নীলা দৰ্জাৰ প্ৰেয়সী(-হৃষীৰাজ শর্মা)

তেওঁৰ নাম নদী
তেওঁৰ হেনো এখন ঘৰ আছে।
এখন নীলা দৰ্জাৰ কাগজৰ ঘৰ।
পদুলিত এখন ফুলনি, দুজোপা গোলাপ;
ড্ৰয়িং ৰুমত এখন পাহাৰ, তিনিচপৰা মেঘ
আৰু শোৱনী কোঠাত চাৰিটা ৰঙা নীলা চৰাই।
তেওঁৰ নাম নদী হোৱাতো ভাল আছিল নে?
তেওঁৰ প্ৰেমত পৰিলোৱে‍ই যেনিবা
তেওঁক লৈ স্বপ্নবোৰ কিবা এঠা যেন লাগে দেখোন
তেওঁ শাৰী নিপিন্ধে, পিন্ধে আকাশ
অৱশ্যে আকাশী নীলা মোৰো প্ৰিয়
মোৰ দৰে তেওঁ হেনো ফাগুন ভাল নাপায়,
ৰঙা ৰঙা পলাশ বোলে ডালতহে শুৱায়।
তেওঁৰ এডাল গছ আছে, লঠঙা
ম‍ই কৈছিলোঁ বসন্ত আহিব দিয়া
ব্ৰহ্মপুত্ৰ হৈ ব’ব তোমাৰ সেওতা।
তেওঁ কৈছিল নালাগে, হেমন্ত‍ই ভাল।
আৰু শীত?
একেবাৰে‍ই অপচন্দ,
ম‍ই হেনো কুৱঁলি হৈ গুচি যাওঁ তেতিয়া।
সাঁতুৰিব জনা হ’লে উজালোঁহেতেন,
তেওঁৰ দৰ্জাত টোকৰো দিলোঁহেতেন,
বৰষুণ হৈ, তেওঁৰ বুকুত জাহ যোৱাৰ হেঁপাহকণ লৈ।
তাৰ পিছৰ ৰূপকথাত পুনঃ তেওঁ এটা সাঁথৰ..!!
সঁচাই তেওঁ এখন নদীয়ে‍ইনে
যাৰ এখন দৰ্জাও আছে?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments