নি: স্বাৰ্থ -(ৰেখাশ্ৰী বৰুৱা)

নি: স্বাৰ্থ
-ৰেখাশ্ৰী বৰুৱা৷

“সীমান্ত তই আহিলি, চাও মোক যাবলৈ দিয়া, মোৰ ল’ৰা সীমান্ত আহিছে“ কণক দুৱৰাই বিছনাৰ পৰা উঠিবলৈ চেষ্টা কৰিলে৷ নাৰ্ছ গৰাকীয়ে জোৰকৈ তেখেতেক আকৌ বিছনাত শুৱাই দি হাতত বেজী এটা দি দিলে৷ এনেতে ডাঃ জাহ্নবী হাজৰিকা সোমাই আহিল৷ দুৱৰাক চাই চিতি যাবলৈ ধৰোতেই অতুলে আহি সুধিলে “বাইদেউ সকলো ঠিকে আছেনে? কিবা ঔষধ পাতি লাগিব নেকি? “
“নাই নালাগে, আগতে দিয়া খিনিকে খুৱাই থাকক৷ কিন্তুু এতিয়া তেখেতৰ বাবে আচল ঔষধটো হৈছে পুতেক বোৱাৰীয়েক ওচৰত থকাটোহে৷ “
“আপুনি ঠিকেই কৈছে বাইদেউ৷ এই দুৰাৰোগ্য ৰোগত আক্ৰন্ত ৭০ বছৰীয়া পিতৃৰ বাবেও অকণমান সময় উলিয়াব পৰা নাই৷ সদায় ফোন কৰো আজি যাম কালি যামকৈ পিছত অসুবিধা হ’ল আজি যাব নোৱাৰিলো বুলি কয়৷ “
“ বাৰু যি হ’ল কিন্তুু বৰ্তমান তেখেতৰ অৱস্থা ভাল নহয়৷ গতিকে এই সময়ত মনোবল বৃদ্ধিহে আচল ঔষধ৷ “এইবুলি কৈ ডাঃ জাহ্নবী আতৰ হ’ল৷
কণক দুৱৰা এগৰাকী শিক্ষক আছিল৷ তেখেতৰ পত্নীও এগৰাকী শিক্ষয়িত্ৰী আছিল৷ একেটি ল’ৰা মেধা আছিল দেখি বাহিৰত পঢ়ালে ভাৰতৰ বাহিৰত চাকৰিও পালে৷ নিজ পছন্দ অনুসৰি গুৱাহাটীৰ ছোৱালী নিশাক বিয়া কৰালে৷ সীমান্ত আৰু নিশা আমেৰিকাতে থকা হ’ল৷ মাকৰ মৃত্যু হওতেও এসপ্তাহৰ বাবে আহি গুচি গ’ল৷ দেউতাকক নিব বিছাৰিছিল কিন্তুু কণক দুৱৰাই পত্নীৰ স্মৃতি বিজড়িত মৰমৰ ঘৰটো এৰি যাব নিবিচাৰিলে৷ সেই যি গ’ল আকৌ পুনৰ দেউতাকক চাবলৈ এবাৰো অহা নাই সীমান্ত৷ দুৱৰাৰ একালৰ শিক্ষাৰ্থী অতুল, সিয়ে আনি তেখেতক জৰুৰী অৱস্থাত পাই চিকিৎসা লয়ত ভৰ্তি কৰাইছে৷ পুতেকে সময় মতে পইচা পঠাই থাকে, কিন্তুু মনৰ আচল সুখ পইচাই জানো দিব পাৰিব৷
অৱশেষত যেনিবা সীমান্তহত আহি গুৱাহাটী পালেহি৷ হাস্পাতালৰ ৰুমত ডাঃ জাহ্নবী, অতুল ৰৈ আছিল, তেনেতে সীমান্তহত সোমাই আহিছিল৷ কণক দুৱৰাই অবিশ্বাসৰ দৃষ্টিৰে পুতেক বোৱাৰীয়েকলৈ চাই আছিল৷ নাতিনীয়েকজনী চুচুক চামাকৈ মাকৰ ওচৰতে ৰৈ আছে৷ দুৱৰাই ইং গিতেৰে তাইক ওচৰলৈ মাতিলে৷ তাই এখোজ দুখোজকৈ ককাকৰ ওচৰলৈ গ’ল৷ দুবছৰতেই দেখা আৰু আজি তাইৰ চাৰি বছৰ হ’ল৷ দুৱৰাই মুখেৰে অনেক কথা ক’ব বিচাৰিলে, কিন্তুু মুখেৰে এটা শব্দ ও নোলাল৷ দুচকুৰে দুধাৰি তপত লোতক বৈ আহিল৷ সীমান্তই ডাঃ জাহ্নবীৰ ওচৰলৈ আহি সুধিলে, “দেউতা ঠিকে আছেনে? “ ডাঃ জাহ্নবীয়ে হাঁহি এটা মাৰি উত্তৰ দিলে “হয়…….আপোনালোক আহিলে নহয় এতিয়া তেখেত অতি শীঘ্ৰেই সুস্থ হৈ উঠিব৷ “
পিছদিনা অতুল যাবলৈ ওলাল, সীমান্তৰ ওচৰলৈ আহি ক’লে মই গৈ থাকো আকৌ আহিম বাৰু, কিবা অসুবিধা হ’লে ফোন কৰিব৷ সীমান্তয়ে ক’লে ৰ’বাচোন এক মিনিট এই বুলি পকেটৰ পৰা পাচশ টকীয়া নোট কেইখনমান উলিয়াই অতুললৈ আগবঢ়াই দি ক’লে এইটো ৰাখা তুমি ইমানদিন কষ্ট কৰি দেউতাৰ চোৱা চিতা কৰিলা৷ অতুলে এটা সেমেকা হাহি মাৰি ক’লে ছাৰৰ প্ৰতি থকা মোৰ সন্মান আৰু মৰমৰ মূল্য আপুনি যিমান টকা দি হ’লেও শোধাব নোৱাৰিম, পইচাই সকলো নহয়৷ আজি আপোনাক এটা কথা কও, মই মোৰ পত্নীক বিয়াৰ এক বছৰ পিছতেই হেৰুৱাইছো৷ হেৰুৱাৰ বেদনা মই জানো৷ এবাৰ হেৰাই গ’লে সেই মৰম, সেই চেনেহ শিলত মূৰ ভাঙিলেও দুনাই পোৱা নাযায়৷ ছাৰৰ বাবে মই সামান্য কিবাহে কৰিব পাৰিছো, কি ন্তু তেখেতে দিয়া শিক্ষা ৰ মূল্য কেতিয়াও শুজিব নোৱাৰিম৷ এই বুলি অতুল খৰ খোজেৰে বাহিৰলৈ গ’লগৈ৷ সীমান্ত ই হাতত পইচা খিনি লৈ অতুল যোৱাৰ ফালে একেথৰে চাই ৰ’ল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments