নীতি-নিকুঞ্জ (সম্পাদনা আৰু লেখন: অজ্ঞাত উৎস)-পংকজ বৰা

“নীতি-নিকুঞ্জ” এখন চৰিত্ৰ-পাঠ বা মানুহৰ বিশেষকৈ শিশুৰ চৰিত্ৰ অধ্যয়নৰ এখন ক্ষুদ্ৰ হাত-পুথি | এই পুথিখন ১৯৬৩-৬৪ চনমানত সৰুতে মোৰ মাই মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ-পঞ্চম শ্ৰেণীত থাকোঁতে পাঠ্যপুথিৰ বিষয় হিচাপে অধ্যয়ন কৰিছিল | কালৰ কুটিল গতিত এই ক্ষুদ্ৰ পুথিখন বহু কণ-কণ মইনাৰ হাত বাগৰুতে বাগৰুতে ইয়াৰ বকলাটো (বেটুপাত) আৰু আগ কথাৰ লগতে সম্পাদনা, সূচী, লেখক বা সংগ্ৰাহক আদিৰ বিষয়ে থকা পৃষ্ঠাকেইটাও ফালি-ছিড়ি আদায় হৈছিল বোধ হয় | সেয়ে ৮০’দশকৰ শেষৰ কোনোবাটো বছৰত ককাৰ গাৱঁৰ পুৰণি কিতাপৰ আলমাৰীটোৰ পৰা যেতিয়া এই পুথিখন মোৰ হাতত পৰিছিলহি তেতিয়াৰ পৰাই এই পুথিখনৰ আগ পৰিচয়টো জনা নহ’ল | গুৰুত্বহীনতাৰ কৱলত পৰাৰ বাবে বোধকৰো কাৰোৰে পৰা এই বিষয়ে একো সঁহাৰিও নাপালো | ইয়াত থকা পাঠকেইটা কিন্তু সম্পূৰ্ণ সুৰক্ষিত হৈ আছে | পাঠকেইটাৰ কাষত কোনো লেখকৰ নামো উল্লেখ নাই | কোনো সদাশয় ব্যক্তিৰ পৰা “নীতি-নিকুঞ্জ” পুথিখনৰ আগ-পৰিচয়ৰ বিষয়ে যদি জানিব পাৰোঁ নথৈ আনন্দিত হ’ম | আজিৰ দিনত চৰিত্ৰ-পাঠ হৈছে এখন এৰা বাৰি আৰু ঘৰৰ দৰে | জহি-খহি গৈ মাটিৰ লগত মিলি যোৱাৰ আগতেই এসময়ৰ সুন্দৰ ঘৰ আৰু বাগিছাখন যাতে পূনৰ ঠন ধৰি উঠে আৰু তাত শিশুৰ কলৰৱ শুনিব পাৰোঁ তাৰ আশাতে তলত পাঠকেইটি আগবঢ়োৱা হ’ল |

 

নীতি-নিকুঞ্জ

 

ল’ৰা-ছোৱালীৰ কৰ্ত্তব্য

(বিদ্যালয়ত)

 

ৰংজুলি পঢ়াশালি

 

ঘৰ এৰি মাথোঁ

তিনি কি. মি. গ’লে  ( কি. মি. = কিলোমিটাৰ )

ৰংজুলি পঢ়াশালি |

কাষতে দেখিবা

খেলৰ পথাৰ

ৰাজহুৱা তিনি-আলি ||

 

শিলিখা-ভোমোৰা (?)

আম-আমলখি

আছে ঢাপে-ঢাপে ৰোৱা |

ত্ৰিফলা বিচাৰি

নেলাগে কৰিব

আনলৈ অহা-যোৱা ||

 

টোল সোমালেই

বলে ৰিবি ৰিবি

এছাটি সৰগী বা |

মন শুচি হয়

চকু জুৰ পৰে

হৰষে পৰশে গা ||

 

ফুল-ৰাণীহঁতে

বতাহত সিঁচি

সুৱদি ফুলৰ বাস্ |

গায় হালি-জালি

আনন্দৰ গীত

ধৰি নানা লয়লাস ||

 

জ্ঞানৰ পৱিত্ৰ

মন্দিৰ ভাবেৰে

মনেৰে প্ৰণাম কৰি

আমিও সোমাওঁ

ধুলি-বালি লগা

শুচি কৰি দুটি ভৰি ||

 

শেণীত সোমাই

বন্ধু-বান্ধবীক

লগাওঁ এষাৰি মাত |

প্ৰাৰ্থনা শেষত

বহোঁ আসনত

শুনিলে কাঁহৰ মাত ||

 

শিক্ষক সোমালে

প্ৰণাম জনাওঁ

সকলোটি থিয় হৈ |

নিদিলে আদেশ

নবহোঁ পুনৰ

বাট চাওঁ আজ্ঞালৈ ||

 

লিখাৰ বেলিকা

লিখোঁ মনপুতি

পঢ়াৰ বেলিকা পঢ়োঁ |

শিক্ষকৰ কথা

কাণ পাতি শুনো

মন গ’লে টোকা কৰোঁ ||

 

থান-থিত মতে

থওঁ ফলি-পুথি

হাত দিলে যাতে পাওঁ |

একাঁঠু নকৰোঁ

শ্ৰেণীৰ কোঠাটি

ক’তো চেকা নলগাওঁ ||

 

তয়া-তোকা কৰি

বন্ধু-বান্ধৱীৰ

নিদিওঁ মনত দুখ |

যিখিনি সহায়

দিব পাৰোঁ দিওঁ

বঢ়াই পৰৰ সুখ ||

 

বগা বেৰ-চাল

কুন্ধচ নকৰোঁ

আবৰি-বিবৰি লিখি |

শ্ৰেণীৰ দুৰ্নাম

গাব কোনোবাই

হয়তো এদিন দেখি ||

 

কাৰোবাৰ প্ৰতি

অন্যায় কৰিলে

বিচাৰোঁ আগতে ক্ষমা |

ক্ষমাতে মৰম

ক্ষমাতে ধৰম

ক্ষমাতে পৃথিৱী পমা ||

 

মোৰ পঢ়াশালি

মোৰ লগৰীয়া

মোৰ শ্ৰেণী, মোৰ দেশ |

মোৰ স্বভাৱতে

সোণত সুৱগা

মধুময় পৰিৱেশ ||

 

 

“ল’ৰা-ছোৱালীৰ কৰ্ত্তব্য”

(ঘৰত)

 

মণিৰাম আৰু সুমলা, দুয়ো এখন উচ্চ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী | বয়সত সুমলা মণিৰামতকৈ মুঠেই দুবছৰৰ সৰু | সুমলাৰ বয়স ন বছৰ | ঘৰত মাক আৰু পিতাদেৱেকৰ বাদে আন কোনো নাই | ধনে-ধানে চহকী নাছিল যদিও তেওঁবিলাকৰ ঘৰখন আছিল শান্তিপূৰ্ণ |

 

সেইদিনা আছিল জেঠৰ সপ্তম দিন | পিছদিনাৰ পৰা বিদ্যালয়ৰ দীঘলীয়া জহৰ বন্ধ আৰম্ভ হ’ব | ভৰ দুপৰৰ আগে আগে বিদ্যালয় ছুটী হোৱাত ককায়েক-ভনীয়েক দুয়ো ঘামি-জামি গাল-মূখ ৰঙা হৈ ঘৰ পালেহি | ঘৰত দেখে মাক-পিতাদেৱেক দুয়ো দুফালে দুখন পাটীত কেঁকাই-গেঠাই পৰি আছে |

 

কাৰণ সুধি দুয়ো জানিব পাৰিলে যে মাকৰ আগৰ ফুৰণি বেমাৰ উকাইছে আৰু পিতাদেৱেকৰ সোঁ-ভৰিত কোৰৰ চাব্ পৰি এডোখৰ দ ঘা লাগিছে | পিতাদেৱেক গৈছিল বৰষুণত জেকি থকা গোহালি ঘৰটোৰ ভেটিত জুৰজুৰীয়া মাটি দুপাচিমান দি ফৰ্‍ফৰীয়া কৰিবলৈ |দুৰ্ভাগ্যৰ বাবেই হওক বা আন কাৰণতেই হওক এপাচি মাটি গোহালিত বাকি, দ্বিতীয় পাচি ভৰাব খোজোঁতেই হঠাতে কোৰৰ চুকটো ভৰিত পৰি তেওঁৰ সেই দুৰ্ঘটনা হ’ল |

 

মণিৰাম সুমলাই ৰাতিপুৱা খাই গৈছিল চুৰ্চুৰীয়াকৈ একোটি আখৈ-গুড়িৰ জলপান | দুয়ো বাটে বাটে ভাবি আহিছিল, ঘৰ পাই এমুঠি খাই উঠি জহৰ বন্ধত শিক্ষকে ঘৰত কৰিবলৈ দিয়া কামৰ দিহা-যুগুতি কৰিব | ঘৰ আহি পালতে মাকে চকুৰ পানী টুকি টুকি পিতাদেৱেকৰ দুৰ্ঘটনাৰ কথা কোৱাত দুয়োটি ল’ৰা-ছোৱালীয়ে বৰ বেজাৰ পালে; কিন্তু তত্‍ক্ষণাত্‍ দুয়ো সাজ-পাৰ সলাই মাক-পিতাকক প্ৰতিপাল কৰাত লাগি গ’ল |

 

খন্তেকৰ পাছতে মণিৰামে বাজ-চোতালৰ শুকান চাই খৰি একুৰা ৰান্ধনি-শালত থ’লেগৈ আৰু সুমলায়ো গা-পা ধুই, খৰ-ধৰ কৰি চৰুলৈ জাল নি ৰন্ধা-বঢ়াত লাগিল |

 

পৰি থকা অৱস্থাৰ পৰা মাকে দিয়া দিহামতে সুমলা কামত লাগি গ’ল | ইফালে গোহালি-ঘৰৰ আধৰুৱা কামখিনি শেষ কৰি, গা-পা ধুই মণিৰামো ভিতৰ সোমালহি |

 

এঘন্টামান পাছত ককায়েক-ভনীয়েক দুয়ো মাক-পিতাকক ভাত-পানী খুৱাই-বোৱাই লৈ নিজে খাবলৈ বহিল | সেইদিনা দুয়োৰে ভাত নহয় যেন অমৃত | কৰ্ত্তব্য কাম সমাধা কৰাৰ পাছত খোৱা-বোৱা কৰাৰ যি আনন্দ তাক বুজে অকল কৰ্ত্তব্য কৰোঁতাই |

 

খোৱা-বোৱাৰ পাছ্ত কাঁহী-বাটি ধুই, মজিয়া অঁতাই দুয়ো মাক-পিতাকৰ ওচৰত বহোঁতেই সুমলা-মণিৰামে পদুলি-মুখত কেইটিমান লগৰীয়াৰ মাত শুনিলে | দুয়ো ওলাই গৈ দেখে সেইদিনা নগৰত হ’বলগীয়া এখন ফুটবল খেল চাবলৈ সমনীয়াহঁত সাজ-পাৰ পিন্ধি ওলাই আহিছে | খেলখন হ’ব অসম আৰু পঞ্জাৱৰ খেলুৱৈহঁতৰ মাজত | ছাত্ৰ-ছাত্ৰীহে নালাগে, বয়সিয়াল মানুহো খেল চাবলৈ উত্ৰাৱল | সুমলা আৰু মণিৰামক কোনোপধ্যে খেললৈ মন মেলাব নোৱাৰি এজনী বান্ধৱীয়ে ক’লে, “হেৰা সুমলা, মাৰা-বাপেৰাক সদায় পাবা, এইহেন খেলখন পাবা ক’ত ?” তাৰ উত্তৰত মণিৰামে ক’লে, “বাইদেউ, বৰলাট চাহাবক ছাৰ আশুতোষ মুখোপাধ্যায়ে হেনো কৈছিল বৰলাটেই হওক বা আন কোনো ডাঙৰ মানুহেই হওক, তেওঁৰ মাকতকৈ কোনো ডাঙৰ হ’ব নোৱাৰে | এতিয়াও আমি আই-পিতাদেউক ৰোগৰ শয্যাত এৰি থৈ মানুহৰ ফুটবল খেলহে নালাগে দেৱতাৰ সোণৰ ধোপ-খেলকো চাবলৈ নাযাওঁ | বেয়া নাপাবাহঁক দেই |”

 

সমনীয়াহঁতে খেল চাবলৈ গ’ল আৰু সুমলা-মণিৰামো মাক-পিতাদেৱেকৰ কাষলৈ ঘূৰি আহিল | এনেতে আবেলি হ’লত ভনীয়েকক ঘৰত থৈ মণিৰাম ডাক্তৰৰ ওচৰলৈ গ’ল | ভনীয়েকেও থাপ্‍ মাৰি মাৰি ইখন-সিখনকৈ, গধুলিলৈ ল’গা পানী-দুনী, শাক-পাচলি, চাউল-পাত সকলোৰে যোগাৰ কৰিলে আৰু পিতাদেৱেকে নিতৌ দিয়াৰ দৰে গৰুকো দানা-পানী দি গোহালিত ঠায়ে-ঠায়ে বান্ধি থ’লে |

 

সন্ধ্যাৰ ল’গে-ল’গে ঔষধ-পাতি লৈ মণিৰাম ঘৰ পালেহি | দুয়ো আগৰ দৰেই মাক-পিতাদেৱেকক খুৱাব আৰু ঘঁহিবলগীয়া দৰব-জাতিৰে শুশ্ৰুষা কৰিলে আৰু আহাৰো কৰালে |

 

ৰাতি সুমলাই মাকৰ আৰু মণিৰামে পিতাকৰ ওচৰতে শুবলৈ দিহা কৰি ল’লে | মাকে টোপনি নৌ-যায়, এনেতে পুতেক-জীয়েক দুয়োটিয়ে ওচৰতে বহি মাকক শুধিলে, “আই, ঘৰখন ’সুখৰ ঘৰ’ কৰিবলৈ হ’লে ল’ৰা-ছোৱালীয়েনো কি কি কৰিব লাগে, আমাক কোৱাঁচোন |” সাদৰী মাকে চেনেহৰ হাতখন জীয়েকৰ মূৰত বুলাই সুৱদি মাতেৰে ক’বলৈ ধৰিলে, “সোণজনী মোৰ, ’সুখৰ ঘৰ’ বুলি সুকীয়াকৈ ঘৰ এখন সংসাৰত নাই | সুখ ভিকহুৰ টোকোৰা-পঁজাতো থাকিব পাৰে আৰু ৰজাৰ কাৰেঙতো তাৰ নাম-গোন্ধ নাথাকিব পাৰে |”

 

“কেনেকৈ আই ?” –বুলি সুমলাই মাকৰ মুখলৈ চালে |

মাকে পুনৰ সেইদৰেই উত্তৰ দিলে, “আই ঔ, যিখনি সুখৰ ঘৰ, তাত পঢ়াৰ উপৰিও ল’ৰা-ছোৱালীয়ে সকলো কামতে মাক-বাপেকক সহায় কৰে | সুখৰ ঘৰখনত কাৰো মুখত কেটেৰা-জেঙেৰা মাত নাই | বাই-ভনী, ককাই-ভাইৰ ভিতৰত নথৈ মিলা-প্ৰীতি | সেইখনি ঘৰত কাকো কেৱে আঁৰ কৰি নাখায় | ভাল বস্তু এপদ পালে আঁতৰি থকাটিলৈকো সাঁচি থয় | কোনো ল’ৰা-ছোৱালী বা ডাঙৰৰ মুখতো শাও-শপনি নোলায় |ঘৰৰ গৃহস্থ-গৃহিনীয়েও গৰু-গাই, ল’ৰা-ছোৱালীক লঘোনত থৈ আহাৰ নকৰে | আটাইতকৈ ডাঙৰ কথা – কি ল’ৰা, কি বুঢ়া কেৱে কৰ্ত্তব্যলৈ নাপাহৰে | এনেখন ঘৰেই ’সুখৰ ঘৰ’ |”

পাঠটিৰ ওপৰত আধাৰিত প্ৰশ্নঃ

(১) ল’ৰা-ছোৱালীয়ে মাক-বাপেকক কি ধৰণেৰে সহায় কৰিব পাৰে ?

(২) ঘৰত কাৰোবাৰ অসুখ-বিসুখ হ’লে তুমি কি কৰিবা ?

(৩) তোমাৰ ভায়েৰা-ভনীয়েৰাহঁতৰ প্ৰতি কেনে ব্যৱহাৰ কৰা উচিত ?

(৪) ল’ৰা-ছোৱালীৰ কেনে ধৰণৰ ব্যৱহাৰত মাক-বাপেকে মনত আঘাত পায় ?

(৫) আপোন-পেটা স্বভাৱ বুলিলে তুমি কি বুজা ?

(৬) খেল-ধেমালি কোন সময়ত কৰিব লাগে ?

(৭) সুখৰ ঘৰ বুলিলে কি বুজা ?

(৮) “কৰ্ত্তব্যৰ প্ৰতি অৱহেলা নকৰিবা |” – এই বাক্যটিৰ অৰ্থ বুজাই দিয়া

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments