ্ক, গুৰু-সেৱিকাৰ সম্পৰ্ক। কিন্তু ইয়াত প্ৰতিফলিত হৈছে বুদ্ধ মানুহজনৰ প্ৰতি সুজাতাৰ অনুৰাগ।
“তাপস গৌতমৰ পুৱতি সূৰ্যসম শৰীৰ দ্যুতিয়ে সুজাতাৰ দুচকুক বান্ধি পেলাইছিল।…আৰু সেই তাপসৰ প্ৰশান্ত চাৱনিয়ে সুজাতাক মায়া সমুদ্ৰৰ কথা কৈছিল– নৈ হৈ বৈ গৈ য’ত লীন হোৱাৰ দুৰ্বাৰ বাসনাৰে সুজাতা চঞ্চল হৈ উঠিছিল।” কিন্তু দিব্যজ্ঞান প্ৰাপ্তিৰ পাছত সেই বুদ্ধৰ প্ৰতি সুজাতাৰ আকৰ্ষণ নাছিল। কাৰণ সুজাতাৰ বাবে–
“সংসাৰ সত্য। এক ত্যাগী তাপসৰ পথানত বহি থাকি জীৱন অতিবাহিত কৰা নাযায়। কেতিয়াও নাযায়।”সেয়ে ঘৰৰ সকলো যোৱাৰ পাছতো সিদ্ধি লভা বুদ্ধক প্ৰণাম কৰিবলৈ সুজাতা যোৱা নাছিল। গল্পটোৰ শেহৰ বাক্যটোৱে সুজাতাৰ অন্তৰ্দ্বন্দ্বক প্ৰকট কৰি তুলিছে–
“এৰা। বিশ্ৰামৰ প্ৰয়োজন হৈছিল সুজাতাক।
নিজৰ লগত কৰা নিৰন্তৰ যুঁজখনতকৈ অধিক ক্লান্তি আৰু মানুহক কিহে দিব পাৰে?”
পৰিৱেশ-পৰিস্থিতিৰ চিত্ৰধৰ্মী আৰু জীৱন্ত বৰ্ণনাৰ লগতে এনে ব্যতিক্ৰমী আৰু বলিষ্ঠ উপস্থাপনৰ বাবে “নিৰৱধি নৈৰাঞ্জনা” অসমীয়া গল্প সাহিত্যত স্মৰণীয় হৈ ৰ’ব।

পৰিশেষত ইয়াকে ক’ব পাৰি, গল্পসমূহত মূল কাহিনীক বিকৃত নকৰাকৈয়ে গল্পকাৰে যি দক্ষতাৰে চৰিত্ৰসমূহৰ মনোজগতৰ বিশ্লেষণ আগবঢ়াইছে , কাহিনীৰ আঁৰৰ উপকাহিনীক উজ্বলাই তুলিছে, সিয়ে পৰম্পৰাগতভাৱে চলি অহা প্ৰতিষ্ঠিত সত্য আৰু ধাৰণাৰ বিপৰীতে সম্ভাৱনাৰ অনেক দুৱাৰত টোকৰ মাৰিছে। এই প্ৰাচীন ঘটনা তথা চৰিত্ৰসমূহে পাঠকক এনে কেতবোৰ প্ৰশ্ন আৰু সত্যৰ মুখামুখি কৰি ভবাই তোলে , যি আজিও প্ৰাসংগিক। সেই অৰ্থতে পুৰাকথা সম্বলিত এই গল্পসমূহ আধুনিক আৰু চিৰন্তন।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments