নীতিকথা – মজুমদাৰ সঞ্জীৱ

 

দৈত্যগুৰু হিচাবে খ্যাতিমান শুক্ৰাচাৰ্য্য আছিল, সপ্ত ঋষিৰ অন্যতম মহৰ্ষি ভৃগু আৰু বিদূষী তথা তেজস্বিনী মাতৃ কাব্যমাতাৰ সন্তান৷ দেবতা সকলৰ গুৰু বৃহস্পতিৰ পিতৃ আছিল অঙ্গিৰস৷ কৈশোৰ কালত শুক্ৰ‌ই বৃহস্পতিৰ সহপাঠীৰূপে ঋষি অঙ্গিৰসৰ অধীনত অধ্যয়ন কৰিছিল৷ ছাত্ৰ হিচাবে শুক্ৰ, বৃহস্পতিতকৈ বেছি মেধাবী আছিল৷ কিন্তু গুৰু হিচাবে ঋষি অঙ্গিৰসে পূত্ৰ বৃহস্পতিক আগস্থান দিছিল আৰু শুক্ৰৰ সতে সদায় পক্ষপাতিত্বমূলক আচৰণ কৰিছিল৷ সকলো কথাতে গুৰু অঙ্গিৰসে পুতেক বৃহস্পতিকহে গুৰুত্ব দিছিল৷ কিছুদিনৰ ভিতৰতেই এই পক্ষপাতিত্বমূলক আচৰণৰ বিৰোধিতা কৰি শুক্ৰ‌ই অঙ্গিৰসৰ আশ্ৰম ত্যাগ কৰি ঋষি গৌতমৰ টোলত ভৰ্ত্তি হৈছিল৷ পিছলৈ মেধাবী শুক্ৰ‌ই শিৱৰ আৰাধনাৰ যোগেৰে মৃত-সঞ্জিৱনী বিদ্যা আয়ত্ত কৰি তেওঁৰ অসাধাৰণ মেধাৰ পৰিচয় দিছিল৷

শুক্ৰাচাৰ্য্য‌ই মৃত-সঞ্জিৱনী বিদ্যা আয়ত্ত কৰিবলৈ হিমালয় পৰ্বতলৈ গৈছিল৷ মৃত-সঞ্জিৱনী বিদ্যা আয়ত্ত কৰাৰ নিমিত্তে শিৱক আৰাধনা কৰি থকা সময়তেই দেৱতা আৰু দৈত্যৰ মাজত যুদ্ধ হৈছিল৷ উক্ত যুদ্ধত পলায়ন কৰি কিছুমান দৈত্য‌ই দেৱতাসকলৰ আক্ৰমণৰ পৰা পৰিত্ৰান পাবলৈ, মহৰ্ষি ভৃগুৰ আশ্ৰমত আশ্ৰয় গ্ৰহণ কৰে৷ সেইসময়ত আশ্ৰমত অকল শুক্ৰৰ মাক কাব্যমাতাহে উপস্থিত আছিল৷ দেৱতা সকলে আশ্ৰমৰ ভিতৰত মৃত্যুভয়ত তটস্থ আৰু ভীতিগ্ৰস্ত দৈত্য সকলক আক্ৰমণ কৰিব এৰা নাছিল৷ শুক্ৰৰ মাক কাব্যমাতাই নিজৰ অলৌকিক আৰু তেজস্বী শক্তিৰ দ্বাৰা আশ্ৰিত দৈত্য সকলৰ ৰক্ষাৰ দায়িত্ব পালন কৰাৰ উদ্দেশ্যে দেৱতাসকলক বৰ বেয়াকৈ পৰাস্ত কৰি খেদি পঠিয়াই৷ এই ঘটনাৰ পিছত দেৱতা সকলে ভগৱান বিষ্ণুক প্ৰৰোচিত কৰি উত্তেজিত কৰি তোলে৷ বিষ্ণুই কাব্যমাতাক সাধাৰণ অস্ত্ৰেৰে পৰাজিত কৰিব নোৱাৰি, সুদৰ্শন চক্ৰৰ জৰিয়তে শিৰশ্ছেদ কৰে৷
ঘটনাৰ উমান পাই মহৰ্ষি ভৃগু আশ্ৰমলৈ লৱৰি আহে আৰু নিজৰ আধ্যাত্মিক বল আৰু যোগ বলেৰে কাব্যমাতাৰ শিৰসংযোগ কৰি পূনৰ্জীৱন দান কৰে৷ মহৰ্ষি ভৃগুই, ভগবান বিষ্ণুক স্ত্ৰীহত্যা কৰাৰ পৰিণাম স্বৰূপে, বিষ্ণুই মুঠ সাতবাৰ মৰ্ত্তলোকলৈ আহি মনুষ্যযোণীত জন্মগ্ৰহণ কৰি প্ৰায়শ্চিত্ত কৰিব লাগিব বুলি অভিশাপ দিয়ে৷

কিছুদিন পিছত মৃতসঞ্জিৱনী বিদ্যাৰে সমৃদ্ধ হৈ শুক্ৰ নিজৰ পিতৃগৃহলৈ হৈ উভতি আহি এই ঘটনাৰ সবিশেষ জানি দেবতাকূল সমন্বিতে ভগবান বিষ্ণুৰ আচৰণত কিছু পৰিমাণে ক্ষুব্ধ হৈ পৰিল যদিও তেও মনে মনে আছিল৷ সেই সময়তেই দেৱতা সকলে কূল-গুৰু নিৰ্বাচনৰ প্ৰক্ৰিয়া চলালে৷ দেৱগুৰু হব পৰাকৈ জ্ঞান, বিদ্যা, বুদ্ধি আদি সকলো দিশৰ পৰা শুক্ৰৰ বাহিৰে দ্বিতীয়জন কোনো নাছিল৷ কিন্তু অঙ্গিৰসৰ সম্পৰ্ক দেবতাসকলৰ সতে মধুৰ আছিল আৰু এইবাবেই যোগ্যতাৰ মাপদণ্ড পৰিহাৰ কৰি স্বজন-তোষণৰ ফলশ্ৰুতিৰূপে শুক্ৰতকৈ কম যোগ্যতাৰ অধিকাৰী বৃহষ্পতিক দেৱগুৰু ৰূপে নিয়োজিত কৰা হয়৷ এই ঘটনাই শুক্ৰক বৰ আঘাত দিয়ে, শৈশৱ তথা কৈশোৰ কালৰ পৰা বৃহস্পতিয়ে কৰা বঞ্ছনাই শুক্ৰক প্ৰতিশোধ পৰায়ণ কৰি তুলিলে৷ দেৱতাসকলৰ লগতে বিষ্ণুক নিজৰ শত্ৰু বুলি ধৰি লৈ তেও‍ঁ নিজকে দৈত্যসকলৰ গুৰু হিচাবে নিয়োজন কৰিলে৷

মহাভাৰত খ্যাত পিতামহ ভীষ্ম‌ই শুক্ৰাচাৰ্য্যৰ পৰা ৰাজনীতিৰ শিক্ষা গ্ৰহণ কৰিছিল৷ এই কথা মহাভাৰতৰ শান্তিপৰ্ব্বত উল্লেখ আছে৷ শৰ-শৰ্য্যাগত পিতামহ ভীষ্ম‌ই শুক্ৰাচাৰ্য্যৰ পৰা পোৱা ৰাজনীতি-জ্ঞান যুধিষ্ঠিৰক দান কৰিছিল৷

“শুক্ৰ নীতি“ কৌটিল্যৰ অৰ্থশাস্ত্ৰ বা মেকিয়াভেলীৰ “দ্য প্ৰিন্স“ ৰ দৰেই মূলতঃ ৰাজনীতিৰ গ্ৰন্থ৷ এই গ্ৰন্থখনত মুঠ ২০০০টা শ্লোক আছে আৰু ইয়াত ধৰ্ম, অৰ্থ, কাম, মোক্ষ, সৈন্য, ব্যৱস্থা, ৰাজ কাৰ্য্য, জীৱন শৈলী আদি বিষয়ৰ ওপৰত আলোকপাত কৰি সামাজিক, ধাৰ্মিক আৰু ৰাজনৈতিক বিষয়বস্তুক সন্নিৱিষ্ট কৰা হৈছে৷ তাৰে কিছুমান জীৱন ধাৰণৰ দৰ্শনৰ ভিত্তিত নীতি বা উপদেশ কেইটামান তলত উল্লেখ কৰা হ’ল৷

১) যিহেতু কেৱল এগৰাকী নাৰীৰ নাম শুনিলেই পুৰুষৰ মন পুলকিত হৈ পৰে আৰু বিচাৰ-ধাৰা তীব্ৰ লালসাৰে পূৰ্ণ হৈ পৰে, তেনেস্থলত চকুৰ চেলাউৰি নচুৱাই ফুৰা সুন্দৰী নাৰী দেখিলে কিয় আকৰ্ষিত নহব?

২) যিগৰাকী নাৰীয়ে নিজ দক্ষতাৰে ভাতমুঠি মোকলাব জানে, যিগৰাকী মৃদু তথা মধুৰভাষিনী, আন্তৰিক আৰু সস্নেহ ৰসবোধসম্পন্না, তেনে এগৰাকী নাৰীয়ে পুৰুষৰ হৃদয় দখল কৰিবলৈ সক্ষম নিশ্চয় হব৷

৩) পৰস্ত্ৰীৰ প্ৰতি থকা দুৰ্বলতাৰ বাবেই বহু পুৰুষ যেনে ইন্দ্ৰ, দণ্ডক, নহুষ আৰু ৰাৱণ আদিৰ পতন হৈছিল৷

৪) ৰজাৰ পৰস্ত্ৰীৰ প্ৰতি ’লালসা’, অন্য লোকৰ সম্পত্তিৰ প্ৰতি ’লোভ’ আৰু ৰজাই ’খঙ’ৰ বশৱৰ্তী হৈ কোনো অধীনস্থ ব্যক্তিক শাস্তি বিহাটো উচিত নহয়৷ লালসা, লোভ আৰু খঙেই হৈছে অধঃপতনৰ মূল কাৰণ৷

৫) নাকৰ ভিতৰ আঙুলি সোমাই নাক চাফা কৰা মানুহজনে, আঙুলিৰে মাটিত ৰেখা অঙ্কন কৰা বা মাটি খন্দা কাম অথবা মূৰো খজুৱাব নাপায়৷

৬) পত্নী, পূত্ৰ, ব্যাধি, ভৃত্য, ঘৰচীয়া জন্তু, সম্পত্তি, জ্ঞান, পাঠ্যক্ৰম আৰু কোনো সৎ মানুহৰ সেৱাৰ প্ৰতি এক মুহূৰ্তৰ বাবেও উদাসীন হোৱাটো উচিত নহয়৷ প্ৰত্যেকেই এই আটাইবোৰৰ প্ৰতি দায়িত্বশীল হোৱা উচিত৷

৭) শত্ৰুৰ মাজতো যদি ভাল গুণ থাকে তেনেহলে তেনে গুণাৱলীক আঁকোৱালি লৈ তেনে শত্ৰুক সন্মান জনোৱা উচিত৷ আনহাতে যদি শিক্ষক বা গুৰুৰ মাজতো বেয়া গুণ থাকে তেন্তে অতি শীঘ্ৰে তেওঁক প্ৰত্যাখ্যান কৰা উচিত৷

৮) অতি অত্যুৎসাহী লোকে, নভবা-নিচিন্তাকৈ, ফলাফলৰ কথা চিন্তা নকৰি, লৰালৰিকৈ কামটো কৰিবলৈ গৈ, কামটো কৰাৰ সময়ত অথবা কামটোৰ ফলস্বৰূপে মাথোঁ দুখহে অৰ্জন কৰে৷

৯) নাৰীৰ বশৱৰ্তী তথা নিয়ন্ত্ৰনাধীন, ঋণত পোত গৈ থকা, চৰম দাৰিদ্ৰ্যত ভোগা, গুণহীন আৰু ধনহীন ব্যাক্তি জীয়াই থাকিও, এজন মৃতকতকৈয়ো অধম৷

১০) প্ৰত্যেক মানুহে কেইটামান তথ্য সদায় গোপনে ৰাখিবলৈ যত্নবান হোৱা উচিত৷

☝নিজৰ বয়স৷
☝নিজৰ সা-সম্পত্তি৷
☝নিজৰ ঘৰুৱা কন্দল৷ ☝ঈষ্ট-মন্ত্ৰ৷
☝নিজৰ যৌণ-জীৱন৷
☝ঔষধি
☝দান কাৰ্য্য৷
☝সমাদৰ৷
☝অনাদৰ৷

ওপৰোক্ত এই নটা বিষয়লৈ আনৰ সতে কেতিয়াও আলোচনা কৰা উচিত নহয়৷

১১) এই পৃথিৱীত কোনেও জন্মসূত্ৰে বাহ্মণ, ক্ষত্ৰিয়, বৈশ্য অথবা শূদ্ৰ হব নোৱাৰে৷ আচলতে মানুহক আচৰণ, সংস্কাৰ কৰ্ম্ম‌ আৰু কৃতিয়েহে ব্ৰাহ্মণ বা শূদ্ৰ হিচাপে পৰিগণিত কৰে৷

১২) যি গৰাকী ব্যক্তিয়ে নিজ বুদ্ধিমত্তাৰে, নিজ আশ্ৰিত মানুহখিনিক সুৰক্ষা দিবলৈ সক্ষম, নিজৰ ইন্দ্ৰিয়ক যিজনে নিয়ন্ত্ৰণ কৰিব জানে আৰু যিজনে স্বাভাবিকৰূপে দোষীক শাস্তি দিবলৈ সমৰ্থবান, তেনে ব্যাক্তিক ক্ষত্ৰিয় বুলি কোৱা হয়৷

১৩) এই পৃথিৱীত বেচা-কিনাত পটু তথা দৈনন্দিন জীৱনত ব্যৱসায়, পশুপালন, কৃষিকাৰ্য্য কৰি জীৱন নিৰ্বাহ কৰা ব্যক্তি সকলক বৈশ্য বুলি কোৱা হয়৷

১৪) বৰ্তমানৰ জনমত এজন মানুহৰ সৎ বা অসৎ কাম কৰাৰ সামৰ্থ্য বা অসমাৰ্থ্য, মানুহ গৰাকীৰ পূৰ্বজনমত কৰা কৰ্ম্ম অনুসৰি নিৰ্দ্ধাৰিত হয়৷

পূৰ্বজনমত কৰা কৰ্ম্ম অনুসৰি, তেওঁৰ মন মগজু পৰিচালিত হয় আৰু সেইমতেই তেখেতে ভাল বা বেয়া কাম কৰি কৰ্ম্মফলৰ সন্মুখীন হয়৷

১৫) কৰ্ম্মফলৰ সন্মুখীন হোৱাৰ সময়ত মানুহৰ মনৰ গতি সলনি হয়৷ অদৃষ্ট বা নিয়তিৰ বিধান অনুসৰি বন্ধুপ্ৰাপ্তি (সৎ বা অসৎ) হয়৷

১৬) এই জগতত সকলো কাৰ্য্য অদৃষ্ট (নিয়তি) আৰু পৰিশ্ৰমৰ (কৰ্ম্ম) ভিত্তিত নিৰ্ণয় হয়৷ পূৰ্ব্বজনমৰ কৰ্ম্মফলক ’নিয়তি’ আৰু বৰ্তমান জীৱনত কৰা কাৰ্য্যক ’পুৰুষাৰ্থ’ বুলি কোৱা হয়৷

সেয়েহে কৰ্ম্মক আচলতে দুইধৰণে ভাগ (অদৃষ্ট আৰু কৰ্ম্ম) কৰিব পাৰি আৰু এই দুইটাৰ (অদৃষ্ট আৰু কৰ্ম্ম) মাজত যিটো প্ৰভাবশালী বুলি সাব্যস্ত হয়, তাৰ ওচৰত আনটোৱে বশ্যতা স্বীকাৰ কৰে৷ কৰ্ম্মৰ ফলাফলক বিশ্লেষণ কৰি বা অন্য কোনো উপায়েৰে অদৃষ্ট আৰু কৰ্ম্মৰ শক্তিক চিনাক্তকৰণ কৰা সম্ভৱ নহয়৷

১৭) অদৃষ্ট বা ভাগ্য যদি পৰিবৰ্তন নহয় তেনেস্থলত দূৰাচাৰ আৰু দূৰ্জনক নিৰ্মূল কৰা সম্ভৱ নহয় কিন্তু পৰিশ্ৰমৰ (কৰ্ম্ম) দ্বাৰা আনকি অদৃষ্টকো (নিয়তি) সলনি কৰা সম্ভৱ৷

১৮) যদি অদৃষ্ট কাৰোবাৰ প্ৰতিকূল হয় তেনেস্থলত আটাইতকৈ পৱিত্ৰ তথা গুণসম্পন্ন কাৰ্য্য‌ইয়ো ভাল ফল দেখুৱাব নোৱাৰে৷ দৈত্য ৰজা বলী, ইমান দানশীল হোৱাৰ পিছতো পতন হৈছিল আৰু ৰজা হৰিশ্চন্দ্ৰ সত্যবাদী হৈয়ো চণ্ডালৰ কামত নিয়োজিত হবলগীয়া হৈছিল৷

১৯) সৎ কাৰ্য্যৰ ফল সদায় ভাল আৰু অসৎ কাৰ্য্যৰ ফল সদায় বেয়া৷ সৎ কাৰ্য্য কৰাৰ পিছতো যদি কেনেবাকৈ বেয়া ফল ওলায় তথাপিও শাস্ত্ৰৰ বিধান অনুসৰি সদায় সৎ কাৰ্য্য কৰি যোৱা উচিত আৰু কু-কাৰ্য্য পৰিহাৰ কৰা উচিত৷

২০) যিজনে জুই লগাই দি ধ্বংস কৰে, যিজনে বিহ দি হত্যা কৰে, যিজনে নিচাগ্ৰস্ত বা অপ্ৰকৃতিস্থ ব্যক্তিকো তৰোৱালৰ বলেৰে হত্যা কৰিবলৈ সদা প্ৰস্তুত, যিজনে পৰৰ সম্পত্তি লূট-পাট কৰে, যিজনে পৰৰ কৃষিক্ষেত্ৰ আৰু পৰস্ত্ৰী হৰণ কৰে, তেনে লোকক আততায়ী বা স্বেচ্ছাচাৰী শাসক বুলি কোৱা হয়৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments