নীলা গানৰ সুৰ- পৰী পাৰবীন

 

ঘৰ নহয় যেন ৰজাৰ হাউলিহে৷ বিশাল চৌহদ, ওখ কংক্ৰীটৰ দেৱাল, দেৱালৰ ওপৰত কাঁচৰ টুকুৰা, চৌহদৰ কাষে কাষে পাইন কেইজোপাৰ সূৰুয-বিমুখী পাতবোৰ আৰু ভিতৰত ৰাজকীয় গাম্ভীৰ্যৰে বিশাল বিশাল আচবাব৷ আচবাববোৰ পৰিচালনা কৰিবলৈ এগৰাকী সুগৃহিণী৷ গৃহিণী নহয় যেন ৰাজৰাণী৷

ৰাজৰাণীৰ আকৌ চাৰিটা সুন্দৰ পুত্ৰ৷ দীপলিপ ছোৱালী এজনীৰ আশাতে হেনো চাৰিটাকৈ লৰা সন্তানৰ জন্ম৷ অৱশেষত সৰুটিকে বহুতদিনলৈ ফ্ৰক পিন্ধাই ছোৱালীৰ দৰে ৰাখিছিল ৰাণীয়ে৷ কাজেই সৰুটি আৰু ডাঙৰটিৰ মাজত বয়সৰ বৃহৎ তফাৎ৷

ডাঙৰটি যোগ্য হৈ উঠাৰ লগে লগেই পুত্ৰবধূৰ সন্ধান চলিল৷ ৰাজপৰিয়ালত আকৌ বোৱাৰী হোৱাৰ বাবে সৌভাগ্যও লাগিব৷ পুত্ৰবধূ ধুনীয়া হ’ব লাগিব৷ পুত্ৰবধূ কামত পাৰ্গত হ’ব লাগিব৷ পুত্ৰবধূৰ বয়স কুমলীয়া হ’ব লাগিব৷ চাৰিওফালে পুত্ৰবধূৰ সন্ধানত সেনানী মেলি দিয়া হ’ল৷ সৰুটিয়ে মাকৰ আঁচলত ধৰি পিনপিনাই ফুৰোতেই মাত এষাৰ মাতিছিল,
“আম্মা, দাদাৰ লগত যে পঢ়ে ধৃ্ষ্ণিৰাণী, তাইকে দেখোন দাদাই বিয়া পাতিব পাৰে৷ “

মাকে সৰু পুতেকৰ মুখত সোপা লগালে, “কি কৱ তই? মুছলমানৰ ঘৰলৈ হিন্দু বোৱাৰী? ”

বেচেৰাই তেতিয়ালৈ জনা নাছিল যে মুছলমানৰৰ ঘৰলৈ মুছলমানৰ ছোৱালীহে আনিব পাৰে৷ সি নিজৰ ক্লাছৰ ভাল লগা তৰংগিনীলৈ মনত পেলাই হুমুনিয়াহ কাঢ়িলে৷
“তেন্তে মা, দাদাৰ লগৰ যে শিলচৰৰ ছোৱালীজনী, চাহানা আফ্ৰিন? ”
“না বাবা না, ইঞ্জিনিয়াৰিং পঢ়া ছোৱালী বোৱাৰী কৰি আনিব নোৱাৰি৷ ”
“কিয় নোৱাৰি আম্মা? ”

“কাৰণ আমাৰ পৰিয়ালৰ দস্তুৰমতে, বোৱাৰীয়ে কাম কৰিবলৈ বাহিৰলৈ ওলাই যাব নোৱাৰিব৷“

“কিয় নোৱাৰিব আম্মা? ”

“নোৱাৰিব বেটা৷ বোৱাৰীয়ে পৰ্দাত থাকিব লাগিব৷ মোক দেখা নাই, পৰ্দা নোহোৱাকৈ মই ক’লৈকো নাযাওঁ৷“

সৰুপুত্ৰৰ অসংখ্য ‘কিয়’ বোৰৰ উত্তৰ নাথাকে ৰাজৰাণীৰ ওচৰত৷ সৰু পুতেক তেওঁৰ আলাসৰ লাড়ু৷ গালিও পাৰিব নোৱাৰে৷ মৰম কৰি বুজাই বঢ়াই আঁতৰি আহে৷

নোৱাৰে, তেওঁলোকৰ পৰিয়ালৰ কোনো বোৱাৰীয়ে চৌহদৰ বাহিৰত অকলে খোজ থ’ব নোৱাৰে৷ অৱশেষত তেনে ছোৱালীৰ পৰিচয় পোৱা গ’ল৷ দীপলিপ চেহেৰাৰ, তেজে ফুটো ফুটো গাল দুখনিৰে, নিয়মীয়া উচ্চতাৰ ছোৱালীজনীক দেখাৰ লগে লগেই ৰাজৰাণী জঁপিয়াই উঠিল, এইয়ে হ’ব তেওঁৰ ঘৰৰ লখিমী৷ তাৰ পাছৰ কথাখিনি চমু৷ ছোৱালীজনী বোৱাৰী হ’ল৷ কলেজীয়া শিক্ষাতে যিখিনি কিতাপ পঢ়িছিল তাৰ পাছত তেওঁ আৰু কিতাপ চুবলৈ প্ৰয়োজন নহ’ল৷ বিয়াৰ কিছুদিনলৈ হাতে-কাণে এখিনি ওলোমাই আলহী অতিথিক নিজহাতে আপ্যায়ন কৰিব লগাত পৰিল৷ চাকৰ-নাকৰ থাকিলেও পাকঘৰটো বোৱাৰীৰ নামৰ৷ গতিকে বোৱাৰীয়ে স্বামীক দিনৰ ভাগত ভালকৈ লগেই পোৱা নহ’ল৷ ৰাতি যিকণ সময় লগ পায়, স্বামীৰ নাকৰ শব্দৰ বাদে একো শুনা নাপায়৷
সৌভাগ্যৱতী তাই৷ ইমান ডাঙৰ ঘৰৰ বোৱাৰী৷ চহৰৰ মানুহখিনিয়ে ৰাজহাউলি পাৰ হৈ যাওঁতে কথাষাৰ উলিয়াবলৈ নাপাহৰে৷ দিন যোৱাৰ লগে লগে তাইৰ শৰীৰৰ পৰা গধুৰ অলংকাৰবোৰত ওপৰত লাহেকৈ ক’লা ৰঙৰ বোৰ্খাই ঠাই পায়৷ কি কাৰণত কেতিয়াৰ পৰা এই নিয়ম হ’ল জনা নাযায়, ডাঙৰ গাড়ীৰ ক’লা গ্লাছৰ মাজেৰে ক’লা বোৰ্খা পৰিহিতাই চহৰৰ ৰংবোৰ দেখি আচৰিত হয়৷ আচৰিত হয় দেখি তাইৰ দৰে ছোৱালীবোৰ আঁঠুলৈকে ওলমা পেণ্ট পিন্ধি চিটিবাছত জঁপিয়াই উঠা দৃশ্য দেখিলে৷ আচৰিত হয় একে ঠাইৰ ভিন মানুহৰ ভিন ধৰণৰ জীৱনশৈলী দেখি৷

ৰাজকীয় আদবকায়দাবোৰত আমনি লাগিবলৈ কুমলীয়া বোৱাৰীজনীৰ বেছি পৰ নালাগিল৷ গায়ে-গাৰিয়ে বৃহৎ মানুহজনৰ মনৰ ওচৰ চাপিবলৈকো যেন তেওঁৰ শতযোজন বাট৷ জৈৱিক প্ৰয়োজন তথা পাকঘৰটোৰ বাদে কুমলীয়া বোৱাৰীজনীয়ে নিজৰ অস্তিত্ব বিচাৰি নাপাই পিঞ্জৰাবদ্ধ পখীজনীৰ দৰে ছটফটাবলৈ ধৰে৷ সেই ছটফটনিবোৰ বেৰ পাৰ হৈ নাযায়, কিন্তু বেৰৰ মাজেৰে সৰকি তাইৰ কাণৰ পৰ্দাত আঘাত কৰে বিৰহিনী চৰায়ে গোৱা গীতবোৰে৷ পূৰ্ণিমা ৰাতিৰ দিনা পাইন পাতৰ জালিকটা ছাঁত লুকাই লুকাই তাই নৈ আৰু জোনাকৰ ৰাসলীলা চায়৷ নিষিদ্ধ আখ্যানৰ দৰেই যেন এই ৰাসলীলাৰ সপোনবোৰ৷ হুমুনিয়াহ এটাই বান্ধি থয় তাইক৷ সন্তান লাগে ৰাজপৰিয়ালত৷ পিছৰটো বছৰলৈ দ্বিতীয় পুত্ৰৰ বিয়া৷ গতিকে এই বছৰতে ডাঙৰ পুত্ৰৰ ফালৰ পৰা নাতিৰ মুখ দেখিব লাগে৷ ৰাজৰাণীৰ অঘোষিত সিদ্ধান্তটো বৰপুত্ৰৰ কাণতো পৰিলহি৷ বৰপুত্ৰৰ নিজা বুলি কোনো সিদ্ধান্তই নাই৷ তাইৰ সিদ্ধান্তৰ বিবেচনাতো বহু দূৰৰ কথা৷

স্বামীক পাৰ্যমানে আলপৈচান ধৰে তাই৷ ইঞ্জিনিয়াৰ স্বামীক পছন্দৰ খানা খুৱাই বোৱাই অফিচলৈ উলিয়াই পঠিয়াই, শাহু শহুৰৰ যতন লৈ, আলহী-অতিথি শুশ্ৰূষা কৰি জিৰণি লবলৈ বহে মাত্ৰ, সৰু দেৱৰজন ওচৰ পায়হি৷ সৰু দেৱৰৰ কথাবোৰত মমতা আছে৷ ঘৰৰ কঠোৰ নীতিবোৰৰ বিপৰীতে সি মনে মনে বৌৱেকক আনি তাৰ লগৰবোৰৰ মাজত বহুৱাই লয়, আড্ডা দিয়ে, বোৰ্খা বৰ্জন কৰি তাঁৱো সিহঁতৰ সমানে সমানে বহি লয়৷ পৰিয়ালৰ আন সদস্যৰ বাবে একপ্ৰকাৰ অজ্ঞাত সেই আড্ডা৷

তেনেকুৱা এটি আড্ডাতে লাগি গ’ল অথন্তৰটো৷ পিন্ধি থকা শাৰীখনৰ তলেৰে কেতেকীপহীয়া ভৰিখন জিলিকি উঠিল মাত্ৰ, চকুত পৰিল সৰু দেৱৰৰ লগৰ শিল্পীবন্ধু ঐনিতম কোঁৱৰৰ চকুত৷ “একমিনিট বৌ, লৰচৰ নকৰিবা” বুলি ঐনিতমে ক্লিক ক্লিক কৈ কেইখনমান ফটো উঠালে৷ তাই তত ধৰিব পৰাৰ আগতেই ঐনিতমে আহি তাইৰ ভৰিখন নিজৰ হাতত তুলি ধৰিলে, “আসঃ বৌ! ইমান সুন্দৰ তোমাৰ ভৰিখন”৷

কি কৰিলে বাৰু সি? এনে অথন্তৰ কেনেকৈ সম্ভৱ হ’ব পালে? পাপ কৰিলি মাচুমা? দুৰ্ঘোৰ পাপ কৰিলি মাচুমা বেগম৷ মুহূৰ্তৰ বাবে স্থবিৰ হৈ পৰিল তাইৰ আত্মা৷ সম্বিত ঘূৰাই তাই দৌৰ দিলে মূলঘৰলৈ৷ ৰূমত সোমাই খিৰিকী দুৱাৰ বন্ধ কৰি সোমাই থাকিল বহুপৰ৷

সন্ধ্যা ভাগোতেহে তাই গ’ম পালে যে মগ্ৰীৱৰ নামাজৰ সময় হ’ল৷ সৰু দেৱৰৰ ৰূমৰ চাহ-নাস্তাৰ প্লেটবোৰ সামৰাই নহ’ল৷ তাই সেইফালে খোজ থ’ব নোৱাৰিলে৷ খীণমিন ল’ৰাটোৱে তাইৰ অতদিনৰ গধুৰ খোজত কম্পন আনিলে৷ দেওৰৰ বন্ধু হয় সি৷ বয়সৰ ফালৰ পৰা নাজানে, সম্বন্ধৰ ফালৰ পৰা তাইতকৈ সৰু, বহুত সৰু৷ তাৰ বিষয়ে ভবাটোও পাপ মাচুমা৷ তাই শ্বৰিয়ত পাঠ কৰে, শ্বৰিয়ত পুথিৰ পাতে পাতে লিখা আছে, স্বামীৰ পৰিতৃপ্তিয়ে নাৰীৰ একমাত্ৰ ভূষণ, একমাত্ৰ স্বামীৰ বাবেই সংৰক্ষিত নাৰীৰ যৌৱন৷ সেই কথা শিকাৰ লগে লগে তাই দেহাৰ পৰা সোলোকাই পেলালে গধুৰ গধুৰ অলংকাৰবোৰ৷ সোলকাব নোৱাৰিলে ভৰিৰ পায়েলযোৰ৷ এই পায়েলবোৰে তাইৰ দিগন্তৰ বাহিৰলৈ উৰিবলৈ খোজা মনটো মাটিত বান্ধি থয়৷
কি নাই তাইৰ? ধন-সোণ-সৌন্দৰ্য-গুৰুত্ব সকলো আছে৷ নাই যদি নিজৰ পছন্দত কিছু কাম কৰাৰ অধিকাৰ নাই৷ তাতেনো কি ডাঙৰ কথাটো হ’ল? তেনেকৈয়ে তাইৰ নানীজানৰ জীৱন পাৰ হৈছে, তেনেকৈয়ে তাইৰ আম্মাজানৰ জীৱনো পাৰ হৈছে, সৰুৰে পৰাই মৌলৱীৰ তত্ত্বাৱধানত তাইক সেই শিক্ষা দিয়া হৈছে৷ আনুষ্ঠানিক শিক্ষাতকৈ ওপৰত সিহঁতৰ দ্বিনী তালিমৰ শিক্ষাসমূহ৷ ঠিকেইতো আছিল৷ সকলো ঠিকে চলি আছিল৷ আজিনো তাইৰ ভৰিযোৰ কিয় পাতল হৈ পৰিছে? যেন ভাৰসাম্যহীন হৈ পৰিছে সমগ্ৰ সত্তা, আৰু তাই ক্ৰমশ ওপঙিবলৈ ধৰিছে বায়ুশূন্যতাত৷

ঘামি যোৱা দেহাটো শ্বাৱাৰত এৰি দিয়ে৷ কি হৈছে, কাৰ কি হৈছে, অসময়ত শ্বাৱাৰৰ শব্দ শুনি ৰাজৰাণী সোমাই আহে৷ দেখে পুতেক বিছনাত, বোৱাৰী হয়তো বাথৰূমত, বাথৰূমৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ৷ চিন্তাত পৰে তেওঁ৷ ৰাতি এপৰত গা তিওৱা বোৱাৰীজনীলৈ চিন্তা হয় তেওঁৰ৷

মাজে মাজে চঞ্চল হৈ পৰা, মাজে মাজে জোপোকা লগা ছোৱালীজনী ক্ৰমাৎ খাব নোৱৰা হৈ আহে৷ খাবলৈ লৈ বেচিনলৈ দৌৰ মাৰে৷ ডাক্তৰে ভাল খবৰ আনে৷ তাইৰ শৰীৰত নতুন আত্মাই স্থিতি লোৱাৰ খবৰ আনে৷

বন্ধুগণ, নাটকখন ইয়াতে সমাপ্ত কৰাৰ কথাই আছিল৷ কিন্তু সেই যে কেঁকুৰিটো আৰম্ভ হ’ল নতুনকৈ, যাত্ৰাটো ক্ৰমাৎ জটিল হৈ পৰিল৷ নতুন অতিথিৰ আগমনৰ খবৰে মনটোক থিত লগাইছিল মাত্ৰ, সৰু দেওৰে এদিন কাগজেৰে বন্ধা উপহাৰ এটি আনি তাইৰ হাতত দিয়ে, “ভাবীজান, এয়া ঐনিতমে দিছে তোমালৈ”৷

ঐনিতম নামটো শুনিয়েই বুকু কঁপিল, ওঁঠ কঁপিল, মনটো উৰি কোনোবা দূৰ দিগন্ত পালেগৈ৷ স্থান কাল পাত্ৰ পাহৰি তাই গভীৰ বিষাদত নিমজ্জিত হ’ল৷ তাৰ মাজতেই কোনোবাই তাইক মনত পেলাই দিলে, “এয়া পাপ৷ গৰ্ভত স্বামীৰ সন্তান লৈ পৰপুৰুষৰ নাম মনলৈ অনা মহাপাপ”৷

হয় হয়৷ এয়া মহাপাপ৷ তাই পেকেটটো লৈ নিজৰ ৰূমৰ ফালে আগবাঢ়িল৷ সৰু দেওৰো তাইৰ পিছে পিছে দৌৰি আহিল, “খোলানা ভাবীজান, কি আছে পেকেটত চাওঁ? ” অগত্যা তাই কাগজৰ পেকিং খুলিলে৷

এখন কাঁচৰ ফ্ৰেম৷ ভিতৰত এখন ফটো৷ ফটোখনত এজন পুৰুষৰ হাত৷ হাতখনত আলফুলকৈ তুলি লোৱা এখন ভৰি৷ ভৰিত এযোৰ পায়েল৷ পায়েলযোৰ চিনাকি৷ বৰ মৰম জাগিল এই ছবিখনৰ প্ৰতি৷ তাতোকৈ বেছি মৰম জাগিল সেই হাতখনৰ প্ৰতি, যি এই ছবিখন ফ্ৰেমত বন্ধাইছে৷ তাতোকৈ বেছি মৰমৰ হৈ পৰিল সেই মানুহজন, যি অত্যন্ত আকুলতাৰে তাইৰ ভৰিখন হাতত তুলি লৈছিল৷ চকুলো এধাৰি বৈ আহিল তাইৰ৷

ফটোখনত আলফুলকৈ চুমা এটি যাঁচিলে৷ তাৰ পাছত ফটোখন বুকুত সাৱটি চিন্তা কৰি ৰ’ল, ক’ত সংগোপনে ৰখা যায় এই অমূল্য সম্পদক৷ তাইৰ বেডৰূমত যেন এখন নিষিদ্ধ ফটো৷ মূৰটো ঘূৰাই গ’ল তাইৰ৷ দেওৰেকে তাইৰ মুখৰ ভাবান্তৰ লক্ষ্য কৰিলে,
“কি হৈছে ভাবীজান? ”

“মূৰটো বেয়া লাগিছে ভাইজান৷ পানী এগিলাচ দিয়া” বুলি কৈ তাই বিছনাখনত বাগৰ দিয়ে৷

কিংকৰ্তব্যবিমূঢ় হৈ পৰা দেওৰেকে তাইৰ মুখখন দাঙি পানী এঢোক খুৱাই মানে, তাইৰ পতিদেৱ আহি দুয়োকে সেই অৱস্থাত দেখা পায়৷ লগে লগে কথাবোৰৰ সোঁত যেন সলনি হৈ যায়৷ বাধ্য পত্নীৰ এই ৰূপ দেখি তেওঁ হিতাহিত জ্ঞান হেৰুৱাই পেলায়৷ ভায়েকক ডিঙিত ধৰি বাহিৰলৈ গতিয়াই ৰূমৰ হুক বন্ধ কৰি কঁকালৰ বেল্টডাল খুলি লয়৷

আসঃ!

তলপেটত হেঁচা দি মজিয়াত বাগৰি পৰে তাই৷ তাইৰ চেপামৰা আৰ্তনাদ ৰূমৰ ভিতৰতে কুণ্ডলী পকাই পকাই ঘূৰি ফুৰে৷ ধনী ঘৰৰ বোৱাৰীৰ চকুপানী নোলায়৷ বেৰৰ বাহিৰলৈ নাযায় কথাবোৰ৷ ইমানৰ মাজতো তাই ভাবি থাকে, কাঁচৰ ফ্ৰেমটো ঠিকে আছেনে?

ৰাজহাউলিৰ অসুখ৷ ৰাজৰাণীয়ে ভাবি থাকে ভুলটো ক’ত৷ বোৱাৰীৰ আচৰণবোৰ দিনে দিনে দুৰ্বোধ্য হৈ ধৰা দিয়ে৷ কোনোবাদিনা চঞ্চল হোৱা কোনোবাদিনা জোপোকা লগা বোৱাৰীজনীৰ শৰীৰত সৰিয়হ ফুটায়৷ মৌলৱী আনি ঘৰৰ চাৰিওকাণত তাবিজ বান্ধে৷ বেয়া বতাহ! বেয়া বতাহ আহিছে পশ্চিমদিশৰ পৰা৷ পশ্চিমদিশেই আছে পুত্ৰ-বধূৰ কোঠা৷ পুত্ৰ-বধূৰ কোঠা সলনি হয়৷ সৰু দেৱৰক দূৰলৈ পঢ়িবলৈ পঠিয়াই দিয়া হয়৷ বৌৱেকৰ ওপৰত চকু দিয়া লৰাটো ভাল হওক, দৰগাহে দৰগাহে চিৰণী বিলোৱা হৈ যায়৷

পেটৰ সন্তানটো মৃত হৈ জন্ম লয়৷ বেল্টেৰে মৰা পিঠিৰ ঘাঁবোৰ শুকায়৷ মনৰ ঘাঁবোৰ সোঁচৰা পাপৰ দৰে বহলি যায়৷ ঐনিতমে দিয়া ফটোখন আলফুলে সযতন হৈ ৰয়৷ কেৱল আলমাৰীৰ এচুকতে নহয়, বুকুৰ মাজতো৷
আলমাৰীৰ পৰা উলিয়াই অনাৰ ধৃষ্টতাকণ কিয় কৰিলে জানো, সিদিনাই পেটত আৰু এটা গোৰ পৰিল৷ কেৱল গোৰেই নে, সমূহীয়াকৈ বিচাৰো বহিল৷ মূৰৰ শিতানত সেইখন কাৰ ছবি, কোন পুৰুষ ইমান ৰসাতলে যাব পাৰে যে, নাৰীৰ ভৰি হাতত তুলি ফ্ৰেমত সংৰক্ষণ কৰে? কোন দুৰ্ভগীয়া পুৰুষ! সিহঁতৰ পৰিয়ালত এনে দুৰ্ভগীয়া পুৰুষ নাই৷ এয়া বাহিৰৰ পুৰুষৰ কাম৷

“তৌবা তৌবা৷ এই পাপৰ পৰা উদ্ধাৰ কৰা আল্লা৷ তাই কি কৰি আছে নিজেই নাজানে৷ “, বিচাৰত তাইৰ হৈ মাকে চকুলো টোকে৷

কিছুমান সমাজত হোৱা হ’লে এনে নাৰীক সমূহীয়াকৈ শিলাঘাত কৰি হত্যা কৰিলে হয়৷ এইখন সমাজত মুকলিকৈ তেনে নহয়৷ কিন্তু কথাবোৰ শিলাঘাততকৈও কষ্টকৰ৷ বোৱাৰীৰ কোঠালি আছুটিয়া হয়৷ পুত্ৰলৈ নতুন পত্নী অনাৰ যোজা কৰা হয়৷ বংশ ৰক্ষা কৰিব লাগে৷ বোৱাৰীৰ কামেই বংশ ৰক্ষা কৰা৷

সৰু দেওৰৰ চকুৰ আগতে হৈ আছিল কথাবোৰ৷ সহিব পৰা নাছিল সি৷ সকলোৰে অজানিতে সি আকৌ বৌৱেকৰ ৰূমত ভৰি দিছিল৷ আকৌ হুলস্থূল লাগিছিল বৰঘৰত৷ বোৱাৰীৰ ৰূমত তলা লাগিছিল৷ সি এইবাৰ চিত্ৰকৰ বন্ধু ঐনিতমৰ ওচৰ পালেগৈ৷ দেখিলে বন্ধুৱে কেনভাচত প্ৰকৃতি আৰু নাৰীৰ মাজত যোগবিন্দু স্থাপন কৰাত ব্যস্ত৷ সি চাই ৰ’ল একেথৰে,
“এয়া কোন নাৰী ঐনিতম? ”
“এয়া মহুৱা, তই চাগৈ লগ পোৱা নাই মহুৱাক৷ ”
“এনে নগ্ন চিত্ৰ প্ৰকাশ হ’লে তাইৰ একো দিগদাৰ নহ’ব? ”
“নহ’ব চাগৈ৷ কাৰণ তাই নিজেই মোক অনুমতি দিছে৷ “
এইবাৰ সি ঐনিতমৰ বুকুত খামুচি ধৰিলে, “অনুমতি দিয়া নাৰীৰ যদি অভাৱ নাছিলেই, মোৰ বৌক কিয় পালিগৈ তই? ”
“কি ক’ব খুজিছ, বুজাই ক”, তাৰ চকুলৈ চাই সি চক খাই যায়৷ ক’ৰবাত অথন্তৰ হৈছে৷ অথন্তৰ হৈছে৷

দেওৰেকে কৈ যায় কাহিনীবোৰ৷ এখন ছবিৰ বাবেই বন্ধ ৰূমত বন্দী হৈ থকা নাৰীগৰাকীৰ কথা কৈ যায় সি৷

ঐনিতমে চকু মুদি শুনি ৰয়৷ চকুযুৰি সেমেকি উঠে তাৰো৷ সেই ভৰিযোৰ যে তাৰো খুব মৰমৰ৷ এক পলকৰ কাৰণে দেখা সেই ভৰিযোৰৰ কাৰণেই সি কোনো নাৰীৰ কাষলৈ যাব পৰা নাই৷ সেই ভৰিযোৰ তাৰ বহু উজাগৰী নিশাৰ কাৰণ৷ সেই কথা তাৰ বাদে কোনেও নাজানে৷ জনাব নোৱাৰি কাকো, কাৰণ, কিছুমান সত্য বৰ নিৰ্মম৷ নিয়মৰ বিপৰীতে কথা ক’বলৈ এতিয়াও বহুত মানুহ সাহসী হোৱা নাই৷ আজিৰ যুগতো প্ৰেম মানেই অনীতি, প্ৰেম মানেই অনিয়ম, প্ৰেম মানেই যেন সোঁতৰ বিপৰীত স্থিতি৷ আজি কিন্তু সি নিজকে বাধা দিব পৰা নাই, যেন কৈ দিব চিঞৰি চিঞৰি, “হাতত নহয়, মোৰ বুকুত খোদিত আছে সেই ভৰিযোৰ৷ কাৰ ইমান সাহ যে সেই ভৰিযোৰত শিকলি বান্ধে৷ “
নিছিগা ধাৰেৰে কথাবোৰ মনৰ মাজেৰে নিগৰি আহে৷ চেলুলয়দৰ পৰ্দাৰ দৰে দৃশ্যবোৰ চকুৰ আগেৰে পাৰ হৈ গৈছে৷ ৰক্ষনশীল ঘৰৰ এগৰাকী বোৱাৰী৷ ক’লা বোৰ্খাৰ তলৰ বাধ্য এগৰাকী নাৰী৷ সুযোগ পালেই উৰিব খোজা মনটো বাৰু তাৰ হাততহে পৰিব লাগেনে? সি থপিয়াই আনি বুকুত ভৰালে৷ তাৰ পাছৰে পৰা শান্তি নাইকিয়া হ’ল কাৰো৷ এতিয়া তাৰ প্ৰেমৰ পৰীক্ষাৰ সময়৷ মনৰ জন্নত কঁপি উঠিছে তাৰ৷ জন্নত কঁপাই দৈৱবাণী শুনিছে সি, “ওচৰলৈ যা তাইৰ৷ থিয় হব পৰাকৈ সেই ভৰিযোৰৰ শক্তি হেৰাইছে, ভেজা দেগৈ যা”৷
সি দৌৰিছে৷ খুব বেগাই দৌৰিছে৷

নাটকৰ শেষ দৃশ্যঃ

সেই ৰাতিয়েই বেগমে এটা সপোন দেখিলে৷ এটা বিপৰীতমুখী যাত্ৰা৷ সমান্তৰাল৷ ৰেলৰ চিৰিৰে গৈ গৈ হঠাতে ওভটি চোৱা যাত্ৰা৷ এই যাত্ৰাৰ আদি নাই৷ আৰু অন্ত?
সুধি পেলায় তাই, “অন্ত ক’ত অ’ কোঁৱৰ? ”

ভৰিখনৰ শিকলি খুলিবলৈ গৈ বিষাদেৰে ভৰি পৰে তাৰ মন, “অন্ত মোৰ চিতাত৷ এদিন মোৰ চিতা জ্বলিব৷ ছাই হ’ব দেহ৷ শেষ হ’ব বিষ, শেষ হ’ব হেঁপাহ, শেষ হ’ব হাবিয়াহ৷ “

আঁঠুত মূৰ গুজি বহি পৰে তাই, “মোৰ যে চিতা নজ্বলে৷ কবৰত ৰৈ যাব দেহ৷ ৰৈ যাব বিষ৷ ৰৈ যাব হেঁপাহ, ৰৈ যাব হাবিয়াহ৷

প্ৰেমৰ মদিৰা ছটিয়াই মহুৱা সোমাই পৰে দুয়োৰে মাজত,
“নহয় কোৱঁৰ, নহয় বেগম, চিতা আৰু কবৰ হৈছে আত্মাৰ মিলনৰ বিন্দু৷ জানাইতো, আত্মাৰ বৰণ নাই, আত্মাৰ ধৰম নাই৷ আত্মাৰ মৰণ নাই৷ “

অকস্মাৎ শিকলি খোল যায় তাইৰ৷ ভৰিৰো, মনৰো৷ ভৰিযোৰে কষ্ট পাইছিল৷ বৰকৈ কষ্ট পাইছিল৷ কলাফুলত ৰাতিৰ চয়তানে আঁচোৰাৰ দাগ৷ অথচ, মনটো যেন হাজাৰ আঁচোৰে দাগ লগাব নোৱৰাকৈ সজীৱ৷ সি আলফুলে ভৰিখন হাতত তুলি লৈ চুমা এটা আঁকি দিলে৷ তাই বাধা দিছিল, “কোঁৱৰ, এয়া পাপ৷ ”

সি নামানে সেই বাধা, কৈ উঠিল, “পাপ নহয় বেগম, এয়াতো প্ৰেম৷ ”

মঞ্চৰ আঁৰকাপোৰ পৰে৷ নেপথ্যত তেতিয়া নীলা গানৰ সুৰ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক