নীৰৱ বিপ্লৱ- মৃণাল কুমাৰ মিশ্ৰ

  অসম আৰু অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষা আৰু উন্নতিৰ হকে নিৰলস প্ৰচেষ্টাৰে বহুতেই বহুতো কাম কৰি আছে৷ কোনোবাই জনাকৈ, কোনোবাই নজনাকৈ – কোনোৱে স্বাৰ্থ ৰাখি, কোনোৱে নিস্বাৰ্থ ৰূপে৷ যিয়েই ন’হওক, উদ্দেশ্য একেটাই – অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষা৷ অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ তেনে এক নিৰৱ বিপ্লৱৰ সূচনা হৈছিল আজিৰ পৰা ২৫ বছৰ আগতে, যাৰ গুৰি ধৰোতা এজন ব্যক্তি নহয়, এটা প্ৰতিষ্ঠান৷ হয়, কবলৈ ওলাইছোঁ, আমাৰ অতি মৰমৰ “অসম জাতীয় বিদ্যালয়”ৰ কথা৷ ১৯৯৪ চনৰ জানুৱাৰী মাহৰ এক তাৰিখে প্ৰতিষ্ঠিত অসম জাতীয় বিদ্যালয়ে এই বছৰ পূৰ্ণ কৰিবলৈ গৈ আছে তেওঁলোকৰ নিৰৱ বিপ্লৱৰ সুদীৰ্ঘ ২৫টা বছৰ৷ অসম জাতীয় বিদ্যালয় অকল এক শৈক্ষিক অনুষ্ঠান নহয়, অসম তথা অসমীয়া ভাষাৰ ভৱিষ্যতৰ উন্নতি কল্পে উৎসৰ্গিত এক জাতীয় অনুষ্ঠান৷ যিটো সময়ত অসমীয়া ভাষাৰ চৰকাৰী তথা ব্যক্তিগত পৰ্য্যায়ৰ বিদ্যালয় সমূহত ল’ৰা-ছোৱালীৰ সংখ্যা দুখলগাকৈ কমি আহিছিল, চাৰিওফালে কেৱল ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহত নাম লিখোঁৱাবলৈ অভিভাৱক সকলৰ হেতা ওপৰা, সেই সময়ত দুজন মান অসমীয়া ভাষাৰ বাবে উৎসৰ্গিত আৰু অসমীয়া ভাষাৰ উন্নতি কল্পে সংকল্পবদ্ধ উদ্যমি লোকৰ আশাসুধীয়া প্ৰচেষ্টাত গঢ় লৈ উঠিল “অসম জাতীয় বিদ্যালয়, গুৱাহাটী“৷ জন্ম লগ্নৰে পৰা অসমীয়া ভাষাক মাধ্যম ৰূপে লৈ এক সুকীয়া দূৰদৃষ্টি সম্পন্ন পাঠ্যক্ৰমেৰে ল’ৰা-ছোৱালীৰ মজবুত ভৱিষ্যত গঢ়াৰ সপোন লৈ তেওঁলোক অগ্ৰসৰ হ’ল – এক অন্য পথেৰে, আনে নোযোৱা বাটেৰে৷ আৰু তাৰ সুফল আজি আমাৰ সম্মুখত৷ এই বিদ্যালয়ৰ পৰা অসমীয়া মাধ্যমত পঢ়ি আজি বহুতো ল’ৰা-ছোৱালী জীৱন জীৱিকাৰ বিভিন্ন ক্ষেত্ৰত সুখ্যাতিৰে প্ৰতিস্থিত হ’ব পাৰিছে৷ তেওঁলোকে অসমীয়া ভাষাত শিক্ষা গ্ৰহণ কৰি জ্ঞান-বিজ্ঞানৰ বিভিন্ন শাখাত জ্ঞানাৰ্জনত কেতিয়াও কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই, নিজকে কেতিয়াও আনতকৈ হীন বুলি অনুভৱ কৰা নাই অথবা ইংৰাজী মাধ্যমত নপঢ়া বাবে হীনমন্যতাত ভুগা নাই৷ বৰঞ্চ নিজৰ নিজৰ ক্ষেত্ৰত উজ্জ্বল প্ৰতিভাৰ স্বাক্ষৰ ৰাখি পৃথিৱীৰ বিভিন্ন কৰ্মক্ষেত্ৰত তেওঁলোক সুপ্ৰতিষ্ঠিতহে হৈছে৷ তথাকথিত গ্লেমাৰসৰ্বস্ব ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহৰ লগত শিক্ষা তথা পৰিৱেশ আদি সকলো ক্ষেত্ৰতে সমানে ফেৰ মাৰি জাতীয় বিদ্যালয়ে দোপতদোপে আগবাঢ়ি গৈ আছে৷
প্ৰতিষ্ঠা লগ্নৰে পৰা আজি ২৫ বছৰ অতিক্ৰম কৰা জাতীয় বিদ্যালয়ে কিমান সুদক্ষ মানৱ সম্পদৰ সৃষ্টি কৰিলে তাৰ হিচাপতকৈও গুৰুত্বপূৰ্ণ কথা হ’ল, মাতৃভাষাক সাৰথি কৰি আজিৰ তীব্ৰ প্ৰতিযোগিতা মূলক জ্ঞান অৰ্জনৰ ক্ষেত্ৰখনত ল’ৰা-ছোৱালী খিনিক বিদ্যা অৰ্জনৰ সুবিধা কৰি দিয়াটো৷ এই ক্ষেত্ৰত তেওলোক একক আৰু অনন্য৷ প্ৰথমখন বিদ্যালয় গুৱাহাটীৰ নুনমাটিত আৰম্ভ কৰাৰে পৰা আজিলৈ সমগ্ৰ অসমত প্ৰায় তিনিহাজাৰখন জাতীয় বিদ্যালয় গঢ়ি উঠিছে৷ এক একক পাঠ্যক্ৰম অনুসৰণ কৰি, মাতৃভাষাৰ মাধ্যমত লগতে ইংৰাজী ভাষাকো সমানে গুৰুত্ব দি, এই বিদ্যালয় সমূহে প্ৰতি বছৰেই বহুতো ল’ৰা-ছোৱালীক উপযুক্ত স্কুলীয়া শিক্ষাৰে শিক্ষিত কৰি, উচ্ছ শিক্ষাৰ ক্ষেত্ৰখনলৈ আগবাঢ়ি যাবলৈ উপযুক্ত কৰি উলিয়াই দিছে৷ সঁচাকৈয়ে এয়া এক নীৰৱ বিপ্লৱ নহৈনো কি?
এইখিনিতে শ্ৰদ্ধেয় জি এল আগৰৱালা দেৱৰ ৩ জানুৱাৰী তাৰিখৰ আমাৰ অসম কাকতত প্ৰকাশিত এটা প্ৰৱন্ধ “জাতীয় জীৱনৰ নতুন আধাৰ জাতীয় বিদ্যালয়“ৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ৷ তেখেতৰ ভাষাৰেই -“এইটো আজি এক প্ৰতিষ্ঠিত সত্য যে মাতৃভাষা অবিহনে এটা জাতিৰ স্বকীয় সাহিত্য সংস্কৃতি বা পৰম্পৰা জীয়াই থাকিব নোৱাৰে৷ পৃথিৱীৰ বহুতো ভাষা আজি নিঃশেষ হৈছে একমাত্ৰ এই মাতৃভাষাৰ বাবে৷ ভাৰতবৰ্ষতো ভাষাৰ বাবে বহুতো জাতি অস্তিত্বৰ সংকটত৷ বিশ্বত প্ৰতিদিনে এটাকৈ ভাষা লুপ্ত হোৱাৰ সময়ত ’অসম জাতীয় বিদ্যালয়ে অসমীয়া ভাষাক অমৰত্ব প্ৰদানৰ বাবে ১৯৯৪ চনত যি আন্দোলনৰ সূচনা কৰিছিল, মোৰ দৃষ্টিত জাতীয় বিদ্যালয়ৰ এই আন্দোলন সফল৷”
আগৰৱালা দেৱৰ প্ৰৱন্ধটোৰ সম্পূৰ্ণ কথাখিনিৰ লগত মই একমত৷
মাতৃভাষাৰ উন্নতিকল্পে শতবৰ্ষ গৰকা অসম সাহিত্য সভাৰ সফলতা বা বিফলতাৰ হিচাপ নোলোৱাকৈও এই কথা ডাঠি ক’ব পাৰি যে- অকল সাহিত্য সভাই অসমীয়া ভাষাৰ অস্তিত্ব ধৰি ৰাখিব নোৱাৰে৷ মাতৃভাষাৰ উন্নতিৰ বাবে মাতৃভাষাৰ চৰ্চা তথা অধ্যয়নৰ কোনো বিকল্প নাই৷ ইয়াৰ বাবে আমি সকলোৱেই এক যোগাত্মক বিপ্লৱৰ অংশীদাৰ হ’ব লাগিব৷ অসম জাতীয় বিদ্যালয়ে এই ক্ষেত্ৰত ইতিমধ্যে এক নীৰৱ বিপ্লৱৰ সূচনা কৰি পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰিছে৷ আহক, আমিও এই বিপ্লৱৰ অংশীদাৰ হওঁ৷ অসমীয়া ভাষাৰ উন্নতিকল্পে জাতীয় বিদ্যালয়ৰ এই জয়যাত্ৰাত কিঞ্চিত অৰিহণাৰে আমিও অংশীদাৰ হওঁ৷
জয়তু অসম জাতীয় বিদ্যালয়৷
#########

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক