নীলপৰীৰ দেশত সন্ধিয়াৰ দবা ( অমিতাভ মহন্ত )

Neelporir Dexot Xondhiar Doba_Amitabh Mahanta

 

 

 

যুদ্ধক্ষেত্ৰত এজন এজনকৈ ৰণত পৰিছে৷ সামান্য দুই-এটা সৈন্য লৈ ৰজাই অকলেই যুঁজিবলৈ বৃথা চেষ্টা কৰিছে৷ ইতিমধ্যেই ৰজাক বিপক্ষই চাৰিওফালৰপৰা ঘেৰি ধৰিছে৷ বিপক্ষৰ মন্ত্ৰীজনা ৰজাৰ একেবাৰে ওচৰত৷ অপেক্ষা মাত্ৰ এটা চালৰ……

– চেহ্ !! বাচিবলৈ একো সুৰুঙাই নাৰাখিলা দেখোন!

ডিচেম্বৰৰ এটা সেমেকা সন্ধিয়া৷ দবা খেলৰ ব’ৰ্ডখন সন্মুখত লৈ বহি আছে দুয়োজন৷ খাৰঘূলি পাহাৰৰ প্ৰফেছাৰৰ ঘৰৰ খিৰিকীৰে লাহেকৈ নামি আহিছে শীত৷ এৰী চাদৰখন ভালদৰে মেৰিয়াই লৈ ঠাণ্ডা হৈ যোৱা চাহত চুমুক দিলে তেওঁ৷ আকৌ এবাৰ ভালদৰে চাই ল’লে, কিজানি বাচিবলৈ সুৰুঙা ওলায়েই৷ সন্মুখৰ চকুহালে আগ্ৰহেৰে চাই আছে৷ হয়তো নতুন কিবা জনাৰ আগ্ৰহ, কিবা আশা……

– এই গেম ঠিক নহ’ল বুজিছা৷ আৰম্ভণিতেই কেনা লাগিল নহয় এইবাৰ৷ দিয়া আকৌ এবাৰ নতুনকৈ খেলোঁ৷ সময় আছে নহয় তোমাৰ?
– আছে ছাৰ৷ হোষ্টেলত এতিয়াই গৈ কিনো কৰিম৷
– গুড৷ এইবাৰ হৰুৱাব লাগিল তোমাক৷ এইবাৰ মই বগা গুটি ল’ম দেই৷

প্ৰথম চালটো আগুৱাই দিলে প্ৰফেছাৰে৷

– ছাৰ, এইযে চাহজাহানৰ কথা কৈ আছিলোঁ, চাহজাহানে বাৰু নিজৰ সন্তানৰ মাজত কোনোবাজনক হয়তো বেছি ভাল পাইছিল৷ হয়তো……

– একেআষাৰে কোৱা মুস্কিল৷ ডাঙৰ পুত্ৰ দাৰা আছিল এজন বিদ্বান লোক, এইফালে চুজা আৰু মুৰাদ আছিল অদূৰদৰ্শী, নিচাখোৰ, কাজিয়াখোৰ আৰু যে কত কি……
– কিন্তু আমি পঢ়ি শুনি যিখিনি বুজিছোঁ, তাৰপৰা অনুমান কৰিব পাৰি যে আৰম্ভণিৰ ফালে ঔৰঙ্গজেৱৰ এনেকুৱা বদগুণ নাছিল৷ তথাপি কিদৰে…
– সিংহাসনৰ লোভ ডেকা ল’ৰা, সকলোবোৰ সিংহাসনৰ লোভ৷ চাবলৈ গ’লে জাহানাৰাও সমানেই যোগ্য আছিল৷ কিন্তু সেয়া আছিল পুৰুষতান্ত্ৰিক সমাজ৷ অৱশ্যে জাহানাৰাই নিজেও ৰাজপাটত বহিবলৈ মন মেলা নাছিল৷ দাৰাকেই ৰজা হোৱাটো কামনা কৰিছিল জাহানাৰাই৷

– তোমাৰ ঘোঁৰাটো গ’ল দেই ডেকাল’ৰা৷ এইবাৰ ফৰ্মত আহি গৈছোঁ৷ ৰক্ষা নাই তোমাৰ৷ হা: হা:

খন্তেকৰ বাবে পৰ্দাৰ সিপাৰে ছায়ামূৰ্তি এটাই নিজৰ উপস্থিতিৰ উমান দিলে৷ দেখ নেদেখ হাঁহি এটা বিয়পি পৰিল তাৰ মুখত৷ যি কাৰণত সি সুবিধা পালেই পদাৰ্থ বিজ্ঞানৰ কিতাপবোৰ এৰি ইতিহাসৰ এই ৰিটায়াৰ্ড প্ৰফেছাৰৰ ঘৰলৈ ঢাপলি মেলে, ঘণ্টাৰ পিছত ঘণ্টা ডবা খেলে, আলোচনা কৰে, গুচি যায় কোনো ইতিহাসৰ পৃষ্ঠাৰ মাজলৈ…… সেই কাৰণটো ছায়ামূৰ্তি হৈ পৰ্দাৰ আঁৰত খেলা কৰিছে৷ হয়তো কিছুসময় পিছতেই চাহ দুকাপ লৈ বাহিৰলৈ আহিব … তাই……তপত নিশ্বাস দুটাই বুকুৰ কোবটো ডাঙৰ কৰি তুলিলে তাৰ!

– মোৰ ঘোঁৰাটো গ’লে আপোনাৰ নাওখন খোৱাৰ ৰাস্তা একেবাৰে চিধা হৈ আছে ছাৰ৷ ভাবি-চিন্তি চাব আপুনি৷
– নাই নাই৷ এই জপিয়াই ফুৰা ঘোঁৰাটো বৰ ডেঞ্জাৰাছ৷ ইয়াক নাখালে পিছত বৰ বিপদ কৰে৷ এয়া গ’ল তোমাৰ ঘোঁৰা৷

– বুজিছা ডেকা ল’ৰা, দাৰাৰ চিন্তা, ভাৱনা অনেক আধুনিক আছিল৷ সময়তকৈ আগত চলিছিল দাৰা৷
– মই বিশেষ নাজানো ছাৰ৷ শুনিছিলোঁ সকলোৰে লগত সদ্ভাৱ আছিল দাৰাৰ৷

– সকলো ধৰ্মৰ মানুহৰ লগত দাৰাই মিলা-মিচা কৰিছিল৷ দাৰাৰ অত্যন্ত বিশ্বাসী অমৰ সিং আছিল এজন হিন্দু৷
– অমৰ সিং ৰাথোড়? কওকচোন তেওঁৰ বিষয়ে৷ মই জনাত দুয়োৰে চৰিত্ৰ আছিল বিপৰীত৷ দুয়োজন সঁচাকৈয়ে বন্ধু আছিলনে?
– ভালেই বন্ধু আছিল৷ অমৰ সিং নাথাকিলে হয়তো দাৰাৰ অৱস্থা বহু আগতেই বেয়া হ’লহেঁতেন৷
– কিন্তু ছাৰ আপুনিয়েই দেখোন ক’লে দাৰা ৰাজপাটৰ বাবে বেছি যোগ্য আছিল৷
– দাৰা হয়তো সুপ্ৰশাসক হ’ব পাৰিলেহেঁতেন৷ কিন্তু ঔৰঙ্গজেৱ আছিল এক সুনিপুণ যুঁজাৰু৷ দাৰাৰ সেই গুণ নাছিল৷ ফলত যুদ্ধত দাৰাৰ পৰাজয় ঘটিল৷
– ছাৰ শুনামতে এতিয়া যে দিল্লীত ঔৰঙ্গজেৱ পথ আছে তাতেই হেনো দাৰা পৰাস্ত হোৱাৰ পিছত তেওঁক চাৰিওফালে ঘূৰাই অপমান কৰা হৈছিল৷
– চাৰিওফালে ঘূৰোৱা কথাটো হয়, কিন্তু সেইটো বৰ্তমানৰ ঔৰঙ্গজেৱ পথটো হয়নে নহয় সঠিককৈ ক’ব নোৱাৰিম দেই৷ আজিকালিৰ খবৰবোৰত মছলা লগাতকৈ বেছি নহয়৷

– ছাৰ আপোনাৰ হাতীটো গ’ল৷
– এহ এহ, ধৰিবই নোৱাৰিলোঁ হে কোনফালেৰে লৈ গ’ল৷ বৰ ডাঙৰ ভুল হৈ গ’ল৷
– বাৰু ছাৰ এইযে দিল্লীৰ ঔৰঙ্গজেৱ পথটো কালাম ছাৰৰ নামেৰে কৰি দিলে, কিবা কামটো ভাল হোৱা যেন লাগিলেও মোৰ দেখোন হজম হোৱা নাই৷
– হাতীটো খাই নাৰ্ভাছ কৰি দিলা হে মোক৷ অ’ কি কৈ আছিলা? পথৰ নাম সলোৱা কথা? দেখাতটো ভালেই কাম৷ কালাম ছাৰক সন্মান আগতেই দিব লাগিছিল৷ কিন্তু কিবা এটা ‘কিন্তু’ ৰৈ গৈছে কোনোবাখিনিত৷ বৰ খেলিমেলি কাৰবাৰ এইবোৰ৷

অন্দৰমহলৰ টুং টাং টুকুৰা শব্দই তাৰ কাণত টুকুৰিয়ালে৷ চীনা মাটিৰ কাপ আৰু চামুচৰ এই যুগলবন্দী আজিকালি তাৰ অতিকে চিনাকী৷ টি পটটো লৈ পৰ্দা ঠেলি ওলাই আহিল তাই৷ নীলা টপটোৰ বহল হাতদুখনৰ মাজেৰে ওলাই অহা লিহিৰী আঙুলি দহটাই টেবুলখনত যেন কোমলতাৰ মেলা পাতিছে!  খন্তেকৰ চাৰি চকুৰ মিলনে বহু কিবাকিবি কৈ গ’ল…… নীৰৱে৷ তলমুৱা হৈ টেবুলত চাহৰ যোগাৰখিনি দি দেউতাকলৈ চালে তাই৷

– দেউতা, মন্ত্ৰীটো অলপ বাওঁফালে আনি থোৱা ভাল নেকি?
– কিয় মাজনী?
– গোটেইবোৰে একেলগে মন্ত্ৰীক আক্ৰমণ কৰিবলৈ সাজু কৰা যেন লগা নাইনে বাৰু তোমাৰ?

চকু তুলি তাইলৈ আকৌ এবাৰ চালে সি৷ এতিয়া মন্ত্ৰী তাৰ আয়ত্তৰ বাহিৰত৷

– এইকেইদিন ভৰলুৰ ফাললৈ গৈছা নে?
– হয় গৈ আছোঁ৷ কুমাৰপাৰাত ল’ৰা এটা পঢ়ুৱাবলৈ যাওঁ নহয় মই৷
– অ’ অ’, কৈছিলা তুমি৷ এইযে ব্ৰহ্মপুত্ৰৰ পাৰত লাচিতৰ বিয়াগোম মূৰ্তিটো স্থাপনৰ কাম চলি থকা বুলি শুনিছোঁ, সেইটো কিমান আগবাঢ়িছেনো?
– কাম পূৰাদমে চলি আছে ছাৰ৷ প্ৰায় সাজু হৈছেই৷
– হওঁতে ভাল কাম এটা হৈছে দিয়া৷ পিছে ক্ৰেডিট ল’বলৈহে টনা-আঁজোৰা লাগিব যেন পাইছোঁ এতিয়া৷
– হয় পিছে কথাটো৷
– চাই থাকাচোন এইবাৰ নভবা-নোপজা টপিক লৈ ইলেকচনৰ আগত কিমান পানী ঘোলা হব৷
– এইবাৰৰ ইলেকচন অলপ বেলেগ হ’ব যেন লাগিছে৷ নে কি কয় ছাৰ৷
– বিহাৰে আমাৰ ৰাইজক জুতি লগাই দিছে এইবাৰ৷ হ’ব দিয়া, মৰাৰ আগতে ময়ো এটা হাইটেক ইলেকচন দেখি মৰোঁ৷ হা হা হা৷

চাহৰ সৈতে তাৰ প্ৰিয় কাজু, আখৰোট…… কাষত নীলপৰী৷ কোঠাৰ সিমূৰে থিয় হৈ থকা তাইলৈ চাই চাহৰ কাপত এচুমুক দিলে সি৷ চকুত তাৰ সন্তুষ্টি আৰু প্ৰশান্তিৰ হাঁহি!

– লাচিত বৰফুকনৰ কথা ওলাওঁতে মনত পৰিল ছাৰ, সেইদিনা হিন্দু পৰিষদৰ বেনাৰ এখন দেখিলোঁ, তেওঁলোকে লাচিত দিৱস পাতিব৷  লাচিত বৰফুকনে হয়তো কল্পনাও কৰিব পৰা নাছিল যে মোগলক পৰাস্ত কৰাৰ অচিলা লৈ আজিৰ প্ৰজন্মৰ একাংশই তেওঁক হিন্দু বীৰ সজাবলৈ চেষ্টা কৰিব৷
– হমম! ঠিকেই কৈছা ডেকা ল’ৰা৷ দুবছৰমান আগতে পুণেত লাচিত দিৱস পাতিব বুলি খবৰ এটা শুনিছিলোঁ৷ টোগাডিয়া মুখ্য বক্তা হৈ আহিব বুলি খবৰ এটা শুনিছিলোঁ৷ কি হ’ল নাজানো পিছত৷ এইফালে মাৰাঠী ভাষাত লাচিতক লৈ কিতাপ ৰচনা হৈ গৈছে৷ অসমৰ বীৰ এজনে সৰ্বভাৰতীয় মৰ্য্যাদা পোৱা বাবে বাহ্যিক দৃষ্টিত ভাল লাগিব পাৰে, কিন্তু কথাবোৰ যেন খেলিমেলি৷
–  লাচিতক হিন্দু বীৰ সজাবলৈ চেষ্টা কৰা সকলে চাগে বাঘ হাজৰিকা, ৰামসিংহৰ নামেই শুনা নাই৷
– দুই এদিনতে হেনো কোনোবা এজন যোগী আহিব গুৱাহাটীলৈ ৷ উদ্দেশ্য লাচিত দিৱসত লাচিতৰ বীৰত্বত হিন্দুত্বৰ প্ৰলেপ সানিবলৈ ৷ যি লাচিতে শক্তিশালী মোগল সাম্ৰাজ্যৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ৷ সেই লাচিতৰ ওপৰত আজি ষড়যন্ত্ৰ হৈছে৷ সেই লাচিতক আজি হিন্দু বীৰ সজাব খোজা হৈছে৷ কি যে দিনকাল আহিল নহয়৷
– কিন্তু ছাৰ বাহিৰৰ মানুহক কিনো দোষ দিম৷ অসমীয়াৰ আৱেগক লৈ হেতালি খেলিবলৈ আৰম্ভ কৰিছে এচামে আৰু প্ৰশ্ৰয় দিছে এচাম অসমীয়াই৷
– ঠিকেই কৈছা৷ এনে অশুভ শক্তি সমাজৰ প্ৰতিটো স্তৰতে পাবা৷ আৰু এইযে বিষবাষ্পবোৰ, কেৱল ধৰ্মীয় স্তৰতে ইহঁতে ক্ষতি কৰি থকা নাই, খেলা-ধূলা, পঢ়া-শুনা, সমাজসেৱা সকলোতে ইহঁত বিৰাজমান৷ কিন্তু ধৰ্ম আমাৰ বাবে এটা স্পাইচী টপিক৷ গতিকেই ধৰ্মৰ ঢোলটো লগাতকৈ বেছিকৈ বাজে৷

খট্ খট্ খট্ খট্……

আন্ধাৰ নামি আহিছে৷ পৰ্দাৰ সিপাৰে কিবা শব্দ৷ বোধহয় চিলাই মেচিন চলোৱাৰ৷ নাহ, পৰ্দাৰ ফাঁকেৰে চাবলৈ চেষ্টা কৰিও লাভ নহ’ল৷

– মাজনী…… জুইশলাটো দেচোন এবাৰ৷ লাইটাৰটো কাম নকৰা হ’ল দেখোন৷

কিছু মুহূৰ্তৰ অপেক্ষা৷ পৰ্দা ঠেলি আগমন নীলপৰীজনীৰ৷ প্ৰফেছাৰ ব্যস্ত গোল্ড ফ্লেক জ্বলোৱাত, মুহূৰ্ততে চকুৰ আদান-প্ৰদান —  ক’ব নোৱৰা বহুত কথা ক’লে চকুকেইযোৰে৷ জুইশলা আকৌ নিজৰ ঠাই পালেগৈ৷

– বাৰু ছাৰ এটা কথা কওকচোন, এই যে লাচিতক হিন্দু বীৰ সজোৱাৰ চেষ্টা এটা চলি আছে, এইটোৱে শেষত গৈ কি প্ৰভাৱ পেলাব পাৰে?
– চোৱাঁ ডেকা ল’ৰা, জনাসকলে ভালকৈ জানে এয়া এক অপচেষ্টা৷ কিন্ত একেটা কথাকে বাৰে বাৰে কৈ থাকিলে একাংশই ইয়াক সঁচা বুলি মানি ল’ব৷ আৰু ই এদিন সঁচা হৈ পৰিব৷ হয়তো ই বহুত আগুৱাই যাব, তাৰপৰা আকৌ আগৰ ঠাইলৈ উভতি আহোঁতে হয়তো বহুতো তেজৰ ডোঙা পাৰ হ’ব লাগিব আমি৷  সমস্যাটো তাতেই আৰম্ভ হয়৷ একেই ধৰণৰ কিবা অলপ অসম আন্দোলনৰ ক্ষেত্ৰটো হৈছিল৷

তুমি অসম আন্দোলনৰ বিষয়ে পঢ়িছা নিশ্চয়৷
– অলপ জানো৷ কিন্তু ছাৰ মোৰ ভাব হয়, ইমান এটা ডাঙৰ আন্দোলনৰ বিষয়ে জানিবলৈ কিতাপ বা অন্য ক’ৰবাত পোৱা ডাটাখিনি একোৱেই নহয়৷
– একেবাৰে ঠিক কথা কৈছা৷ ই যিদৰে হ’ব লাগিছিল তেনেদৰে বুৰঞ্জীত লিপিবদ্ধ নহ’ল৷ প্ৰথম অৱস্থাত এই আন্দোলন আছিল বিদেশীৰ বিৰুদ্ধে হোৱা আন্দোলন৷ কিন্তু পিছলৈ ইয়াক বিদেশী আৰু বহিৰাগত শব্দ দুটাক সনা-পোটকা কৰি পেলোৱা হ’ল৷ তুমি ভৃংগেশ্বৰ শৰ্মাৰ “তেজে ধোৱা সময়”খন পঢ়িবাচোন, এইবাৰ গ্ৰন্থমেলাত কিনিছোঁ মই, লৈ যাবা পঢ়া যদি৷ উপন্যাসৰ চলেৰে অলপ সমল পাবা৷ আন্দোলনকাৰীসকল আছিল ডেকা তেজ৷ চৰকাৰে কৌশলগত আলোচনাৰে তেওঁলোকৰ ধৈৰ্য্যৰ সৈতে খেলিছিল৷ এক ভাল উদ্দেশ্যত গঢ় লোৱা আন্দোলনক অবাটে নিয়াত তেওঁলোক সক্ষম হ’ল৷ কেতিয়ানো এই আন্দোলনে সাম্প্ৰদায়িক ৰূপ ধাৰণ কৰিলে কোনেও ধৰিবই নোৱাৰিলে৷ তাৰ মাজতে চৰকাৰৰ কৌশলী গেইম, আব্দুল গণিখান চৌধুৰীৰ নীলবাগানত দিয়া ভাষণ, ইন্দিৰা গান্ধীয়ে মৈৰাবাৰীত দিয়া ভাষণ, অসমীয়াৰ আৱেগ… এই সকলোবোৰ মিলি আন্দোলনৰ উদ্দেশ্যই ধূলিসাৎ কৰি পেলাইছিল৷

– দেউতা এবাৰ ভিতৰলৈ আহিবাচোন৷
– অহ, তুমি অলপ বহা দেই৷ কি বা হ’ল আকৌ৷ গুটিবোৰ খেলিমেলি নকৰিবা আকৌ৷
– নাই নাই ছাৰ৷ আপুনিও কিবোৰ যে কয়৷

মাকৰ লগত একেলগে উঠা তাইৰ ফটোখন ডাঙৰকৈ বন্ধোৱাই থোৱা আছে৷ একেবাৰে মাকৰ নাকটোৱেই পাইছে তাই৷ কুন্দত কটা সৌন্দৰ্য্য!!

– বুজিছা ডেকা ল’ৰা!!

প্ৰফেছাৰৰ মাতত সচকিত হৈ পৰিল সি৷
– ৰাতিপুৱা চিনাকী বেপাৰী এজনে হাজোৰ  লোকেল মাছ দি গৈছে৷ তুমি ইয়াতেই ভাতকেইটা খাই যাবা৷ বাকী যোগাৰ হ’লেই৷ ভাতকেইটা উঠাই দিলেই হৈ যাব৷
–  নাই ছাৰ নালাগে মিছামিছি৷ হোষ্টেলতো আজি নন ভেজ্ আছেই৷
– এহ বাদ দিয়াহে৷ ময়ো হোষ্টেলত থাকি অহা৷ দুটুকুৰা ব্ৰয়লাৰে জোলত সাঁতুৰি-নাদুৰি ফুৰিব৷ কিহৰ নন ভেজ্ সেইবোৰ৷

অ’ মাজনী, খাব দে ইয়াতেই ভাতকেইটা বহাই দে|

টেপ খোলাৰ শব্দ! পানীৰ ঢৌবোৰে বাচনত খুন্দিয়াই তাইৰ খাৰু চুইছে! খাৰু,বাচন,পানীৰ ফিউজনে তাৰ মনটোক পাকঘৰলৈ টানি নিছে৷ চকুদুটা মুদি সি অনুমান কৰি ল’লে, অবাধ্য চুলি দুডালে অলপ খং উঠাইছে তাইৰ!

– আজি আই এছ এলত নৰ্থ ইষ্টৰ খেল নাছিল জানো?
– হয় ছাৰ৷
– একেবাৰে পাহৰি গৈছোঁ হে৷ ৰ’বা ৰ’বা টিভিটো অন কৰোঁ৷

টিভিৰ শব্দবোৰে তাইক আঁতৰাই পেলালে৷ নৰ্থ ইষ্ট ১- এথলেটিকো ডে কোলকাতা ০৷
– ইহঁত হাৰিলে ভাল হয় ৰ’বা৷ যোৱাবাৰ জিকি বৰ তেল ফাটিছে৷

মৃদু হাঁহি এটা মাৰিলে সি৷

ভেলেজ, এলেন, কাৰ্লোছ, মেছী, বেজ্জিঅ’, প্ৰফেছাৰৰ এক নিপুণ চাল, তাৰ হাতী প্ৰফেছাৰৰ দখলত, পেলে, পুতুল দা, বাবুল ফুকন, নীতা আম্বানী……… কুকাৰৰ হুইচেল!!

– ভাত হ’লেই৷ যোৱা হাত-মুখকেইটা ধুই লোৱা৷
– কোনফালে যাম ছাৰ?
– চিধাই ভিতৰলৈ সোমাই যোৱা৷ মাজনী বাথৰূমৰ লাইটটো জ্বলাই দিবিচোন৷

…………………
অলপ উশাহ– জীৱনৰ!
– ………………
– গামোচা!!
: অঁ…দিয়া|
– ………………

অলপ প্ৰশান্তি!
……………
নীলপৰী আৰু ৰাজকোঁৱৰৰ সাধুটো আকৌ ঘূৰি আহিল ডাইনিং টেবুললৈ!

– এহ্ মাজনী, তই দেখোন একেবাৰে চিম্পল ৰান্ধিলি৷ আলহীৰ কাৰণে কোনোবাই ভেদাইলতা ৰান্ধেনে বাৰু? সৰিয়হৰ কিবা কৰিব লাগিছিল৷
– নাই নাই ছাৰ৷ মোৰ এইকেইদিন ভেদাইলতাৰ জোল খাবলৈ বৰকৈ মন গৈ আছিল৷ চানমাৰী বজাৰত বিচাৰিও নাপালোঁ৷
– অ’ হয় নেকি? ভালেই হ’ল দিয়া তেনেহ’লে৷ আমাৰ এই আকৌ মানুহৰ মন পঢ়াত এক্সপাৰ্ট৷ তোমাৰো মন পঢ়ি ল’লে চাগে৷ হা: হা:

আবেলিৰ ৰঙচুৱা বেলিটোৱে যেন আঁকোৱালি ল’লে তাইক!!
– অকণমান জোল দিম নেকি আৰু???




– আজি নৰ্থ ইষ্ট জিকিব বুজিছা৷ আৰু দুই মিনিট একো অঘটন নোহোৱাকৈ কটালেই হয়৷
– হয় ছাৰ৷ তথাপি ছেমি খেলিব পৰাকৈ পইণ্ট নহ’ব চাগে৷
– হমমম৷ লোৱা তামোল খোৱা৷ মোৰ আকৌ ভাত খাই উঠি তামোল নাখালে টোপনিয়েই নাহিব৷ টিভিৰ ৰূমত বহোঁ, দবাখন আধাতে এৰি আহিছোঁ নহয়৷

………………………….
………………………….
– চেক!!
– চেহ! কোনফালেৰে আহি ওলালাহে৷ অহা শনিবাৰে তোমাক হৰুৱামেই৷ আজি কিবা খেলিমেলি হৈ আছে মোৰ৷ আহিবা অহা শনিবাৰে৷

– আহিম ছাৰ৷ ছাৰ আজিলৈ মই উঠোঁ৷ বহু ৰাতি হ’ল৷
– অ’ অ’৷ তুমি চাগে হোষ্টেলৰ ৱাল বগাইহে সোমাব লাগিব এতিয়া৷ তালুকদাৰ তোমালোকৰ ৱাৰ্ডেন নহয় জানো আজিকালি৷ সি মোৰ ষ্টুডেণ্ট আছিল৷ কিবা সমস্যা হ’লে মোৰ তাতে অহা বুলি কবা৷
– নাই ছাৰ, মই কৈ আহিছোঁৱেই৷
– ঠিক আছে তেন্তে৷যোৱা তুমি৷ মই ঔষধ খাওঁ৷ আহিবা আকৌ সময় সুবিধা মিলাই৷ মইটো বেকাৰ মানুহ৷
– নিশ্চয় আহিম ছাৰ৷ এই সময়খিনি মোৰ বৰ প্ৰিয়৷

খুটুং!!
গেইট খোলাৰ শব্দ৷

– দেউতা…
– কি হ’ল মাজনী?
– ল’ৰাজনে বেগটো এৰি গ’ল দেখোন?
– অহ৷ যা যা দি আহ লৰালৰিকৈ৷ জৰুৰী কিবা থাকিব পাৰে৷

খিৰিকীৰে বাহিৰলৈ চালে প্ৰফেছাৰে৷ বেগৰ সৈতে কিতাপখনো হাত পাতি ল’লে সি৷ আলমাৰীলৈ চকু গ’ল প্ৰফেছাৰৰ৷ মাকামখন আলমাৰীত নাই৷ অহাবাৰ সি আহিলে অসমৰ চীনাসকলৰ কাহিনীৰ ওপৰত ভাল আলোচনা এটা হ’ব তাৰমানে৷ নিঃশব্দে স্বস্তিৰ হাঁহি এটা মাৰিলে প্ৰফেছাৰে৷

দুয়ো তেতিয়াও গেইটৰ দুয়োপাৰে৷ মাক নোহোৱা ছোৱালী৷ তাই সুখী হওক!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments