নীৰৱ হাঁহিৰ অভিজ্ঞতা – উজ্জ্বল দিপলু গগৈ

আজি জুনৰ ২৪ তাৰিখ। কৰ’নাৰ দপদপনি গুৱাহাটীত। মানুহ ঘৰতে আবদ্ধ। পৰাজিত সৈনিক। শ্ৰীমতীৰ সৈতে ঘৰত কথা পাতি ঠিক কৰিলোঁ যে চৈধ্য দিনৰ হিচাপত শাক-পাচলি বজাৰ কৰি থোৱা আছে যদিও দুটামান সহজে বেয়া নোহোৱা ৰঙালাউ, কোমোৰাৰ দৰে পাচলি আনি থ’ব পাৰোঁ তেন্তে চিন্তা বহুতখিনি কমি থাকিব৷ কথামতেই পুৱা দহমান বজাত ওচৰৰে বেলতলা বজাৰ পাইছিলোঁগৈ৷ গুৱাহাটীৰ বজাৰত জুই-ছাঁই দাম, দোকানীবোৰৰ ওচৰ চাপিবই নোৱাৰি; তাৰে ওপৰত ভীৰৰ প্ৰকোপ৷ ক্ষেত্ৰীৰ পৰা অহা বাইদেউ কেইগৰাকীমানৰ ওচৰ চাপিলোঁ; ৰঙালাউ আৰু কলডিলৰ কাৰণে তেওঁলোকে কোৱা দামক আনদিনাৰ দৰে দৰদাম নকৰি দহ-বিছ টকা তেওঁলোকৰে লাভ হওঁক বুলি ভাবি সেইদামতে কিনি আনিলোঁ৷ বজাৰৰপৰা যিমান সোনকালে পাৰোঁ সিমান সোনকালে ওলাবলৈ ল’লো৷ ঘূৰি আহি থাকোঁতে এঠাইত ৰাস্তাৰ সিপাৰে কোমোৰা কেইটামান দেখি লৈ থওঁ বুলি বাইকখন ৰখাই পাৰ হ’লো৷ ভীৰ পাতলিবলৈ অলপ আঁতৰি ৰৈ থাকোঁতে হঠাৎ বাইকখনলৈ ঘূৰি চাওঁতে অলপ বয়সিয়াল যেন লগা মানুহ এজনক বাইকৰ কাষত থিয় হোৱা দেখা পালোঁ৷ খুব ব্যতিব্যস্তভাৱে তেখেতে ইফালে-সিফালে কাৰোবাক চোৱা যেন লাগিল৷ মনতে অলপ সন্দেহ হোৱাত মই বাইকখনৰ ওপৰত চকু ৰাখি মানুহৰ আঁৰ লৈ বাইকখনৰ তেনেই কাষত আৰু মানুহজনৰ পাছফালে ঠিয় হ’লো৷ দেখা পালোঁ তেখেতে কোনোবা বেলেগ এফালে চাই থকাৰ দৰে কৰি এখন হাতেৰে মোৰ বাইকৰ পাছফালে পলিথিনত ওলমি থকা পাচলিকেইটা এৰোৱাবলৈ চেষ্টা কৰি আছে৷

গলখেকাৰি এটা মাৰি মই তেখেতক মাত দিলোঁ, “বৰ্তা কিবা বিচাৰিছিলে?“ হঠাৎ পাছফালৰপৰা মাত শুনি তেখেতে থতমত খাই ঘূৰি চালে; লগে লগে তেখেতৰ হাতখনো পিছুৱাই গ’ল৷ মই ক’লো, “বাইকখন মোৰ, বস্তুকেইটাও মই কিনি অনা৷“ তেখেতে মুখৰ ভিতৰতে কিবা বিৰবিৰাইছিল৷ মানুহজনৰ মুখৰপৰা ভৰিলৈকে চালোঁ৷ দৰিদ্ৰতাই গ্ৰাস কৰি পেলোৱা এখন শুকান মুখ৷ চকু দুটা শেতাবৰণীয়া আৰু কোটৰলৈ সোমাই থকা, তেল-ফণীৰ পৰশ নপৰা বগা চুলিবোৰৰ মাজত কলা কেইডালমান জিলিকি আছিল৷ খুবসম্ভৱত তেখেতে এটা সময়ত চাগৈ চিগাৰেট খাইছিল, সেয়েহে জোঙা মুখখনত গালদুখন ভিতৰলৈ সোমাই পৰিছিল৷ সোঁহাতৰ কাষলতিৰ চেপাত তেখেতে ক’লা ৰঙৰ লেডীজ ছাতি এটা ৰাখি থৈছিল আৰু সেইখন হাততে বজাৰ কৰাৰ বেগ এটা লৈ আছিল৷ তেখেতে মোক কঁপা মাতেৰে কৈ উঠিল “নাই নাই ভাইটি এইখিনিতে এনেয়ে ৰৈছিলোঁ৷“ কথাখিনি কৈয়েই তেখেতে কায়দা কৰি হাতৰ বেগটো মোক মেলি দেখুৱাই প্ৰমাণ কৰিবলৈ বিচাৰিলে যে তেখেতে মোৰপৰা একো লোৱা নাই৷ কৌতূহলবশত মোৰো চকু বেগটোলৈ গ’ল; ভিতৰত দুই কেজিমানৰ চাউলৰ পলিথিন এটা, আধালিটাৰৰ মিঠাতেলৰ পেকেট এটা আৰু কিবা শাক এমুঠি আছিল৷ পুনৰবাৰ তেখেতলৈ চালোঁ; মানুহৰ চকুৰ ভাষা মই বুজি পাওঁ, অপৰাধবোধেৰে মোলৈ তেখেতে চাই আছিল৷ তেখেতৰ পিন্ধি থকা চাৰ্ট-পেণ্টযোৰত চকু পৰিল, ডাঙৰ চেক থকা চোলাটো পেণ্টৰ বাহিৰলৈ উলিয়াই পিন্ধিছিল, পেণ্টৰ অৱস্থাটো চোলাটোতকৈ বেয়া যেনেই লাগিছিল; শেষৰ চিনাকিখিনি চেণ্ডেলযোৰে কৰি দিছিল৷ বোকা লাগি থকা হাৱাইযোৰৰ আগফালে আধামৰা হৈ ক’লা পৰি থকা বুঢ়া আঙুলি দুটাৰ বেঁকা নখকেইটাই দীনতাৰ বিধ্বস্ত ৰূপটো প্ৰমাণ কৰি তুলিছিল৷

মই তেখেতক ফুটপাথৰ কাষলৈ মাতি নিলোঁ৷ তেখেতক এনেকুৱা কাম ভৱিষ্যতলৈ নকৰিব বুলি বুজাই কিবা এটা ক’ব বিচাৰিছিলোঁ যদিও কিবা এটা বেয়া লাগি সেইখিনি কথা মোৰ মুখত নোলাল৷ তেখেতক সুধিলোঁ, “আৰু কি কি বজাৰ কৰিবলৈ আছে আপোনাৰ?”

দুই-এটা চবজি কিনিম বুলি কোৱাত তেখেতক কাষৰ পাচলিৰ দোকান খনলৈ নি মনৰ ইচ্ছাৰে কেইপদমান পাচলি বাচি ল’বলৈ ক’লো৷ তেখেতে প্ৰথমে ইত:স্তত কৰিছিল যদিও অলপ পাছতে কিবাকিবি পাচলি পলিথিনত ভৰাই দোকানীজনক জুখিবলৈ লগালে৷ দোকানীজনে কোৱা হিচাপমতে পইচাখিনি দিয়াৰ পাছত মানুহজনৰ হাতত টকা কেইটামান বৰ্মালৈ মিঠাই লৈ যাব বুলি গুজি দি মই আঁতৰি আহিলোঁ৷ তেখেতৰ মুখৰ মাত ওলোৱা নাছিল কিন্তু চকুত এক নীৰৱ উজ্জ্বলতাই বিৰাজ কৰিছিল৷

জীৱনটোৱে মানুহক বৰ বেলেগ ধৰণে শিক্ষা দিয়ে৷ এক ধৰণৰ শিক্ষা তেখেতে পালে আৰু আন একধৰণেৰে মই বুজি পালোঁ জীৱনে নীৰৱে মৰা হাঁহিৰ এটি প্ৰকাৰক৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক