নীৰৱ ভাগ্য ( দেবব্ৰত গগৈ) নীৰৱ ভাগ্য ( দেবব্ৰত গগৈ)

নীৰৱ ভাগ্য ( দেবব্ৰত গগৈ)

(১)

মেট্ৰিকৰ ৰিজাল্ট দিলে । মাৰ্কচিটখন সিমান ধনীও নহয় আৰু দুখীয়াও নহয় । মোৰ মন ইয়াৰ পাছত দুৰণিত শিক্ষা লবলৈ । দেউতাক ইচ্ছাটোৰ কথা কোৱাত ক’লে – “ঘৰত থাকোতেই এই ৰিজাল্ট , বাহিৰত পঢ়িলে সেইখিনিও নহব ” । বাহিৰত পঢ়াৰ হেঁপাহটোত তেতিয়াই পানী এচলু ঢালিলো । লগৰ ভাল ভাল ৰিজাল্ট কৰা কিছুমান পিছে ওলাই গ’ল আমাক ঘৰুৱা চহৰখনতে এৰি । সৰহভাগেই গল গুৱাহাটীৰ কটন , আৰ্য্য , ভোলানাথ বৰুৱা আদি দৰে নামজ্বলা বোৰলৈ । পুজাৰ বন্ধত , বিহুৰ বন্ধত তাহাঁতবোৰ ধপলিয়াই আহে ঘৰলৈ লগতে আমাকো লগ কৰে । দিনবোৰ তেতিয়া লাহে লাহে আমাৰ হবলৈ আৰম্ভ কৰিছিল । লাল বিহাৰীৰ পাণ দোকানৰ আড্ডাটোৰ গধুৰ দায়িত্ব আমাৰ হাতত পৰিছিলহি । আগৰ দাদা ককাইদেউহঁত তাৰ পৰা ধীৰে ধীৰে অৰ্ন্তধান হৈছিল । হয়তো সময়ে তেওঁলোকক সংসাৰৰ আন দায়িত্ববোৰৰ কথা মনত পেলাই দিবলৈ আৰম্ভ কৰিছিল । লালৰ সেই আড্ডাটোলৈকে আমিবোৰ আহো সন্ধিয়া সন্ধিয়া । গুৱাহাটীৰ লগৰবোৰ হোষ্টেলৰ পৰা ঘৰলৈ আহিলে আড্ডাবোৰ আৰু বেছি উত্তাল হৈ উঠে । তাত অৰিহণা যোগাই লালৰ দোকানৰ পাণ আৰু ফিল্টাৰে । মুখত 120 এখন আৰু হাতত জ্বলন্ত ফিল্টাৰ এটা লৈ চাইকেলৰ কেৰিয়াৰখনতে ভেজা দি মণিকণে ৰাষ্টাৰে গৈ থকা ছোৱালী দুজনীক শুনাই ক’লে “ লগত যাবলৈ পালে ভাল লাগিব” । ছোৱালী দুজনীয়ে শুনিল নে নুশুনিল গম নাপালো । ঘুৰাই একো নকলে ।

“আৰে ,এইবোৰ কি , হেণ্ডিকৰ বোৰ চাবি , হোষ্টেলৰ ওচৰত ইমানখিনিলৈকে উলিয়াই পিন্ধি ঘুৰি ফুৰে” – কটনত পঢ়ি থকা হিৰণ্যই নিজৰ হাতখন কলাফুলৰ বহুখিনি ওপৰত থৈ আমাক দেখুৱালে ।

“ ইমান ছুটিকৈ স্কাৰ্ট পিন্ধেনে” ? – এগালমান বিস্ময়ৰে সৈতে অনুপে অবাক হৈ হিৰণ্যক সুধিলে । ( সিদিনাখন হিৰণ্যই হাতখন কলাফুলত স্বাভাৱিকতকৈ বেছি ওপৰত যে থৈছিল নিজে গুৱাহাটীলৈ অহাৰ পাছত গম পাইছিলো । হয়তো আমাৰ পৰা গুৰুত্ব লাভৰ আশাতেই সি তেনেকৈ কৈছিল । সিমান ওপৰত আজিৰ দিনতও ৰাজহুৱা স্থানত দেখা নাই আজিৰ পৰা পোন্ধৰ বছৰৰ আগত তেনে হোৱাটো নিতান্তই অসম্ভৱ আছিল ) । অকল অনুপেই নহয় ঘৰুৱা চহৰখনত পঢ়া আমি সকলোৱে আগ্ৰহেৰে গুৱাহাটীৰ সন্দিকৈ কলেজৰ কাহিনীবোৰ হিৰণ্যৰ মুখৰ পৰা শুনো । কলেজখনত পঢ়া ছোৱালীবোৰ কিমান ধুনীয়া তাক বৰ্ণনা দিবলৈ হিৰণ্যৰ মুখত আভিধানিক শব্দৰ অভাৱ হৈছিল । আমিও অভিধানৰ বাহিৰৰ শব্দবোৰ তেতিয়া বেছিকৈ হৃদয়ংগম কৰিছিলো । তেনেকৈ হৃদয়ংগম কৰি থাকোতে মই লাহে লাহে কথাবোৰক অলপ বেলেগ ধৰণৰে অনুভৱ কৰিবলৈ ললো । ৰামায়ণ , মহাভাৰত হাইস্কুলতেই পঢ়া । মহাভাৰতৰ “অৰ্জ্জুন পৰ্বত ঊল্লেখ থকা উৰ্ব্বশী আৰু ৰামায়ণত ঋষি বিশ্বামিত্ৰৰ লগত লেটিপেটি কৰা মেনকাৰ লগত সন্দিকৈ ছোৱালী কলেজৰ কথাবোৰক ৰিজাবলৈ আৰম্ভ কৰিলো । স্বৰ্গৰ অপেস্বৰী , সৰগত থাকে , মৰতৰ মানুহে লগ নাপায় , পালেও যথেষ্ট কষ্ট আৰু অঘটনৰ সন্মুখীন হয় । তেনেহলে সৰগৰ কথা ভাবি লাভ কি ? যুদ্ধ পৰ্ব , ভীষ্ম পৰ্ব , সীতা হৰণ , হনুমানৰ গৰ্ন্ধৱমান পৰ্ৱত আৰোহণ , মেঘনাদ বধ এইবোৰ অধ্যয়ন কৰাই ভাল । প্ৰায় এনেধৰণৰ বিষয় কিছুমান অধ্যয়ন কৰি কৰি শেষত ভাব হ’ল ইয়াত একো নহব । যাওগৈ আৰু ! তেনেদৰেই এদিন হলোহি মহানগৰীৰ ভাড়াতীয়া বাসিন্দা ।

(২)

 

মাহৰ শেষৰ সপ্তাহ । ছেলছৰ টাৰ্গেট পুৰা হবলৈ আৰু দুটা অৰ্ডাৰৰ প্ৰয়োজন । ব’ছৰ কাঢ়া নিৰ্দেশ । এইবাৰ টাৰ্গেট হবই লাগিব । নহলে চাকৰিৰ ফালে যোৱা থোৱা অৱস্থা হবগৈ । হু , কম্পিউটাৰে কি ভাত ৰান্ধিবনেকি যে মানুহে হোৱাই নোহোৱাই কম্পিউটাৰ কিনিব ? বছক মুখৰে কব নোৱাৰা কথাখিনি মনৰ ভিতৰতে গোঁজৰি দিলো আৰু কাষ্টমাৰক ভিজিট কৰোগৈ বুলি অফিচৰ পৰা ওলাই আহিলো । শিলপুখুৰীত ৰাষ্টা বহলোৱাৰ কাম আৰম্ভ কৰিছে । আগৰ খালটো পুতি নতুন খাল খান্দিছে । খাল খন্দা বেপেৰোৱা বনুৱা কেইটাই মোৰ ৰখাই থোৱা বাইকখনৰ ওচৰতে খান্দি উলিওৱা নতুন মাটিবোৰ পেলাই দিছে । টাৰ্গেট নোহোৱাৰ খংটো তাহাঁতৰ ওপৰতে অলপ জাৰিলো , মাটিখিনি কেলেই তেনেকৈ পেলাইছ বুলি । গালি দি দি বাইকখনত কিক মাৰি আছো ,কিন্ত ষ্টাৰ্ট নহয় । ধেইট , দিনটো বেয়াই যাব যেন পাইছো । ব’ছৰ গালি , শিলপুখুৰীৰ এই গেলা মাটিখিনি আৰু তাৰ ওপৰত এই ষ্টাৰ্ট নোহোৱা বাইকখন ! একেবাৰে তিতা লাগি গৈছিল । মনটোক শান্ত কৰো বুলি বাইকখনৰ ওপৰত অলপ সময় তেনেকৈয়ে বহি থাকিলো । সন্মুখত ফুটপাথটো । গৈ থকা মানুহৰ মুখবোৰৰ ওপৰত চকু দুটা এনেই বাগৰি আছে । শিলপুখুৰীৰ পাণ বজাৰৰ ফালে থকা বাছ ষ্টেণ্ডটোৰ দিশৰ পৰা বগা চুৰিদাৰ এজোৰ পিন্ধি ছোৱালী এজনী আহি আছিল । মোৰ খংবোৰ তেতিয়াও মাৰ যোৱা নাছিল কিন্ত চকু দুটা তেতিয়াও ফুটপাথৰ ওপৰতেই আছিল । মাৰ্কেটিং , ছেলচ এই চব বাদ দি এনেকুৱা এজনীৰ লগত কেতিয়া যে ঘুৰিবলৈ পাম ? মই নাভাবিলেও মোৰ মনটোৱে সেই খংৰ ভিৰৰ মাজত যেন তেনেকুৱা এষাৰ কথাই ভাবিছিল । তেনেতে দেখিলো ছোৱালীজনী আমাৰ অফিচৰ কম্পিউটাৰ এডুকেছন চেকচনৰ ফালে সোমাই গৈছে ।

“সেই দেৱ , পাণবজাৰৰ ফালে যাবানেকি” ? মোৰ কাম কৰাৰ উছাহটো কেতিয়াবাই নোহোৱা হৈছিল । সেয়ে অফিচৰ চাৰ্ভিচ ইঞ্জিনিয়াৰ অজয়ক এনেই কলো – “ যাম বলা ” । বাইকখন যেন অজয়লৈ হে ৰৈ আছিল । এইবাৰ এবাৰ কিক মাৰোতেই ষ্টাৰ্ট হ’ল ।

“ এইমাহত আমাৰ কম্পিউটাৰৰ ক্লাচত বঢ়িয়া বঢ়িয়া আহিছে । এই মাত্ৰ যে সোমাল দেখিলানে ? তাহাঁতৰ গোটেই গ্ৰুপটোৱেই এক ছে বৰহকৰ এক । পাৰিলে তাহাঁতক ক্লাচ লব লাগিব ৰবা” ।

এইটো অজয় । সাতমাহ মান হ’ল একেলগে কাম কৰা । অজয়ে মাত্ৰ দুটাই শব্দই চিনি আৰু বুজি পোৱা যেন লাগে – “কম্পিউটাৰ” আৰু “ছোৱালী” । এছেম্বল , পাৰ্টিছন , ফৰমেট এইবোৰ শব্দ আৰু কাম সি দুয়োটাতে প্ৰয়োগ আৰু ব্যৱহাৰ কৰিবলৈ বিচাৰে । সি এণ্টি-ভাইৰাছ বেয়া পাই , কামবোৰ হেনো শ্ল হৈ যায় । ভাইৰাছে এটেক কৰিলে পোনেই ফৰমেট মাৰি দিয়ে । বেছিকৈ ফৰমেট মাৰি মাৰি বেড চেকটৰ ওলালে হাৰ্ডডিকছটো সলাই লয় । তেনেকৈয়ে অজয় চলি আছে । কম্পিউটাৰ আৰু ছোৱালী , দুয়োটাৰে লগত। অজয় বেপেৰুৱা কাৰণ সি ব্যৱহাৰ কৰা কম্পিউটাৰবোৰ হয় আমাৰ অফিচৰ মালিকৰ নইবা কাষ্টমাৰে ভাল কৰিবলৈ দিয়া কম্পিউটাৰ । নিজৰ নহয় বাবেই তেনে ব্যৱহাৰ কৰে । মোৰ কিন্ত নিজৰ কৰি লবলৈ মন গ’ল । কম্পিউটাৰ নহয় আমাৰ অফিচত কম্পিউটাৰ শিকিবলৈ অহা , ফুটপাথত দেখা সেই ছোৱালীজনীক । মই কম্পিউটাৰ কিনা বেছাহে কৰিব পাৰো , ছাৰ্ভিছিং কৰিব নাজানো । অজয়ে পাৰে , যেনেদৰে পাৰে কোনোবা অচিনাকী ছোৱালী এজনীৰ লগত প্ৰথম দিনাই মুকলি মুৰীয়াকৈ কথা পাতিব । দুমাহ মানৰ পাছত যেতিয়া মোৰ মনৰ কথাষাৰ অজয়ক ক’লো সি ভালেই পালে , হয়তো তাৰ দৰেই কম্পিউটাৰ আৰু ছোৱালী এই দুয়োটা শব্দক একেলগে বুজি পোৱা বন্ধু এটা পালে বুলি ভাবিলে সি । মই ছোৱালীজনীক দেখুৱাই দিলো । অজয়ে কলে “ ঠিক আছে হৈ যাব , মইও তাইৰ লগৰজনীকে চাই আছো” । অজয়ক কলো নাম , ঘৰ , ক’ত পঢ়ে ইত্যাদিবোৰ প্ৰথমে উলিয়াই দিবলৈ । সেইবোৰ অজয়ৰ বাবে ফাইল কাট-পেষ্ট কৰাৰ দৰে সহজ কাম আছিল । নামটো আমুক , থাকে আমুকত এইবাৰ হেণ্ডিকৰ পৰা বি এ ফাইনেল দিছে । মুখত সোমাই থকা ফিল্টাৰৰ ধোঁৱাখিনি মোৰ যেন একেবাৰে ভিতৰলৈ সোমাই গ’ল । মহাভাৰতৰ “অৰ্জ্জুন পৰ্বটোলৈ” আকৌ মোৰ মনত পৰি গ’ল । নিজৰ কাণ চকু এই দুয়োটা যেন মোৰ অবিশ্বাসৰ পাত্ৰ হৈ গ’ল । কটনত পঢ়া হিৰণ্যই কোৱা অভিধানত নথকা শব্দবোৰৰ আভিধানিক প্ৰতিশব্দবোৰ মনত পেলাই পেলাই মই ৰিজাবলৈ ধৰিলো । আৰু শব্দবোৰক মোৰ আপোন কৰি লবলৈ চেষ্টা কৰিলো । মনটোক বুজালো সন্দিকৈ ছোৱালী কলেজ সৰগৰ নহয় , আমাৰ ইয়াৰে আৰু ইয়াৰ মানুহবোৰ আমাৰ মানুহ যাক আমি বিচাৰিলেই আপোন কৰিব পাৰো , নিজৰ কৰিব পাৰো ।

 

( ৩ )

 

চাকৰি কৰি আমনি লগাত নিজা বেপাৰত ধৰিলো । শিক্ষানুষ্ঠানৰ লগত সৰ্ম্পক থকা ব্যৱসায় । আগতে চোকা চোকা লগৰবোৰে আই.আই.টিৰ কথা কলে আঙুৰ টেঙা বুলি আওকাণ কৰো । আই.আই.টি আৰু তাত পঢ়া ল’ৰাবোৰক কিবা ৰূপকথাৰ নায়ক যেন লাগিছিল আৰু এতিয়া সেই আই.আই.টিতে বেপাৰ কৰাত লাগিলো । সংকোচ মনে যেতিয়া তালৈ প্ৰথম গৈছিলো মনতে ভাবিছিলো আমাৰ পৰা জানো বস্ত কিনিব ? আৰু তাত গৈ এক ওলোটা ৰূপ দেখিলো । সকলোৰে ভাববোৰ এনে –“ আৰে , তোমালোক ইমান দিনে ক’ত আছিলা ,আমি ৰৈ আছো বস্ত কিনিবলৈ , অসমীয়া ল’ৰাই বিজনেছ কৰিবলৈ লৈ খুব ভাল কাম কৰিছা” ইত্যাদি ইত্যাদি । সন্তোষত আমাৰ  মনবোৰ ভৰি যায় ।

( ৪ )

“তোমাৰ চকুত চকু থলে, এবাটি আপং খোৱা যেন লাগে………..!” নৱবিবাহিতা পত্নীৰ আগত ধেমালিতে আওৰাই থকা কবিতাটো শেষ কৰিব নোৱাৰিলো । চিৰাচৰিত মবাইলটো বাজি উঠিল আৰু লগতে এটা প্ৰশ্ন । “গগৈ নেকি ? মই সন্দিকৈ কলেজৰ জু’লজি ডিৰ্পাটমেণ্টৰ পৰা কৈছো । আমাক দুই ডজন বিকাৰ আৰু তিনি বটল হাইড্ৰজেন পেৰ অক্সাইড লাগে । আপোনালোকৰ কথা মোক বেলেগ কলেজৰ মানুহে কৈছে সেই কাৰণে আপোনালোকৰ প্ৰডাক্ট কোৱালিটি কেনেকুৱা চাবলৈকে মই এই সৰু অৰ্ডাৰটো দিও বুলি ভাবিছো । আপুনি অৰ্ডাৰটো আহি লৈ যাব” ।

ফোনটো থৈ মই পুনৰ কবিতাটো মতাত লাগিলো — “তোমাৰ চকুত চকু থলে, এবাটি আপং খোৱা যেন লাগে…………………..!” নিছা আৰু পেছা দুয়োটা দেখোন একেখন ঠাইৰ পৰাই আহিল ? কথাষাৰ ভাবি মোৰ উলাহতে সুহুৰিয়াই দিবলৈ মন গ’ল ।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments