নীলাখামৰ চিঠি–(সুস্মিতা বৰা)

প্ৰিয় শৰৎ,
বৰষাৰ শেষতে তোমালৈ পঠোৱা চিঠিখনৰ উত্তৰৰ সলনি তুমিয়েই আহিলা চোন! বৰষুণৰ পানীৰে পৰিপূৰ্ণ চোতালত কাগজৰ নাও সাজি উটুৱাই থাকোতে তোমাৰ ভাৱনাই মনটো মাজে মাজে উন্মনা কৰি তুলিছিল ৷ তুমি আহিবা বুলি আকাশখনে বৰষাসিক্ত তিয়নী সলাই যৌৱনোচ্ছল নীলা কপাহ কোমল পাটৰ ৰিহা মেৰিয়াই ল’লে ৷ কহুঁৱাবোৰে ডাৱৰৰ সাগৰৰ দৰে ঢৌ তুলি নাছিলে ৷ দূবৰিডৰাই সেউজীয়াবোৰ সামৰি ল’লে ৷ শেৱালীডৰাৰ কথাতো ক’বই নালাগে!ৰাতিটো সুবাহ বিলাই ৰাতিপুৱা শুভ্ৰ দলিছাখন পাৰি দিয়ে ৷ সকলোতে তোমাক আদৰি অনাৰ আয়োজন ৷ জোনাক বিধৌত নিশা খৰিকাজাঁইৰ কোমল নিৰ্যাসে তোমাক সুবাসিত কৰে ৷ তোমাৰ আগমণৰ লগতে আহে দুৰ্গোৎসৱ, কাতিবিহু, দীপাৱলীৰ উল্লাস ৷ উৎসৱৰ আলোকে নাইকিয়া কৰে মনৰ আন্ধাৰ ৷ কবি মনে প্ৰাণ পাই উঠে তোমাৰ স্পৰ্শত ৷ সেউজীয়া ধাননিৰ নাচোন আৰু ৰাতিপুৱাৰ নিয়ৰ পৰি ৰোৱা পথাৰৰ আলিৰ ঘাঁহনিয়ে কেৱল তোমাৰ বাবেই নিজক সজায় ৷ তোমাৰ স্নেহময় আৱেশে আঁতৰাই নিয়ক পৃথিৱীৰ সমগ্ৰ কলুষতা, হিংসা, বৰ্বৰতা ৷ সকলোৱে গাওক মানৱতাৰ জয়গান … জীৱনক সুন্দৰ কৰাৰ মহামন্ত্ৰ ৷ মই জানো, তুমি আহি এই ধৰণীক ধুনীয়া কৰিবা… জীপাল কৰিবা… আৱৰি ৰাখিবা তোমাৰ কহুঁৱা কোমল প্ৰেমেৰে ৷ আজিলৈ সামৰিছোঁ ৷ কুশলে থাকিবা শৰৎ ৷
প্ৰান্তত
তোমাৰ বিৰিণা
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক