নীলা ইনলেণ্ড কাৰ্ডৰ চিঠি (ৰঞ্জিতা গগৈ)

inland_letterমৰমৰ…..
সেমেকা সেমেকা বতৰ…তিথিবোৰ পৰাৰ বাবেই চাগে৷ পথাৰবোৰ সেউজীয়াৰ পৰা গেৰ মেলিবৰ হলেই নহয়৷ পাহৰিছো৷ বিশ্বাস কৰা, বহুত বছৰ শাওণ, ভাদমহীয়া পথাৰ দেখাই নাই৷ তোমাৰ চাগৈ মোলৈ মনত নপৰে৷ তোমাৰ উৰুখা পঁজাৰ চালি সাজিবলৈ মই কিমান নৰা কাটিছিলোঁ এদিন৷ তুমি কিমান পেঁপা সাজিলা নৰাৰে মোৰ বাবে৷
এতিয়া তুমি বহুত সম্ভ্ৰান্ত মানুহ৷ তোমাৰ ওচৰলৈ যাবলৈ লাজো লাগে জানা৷ তোমাৰ মেদবহুল পত্নীৰ আৰামদায়ক মুখৰ ওচৰত মোৰ নিজকে বৰ কিবাখন লাগেচোন৷ হাঁহিলেই চাগে ফুটপাথত কিনা মোৰ সস্তীয়া সাজসজ্জ্বা দেখি৷ সিদিনা, কি চাবলৈ মাতিলা তুমি৷ মই গোটেই জীৱনতো দেখি নাপাম সেইবোৰ৷ মইনো বাৰু কেনেকৈ জানিম৷ ইমানবোৰ খাদ্য বস্তু কোনটো আগত কোনটো পিছত খায়৷ ছেঃ! এনেকুৱাকৈ লাজ নিদিবাচোন৷ মই আগৰদৰেই আছো জানা, তোমাৰ ভাষাত অভং৷ তথাপি বৰ নিয়াৰিকৈ সংসাৰখন চলাই নিছো৷
লাজেই লাগিল ভাবি তোমাকনো কি ভাবি ভাল লাগিছিল এদিন৷ যি নহওঁক, পাহৰি নাযাবা, টকাই সকলো নহয়৷ অলপ অনুভৱৰ মাত্ৰা দিয়া আগৰদৰে৷ নহলে ট ৰ ওপৰত মাত্ৰা নিদিলে যেনেকুৱা টকলা লাগে তোমাৰ সকলো থাকিও টকলা পাহাৰ যেন লাগে৷ হয়তো পুনৰ লগ নহ’ম৷ তথাপি কুশল বাৰ্তাৰে….
 
তোমাৰ মৰমৰ
বুমনি
 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Dileep Sarmah
5 years ago

How to send poem to xahitya.org ?