নীৰৱতাৰ সংগীত ( হেমচন্দ্ৰ দত্ত )

–ক–
মোৰ এই সৰু জীৱন-কালত অনেক লোকৰ বিদেহী আত্মাৰ সদগতিৰ কামনাৰে মৌন প্ৰাৰ্থণা কৰাৰ সৌভাগ্য ঘটিল৷ এক অথবা ডেৰ মিনিটৰ বাবে নিৰ্ধাৰণ কৰা এই সময়কনত মই সদায় আখজা অনুভৱ কৰোঁ৷ তাৰ এটা কাৰণ আছে৷ সেইটো হ’ল: ২০- ৩০ জন ব্যক্তি সমবেত হোৱা এই সময়কণত যদিও মই মুখেৰে একো শব্দ উচ্ছাৰণ নকৰো, কাহ নামাৰো বা এনে কোনো কাম নকৰো যাৰ দ্বাৰা মোৰ কাষতে বহি থকা বা ঠিয় হৈ থকা ব্যক্তিজনৰ কিবা অসুবিধা হয় – তথাপি মই নিশ্চিত হ’ব নোৱাৰো মই প্ৰকৃততে এই এক -ডেৰ মিনিটৰ সময়কণত মৌন হৈ আছিলোনে? এই সময়কণৰ ভিতৰতেচোন মোৰ মনৰ পৰ্দাৰ মাজেদি অনেক চিন্তাৰ সোঁত পাৰ হৈ গ’ল৷ অনেক উৎকণ্ঠা, অনেক উত্তেজনাই ভিৰ কৰিলেহি মোৰ মনৰ মাজত৷ চিন্তাশূন্য, ভাৱলেশহীন মানসিক অৱস্থা এটাৰ সোৱাদ ল’বলৈ মই নাপালোৱেই৷ অথচ অনুষ্ঠানৰ আঁত- ধৰোতাই মোক মৌনতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছিল৷ কোৱা হৈছিল বিদেহী আত্মাৰ শান্তিৰ অৰ্থে প্ৰাৰ্থনা কৰিবলৈ৷ মৌনতা মানেই যদি নৈঃশব্দ – তেনেহলে এই সময়কণৰ ভিতৰত মোৰ মনৰ মাজত যি চিন্তাৰ কোলাহল ঘটিল, তাক মই কি নাম দি মাতিম? এই কোলাহলক নিয়ন্ত্ৰণ কৰি মই বিদেহী আত্মাৰ সদ্গতিৰ বাবে মনটোক ষোল অনাই প্ৰাৰ্থনাত নিৱিষ্ট কৰিব নোৱাৰিলো কিয়?
এই মৌনতাক কেন্দ্ৰ কৰি মোৰ মনত যি অস্বত্বিৰ গজালি মেলিছিল, তাৰ উত্তৰ পাবলৈ মই প্ৰায়ে মোৰ শিক্ষকসকলৰ কাষ চাপিছিলো৷ সুধিছিলো: ‘এয়া মৌনতাই হ’লনে যদিহে মৌন- ব্ৰত কৰাৰ সময়ত মোৰ মনৰ পৰ্দাৰ মাজেদি অজস্ৰ অসংলগ্ন চিন্তাৰ সোঁত পাৰ হৈ যায়? ’
প্ৰায়সকল শিক্ষকেই মোৰ এই প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিল, বা আহুকলীয়া ছাত্ৰ বুলি মোক এৰাই চলিছিল৷
পিছে বয়স হোৱাৰ লগে লগে অনুভৱ কৰিছো যে আমি প্ৰতেকেই এনেধৰণৰ সীমাহীন, অসংলগ্ন চিন্তাৰ বহতীয়া৷ প্ৰতি মুহূৰ্ততে আমাৰ মনৰ পৰ্দাৰ মাজেদি হাজাৰ বিজাৰ চিন্তাৰ সোঁত পাৰ হৈ যায়, যাৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ নাই আৰু যি আমাৰ মনৰ শান্তি প্ৰতিনিয়ত হৰণ কৰে৷ দৰাচলতে আমি চিন্তা কৰিবলৈ লোৱাৰ দিনধৰি আমাৰ মনৰ বেকগ্ৰাউণ্ডত, মানে আমাৰ অগোচৰে এই নিয়ন্ত্ৰণহীন চিন্তাৰ সোঁত ব’বলৈ আৰম্ভ কৰে৷ আমি এই বিষয়ে কোনোদিনেই একো নাভাৱো, প্ৰশ্ন নকৰো৷ ফলত, কাল-ক্ৰমত ই হৈ পৰে আমাৰ দৈন্যন্দিন জীৱন যাত্ৰাৰে অংশস্বৰূপ৷ আৰু আচৰিত কথাটো হ’ল – কোনোবাই এই বিষয়ে আমাৰ দৃষ্টি আৰ্কষণ কৰিলেও আমি এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰো যে সিজনেও কিবা নাপাতিবলগীয়া প্ৰসংগ উত্থাপন কৰিলো বুলি ভাৱি তাপ মাৰিবলগীয়া হয়৷
—খ—
চিন্তাই মানুহক মহান কৰে৷ ভাল চিন্তাই সমাজ- সভ্যতাক গতি দিয়ে৷ মানুহৰ আজিৰ যি উত্তৰণ, তাৰ মুলতে হ’ল এই চিন্তা৷ চিন্তা এক সঁজুলি: ব্যক্তিৰ সতে ব্যক্তিৰ, সমাজৰ সতে সমাজৰ সৰ্ম্পক সাধন কৰি চিন্তাই ব্যক্তিৰ সামাজিক জীৱন সুচল কৰি তোলে৷ চিন্তাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা কেৱল এইখিনিতেহে৷ তাৰ বাহিৰে চিন্তাৰ কোনো বাস্তৱিক অস্তিত্ব নাই৷ পথাৰত হাল বাই হোৱাৰ পিছত খেতিয়কজনে নাঙলটো পথাৰতে এৰি থৈ আহে৷ কান্ধত লৈ নুফুৰে৷ কেৱল নাঙল কিয় – সকলো সঁজুলিৰ ক্ষেত্ৰতে এই কথা প্ৰযোজ্য৷ কাম কৰি হ’ল আৰু সঁজুলিটো আমি পৰৱৰ্তী সময়ত ব্যৱহাৰ কৰিব পৰাকৈ ধুনীয়াকৈ থৈ দিলো৷ একমাত্ৰ চিন্তা-ৰূপী এই সঁজুলিকহে আমি অনবৰতে মনৰ মাজত কাঢ়িয়াই লৈ ফুৰোঁ৷ ফলত এই চিন্তা-স্ৰোতৰ অংশবিশেষ মনৰ অতল তলীলৈ দ্ৰাৱিত হয় আৰু সময়ত সিয়ে আৰম্ভণিতে কৈ অহা নিয়ন্ত্ৰণহীণহীন চিন্তাত পৰিণত হয়৷
মনকৰিবলগীয়া যে, সাম্প্ৰতিক সময়ৰ এজন বিশিষ্ট চেতনা- বিশেষজ্ঞ (Consciousness teacher )একহাৰ্ট তোলে ( Eckhart Tolle )ই এই নিয়ন্ত্ৰণহীন, অসংলগ্ন চিন্তাবোৰৰ নাম ৰাখিছে Compulsive thinking৷ অসমীয়াত ক’লে আমি সিহতক ‘আবেগ-পীড়িত চিন্তা’ বা ‘পীড়িত চিন্তা’ বুলি ক’ব লাগিব৷ ‘পীড়িত চিন্তা’ বুলি এই কাৰণেই ক’ব খুজিছো যে এজন ব্যক্তিৰ ইচ্ছা আৰু নিয়ন্ত্ৰণৰ বাহিৰৰ কিহবাৰ দ্বাৰা এই চিন্তাবোৰে সাৰ-পানী পায় আৰু এজন ব্যক্তি গভীৰ টোপনিত প্ৰৱেশ কৰাৰ আগলৈকে এই চিন্তাবোৰৰ জোৱাৰ মনৰ ভিতৰত চলি থাকে৷ তাৰ মানে হ’ল – আপুনি- মই গম নোপোৱাকৈয়ে আমাৰ মনৰ ভিতৰত অসংলগ্ন চিন্তাৰ গ্ৰামোফোন ৰেকৰ্ড এখন অনবৰতে বাজি থাকে৷ তোলেই আৰু এখোজ আগবাঢ়ি গৈ ক’ব খোজে যে এই পীড়িত চিন্তাৰ শতকৰা হাৰৰ ওপৰত নিৰ্ভৰ কৰি এজন ব্যক্তিৰ মানসিক সুস্থতা ( Sanity ) অতি সহজে নিৰূপণ কৰিব পাৰি৷ তেওঁৰ মতে, এজন পগলা মানুহ আৰু আমাৰ মাজত প্ৰাথক্য এইখিনিতে যে পগলা মানুহজনৰ পীড়িত চিন্তাৰ শতকৰা হাৰে সুস্থতাৰ স্তৰ ( sanity level) অতিক্ৰম কৰি গৈছে আৰু আপোনাৰ – মোৰ সেই স্তৰ পাবলৈ বাকী আছে৷ হ’লেও পগলা মানুহজন আৰু আমাৰ মাজত এটা কথাত সাদৃশ্য আছে৷ সেইটো হ’ল- আমি দুয়ো পীড়িত চিন্তাৰ দাস৷ এই বিষয়ৰ গৱেষণাই যথেষ্ট অগ্ৰগতি লাভ কৰিছে৷ আৰু এনে দিন হয়তো আহিব, বজাৰত এনে যন্ত্ৰ ওলাব – যি লহমাৰ ভিতৰতে কৈ দিব আপোনাৰ- মোৰ মনৰ ভিতৰত প্ৰৱহমান এই চিন্তাবোৰৰ পৰিমাণ কিমান! পিছে, এনে যন্ত্ৰ কেতিযাবা আৱিষ্কাৰ হ’ব বুলি আশা কৰিব নোৱাৰি, যি এই চিন্তাবোৰক নিয়ন্ত্ৰণ কৰি বা নাশ কৰি মানুহক প্ৰকৃত শান্তিৰ সোৱাদ যোগান ধৰিব পাৰিব৷ এনে প্ৰেক্ষাপটত আমাৰ মনলৈ প্ৰশ্ন আহে – মানুহৰ মুক্তিৰ প্ৰকৃত পথ ক’ত? আমি গোটেই জীৱন এই পীড়িত চিন্তাবোৰৰ দাস হৈ থাকিমনে?
—গ—-
পুৱা টোপনিৰ পৰা সাৰ পোৱাৰ পিছতে আমাৰ মনলৈ দিনটোত কৰিবলগীয়া কামৰ অসংখ্য চিন্তা আহি যায়৷ এইবোৰ প্ৰযোজনীয় চিন্তা৷ প্ৰনালীবদ্ধ হৈ কাম কৰি গলেই এইবোৰ চিন্তাৰ পৰা মুক্তি কিম্বা সকাহ পাব পাৰি৷ এনে প্ৰযোজনীয় চিন্তাবোৰক পিছে পীড়িত চিন্তাৰ গণ্ডীৰ ভিতৰত ধৰা নহয়৷
পীড়িত চিন্তাৰ অন্যতম বৈশিষ্ট্য হ’ল – সিহঁত অসংলগ্ন, নিয়ন্ত্ৰণহীন আৰু ক্ষণ-ভংগুৰ৷ প্ৰযোজনীয় চিন্তাৰ তৰপৰ ঠিক পিছতে মনৰ পৰ্দাত সিহঁত ভাসমান হৈ থাকে৷ যেন এক বেসুৰা সংগীত! সুখৰ কথা যে সিহঁতৰ অস্তিত্বৰ প্ৰতি সামাণ্য সচেতন হলেই সিহঁতৰ দৈৰাত্ম্যৰ পৰা আমি সকাহ পাব পাৰোঁ৷ পিছে কেনেকৈ?
আজৰি পৰত ৫ মিনিট সময় চকু মুদি পোনহৈ বহক৷ অলপো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ মনলৈ আহি থকা চিন্তাবোৰক চাবলৈ আৰম্ভ কৰক৷ ভাল -বেয়া, মহৎ- অমহৎ আদি অনেক প্ৰকাৰৰ চিন্তা মনলৈ আহিব পাৰে৷ আপোনাৰ কামটো হ’ল সিহঁতক চাই থকা৷ বেয়া চিন্তা এটা আহিলে ‘ ইচোন বেয়া চিন্তা আহিল! ’ বুলি নাভাবিব৷ আপোনাৰ কামটো হ’ল – কেৱল চাই থকা৷ দেখিবলৈ পাব যে আপোনাৰ মনৰ ভিতৰত বিচিত্ৰ চিন্তাৰ এখন চিনেমা চলি আছে৷ এই যে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ চাই থাকিবলৈ কোৱা হৈছে, তাৰ গুৰুত্বনো কি? এটা উদাহৰণ দিলে সকলোৰে বুজাত সুবিধা হ’ব৷ তিনি- আলিৰ চকুত ৰৈ থকা চেঙেলীয়া ল’ৰাবোৰে ছোৱালীক জোকায়৷ সিহঁতে সেইজনী ছোৱালীক জোকাইহে তৃপ্তি পায়, যিজনী ছোৱালীয়ে সিহঁতৰ মুখৰ পৰা উফৰি অহা শব্দবোৰ শুনি ওভতি চাই হাঁহি মাৰে৷ আনহাতে, যিজনী ছোৱালীয়ে তেনে শব্দৰ প্ৰতি সামান্যতমো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি নিজৰে বাটেৰে গৈ থাকে, তেনে ছোৱালীক দুদিনমান জোকোৱাৰ পিছতে সিহঁতে জোকাবলৈ বন্ধ কৰি দিয়ে, কিয়ণো চোৱালীজনীৰ পৰা সিহঁতে প্ৰশয় নাপায়৷
আমাৰ মনৰ মাজেদি পাৰ হৈ যোৱা এই পীড়িত চিন্তাবোৰো এই চেঙেলীয়া ডেকাবোৰৰ দৰে একেই৷ আমি যেতিয়া চকু মুদি একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ সিহঁতক চাবলৈ আৰম্ভ কৰি দিওঁ, সিহঁতে লাই নোপোৱা হয়৷ আচলতে, আমাৰ প্ৰশয়-ৰূপী শক্তিৰ ওপৰতে সিহঁত বৰ্তি থাকে৷ আৰু এনেদৰে নিস্পৃহ হৈ চাই থাকোতেই লাহে লাহে দেখিব সিহঁতৰ অগা-ডেৱাৰ বাৰংবাৰতা ( frequency) দিনকদিনে কমিবলৈ আৰম্ভ কৰিছে৷ আৰু এদিন দেখিব সিহঁতৰ অস্তিত্বই নোহোৱা হৈ থাকিল, আৰু তাৰ ঠাইত বাজিবলৈ আৰম্ভ কৰিছে নীৰৱতাৰ সংগীত ( voice of silence)৷
এই সংগীত এবাৰ শুনাৰ পিছত আপুনি অনুভৱ কৰিব – যাক আপুনি ইমানদিনে জীৱন বুলি কৈ আহিছিল, সি আছিল এক বেসুৰা যাত্ৰা, এক অনৰ্থক হৈ! শব্দহীনতাই যে মৌনতা অথবা নীৰৱতা নহয় আপুনি তেতিয়াহে উপলব্ধি কৰিব পাৰিব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments