নীৰৱ অৰিহণা (দেৱব্ৰত গগৈ)

(১)
দিনবিলাক তেতিয়া অলপ ভাললগা আছিল। মন্টু ৰংপি, মনোজ বছুমতাৰী, ৰফিক আহমেদ, জীৱন কুৰ্মী, ডিম্বেশ্বৰ দলে, ৰীতা ষ্টাফইদহঁতক যদিহে কোনোবাই প্ৰশ্ন কৰে– “আপুনি কি মানুহ?” উত্তৰ মাথোন এটাই আছিল, কি আছিল? “অসমীয়া আক’!”
সেই তেনেকুৱা দিনতে ডিব্ৰুগড়ৰ চফল ডেকা দিলীপ শইকীয়া ওলাইছিলগৈ নেফাৰ সেই সৰু ঠাইখনত, যোগ দিলেগৈ চৰকাৰী শিক্ষকৰ চাকৰিত, থকা ঘৰৰ ওচৰতে চুবুৰীয়া হৈ বহিল গোলাঘাটৰ ৰবিন বৰুৱা, নগাঁওৰ নেত্ৰ ঠাকুৰ, ৰঙিয়াৰ অৰবিন্দ কলিতা, আমগুৰিৰ জামালুদ্দিন আহমেদ আদিকে ধৰি মনত ৰাখিব নোৱাৰাকৈ বহুজন। জ্ঞানৰ পোহৰ নপৰা নেফাত পোহৰ বিলাবলৈ যোৱা শইকীয়া বা আন চৰকাৰী বিভাগত কাম কৰিবলৈ যোৱা নেত্ৰ ঠাকুৰহঁতে নিজৰ ঘৰুৱা চহৰখনৰ পৰিবেশটোকে আনিবলৈ চেষ্টা কৰিলে সেই সৰু ঠাইখনত, হয় কেৱল ঠাইখন, চহৰ দূৰৰে কথা, আনকি গাঁৱৰো সৰ্ম্পূণ চৰিত্ৰ লোৱাত ঠাইখন অসমৰ্থ আছিল তেতিয়া।
স্থানীয় লোকসকল শইকীয়াহঁতৰ কাষ চাপিবলৈ অতি লাহে লাহে আৰম্ভ কৰিছিলহে। আজৰি সময় কটাবলৈ একো নথকা ঠাইখনত প্ৰথম প্ৰস্তাৱটো দিলে নেত্ৰ ঠাকুৰে– ‘নামঘৰ এটাকে পাতোঁ দিয়ক।’ কথামতেই কাম, নামঘৰীয়াৰ দায়িত্ব দিবলৈ ৰবিন বৰুৱাই নিজৰ অকলশৰীয়া বুঢ়াদেউতাকক লৈ আনিলেগৈ। তকৌ পাতৰ চালি, বাহৰ বেৰা, সৰুকৈ পতা সিংহাসনখন- হৈ গ’ল শইকীয়াহঁতৰ নামঘৰ। দিনবোৰ লাহে লাহে, সেই সৰু ঠাইখনত আৰু অতি লাহে যাবলৈ ধৰিলে। তাৰ লগে লগে শইকীয়াহঁতৰ নামঘৰৰ সদস্য বাঢ়িল, ওচৰৰ আন সৰু ঠাইত থকা শইকীয়াহঁতৰ দৰে ব্যক্তিও আহিল সেই নামঘৰৰ সদস্য হ’বলৈ, লগতে সদস্য হ’লহি গোলাঘাটৰ ৰবিন বৰুৱাই বিয়া কৰোৱা সেই স্থানীয় ছোৱালীজনীৰ ঘৰৰ পৰিয়ালটোও। লাহে লাহে কাৰবাৰবোৰ ডাঙৰ হৈ গৈ থাকিল। প্ৰথমবাৰৰ বাবে শিৱসাগৰৰ অকণ কোঁৱৰে আগভাগ লৈ আয়োজন কৰিলে ভাওনা, কি যে আয়োজন, কিমান যে কষ্ট, আহমেদ আৰু কোঁৱৰে শিৱসাগৰৰ পৰা নিজে আনিছিলগৈ ভাওনাৰ দল। ভাওনাৰ আগদিনা অনুষ্টুপীয়াকৈ হোৱা সভাখনত আহমেদৰ জীয়েকে নাচিছিল দশাৱতাৰ নৃত্য। তাকে লৈ মাক-বাপেক দুটাৰ গাত ত’ত নোহোৱা হৈছিল। — কথাবোৰ ভাবি ভাবি তিনিকোঠালীয়া ফ্লেটটোৰ বাৰাণ্ডাত বহি থাকোতে দিলীপ শইকীয়াৰ বয়সে আঁচোৰ পেলোৱা গাটো জিকাৰ খাই উঠিল, এক অজান অনুভূতিত।
(২)
সময়ৰ লগতে পৰিৱেশ আৰু পৰিস্থিতিবোৰ অলপ খৰকৈ সলনি হৈছিল। প্ৰথমে ‘৬২ৰ যুদ্ধ, তাৰপাছত শিক্ষাৰ মাধ্যম সলনি আৰু শেষত নতুন এখন ৰাজ্য। দিলীপ শইকীয়া এতিয়াও শিহৰিত হয়, যুদ্ধৰ সেই দিনবোৰৰ কথা ভাবি। যুদ্ধৰ খবৰ পোৱাৰ লগে লগে সেই সৰু ঠাইখনৰ সকলোৱে নিজৰ পা-পৰিয়ালক ঘৰুৱা চহৰবোৰলৈ ঘূৰাই পঠিয়ালে। শইকীয়াহঁত থাকি গ’ল, চাকৰিৰ খাতিৰত, চৰকাৰী নিৰ্দেশত আৰু এদিন যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ শইকীয়াহঁতৰ ঠাইখনতো পৰিল যেতিয়া প্ৰায় ২০জনীয়া আহত আৰু বিধ্বস্ত ভাৰতীয় সেনাৰ দল এটা সীমান্তৰ পৰা পলাই আহি শইকীয়াহঁতৰ তাত সোমালহি। শইকীয়াহঁতে পাৰেমানে শুশ্ৰূষা কৰিলে তেওঁলোকক আৰু অৱশেষত একেই চৰকাৰী নিৰ্দেশত শইকীয়াহঁতো আঁতৰি যাবলৈ সাজু হ’ল সেই আপোন ঠাইডোখৰ এৰি।
আকৌ দেখিবনে এই ঠাইখনক– যাবৰ দিনাখন শইকীয়া অলপ আৱেগিক হ’ল। শত্ৰুৰ হাতত পৰাৰ পাছত ঠাইখনে বা কি ৰূপ লয়? তেওঁলোকে নিজে পতা এই স্কুলখন, চকুৰ সন্মুখতে গঢ়ি উঠা সৰু সৰু চৰকাৰী অফিচকেইটা। শত্ৰুয়ে এইবোৰ এনেদৰে থ’ব নে ধ্বংস কৰি পেলাব? আৰু তেওঁলোকৰ মৰমৰ নামঘৰটো? বাকী ঘৰবোৰৰ কথা বেলেগ, নামঘৰটো শত্ৰুৰ কোনো কামত নাহিব, প্ৰথমেই চাগে’ এইটোকে ভাঙি পেলাব। “চাকি এখনকে জ্বলাই যাওঁ” – বুলি শইকীয়া শেষবাৰৰ বাবে মণিকূটত সোমাল, বটলত থকা গোটেই তেলখিনি ডাঙৰ চাকিখনত ঢালি নতুনকৈ গুঁঠি লোৱা শলিতাডাল তেলত ডুবাই চাকিখন জ্বলাই দিলে। দুৱাৰদলিত সেৱা এটা জনাই শইকীয়া যাবলৈ সাজু হ’ল – “দেউতা বাৰাণ্ডাত মহ ওলাইছে, ভিতৰলৈ আহক, মই গোঁসাইৰ ওচৰত চাকি জ্বলাও” – বোৱাৰীয়েকৰ মাতত শইকীয়া বৰ্তমানলৈ ঘূৰি আহিল।
(৩)
অলপ চিনা অলপ নিচিনা পাহাৰীয়া পথেৰে শইকীয়াহঁতৰ তিনিজনীয়া দলটো অসম সীমান্তৰ ফালে আগুৱাই গৈ আছিল। শইকীয়া, বিপিন চহৰীয়া আৰু ভৰিত আঘাত পোৱা জনজাতীয় ল’ৰা এজন। ঘাটমাউৰা জনজাতীয় ল’ৰাজন শইকীয়াহঁতৰ স্কুলৰ ছাত্ৰ, থাকে স্কুলৰ মেচত। পৰিস্থিতিত পৰি শইকীয়াহঁতৰ লগতে গুচি আহিল, বাটত খোজকাঢ়ি আহি থাকোতে ভৰিত আঘাত পালে। তাৰপাছত সুৰক্ষিত স্থান পোৱালৈকে ল’ৰাজনক শইকীয়া আৰু চহৰীয়াই পিঠিত কঢ়িয়াই আনিছিল, অদল-বদল কৰি। সেই ল’ৰাজনেই এসময়ত নতুনকৈ গঢ়া ৰাজ্যখনৰ এজন গুৰুত্বপূৰ্ণ মন্ত্ৰী হৈছিল আৰু এতিয়ালৈকে শইকীয়াৰ লগত আছে এক মধুৰ ঘৰুৱা সৰ্ম্পক। যুদ্ধ শেষ হ’ল, শইকীয়াহঁতে আৰু লগতে সমগ্ৰ দেশে ভবাৰ দৰে শত্ৰুৱে নেফা বা অসম দখল নকৰিলে, আনকি শইকীয়াহঁতৰ সেইঠাইডোখৰো নাপালেহি।
সকলোবোৰ একে থাকিল। শইকীয়া পুনৰ তালৈ ওভোতাৰ পাছদিনা নামঘৰটো চাবলৈ গ’ল, -“আৰে, চাকিখন দেখোন জ্বলি আছে”! শইকীয়া আচৰিত হ’ল, যোৱা তিনিমাহ নামঘৰটোত চাকিখন জ্বলি আছে, কোনে জ্বলাইছে? বুঢ়া ডাঙৰীয়াই? ধেৎতেৰি! অৱশেষত কথাটো ওলাল। যুদ্ধ হৈ থকাৰ সময়তো কেইটামান স্থানীয় মানুহে সেই ঠাইখন এৰি যোৱা নাছিল, নিজৰ ওপজা মাটিৰ মোহত, মৰসাহ কৰি। সিহঁতেই মাজে মাজে চাকিখন জ্বলাইছিল আৰু শইকীয়াহঁত উভতি যোৱাৰ দিনাখনো জ্বলাইছিল। এইবাৰ শইকীয়াৰ লগতে আন সকলো আচৰিত হোৱাৰ পাল। এই মানুহকেইটাই জ্বলাইছিল চাকিখন? ভঙা ভঙা অসমীয়া কোৱা, শইকীয়াহঁতলৈ আপোনভাবে চাই থকা মানুহকেইটাক শইকীয়াহঁতৰ সঁচাই আপোন যেন লাগিল। তেওঁলোকক শইকীয়াহঁতে আদৰি ললে, নামঘৰৰ সদস্য হিচাপে।
“চকীয়া চাহাব, আপনিতো বহত বৰহিয়া মানুচ”। সেই হিন্দীভাষী শিক্ষকজনৰ মুখত অনবৰতে লাগি থকা এষাৰ কথা। শইকীয়াৰ শুনি শুনি আমনি লাগি যায়। শইকীয়াৰ ভাল নালাগে মানুহটোক। মনত যেন অনবৰতে একোটা সৰু সৰু স্বাৰ্থ লৈ ঘূৰি ফুৰে মানুহটোৱে। কেৱল সেই সহৰ্কমী শিক্ষকজনেই নহয়, হঠাৎ চকুৰ সন্মুখতে নানান পেছাৰ এজাক মানুহৰে ভৰি পৰিল শইকীয়াহঁতৰ সেই সৰু শান্ত পাহাৰীয়া ঠাইখন। মানুহ নহয় যেন এজাক ফৰিং – কাকতি-ফৰিং! কিয় বাৰু অনবৰতে হুলস্থূল কৰি ভাল পায় এইজাকে। দুৰ্বল মুহূৰ্তত ভৰিত পৰিবলৈ কুন্ঠাবোধ নকৰা এইজাক মানুহে দুৰ্বলীক পালেই নগুৰ-নাগতি কৰে। শইকীয়া আচৰিত হৈছিল সেইদিনা, যিদিনাখন দেখিছিল সেইজাকৰ মাজৰে কেইটামানে মাটিৰ তলৰপৰা খান্দি উলিয়াইছিল ভিন্ন আকাৰৰ তিনিটা মজলীয়া আকাৰৰ শিল। এখন পাহাৰীয়া ঠাইত এনে শিল সকলোতে সুলভ, কিন্তু সেইজাকৰ বাবে শিল তিনিটা হেনো তিনিজন বিশেষ দেৱতা। হঠাৎ হৈ চৈ লগাই দিলে সিহঁতজাকে, লগতে উজান দিলে একোৰে ভু-নোপোৱা সহজ সৰল একাংশ স্থানীয়ই। আনকি স্থানীয় প্ৰশাসনৰ ফালৰ পৰাও পালে কিছু সহযোগ। এটা মন্দিৰ হ’ব।
হওঁক, এটা মন্দিৰ হওঁক। শইকীয়াহঁতৰ আপত্তি নাই। কিন্তু মন্দিৰৰ ভিতৰৰ সেই মানুহজাক? পূজাৰী দুটা আৰু তাহাঁতৰ লগৰকেইটাৰ চেহেৰা, কথা-বতৰা, ব্যৱহাৰ দেখিলে লাগে যেন একোটাহঁত ডাঙৰ আচামী। ক’ৰবাত কিবা অপৰাধ কৰি আহি এই ভিতৰুৱা ঠাইখনত লুকাই আছেহি, ধৰ্মৰ আঁৰত। হয়, মন্দিৰটো এতিয়াও আছে। বহু ডাঙৰকৈ হেনো সজাইছে। নতুন ৰাজ্যখনৰ দুজনমান বিয়াগোম মন্ত্ৰী মন্দিৰটোৰ পৃষ্ঠপোষক – শইকীয়াই খবৰবোৰ পাই থাকে, তাত থকা স্থানীয় চিনাকী মানুহৰ পৰা। লগতে মন্দিৰটোক কেন্দ্ৰ কৰি তাৰ চাৰিওফালে হেনো গঢ় লৈ উঠিছে সেই মানুহজাকৰ ঘৰুৱা চহৰৰ এক ক্ষুদ্ৰ সংস্কৰণ, লগে লগে হেৰাই গৈছে সেই সৰু পাহাৰীয়া ঠাইখনৰ শান্ত ৰূপ, নিজৰ মৰমৰ ঠাইখনক সেইজাকক এৰি দি থৈ স্থানীয় মানুহবোৰ লুকাই পৰিছে আন হাবিৰে ভৰি থকা পাহাৰত। যিটো কাম তেওঁলোকে আনকি ‘৬২ৰ যুদ্ধৰ সময়তো কৰা নাছিল।
সন্ধিয়াৰ চাহকাপ হাতত লৈ শইকীয়াই কিবা-কিবিবোৰ ভাবি আছে। বোৱাৰীয়েকে জানে কি ভাবিছে – “দেউতা চাহ খাওঁক, একেই পুৰণা কথাবোৰ ভাবি থাকিব নালাগে”। এৰা ভাবিব নালাগে, কিন্তু কেনেকৈ নাভাবি থাকিব পাৰে শইকীয়াই? সেই সৰু ঠাইখনত এখন ডাঙৰ পৰিপাটী, ভদ্ৰ অসমীয়া সমাজ হোৱাৰ ফালে আগবাঢ়িও সকলোবোৰ থমকি ৰ’ল। কিয়? অৱসৰৰ পাছতো তাতেই থাকিম বুলি ভবা শইকীয়াহঁতৰ লগৰ প্ৰায় সকলোবোৰ গুচি আহিল কিয়? শইকীয়াহঁতৰ মৰমৰ নামঘৰটো হেনো এতিয়া জৰাজীৰ্ণ। লগৰ যি কেইঘৰ এতিয়াও আছে, তেওঁলোক আঁতৰি অহাৰ পাছত নামঘৰৰ অৱস্থা কি হ’ব? শইকীয়াই সেই কথাবোৰ নাভাবে। শুনিছে, বহুদিন এনেদৰে ব্যৱহাৰ নকৰাকৈ পৰি থাকিলে প্ৰশাসনে হেনো মাটিখিনি ঘূৰাই ল’ব।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক