নীলিম কুমাৰৰ সৈতে ‘সাহিত্য ডট অৰ্গ’ৰ অন্তৰংগ আলাপ

২০১০ চনৰ মাঘৰ কোনোবা এটা কুঁৱলীসনা ৰাতিপুৱাতে লিখা এখন চিঠিৰে আৰম্ভ হোৱা এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছিল সেয়া। তাৰপাছতো পাৰ হৈ গ’ল আঠ বছৰ। সময়ৰ বুকুত অনেক বঢ়া- টুটা কিম্বা উঠা- নমাৰে এই আঠটা বছৰে লিখি থৈ গ’ল প্ৰাপ্তিৰ এমোকোৰা হাঁহি বা অপ্ৰাপ্তিৰ কেঁচা বিষাদ। মহানগৰীৰ যান্ত্ৰিক ব্যস্ততাপূৰ্ণ সভ্যতাৰ সৈতে অভ্যস্ত হৈও যিজন ব্যক্তিয়ে প্ৰতিনিয়ত নিজৰ ভিতৰৰ কবি সত্তাটোক সজীৱ কৰি ৰাখি নিতৌ নব্য সৃষ্টিৰে কবিতাৰ পথাৰখনত সঁজাল ধৰা কোঁহবোৰ সিঁচি আহিছে , তেওঁৰ বাবে হয়তো আঠ বছৰ পুৰণি এটা ফোনকল, এখন চিঠি অথবা এটা নাম পাহৰাটো স্বাভাৱিক আছিল।

কিন্তু তেওঁ যে কবি! সৃষ্টিৰ পথাৰখনক জীৱনৰ জীয়া অভিজ্ঞতাবোৰেৰে শিল্প নিৰ্মাণৰ কঠীয়াতলী কৰি তোলাৰ বাট দেখুওৱা হোতা তেওঁ; সেয়েহে নাপাহৰিলে আৰু নাপাহৰিলে বাবেই ইমান বছৰৰ মূৰত অচিনাকি নম্বৰটোৰপৰা যোৱা ফোনকলটো ৰিচিভ কৰি সেই বিশেষ নামটো শুনিয়েই আন্তৰিকতাৰে কৈ উঠিছিল, “অ’ গুণগুণ, কোৱা!”

নীলিম কুমাৰ- সাম্প্ৰতিক অসমীয়া কাব্য জগতৰ এক আলোড়নকাৰী নাম, কবিতাৰ বিষয়বস্তু আৰু লিখন শৈলীয়েই যাৰ পৰিচয়, কবিতাক লৈ বিগত বৰ্ষকেইটাত কৰি অহা মননশীল আৰু অভিনৱ চিন্তা- চর্চাৰে যিজনে সহস্ৰ কাব্যপ্ৰেমীৰ মনত কেতিয়াও হালধীয়া অথবা মদৰুৱা হৈ যাব নোৱাৰাকৈ এটুকুৰা সেউজীয়া ঠাই নিগাজীকৈ দখল কৰি লৈছে; সেইজন ব্যক্তিৰ সৈতে ‘সাহিত্য ডট অৰ্গ’ আলোচনীখনৰ এই শিতানটোৰ বাবে কথা- বাৰ্তা হৈছিলোঁ। তেখেতৰ কবিতাৰ বিষয়- বৈচিত্ৰ্য, প্ৰকাশভংগীৰ সৰলতা, আধুনিক জীৱনৰ জটিলতাৰ সৰল প্ৰকাশ, গভীৰ আত্মজিজ্ঞাসাৰে সাম্প্ৰতিক অসমীয়া কাব্য জগতখনত তেখেত এটা নতুন বাটৰ বাটকটীয়া৷ পেছাত এজন চিকিৎসক ডাঃ হেমেন কুমাৰ শৰ্মাই ‘নীলিম কুমাৰ’ ছদ্মনামত ইতিমধ্যে হাজাৰৰো অধিক কবিতা লিখি উলিয়াইছে। ১৯৮৫ চনত প্ৰকাশ পোৱা ‘আচিনাৰ অসুখ’ তেওঁৰ প্ৰথম কবিতাৰ সংকলন৷ অন্যান্য কাব্য সংকলনসমূহ হ’ল: বাৰী কোঁৱৰ, পানীত ঢৌ ঢৌবোৰ মাছ, স্বপ্নৰ ৰেলগাড়ী, শেলুৱৈ গধূলি, টোপনিৰ বাগিচা, ধুনীয়া তিৰোতাবোৰ আৰু অন্যান্য কবিতা, জোনাক ভালপোৱা তিৰোতাজনী, নিমখ আৰু একৈশটা কবিতা, আমাৰ আকাশত চাৰিজনী জোন, নৰকাসুৰ, আত্মগাঁথা, নীলিম কুমাৰৰ নিৰ্বাচিত কবিতা, খালিঘৰ, মই তোমালোকৰ কবি, এদিন তোমাৰ ঘৰলৈ যাম য’ত তোমাৰ জন্ম হৈছিল, কাইলৈৰ পৰা আপোনাক ভালপাম ইত্যাদি। ইয়াৰ উপৰিও তেওঁ কেইবাটাও অসংকলিত কবিতা আৰু পাঁচখন উপন্যাসো লিখি উলিয়াইছে৷

নিৰ্দিষ্ট সন্ধিয়াটোত আমি কবিজনৰ শিলপুখুৰীস্থিত নিজা বাসগৃহত থিয় দিছিলোঁগৈ। আমি মানে মই, ‘সাহিত্য ডট অৰ্গ’ৰ প্ৰশাসনীয় গোটৰ অন্যতম সক্ৰিয় সদস্য মৃদুল কুমাৰ শৰ্মা আৰু মৃণাল জ্যোতি গোস্ৱামী, আৰু মোৰ স্ৱামী মানস জ্যোতি বৰা। প্ৰায় দুঘণ্টাৰো অধিক সময় কবিজনৰ লগত অনানুষ্ঠানিকভাৱে আমি কথা- বাৰ্তা হৈছিলোঁ। কবিজনৰ লগতে তেওঁৰ সহধৰ্মিনী পুষ্পাঞ্জলী গোস্বামী আৰু জীয়ৰী মিচিকিৰ ঘৰুৱা আন্তৰিকতাসুলভ কথা- বাৰ্তাৰ লগতে খৰিৰ জুইত সেকা নিমকি, বুন্দিয়া আৰু তাল- পিঠাৰ সোৱাদেৰে আপ্যায়িত সন্ধিয়াটোত প্ৰাণ পাই উঠিছিল কবিতা, শিল্প, প্ৰেম- অপ্ৰেম, প্ৰাপ্তি- বিষাদ আৰু সোঁৱৰণীৰ কথাবোৰ। গোটেই ঘৰটোত শিল্পী মনৰ গোন্ধ এটাই আমোল- মোলাই আছিল। কবি নীলিম কুমাৰৰ দুই সন্তান ফুটুকী আৰু মিচিকিয়ে নিপুণ হাতেৰে সাধুকথাৰ চৰিত্ৰবোৰক ঘৰৰ দেৱালত ধৰি ৰাখিছিল।

ব্যস্ত সময় সূচীৰ মাজতেই তেখেতে যথেষ্ট সময় আমাৰ লগত বহুত কথাই পাতিলে৷ সেই কথোপকথনৰেই সম্পাদিত ৰূপ তলত দাঙি ধৰা হ’ল ।

সা: ড: অ: নমস্কাৰ। ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা আপোনাক আমি স্বাগতম জনাইছোঁ। যদিও আপোনাৰ লগত আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছোঁ, তথাপি আচলতে অনানুষ্ঠানিকভাৱে কথা পাতিবলৈহে আমি আহিছোঁ। ‘আচিনাৰ অসুখ’ কিয় হৈছিল বাৰু?

নী: কু: আপাততঃ ‘আচিনাৰ অসুখ’ এটা সাধাৰণ কবিতা, কিন্তু কবিতাটোত আচিনাৰ অসুখৰ জৰিয়তে সমাজৰ এক ধৰণৰ অসুখকে চিত্ৰিত কৰা হৈছে। সুনীল গংগোপাধ্যায়ৰ এটা কবিতা আছে ‘নীৰাৰ অসুখ’ বুলি; তাত এষাৰ বাক্য আছে যে “নীৰাৰ অসুখ হ’লে কলকাতাৰ সবাই বড় দুঃখে থাকে”। আচলতে এই কথাষাৰেই মোৰ অন্তৰ স্পৰ্শ কৰিছিল আৰু ই মোক ‘আচিনাৰ অসুখ’ কবিতাটো লিখিবলৈ বাধ্য কৰাইছিলে, যদিও মই কবিতাটো সম্পূৰ্ণ এটা বেলেগ ‘ফৰ্ম’ত হে লিখি উলিয়ালোঁ। আচলতে এগৰাকী নাৰীৰ অসুখত যে সমস্ত নগৰখনেই ম্ৰিয়মান হ’ব পাৰে সেয়া কবিতাটোত মই দেখুৱাইছোঁ। নাৰী মানে এগৰাকী প্ৰেমৰ নাৰীৰ যেতিয়া অসুখ হয় তেতিয়া সমস্ত সমাজখন বা পৃথিৱীখনেই মৰ্মাহত হয়, সেই কথাষাৰ অনুভৱ কৰি মই কবিতাটো লিখিছিলোঁ।

সা: ড: অ: আপোনাৰ প্ৰথম অৱস্থাৰ কবিতাৰ পৰা আজিৰ কাব্য জগতখনৰ পৰিচয়লৈকে যিটো সুদীৰ্ঘ পৰিক্ৰমা, সেই পৰিক্ৰমাৰ মাজত আমি ক’ৰবাত এক অস্থিৰতা দেখা পাওঁ। আপুনি এঠাইত লিখিছে যে, “কাইলৈ পখিলা হ’ম, আজি মই বিছা।” আজিৰ সমাজৰ দ্বন্দ্বই বা আধুনিক মানুহখিনিৰ অস্থিৰতাই আপোনাক কি ধৰণেৰে প্ৰভাৱিত কৰে বাৰু?

নী: কু: নিজৰ কাব্যিক চেতনা বা অনুভৱখিনিক লৈ এজন কবি কাহানিও অকলশৰে কেৱল নিজৰ জগতখনতেই বিচৰণ কৰি থাকিব নোৱাৰে, ইচ্ছাকৃত ভাবেই হওক বা অনিচ্ছাকৃত ভাবেই হওক, সমাজখনৰ সৈতে তেওঁ সম্পৰ্কিত হোৱাটো অৱধাৰিত। উদাহৰণস্বৰূপে, চিকিৎসক হিচাপে মই যেতিয়া কৰ্মৰত অৱস্থাত থাকোঁ, এজন ৰোগীৰ চিকিৎসা কৰোঁতে তেওঁৰ যি দুখ তাক মই অনুভৱ কৰোঁ, তেওঁ কিমান কষ্ট পাব পাৰে সেয়া ময়ো অনুভৱ কৰিব পাৰোঁ। বা সমাজৰ দুৰ্দশাগ্ৰস্ত লোকৰ দুখ- দুৰ্দশাবোৰক মই অনুভৱ কৰিব পাৰোঁ আৰু সেই অনুভৱক মই মোৰ কবিতাৰ জৰিয়তে প্ৰকাশ কৰোঁ। মই এটা কবিতাত সেয়েহে লিখিছোঁ যে ডাক্তৰজনেই আটাইতকৈ বেমাৰী। এই যে চিকিৎসকজনে গোটেই ৰোগীসকলৰ চিকিৎসা কৰি আছে, তেওঁৰ খবৰ কিন্তু কোনেও নলয়। চিকিৎসকজনৰ ভিতৰতো যে অসুখ আছে সেয়া কোনেও ভাবি নাচায়। আমাৰ জীৱনৰ কথাবোৰো ঠিক তেনেকুৱাই।

সা: ড: অ: আমাৰ আজিৰ সমাজ ব্যৱস্থাৰ যি দ্বন্দ্ব, এই যে ভাল- বেয়া, হিত- অহিত, উচিত- অনুচিতৰ মাজৰ দ্বন্দ্ব, পুৰণিকালৰ কথা আৰু আজিকালিৰ কথাৰ মাজৰে দ্বন্দ্ব, এই দ্বন্দ্বটো আজিকালি গল্প- উপন্যাস আদি সাহিত্যৰ অন্য ভাগসমূহতো খুব পঢ়িবলৈ পোৱা যায়। আজিৰ তুলনাত অতীতৰ দিনবোৰ ভাল আছিল এনেকুৱা ধৰণৰ কথাবোৰ প্ৰায়ে শুনিবলৈ পোৱা যায়। এই দ্বন্দ্বসমূহে ক্ৰিয়া কৰি থকাৰ ফলত এনে হয় নেকি বাৰু?

নী: কু: দ্বন্দ্ব থাকিবই, কিয়নো সময় যিমানেই আগবাঢ়ি গৈ আছে সিমানেই আমাৰ সমাজ জীৱনত বিভিন্নতাবোৰ সোমাই পৰিছে আৰু আমি এই বিভিন্নতাবোৰ, পৰিবৰ্তনবোৰ গ্ৰহণো কৰি লৈছোঁ। আমি লাহে লাহে প্ৰকৃতিৰপৰা বিচ্ছিন্ন হৈ আহিছোঁ, প্ৰকৃতিৰ ধ্বংস কাৰ্যত লিপ্ত হৈছোঁ। কিন্তু যদিও আমি প্ৰকৃতিৰপৰা বিচ্ছিন্ন হৈছোঁ, তথাপি প্ৰকৃতিৰ প্ৰতি আমাৰ তৃষ্ণা কমি যোৱা নাই। কিন্তু প্ৰকৃতিৰ প্ৰতি আমাৰ এই আগ্ৰহ, তৃষ্ণা আৰু আমাৰ বিচ্ছিন্নতাৰ মাজৰ ভাৰসাম্য বা ‘বেলেঞ্চ’টো আমি ৰাখিব পৰা নাই যাৰ ফলত আমি বস্তুবাদী হৈ পৰিছোঁ। যদিও আমি অনুভৱো কৰোঁ যে এয়া ভুল, তথাপি আমি নিৰুপায় হৈ পৰিছোঁ আৰু বস্তুবাদী নোহোৱাকৈ থাকিব পৰা নাই। এই দ্বন্দ্বটোৱেই সমাজ- জীৱনৰ দৰেই সাহিত্যতো সোমাই পৰিছে, যাৰ ফলত সাহিত্যত বিভিন্ন ধৰণৰ ধাৰা সময়ে- সময়ে পৰিলক্ষিত হৈছে, যেনে- ৰোমাণ্টিক, আধুনিক, উত্তৰ- আধুনিক ইত্যাদি। সাহিত্যৰ সাধকসকলে নতুন- নতুন চিন্তা- চৰ্চা কৰিছে। এই যে উত্তৰ আধুনিকৰ ধাৰাটো, ইয়াকো আকৌ পুৰণি ধাৰাৰ লগত সংযোগ/ সংলগ্ন/ লিংক কৰিবলগা হৈছে। এই উত্তৰ আধুনিক ধাৰাটো আমাৰ অসমীয়া সাহিত্যত আচলতে পৰীক্ষণেই/ এক্সপেৰিমেণ্টেই হয়, কিন্তু সেই পৰীক্ষণ মানুহৰ জীৱনতো ঘটিছে।

সা: ড: অ: এইখিনিতে আপোনাৰ কথাখিনি শুনি মোৰ পতকৈ ভাব হ’ল যে ইয়াত বাৰু নিৰ্মাণ- পুনৰনিৰ্মাণ (construction- reconstruction)ৰ কথাটো আহি পৰে নেকি? আলেকজেণ্ডাৰ চেলকাৰ্কে বিশ বছৰ বাহিৰৰ মানুহৰপৰা আঁতৰি আছিল। আজিৰ পৃথিৱীখনত আমিও এই কংক্ৰিটৰ পৰিবেশৰ মাজত সেই আলেকজেণ্ডাৰ চেলকাৰ্কৰ দৰেই আছোঁ নেকি বাৰু? মানে ভিৰৰ মাজত থাকিও অকলশৰীয়া?

নী: কু: সেইটো হয়। প্ৰত্যেকজন সৃষ্টিশীল ব্যক্তি বা লেখকৰ ভিৰৰ মাজত থাকিও এককভাবেই বা ব্যক্তিগতভাবেই (individually) বিকাশ হয়। বিকাশ হয়তো তেওঁ বিভিন্ন উৎস বা সমলৰপৰা আহৰণ কৰে, কিন্তু তেওঁ নিজৰ বিকাশটো এককভাৱে/ ব্যক্তিগতভাৱে (individually) কৰিব লাগিব। আৰু বিকাশৰ এই প্ৰক্ৰিয়াটো মস্তিষ্কৰ প্ৰক্ৰিয়া। সমগ্ৰ চিন্তন প্ৰক্ৰিয়াটো মস্তিষ্কতেই হয়।

সা: ড: অ: তাৰমানে ‘কবিতা’ হৃদয়ৰ নহয় মস্তিষ্কৰ হে?

নী: কু: নহয়, কবিতা কেৱল এককভাৱে হৃদয়ৰ বা মস্তিষ্কৰ হ’ব নোৱাৰে। কবিতা নিশ্চয়কৈ হৃদয়তেই অংকুৰিত হয়, কিন্তু তাৰ নিৰ্মাণকাৰ্য হয় মস্তিষ্কত। মই এইটো কথা সদায় কৈ আহিছোঁ যে হৃদয়ৰ আৱেগ- অনুভূতিৰ কেৱল লিখিত ৰূপেই কবিতা নহয়, তাক নিৰ্মাণ কৰিব লাগিব, সি এক ‘শিল্প’ হৈ ফুটি উঠিব লাগিব। হৃদয়ৰ আৱেগ- অনুভূতিখিনিতো কেঁচা- মালহে (raw material), তাক আমি নিৰ্মাণ কৰিলেহে ই কবিতা ৰূপত শিল্প হৈ পৰিব।

সা: ড: অ: এষাৰ কথা আছে যে কবিতা হৃদয়ৰ স্বতঃস্ফূৰ্ত প্ৰকাশ। আপোনাৰ মতে কথাটো এনেকুৱা নেকি বাৰু যে হৃদয়ৰ স্বতঃস্ফূৰ্ত প্ৰকাশ নহয়, বৰঞ্চ ই এক ধৰণৰ নিৰ্মাণ কৰা সাহিত্য হে?

নী: কু: একদম সঁচা কথা। যদিহে মানুহৰ হৃদয়ৰ স্বতঃস্ফূৰ্ত প্ৰকাশেই কবিতা হ’লহেঁতেন, তেন্তে আমি দৈনন্দিন দেখি শুনি থকা মানুহৰ গালি- গালাজবোৰোতো কবিতা হ’বচোন। যেনে ধৰা, মোৰ আগতীয়াকৈ কোনো পৰিকল্পনা নাছিল, হঠাৎ কিবা কথাত খং উঠিল আৰু মই কাৰোবাক স্বতঃস্ফূৰ্তভাৱে গালি পাৰি দিলোঁ, অথবা কোনোবা আপোনজন ঢুকাওতে মই ইনাই- বিনাই কান্দিলো- এয়াওচোন তেন্তে কবিতা হৈ পৰিব। কিন্তু সেয়াতো শিল্প কেতিয়াও নহয়। শিল্প হ’বলৈ হ’লে এই স্বতঃস্ফূৰ্ত আবেগক নিৰ্মাণ কৰিব লাগিব। আমাৰ সমাজত এইটোৱেই ভুল ধাৰণা, যিটো কবি ৱৰ্ডছৱৰ্থে কৈ গৈছিল যে আৱেগৰ স্বতঃস্ফূৰ্ত প্ৰকাশেই কবিতা, সেইটোকে আজিও মানি অহা হৈছে। আচলতে আৱেগৰ স্বতঃস্ফূৰ্ত প্ৰকাশ হ’লেই কিন্তু কবিতা হ’ব নোৱাৰে। তাৰ নিৰ্মাণ হ’বই লাগিব। এটা সৰু উদাহৰণ দি মই বুজাই দিব খোজোঁ। তুমি বজাৰৰপৰা কিনি অনা মাংসখিনি মাথোঁ কেঁচামালহে, তাক তুমি নিমখ- হালধি- মছলা- জলকীয়া দি ৰান্ধিব লাগিব, পৰিবেশন কৰিব লাগিব, আৰু এই পৰিবেশনটোৱেই শিল্প। এই পৰিবেশনটোহে তুমি খাব পাৰিবা, কেঁচামালটোতো তুমি খাব নোৱাৰিবা, নহয় জানো? ঠিক সেইদৰে ধৰি লোৱা এটা শিল ৰাস্তাত পৰি আছে, এজন শিল্পীয়ে/ আৰ্টিষ্টে আৰু এজন শ্ৰমিকে একে সময়তে সেই শিলটো দেখা পালে। শ্ৰমিকজনৰ মনত সেই শিলটো ভাঙি টুকুৰা- টুকুৰ কৰাৰ কথাহে মনলৈ আহিব, কিন্তু শিল্পীজনে সেই শিলটো দেখাৰ লগে- লগে এটা মূৰ্তি বা ভাস্কৰ্য নিৰ্মাণৰ কথা মনলৈ আহিব। সেই শিলটোৱেই কেঁচামাল। ঠিক যিদৰে গছৰ মূঢ়া এটা কেঁচামাল, এজন খৰিকটিয়াই হয়তো সেই গছৰ মূঢ়াটোক দেখিলে কাঠ কাটি ঘৰলৈ লৈ যোৱাৰ কথা ভাবিব, কিন্তু এজন শিল্পীয়ে তাক দেখিলে এটা ভাস্কৰ্য নিৰ্মাণৰ কথাহে চিন্তা কৰিব। গতিকে চোৱা, সেই কাঠৰ টুকুৰাটোৱেই বা শিলটোৱেই কাৰ মনত কেনেকৈ প্ৰতিক্ৰিয়া কৰিছে!

সা: ড: অ: কবিতাৰতো নিশ্চয় কিছুমান উপাদান আছে। সেই উপাদানসমূহক তাৰমানে গ্ৰহণযোগ্য ধৰণে পৰিৱেশন কৰিব লাগিব যাতে সমগ্ৰ কলা বিধ ফুটি উঠে। প্ৰতোটো ভাস্কৰ্যি যিদৰে ভাল নহ’ব পাৰে

নী:কু: হয়, সেই পৰিবেশনটোৱেই নিৰ্মাণ। ভাল হয়তো নহ’ব পাৰে, শিলৰ বা কাঠৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি ভাস্কৰ্যটো সৰু বা ডাঙৰ হ’ব পাৰে। কবিতাৰো ঠিক তেনেকুৱাই। কবিতাৰ ‘চাবজেক্ট’ বা ‘বিষয়- বস্তু’ তেনেকৈ সৰু বা ডাঙৰ হয়। কিন্তু এটা কথা সঁচা যে শিল্প নিৰ্মাণৰ কাৰণে কেঁচা মাল লাগিবই।

সা: ড: অ: অলপ আগতে আমি ভিৰৰ কথা পাতিলোঁ, ভিৰৰ মাজত থাকিও একক বা অকলশৰীয়া হোৱাৰ কথা পাতিলোঁ। আপুনি পেছাত এজন চিকিৎসক। দিনটো আপুনি ৰোগীৰ সৈতে ব্যস্ত থাকিব লাগে। দিনৰ বেছিভাগ সময় আপুনি ভিৰৰ মাজতেই থাকে । তাৰমাজত যেতিয়া আপোনাৰ ব্যক্তিগত সত্বাটো মানে কবি সত্বাটো থাকে, সেইটোক প্ৰকাশৰ বাবে বা কবিতা নিৰ্মাণৰ বাবে আপুনি কেনেধৰণৰ পৰিৱেশ বিচাৰে বাৰু? ভিৰতো সেই নিৰ্মাণ কাৰ্যটো কৰিব পাৰে নে নিৰিবিলি পৰিৱেশ বিচাৰে?

নী: কু: মোৰ কাৰণে কবিতা এটা লিখিবৰ বাবে নিজান পৰিবেশ এটা লাগিবই বুলি কথা নাই। ৰোগীৰ চিকিৎসা কৰি থাকোঁতেও যদি মোৰ মনলৈ ভাৱ আহে তথাপিও কিন্তু মোক নিজান বা অকলশৰীয়া পৰিবেশ লাগিব বুলি কথা নাই। মই ভিৰৰ মাজতো শিল্প নিৰ্মাণ কৰিব পাৰো।

সা: ড: অ: আপুনি এই যে আপুনি ৰোগীৰ লগত ব্যস্ত থাকোঁতে আপোনাৰ মনত কবিতাৰ ভাৱ বা যিকোনো শব্দৰ অংকুৰণ হ’ল, সেই ভাৱ বা শব্দটোক লৈয়েতো আপুনি এটা শিল্প নিৰ্মাণ কৰিব, কিন্তু যেতিয়ালৈকে আপোনাৰ এই নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠে তেতিয়ালৈকে আপোনাৰ মানসিক অৱস্থাটো কেনেকুৱা হৈ থাকে বাৰু? এক ধৰণৰ অস্থিৰতা থাকে নেকি বাৰু যে মই ৰোগী চাম নে কবিতাটো লিখিম?

নী:কু: নাই নাই, সেই মুহূৰ্তত তেনেকুৱা একো নহয়। এই যে ভাৱটো বা শব্দটো বা বাক্য এষাৰ মোৰ মনলৈ হঠাৎ আহি গ’ল সেয়া মোৰ মস্তিষ্কত সঞ্চিত হৈ ৰৈ যায়। পাছত অৱসৰ মুহূৰ্তত মই তাক লৈ চিন্তা কৰোঁ আৰু নিৰ্মাণ কৰোঁ। কবিতা হয়তো হ’বও পাৰে নহ’বও পাৰে। মোৰ মনত পৰিছে মই এটা কবিতা লিখিছিলোঁ, ‘কন্যাকাল’ নামেৰে। সম্পূৰ্ণ কবিতাটো লিখি উঠাৰ পাছতো মই তাক শেষ কৰিব নোৱাৰিলোঁ, কিয়নো শেষৰ বাক্য দুশাৰী মোৰ মনলৈ অহা নাছিল। মই জানিছিলোঁ যে এই দুশাৰী মোৰ মনলৈ অহা নাই আৰু মাথোঁ এই দুটা শাৰী সন্তোষজনকভাৱে মোৰ মনলৈ নাহিলে কবিতাটো মই শেষ কৰিব নোৱাৰোঁ। প্ৰায় সাত বছৰৰ মূৰত সেই কবিতাটো শেষ কৰিবৰ বাবে উপযুক্ত দুটা শাৰী মোৰ মনলৈ আহিছিল। তাৰমানে চোৱা, এই সাত বছৰ ধৰি কবিতাটো মোৰ মগজতেই আছে, কিন্তু শেষ কৰিব নোৱাৰিলোঁ। কেতিয়াবা বহুত কবিতাই এইদৰে আধৰুৱা হৈ ৰৈ গৈছে।

সা: ড: অ: তাৰমানে কেতিয়াবা আপোনাক কবিতা এটা লিখিবলৈ বহুত বেছি সময়ো লাগি যাব পাৰে? আপুনি এইমাত্ৰ ক’লে যে এটা কবিতা সম্পূৰ্ণ কৰিবলৈ আপোনাক সাত বছৰ লাগিল, তেনেকুৱা ক্ষেত্ৰত কেতিয়াবা আপুনি কবিতাটো পুনৰ নিৰ্মাণৰ কথা ভাবে নেকি যে কবিতাটো নতুনকৈ নিৰ্মাণ কৰোঁ? নে আপুনি আগৰ ভাৱখিনি সলাব নিবিচাৰে?

নী: কু: হয়, কেতিয়াবা তেনেকুৱা হ’ব পাৰে বাৰু যে আগতে মই কবিতা এটা এইদৰে আৰম্ভ কৰিছিলোঁ, কিন্তু পাছত পুনৰ অন্য ধৰণে লিখিলোঁ। কিন্তু এই ‛কন্যাকাল’ নামৰ কবিতাটোৰ ক্ষেত্ৰত মোৰ তেনেকুৱা হোৱা নাছিল। এইটো মোৰ বাবে বহুত ডাঙৰ আৰু গুৰুত্বপূৰ্ণ অভিজ্ঞতা বুলিয়েই ক’ব পাৰি। আচলতে সেই সুদীৰ্ঘ সময়ছোৱাতো কবিতাটোৰ বিষয়বস্তুক লৈ মোৰ সমগ্ৰতাই জড়িত হৈ আছিল, মোৰ ভিতৰত নিৰ্মাণ কাৰ্য চলিয়েই আছিল যাৰ কাৰণেই সাত বছৰ পলমকৈ হ’লেও কবিতাটোৰ শেষৰ বাক্য দুটা মোৰ মনলৈ আহিছিল।

সা: ড: অ: এইখিনিতে এটা কথা মোৰ মনত পৰিছে। এবাৰ এজন বিখ্যাত লেখকক এজন মানুহে সুধিলে যে উপন্যাস কেনেকৈ লিখিব পাৰি? লেখকজনে উত্তৰ দিলে যে উপন্যাস লিখাৰ দুটাই নিয়ম আছে, কিন্তু দুখৰ কথা যে সেই নিয়ম দুটা কোনেও নাজানে। আচলতে ইয়াৰ জৰিয়তে তেখেতে বুজাব খুজিছিল যে উপন্যাস লিখাৰ বাবে নিৰ্দ্দিষ্ট কোনো নিয়ম নাই। কবিতাৰ ক্ষেত্ৰতো হয়তো কথাবোৰ তেনেকুৱাই। আগৰেপৰা কবিতা লিখন সন্দৰ্ভত বিভিন্ন মতবাদ চলি আহিছে। কিন্তু শেহতীয়া ভাৱে এই ক্ষেত্ৰত এটা সম্পূৰ্ণ পৃথক মতবাদ বা চিন্তাধাৰা লৈ আপুনিয়েই একমাত্ৰ অকলশৰীয়া হৈ আছে যেন বোধ হয়। আপোনাৰ মতবাদ বা চিন্তাধাৰা মতে কবিতা নিৰ্মাণ কৰিব লাগে, আপুনি ইতিমধ্যে কবিতাৰ বিদ্যালয় এখন খোলাৰ কথাও কৈছে। এই বিদ্যালয় বা কৰ্মশালাত কেনেধৰণে প্ৰশিক্ষার্থীসকলক কবিতা নির্মাণ কৰিবলৈ শিকোৱা হ’ব? খুব ভাল ‘কাৰিকুলাম’ বা পাঠ্যক্ৰম এটা নহ’লেও অন্ততঃ জুমুঠি এটাৰ কথা আপুনি নিশ্চয় চিন্তা কৰিয়েই প্ৰস্তাৱটো আগবঢ়াইছে।

নী: কু: হয় পাৰি, তেনেকৈ প্ৰশিক্ষণ দিব পাৰি। এই কথাটো মই যেতিয়া ভাবিছিলোঁ আৰু প্ৰস্তাৱ আগবঢ়াইছিলোঁ মানুহে তেতিয়া মোক সমালোচনা কৰিছিল, ধিক্কাৰ দিছিল। মই কবিতাৰ স্কুলৰ ওপৰতো এটা কবিতা লিখিছিলোঁ। মই প্ৰশিক্ষার্থীসকলক লৈ যাম নদীৰ পানী যুঁৱলিলৈ, তাত তেওঁলোকে ভৰি দিব, সেই পানীখিনিয়ে যেতিয়া ভৰিৰ পতা স্পৰ্শ কৰিব তেতিয়া যি অনুভৱ হ’ব সেয়া তেওঁলোকে লিখিব। আকাশৰ তললৈ লৈ যাম মই, আকাশে শিকাব, পথাৰে শিকাব তেওঁলোকক। মই মাথোঁ এই উপাদান বা সমলখিনিৰ সৈতে চিনাকি কৰাই দিম। এতিয়া মোৰ চকুৰ সমুখত এই মোবাইলটো বা সৌ পানীৰ বটলটো পৰি আছে, ইয়াক মই ‘পৰি থকা’ বুলি নকৈ ‘শুই থকা’ বুলি ক’ব পাৰোঁ। এয়াই আচলতে নিৰ্মাণ কাৰ্য। মানে যিটো মই অনুভৱ কৰিম তাক মই সম্পূৰ্ণ নিজা শৈলীৰে উপস্থাপন কৰিম। এজন চিত্ৰকৰে কোনটো ৰঙৰ লগত কি মিলালে কেনেকুৱা ৰং হয় জানিব লাগিব, নহ’লে ভাল ছবি এখন আঁকিব কেনেকৈ? তাৰবাবে তেওঁক অনুশীলন বা ‘প্ৰেক্টিছ’ৰ প্ৰয়োজন হ’ব। কবিতাৰ বাবেও ঠিক সেইদৰে অনুশীলন বা চৰ্চা লাগিব। তাৰবাবেইতো কবিতাৰ স্কুলৰ কথা কোৱা হয়। আজি ‘আৰ্ট স্কুল’ বুলি ক’লে মানুহে সহজে গ্ৰহণ কৰে, কিন্তু ‘কবিতাৰ স্কুল’ বুলি ক’লেই সমালোচনা কৰে। কিয়? তাৰমানে আমাৰ মনোবৃত্তি এতিয়াও ৰক্ষণশীল হৈ আছে।

সা: ড: অ: এইখিনিতে মই এটা প্ৰশ্ন সোধোঁ। প্ৰায়ে শুনিবলৈ পোৱা যায় যে আধুনিক কবিতা বা সাম্প্ৰতিক সময়ৰ কবিতাবোৰ টান। নতুন ল’ৰা- ছোৱালীচামে আধুনিক কবিতা পঢ়িবলৈ টান পায়, কঠিন বুলি কয়৷ প্ৰায়ে কোৱা হয় যে আধুনিক কবিতাত ব্যক্তিগত চিত্ৰকল্প বা ব্যক্তিগত প্ৰতীকৰে উপস্থাপন খুব বাঢ়ি গৈছে। এইবিষয়ে আপুনি কি ভাবে?

নী: কু: আচলতে আধুনিক কবিতা ‘টান’ বুলি ধৰি লোৱা হয়। কবিতাৰ একেবাৰে শেহতীয়া বা লেটেষ্ট ট্রেণ্ডক মানুহে টান পায়। কিন্তু আমি আমাৰ জীৱনত একেবাৰে শেহতীয়া বা লেটেষ্ট বস্তুবোৰ হে গ্ৰহণ কৰোঁচোন। কবিতাৰ ক্ষেত্ৰত কিন্তু এই লেটেষ্ট ট্রেণ্ডক গ্ৰহণ নকৰোঁ, টান বুলি ধৰি লওঁ। অথচ নিজৰ জীৱনত গাড়ী, মোবাইল ইত্যাদি অন্য উপাদানবোৰৰ একেবাৰে লেটেষ্ট মডেলটোহে পছন্দ কৰোঁ।

সা: ড: অ: মানে কথাটো এনেকুৱা নেকি বাৰু বিজ্ঞানৰ ক্ষেত্ৰত জটিলতাক আমি সহজে গ্ৰহণ কৰোঁ, কিন্তু কলাৰ ক্ষেত্ৰত নকৰোঁ।

নী: কু: হয়। কথাটো তেনেকুৱাই। আমি ব্যৱহাৰিক জীৱন আৰু মানসিক জীৱনৰ মাজত সামঞ্জস্য নাৰাখোঁ আচলতে। তদুপৰি আমাৰ সমাজত বা ছাত্ৰ- ছাত্ৰীৰ পাঠ্যক্ৰমতো সাহিত্য সম্পৰ্কে আধুনিক ধাৰণাবোৰক এতিয়াও গ্ৰহণ কৰি উঠা নাই।

সা: ড: অ: আজিকালি মহাবিদ্যালয়- বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত বহুত নতুন ধৰণৰ চিন্তা- চৰ্চা বা নতুন ধৰণৰ কথা- বতৰাবোৰ অনা হৈছে অৱশ্যে৷

নী:কু: হয়, আজিকালি অৱশ্যে বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত বহুত নতুন ধৰণৰ চিন্তা- চৰ্চাৰ অৱতাৰণা কৰা হৈছে, কিন্তু এয়া বহুত দেৰি হৈ গৈছে আচলতে। পলম এইকাৰণেই হৈছে যে শিক্ষক- অধ্যাপক সকলো এই ক্ষেত্ৰত অভ্যস্ত হৈ উঠা নাই। এই আধুনিকতা কেৱল বিশ্ববিদ্যালয় পৰ্যায়ত হ’লেই কিন্তু নহ’ব, বিদ্যালয় পৰ্যায়ৰপৰা আৰম্ভ কৰিব লাগিব। নহ’লে আমাৰ চিন্তাধাৰাতো ‘গেপ’ (gap) এটা আহি পৰিব।

সা: ড: অ: এইখিনিতে মোৰ মনত পৰিছে, আমি যেতিয়া ১৯৯৩ত মেট্ৰিক দিছিলোঁ, তেতিয়া আমাৰ অসমীয়া সাহিত্যত এটা প্ৰবন্ধ আছিল ‘ছুইং বল’ নামেৰে৷ মই আজিও কোনো যুক্তি বিচাৰি নাপালোঁ যে অসমীয়া সাহিত্যৰ সেই পাঠ্যক্ৰমত আচলতে সেই বিশেষ প্ৰবন্ধটো সুমুৱাৰ কি প্ৰয়োজন আছিল, কিয়নো সেই লেখাটোত ভাষাৰ কোনো সাংঘাতিক উপস্থাপন শৈলী নাছিল৷ তাৰ পৰিবৰ্তে আধুনিক কবিতা বা পুৰণি কবিতাৰ ওপৰত পৰ্যালোচনা কৰা লেখা দিব পাৰিলেহেতেন৷

নী:কু: হয়, কথাবোৰ তেনেকুৱাই৷ আমাৰ চিন্তা- ধাৰণাত আধুনিকতা এতিয়াও অহা নাই, তাৰ ফলতে এই ‘গেপ’টো আহি পৰিছে৷

সা: ড: অ: আমি বাৰু কবিতাৰ সৃষ্টিৰ পথাৰখনত ‘আলি- দোমোজা’ত আছোঁ নেকি?

নী: কু: একদম, আমি দেখাদেখিকৈয়ে আলি- দোমোজাত আছোঁ। আজি প্ৰায় তিনিমাহ আগত গুৱাহাটীত এজন কবিৰ গ্ৰন্থ উন্মোচনী সভালৈ মোক মাতিছিলে। কিন্তু কিতাপখন মেলি চাই মই হতভম্ব হৈছিলোঁ, কিয়নো তাত থকা গোটেইখিনিয়েই ‘অকবিতা’হে আছিল। কিতাপখনত চকু ফুৰাই মই তেওঁক সুধিছিলোঁ যে তেওঁ কবিতাৰ চৰ্চা ক’ত, কেনেকৈ কৰিছিলে। তেওঁ উত্তৰত কৈছিল যে তেওঁ ফেচবুকতে কবিতাৰ চৰ্চা কৰে। মই এইটোও সুধিছিলোঁ যে তেওঁ কাৰো কবিতা পঢ়া নাই নেকি, নৱকান্ত বৰুৱা, নীলমণি ফুকন, হীৰুদা অথবা নীলিম কুমাৰৰ কবিতা। তেওঁৰ উত্তৰ আছিল ‘নাইপঢ়া’! কেৱল নামবিলাক শুনিছে মাথোঁ। কিন্তু সেইখন তেওঁৰ দ্বিতীয় কিতাপ আছিল। তেওঁ তাৰমানে আধুনিক কবিসকলৰ লগত যুক্ত নহয়েই, তেওঁ আৰম্ভ কৰিছিল মাথোঁ ফেচবুকৰপৰা। কিন্তু চোৱা, ফেচবুকৰপৰা যদি তেওঁ কবিতা লিখা আৰম্ভ কৰিছিল, তেওঁৰ কবিতাসমূহ আধুনিক হ’ব লাগিছিল, কিয়নো ফেচবুক হৈছে যোগাযোগ একেবাৰেই আধুনিক মাধ্যম, নহয় জানো? তেওঁ একেবাৰে ‘লেটেষ্ট’ আহিলাটোৱেই ব্যৱহাৰ কৰিছে, অথচ তেওঁৰ চিন্তা কিমান পিছ পৰি আছে।

সা: ড: অ: আমাৰ সাহিত্যিক সকলৰ বেছিভাগেই, কবি, গল্পকাৰ বা ঔপন্যাসিকসকলৰ অতীতলৈ গুচি যোৱাৰ এটা প্ৰৱণতা থাকে। তেওঁলোকৰ সৃষ্টিৰাজিত অতীতপ্ৰীতি প্ৰায়ে পৰিলক্ষিত হয়। এই যে আমি কংক্ৰীটৰ সভ্যতাত থাকিও অতীতলৈহে উভতি যোৱাৰ চেষ্টা কৰি থাকোঁ সেই ভাৱটোৱেই বাৰু আমাৰ সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত বা সাহিত্যত আধুনিকতাক গ্ৰহণ কৰাৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে নেকি বাৰু?

নী: কু: যিসকল সৃষ্টিশীল লেখক তেওঁলোকৰ ক্ষেত্ৰত এয়া কেতিয়াও প্ৰযোজ্য নহয়, তেওঁলোকৰ ভাৱখিনি অতীতৰ ভিত্তিত বিকশিত হয় মাথোঁ, তাক ‘থীম’ বা বিষয়বস্তু হিচাপে লৈ সাহিত্য সৃষ্টি কৰিব পাৰে তেওঁলোকে, কিন্তু তাৰ কাৰণে তেওঁলোক পিছ পৰি নৰয়। কিন্তু এচাম মানুহে কোনোধৰণৰ আধুনিকতা নিশিকিলেই আৰু নিশিকাকেই তেওঁলোকে ‘কবিতা এনেকুৱা বস্তু’ বুলি ভ্ৰান্ত ধাৰণা এটা কৰি ল’লে। শুনি আচৰিত হ’বা যে সেই কিতাপ উন্মোচনৰ সভাখনতেই আন দুজন ল’ৰাকো মই সুধিছিলোঁ যে তোমালোকে কাৰ কবিতা পঢ়িছা বুলি। তেওঁলোকে কৈছিল যে কাৰো পঢ়া নাই হেনো। এজনে উত্তৰত কৈছিল ‘নিচিনো তোমাক ক’ত আছা প্ৰভু’ পঢ়িছিল। তাৰমানে চোৱা তেওঁৰ ধাৰণাখিনি কিমান পাছত ৰৈ গ’ল। ফেচবুকত তেওঁলোকে যিখন জগতত কবিতা চৰ্চা কৰিছে তাৰ বন্ধুবৰ্গৰো চিন্তা- চৰ্চা হয়তো সিমানতে ৰৈ গৈছে। গতিকে চিন্তা ভাৱনাত যদি কোনোধৰণৰ নতুনত্ব আনিব নোৱাৰে তেন্তে তেওঁলোক বেয়াকৈয়ে পিছ পৰি ৰ’ব। কবিতাক আচলতে তেওঁলোকে বৰ সহজ বুলি ভাবিছে, ফেচবুকত তিনিশ- চাৰিশ লাইক পালেই তেওঁলোকৰ আত্মবিশ্বাস আহি যায়। তেওঁলোকৰ সেয়া স্বতঃস্ফূৰ্ত প্ৰকাশো নহয়, সেয়া একেবাৰেই কৃত্ৰিম। স্বতঃস্ফূৰ্ত প্ৰকাশ হ’লেও আমি মানি ল’ব পাৰোঁ যে সেয়া নিৰ্মাণ নহয় যদিও অন্ততঃ কেঁচামাল। কিন্তু এইবোৰ যে একেবাৰেই কৃত্ৰিম। বাছি- বাছি কিছুমান শব্দ লৈ কবিতাৰ আকৃতিৰ ৰূপ এটা দিয়ে। কিন্তু সেয়া আচলতে ভুল। অথচ তাকে ক’লেই সমাজে ভাবে যে নতুন চামৰ উত্থানত নীলিম কুমাৰ শংকিত হৈছে।

সা: ড: অ: হয়, তেনেকুৱা কেতবোৰ কবিতাৰ আকাৰ লোৱা অকবিতা আমাৰো পৰিলক্ষিত হয়। তেওঁলোকে মাথোঁ কিছুমান শব্দ নিৰ্বাচন কৰি কবিতাৰ আকাৰ দিয়ে৷ এই কথাবোৰ আচলতে বিদ্বান সমাজতো আলোচনা হৈয়ে থাকে। আপোনাক লৈও বহুত বিতৰ্ক হৈছিল ‘কবিতা- অকবিতা’ৰ প্ৰসংগক লৈ, নতুন চামক নিৰুৎসাহ কৰা বুলিও নোকোৱা নহয়৷ তেনে সময়তে ময়ে এটা গোটত সুধিছিলোঁ যে ‘কবি’ উপাধিটো পাবৰ বাবে জানো নিৰ্ধাৰিত কিবা সংজ্ঞা আছে? কবি হ’বৰ বাবে আচলতে কবিতাৰ সংখ্যাৰ কোনো ন্যূনতম সীমা নাই। এতিয়া যিদৰে পি. এইচ. ডি. কৰিলে, গৱেষণাপত্ৰ লিখিলে কোনোবাই নিজৰ নামৰ আগত ডঃ লিখে, কবি উপাধি পাবৰ বাবেতো তেনেকৈ কোনো সংখ্যা নিৰ্ধাৰণ কৰি দিয়া নাই যে ব্যক্তিজনে ইমানটা কবিতা লিখিবই লাগিব। সেই উপাধি বা বিশেষণ নিজে নিজক দিয়া নাযায়।

আজি মইও এটা কবিতা লিখিব পাৰোঁ, সেইটো হয়তো কবিতা হ’বও পাৰে, নহ’বও পাৰে৷ মই তাক ‘কবিতা’ বুলিও নকওঁ, ‘অকবিতা’ বুলিও নকওঁ; মই মাথোঁ ক’ম যে মোৰ মনলৈ কিবা এটা ভাৱ আহিছে বাবে মই তাক প্ৰকাশ কৰিছোঁ৷ কিন্তু তাকে লৈ মই নিজেই খ্যাতি বিচৰাটো বা নিজে নিজক ‘কবি’ বুলি বিশেষণ দিয়াটো উচিত কেতিয়াও নহয়৷ কিন্তু আজিকালি আচলতে মানুহে সহজে খ্যাতি বিচৰা হৈছে৷

নী: কু: কবিতাক লিখি গীনিজ বুকত ৰেকৰ্ড কৰা বস্তু নহয় আচলতে। কাৰোবাৰ কবিতাৰ সংখ্যা কম হ’ব পাৰে, কিন্তু তাতো সাংঘাতিক শিল্প সোমাই থাকিব পাৰে। যেনে অজিত বৰুৱাৰ কথা ক’ব পাৰি, দেৱকান্ত বৰুৱাৰ কথা ক’ব পৰা যায়।

সা: ড: অ: অৱশ্যে আমাৰ সাম্প্ৰতিক সময়ত ফেচবুকৰ বাহিৰত অসমীয়া কবিতাৰ জগতত কিছু সম্ভাৱনাপূৰ্ণ নতুন কবিয়ে আত্মপ্ৰকাশ কৰিছে আৰু ভাল কবিতা লিখি যাবলৈ চেষ্টাও কৰিছে।

নী: কু: হয় কৰিছে। আনকি ফেচবুকৰ জৰিয়তেও বহুকেইজন প্ৰতিভাবান কবিয়ে আত্মপ্ৰকাশ কৰিছে। তেওঁলোক ওলাই আহিব লাগে। কিন্তু এই অকবিতাসমূহেই তেওঁলোকৰ উত্তৰণৰ পথত হেঙাৰ হৈছে। আগতে আমি কাগজত কবিতা লিখোঁ, আলোচনীলৈ বাতৰি কাকতলৈ পঠাই দিওঁ। আগতে বনলতা প্ৰকাশনে প্ৰত্যেকবাৰ গ্ৰন্থমেলাৰ আগে- আগে মোক কবিতাৰ সংকলন এটাৰ বাবে তাগিদা দিয়ে। কিন্তু আজিকালি এই মাত্ৰা কমি গৈছে, আচলতে এতিয়া কবিতা নপঢ়া হৈছে। আগতে কলেজ, ইউনিভাৰ্ছিটিত থকা ল’ৰা- ছোৱালীবোৰে কবিতা পঢ়িছিল, এতিয়া সেই পৰিৱেশটো নাই। এতিয়া আচলতে কবিতা পঢ়াতকৈ কবিতা লিখাৰ চাহিদা, লিখাৰ প্ৰৱণতাহে বাঢ়ি গৈছে। এই যে ফেচবুকত লিখে, লিখাৰ লগে লগে শ্বেয়াৰ কৰে, লগে- লগে ৰাইজৰপৰা কমেণ্ট বা প্ৰতিক্ৰিয়াটো পাই যায়। গতিকে আজিকালি কিতাপ নুলিওৱা হৈ গৈছে। মোক মানুহে প্ৰায়ে সোধে যে ‘অকবিতা’ কোনবিলাক। এই যে মোৰ মনৰ স্বতঃস্ফূৰ্ত প্ৰকাশবোৰ, খং- ৰাগবোৰ নিৰ্মাণ নকৰাকৈ যিবোৰ কবিতাৰ আকৃতিত লিখিছোঁ এইবিলাকেই অকবিতা। মই ভাবিছোঁ যে মই এইবাৰ মোৰ অকবিতাসমূহৰ সংকলন এটি উলিয়াম।

সা: ড: অ: ‘অকবিতা’বোৰক আমি প্ৰতিবাদী কবিতা বুলি ক’ব নোৱাৰোঁ নেকি? সমাজত যেতিয়া কিছুমান অন্যায় হৈ থাকে, তেতিয়া প্ৰায়ে তাৰ প্ৰতিবাদত সাহিত্য সৃষ্টি হয়, ঠিক সেইদৰে কবিতাও লিখে৷

নী: কু: ওহোঁ, প্ৰতিবাদী কবিতা হ’বলৈওতো সি শিল্প হ’বই লাগিব। এই যে মই গঁড় হত্যাক লৈ কবিতা এটা লিখিছিলোঁ, সেইটো প্ৰতিবাদী কবিতাও নহয়, তাত গোটেই ভাৱবোৰ নিৰ্মাণ নকৰাকৈ কেঁচামাল ৰূপতহে লিখি দিছোঁ। সেইবোৰ অকবিতা আচলতে। সেয়েহে মই ভাবিছোঁ যে এইবাৰ ‘নীলিম কুমাৰৰ নিৰ্বাচিত অকবিতা’ বুলি সংকলন এটা উলিয়াম।

সা: ড: অ: কিছুমান কবিতা লিখি চাগে’ আপুনি নিজেও হয়তো সন্তুষ্ট নহয়। তেতিয়া কি হয়?

নী: কু: কেতিয়াবা চাবাচোন সমাজত অকবিতাৰো প্ৰতিক্ৰিয়া পৰিলক্ষিত হয়। মানে সমাজত অকবিতাৰ একশ্যন হ’ব পাৰে, সেইটোও এটা সৃষ্টি, কিন্তু তাক তুমি কবিতা বুলি ক’ব নোৱাৰা। এতিয়া পেট্ৰলৰ মূল্যবৃদ্ধিক লৈ কোনোবাই কিবা এটা লিখিব পাৰে, কিন্তু সেয়া যদি কেৱল শ্লোগানধৰ্মী হয় তেন্তে তাক তুমি কবিতা বুলি ক’বা কেনেকৈ? প্ৰয়োজনসাপেক্ষে অকবিতাও কোনোবাই লিখিব পাৰে। কিন্তু কবিতাৰ লগত তাক সংপৃক্ত কৰিব কেতিয়াও নোৱাৰি। এয়া কেৱল কবিতাৰ ক্ষেত্ৰতেই নহয়। অন্য শিল্পৰ ক্ষেত্ৰতো দেখা যায়। গল্প, উপন্যাস বা গান প্ৰত্যেক ক্ষেত্ৰতে এনেকুৱা হৈছে। এইবোৰৰ আচলতে প্ৰচাৰ বেছি হয়। অকবিতাৰো ঠিক তেনেকৈ প্ৰচাৰ বেছি হৈ পৰিছে যিয়ে ভাল সম্ভাৱনাপূৰ্ণ কবি এজনৰ কাৰণে প্ৰত্যাহ্বান হৈ পৰিছে।

সা: ড: অ: কেৱল কবিতাৰ ক্ষেত্ৰতে নহয়, গল্পৰ ক্ষেত্ৰতো দেখা গৈছে৷ গাানৰ ক্ষেত্ৰতো আমি একেই পৰিৱেশ দেখা পাইছোঁ৷ ‘পপুলাৰ কালচাৰ’ৰ প্ৰতি আমাৰ ধাউতিটো বেছি হৈছে চাগে’ এতিয়া?

নী:কু: এইটো কাল্চাৰ আচলতে কিমান দূৰ তিষ্ঠি থাকে নাজানো, কিন্তু আমাৰ ‘বেচিক’টোক নষ্ট কৰি দিছে।

সা: ড: অ: আমি এনেকৈ ক’ব পাৰো নেকি যে কবি হ’বৰ ভাবে, কবিতা লিখিবৰ বাবে বা মনৰ কাব্যিক অনুভূতিক প্ৰকাশ কৰিবৰ কাৰণেও খুব ভাল ধৰণে অধ্যয়ন কৰা উচিত যিটো আমি আজিকালি কমকৈ দেখা পাইছোঁ?

নী: কু: হয়। ভাল গান এটা গাবৰ বাবে, ভাল ছবি এখন আঁকিবৰ বাবে যিদৰে অনুশীলন বা ‘প্ৰেক্টিছ’ৰ প্ৰয়োজন ঠিক সেইদৰে কবিতা লিখিবৰ বাবেও অনুশীলন লাগিবই। কবিতা পঢ়িবই লাগিব।

সা: ড: অ: কেৱল কবিতাই পঢ়িব লাগিব নে?

নী: কু: যিকোনো সাহিত্য, যিকোনো সাহিত্যই অধ্যয়ন কৰিব লাগিব। মইতো কবিতা খুব কম পঢ়িছিলোঁ। মই আচলতে গল্প উপন্যাস, বিশেষকৈ উপন্যাস বেছি পঢ়িছিলোঁ। চৈয়দ আব্দুল মালিকৰ উপন্যাস আৰু ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্প পঢ়িছিলোঁ। মনৰ ভিতৰততো ভাৱবোৰ থাকেই, কিন্তু এই সাহিত্যবোৰে আচলতে মনৰ মাজত আৱেগৰ সৃষ্টি কৰি দিয়ে।

সা: ড: অ: কবিতা সৃষ্টিৰ আঁৰত শিল্প সাহিত্যৰ অন্য ভাগসমূহে যেনে ছবি, গল্প, উপন্যাস আদিয়ে আপোনাক কেনেধৰণে সমৃদ্ধ কৰে?

নী: কু: ছবিয়ে মোক সাংঘাতিক ধৰণে প্ৰভাৱিত কৰে। মোৰ প্ৰিয় চিত্ৰকৰ পাবলো পিকাছো। পিকাছোৰ ছবিসমূহে মোক ভেন গ’ঘতকৈও বেছিকৈ আকৰ্ষিত কৰে। তেওঁৰ ছবিৰ ফিগাৰবোৰ দুৰ্দান্ত একেবাৰে আধুনিক ধাৰাৰ, ছবিৰ ৰঙৰ সমাহাৰ আৰু বিষয়বস্তুও একেবাৰে অধ্যনিক ব্যতিক্ৰমী ধৰণৰ হয়।

সা: ড: অ: ছবিৰ কথা পাতি আছোঁ বাবে সুধিছো, আপোনাৰ প্ৰিয় ৰং কি?

নী: কু: মোৰ গাঢ় ৰংবোৰ ভাল লাগে। গাঢ় ৰঙা, গঢ় সেউজীয়া অথবা ক’লা। বগাৰঙে মোক আকৰ্ষণ নকৰে।

সা: ড: অ: এই ৰংসমূহে আপোনাৰ সৃষ্টিত কিবা প্ৰকাৰে প্ৰেৰণা যোগায় নেকি?

নী:কু: যোগায়। ৰঙেতো মোক বিৰাট প্ৰভাৱিত কৰে। মোৰ প্রিয় ৰং ৰঙা। কি কাৰণে নাজানো, কিন্তু ৰঙা ৰংটোকেই মই পছন্দ কৰোঁ। তেজৰ ৰং ৰঙা। ‘চিম্বলিজিম’ত (প্ৰতীকী অৰ্থত) ৰঙা ৰঙে বিদ্ৰোহ সূচায় বুলি কোৱা হয়। আজিকালি অৱশ্যে ‘চিম্বলিজিম’ কমি আহিছে।

সা: ড: অ: ৰঙৰ প্ৰেৰণাত আপুনি কেনেকুৱা ধৰণৰ কবিতা লিখিছে? এই সময়ত আপোনাৰ মনলৈ তেনেকুৱা কবিতা আহিছে নেকি?

নী: কু: এই মুহূৰ্তত মোৰ ঠিক মনত পৰা নাই। এটা কবিতা মনলৈ আহিছে, “হালধীয়াৰ বাবে মই মৰিম’ বুলি লিখিছিলোঁ, “সেউজীয়াই নাজানে এই পথাৰখনৰপৰা ঘৰবোৰলৈ এখন হালধীয়া চামনি পৰিছে যাৰ বাবে মই মৰিম।” I shall die for the yellow, the green does not know it. এইটো এটা কিন্তু আৱেগিক কবিতা। বহুতেই সেউজীয়া ৰংটো ভালপায়। কিন্তু মই হালধীয়াক ভালপাওঁ। সেউজীয়াৰ পাছৰ পৰ্যায়টো আচলতে হালধীয়া। মৃত্যুৰ লগত ইয়াৰ সম্পৰ্ক আছে। আৰু মৃত্যু মোৰ এটা প্রিয় বিষয়বস্তু।

সা: ড: অ: উঠি অহা চামৰ মাজৰ কোনোবাই হয়তো আপোনাৰ সমগ্ৰ কবিতাখিনিয়েই পঢ়িছে, তেতিয়া তেওঁৰ কবিতাত আপোনাৰ কবিতাৰ প্ৰভাৱ পৰাটো অৱধাৰিত নহ’বনে?

নী: কু: হ’বও পাৰে, প্ৰথম অৱস্থাত প্ৰভাৱ পৰিব পাৰে। কিন্তু পাছলৈ সেয়া ‘অভাৰকাম’ কৰিব পৰা যায়। মইও প্ৰথম অৱস্থাত নীলম

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments