নেওতা — পৰী পাৰবীন

দৃশ্যাংশ ১

ইৰফানে চাৰিআলিৰ পৰা আহিয়েই বায়েকক চিঞৰিলে,
“বাই অ’, বাই, চাহ একাপ দেচোন৷ ”
বায়েকে চকু দুটা ততাতৈয়াকৈ মচি লৈ ৰূমৰ পৰা চিঞৰ মাৰে,
“দিছো ৰহ ইৰফান৷ ”
মাতটো তাইৰ গধুৰ৷ যেন হাজাৰ বিষাদৰ শীতলতা৷ ইৰফানে ধৰা পেলায়, থাপ মাৰি ধৰে তাইক,
“ৰ’বিচোন ৰবি বাইটি, তোৰ চৰ্দি লাগিছে নে কি? মাতটো বেলেগ বেলেগ লাগিছে যে৷ ”
“নাই নাইলগা, শুই আছিলো যে সেইকাৰণে চাগৈ৷ ”, ভায়েকক তাই ডেই যাব খোজে৷
ভায়েকে এইবাৰ ওলটি সোধে,
“আচ্ছা কচোন, আব্বাচকাৰ কি খবৰ? ”
“নাজানো অ’ মই৷ ”
এইবাৰ চকুপানীখিনি ৰখাব নোৱাৰিলে৷ কান্দি পেলালে৷ ইৰফানৰ সন্মুখতে কন্দা দেখি সি উচপিচ লগালে৷ বায়েকে আব্বাচৰ কাৰণে কিবা কথাত দুখ পাইছে৷
“অই বাই, কিয় কান্দিছনো, লগ পোৱা নাই তই আব্বাচকাক? ”
“নাই”, তাই মূৰ জোকাৰে, “মানা কৰি দিছো আব্বাচক আহিবলৈ৷ আম্মা-আব্বাই কেতিয়াও মানি নলয় আব্বাচক৷ ”
“তই পাৰিবিনে আব্বাচক এৰি থাকিবলৈ? ”
“পাৰিব লাগিব৷ ”
“আব্বাচে পাৰিবনে? ”
আকৌ এসোঁতা কান্দি ল’লে তাই৷ চকুপানীখিনি মচি ভায়েকলৈ চাহ একাপ বাকি নিজৰ ৰূমত সোমাই কম্বলেৰে মূৰ ঢাকি শুই থাকিল৷
এফালে আম্মাক আহি তাইক শুই থকা দেখি উচপিচ লগালে, অসময়ত কিয় বিছনাত পৰিল, গা বেয়া নে কি? ভৰি হাত চুই চালে, ভৰি দুখন তাইৰ চেঁচা হৈ থাকে, কম্বলৰ উমে গৰম কৰিব নোৱাৰে, হিটাৰটো লগাই ভৰি পথানত দি মাকে মিঠাতেল সানিবলৈ লাগি গ’ল৷
তেনেতে অফিচৰ পৰা আব্বাক আহি ওলাল, কি হৈছে তেওঁৰ আদৰৰ জীৰ, হয়তো জ্বৰ উঠিছে, লগে লগে ড্ৰাইভাৰক কৈ মূৰ্গী এটা হালাল কৰিবলৈ দিলে৷
ককায়েকো আহি ওলাল গধূলিবাজত৷ মাকে পাকঘৰলৈ খোজ লোৱাৰ পাছত চেনেহৰ ভনীটিৰ কপালত হাত দি চালে৷ এজনীয়ে ভনীয়েক৷ দূৰলৈ বিয়া দিবলৈ লোৱা ভনীয়েকজনীক বাৰু বিলাতত থকা জোঁৱায়েকে এনেকৈ মৰম কৰিবনে? তাতটো আৰু ঠাণ্ডা৷ তাইৰ যে এবাৰ কল্ড ষ্ট্ৰ’ক হৈছিল, সেই তেতিয়াৰে পৰা তাইক কোনেও ঠাণ্ডা লগাবলৈ নিদিয়ে, সেই কথাটো জোঁৱায়েকক ক’ব লাগিব৷ কথাবোৰ পাগুলি থাকোতেই মাকে ট্ৰেখন লৈ তাইৰ ৰূমটোত সোমাল৷ দুবাতি মূৰ্গীৰ চুৰুহা৷ জালুকেৰে জ্বাল দিয়া৷

সিদিনাই মাজৰাতি ইৰফান আহি তাইৰ ভৰি দুখনত হেঁচুকি ফুচফুচাই মাতিলে, “বাই অ’ বাই৷”
বায়েক খপজপাই বিছনাত উঠি বহিল৷ ভায়েকে মুখখনত ধৰি কয়, “বাই, আব্বাচকা ৰৈ আছে৷”
ভায়েকৰ মুখলৈ চাই তাই কি কৰিব ভাবি নাপালে৷ পিছে কি হ’ব? প্ৰেম অন্ধ যে৷ বিলাতৰ ইঞ্জিনিয়াৰ জোঁৱায়েকক এৰি ইঞ্জিনিয়াৰ পিতাকে কোনোপধ্যেই আব্বাচলৈ নিদিয়ে৷ ক’ত মাৰ্বলৰ পাথৰৰ মজিয়া আৰু ক’ত গোবৰেৰে লেপি থোৱা আব্বাচৰ ঘৰৰ মজিয়া৷ তথাপি তাই সিদ্ধান্তটো লৈ ল’লে৷ ভায়েকৰ হাতত ধৰি পিছদুৱাৰেৰে গেট পাৰ হ’ল৷ ৰাতি তেতিয়া দুই বাজিছিল৷

দৃশ্যাংশ ২

পুহৰ ৰাতি৷ থৰথৰকৈ কঁপিছিল তাই৷ আব্বাচৰ ইকৰাৰ ঘৰৰ বেৰে পুহৰ ঠাণ্ডা ৰাখিব পৰা নাছিল৷ তাইৰ লিহিৰীপতীয়া আঙুলিকেইটা চেঁচা হৈ পৰিছিল৷ আব্বাচে নিজৰ উমাল হাতৰ মাজত আঙুলিকেইটা ভৰাই উম দিওঁতেই ৰাতিটো পাৰ হৈছিল৷ আম্মাজানৰ কথা, আব্বাজানৰ কথা মনত পৰাৰ লগে লগে চকুৰপানীৰ ভেটা ভাঙিছিল৷ কি হৈ গ’লনো ৰাতিটোতে? ঘৰত থাকোতে আব্বাচক হেৰুৱাব বুলি চকুপানী৷ আব্বাচৰ ওচৰ পোৱাৰ লগে লগে এৰি অহা ঘৰৰ স্মৃতি৷
যিয়েই নহওক, আব্বাচৰ ঘৰত তাইক আঁকোৱালি ল’লে৷ কাজী মাতি নিকাহ পঢ়ালে৷ মোহৰানাস্বৰূপে আব্বাচে ঘৰৰ বাঁহনিডৰাৰে সৈতে থকা দুকঠা মাটি তাইৰ নামত কৰি দিলে৷ বাঁহনিডৰা পাই তাইৰ কিছু আৰাম হ’ল৷ ঠাণ্ডা দিনত সেই বাঁহগছকেইজোপাই তাইৰ ঠাণ্ডা আঁতৰায়৷ ঘৰৰ এচুকত জ্বলি থকা জুইকণ আৰু আব্বাচৰ উমাল বাহুৰ গৰমকণে ঘৰৰ কথাবোৰ লাহে লাহে পাহৰাই আনিলে৷

দৃশ্যাংশ ৩

চৰু হাড়ী ধুই দিয়াৰ পাছতো কিবা অকণ থাকি গৈছিল মাকৰ ঘৰখনত৷ সেইখিনি মনত পৰিলেই তাইৰ হাত ভৰি চেঁচা হৈ আহে৷ ঠাণ্ডাটো বাঢ়ি আহে৷ ভৰিয়ে হাতে মোজা পিন্ধি, গাত দুই তিনিটা চুৱেটাৰ ওলোমাই জুইকুৰাৰ ওচৰত বহি থাকিও থৰথৰকৈ কঁপে৷ মাকজনী ভাগি পৰিছে চাগৈ৷ আব্বাচক শেষ কৰি দিয়াৰ হুংকাৰ দিয়া ককায়েকক চাগৈ পিতাকে ৰখাইছে বুজাই বঢ়াই৷ আৰু ভায়েকে? চকুপানী সহিব নোৱাৰি প্ৰেমিকৰ হাতত একমাত্ৰ বায়েকক তুলি দিয়া ভায়েকটো তাইৰ৷ বেচেৰা সিতো নাজানিলে, প্ৰেম মানেই চকুপানী৷ সুখতো, দুখতো, মিলনতো, বিৰহতো, প্ৰাপ্তিতো অথবা অপ্ৰাপ্তিতো-চকুপানীৰ অন্ত ক’ত?
আব্বাচৰ ঘৰৰ অৱ্স্থা তাইৰ ঘৰৰ দৰে নহয়৷ পিছে মৰমত কোনোদিনেই কৃপণ নহয় সিহঁত৷ ছোৱালীজনীৰ ভাগ্যত যেন মৰম ওপচি আছিল৷ বিয়াৰ পিছত আব্বাচৰ সৰুকৈ চাকৰি এটাও হ’ল৷ পাৰিব, সিহঁতে দুয়ো সেইখিনি টকাৰেই উমলি জামলি দিনবোৰ পাৰ কৰিব পাৰিব৷

দৃশ্যাংশ ৪

“ব’লা নহ’লে বাহিৰতে এবাৰ তোমাক দেখুৱাই আহোঁ”, তাইৰ ভৰিখনত গৰম তেল মোহাৰি মোহাৰি আব্বাচে কৈ থাকে৷ সময়ে সময়ে ঠাণ্ডাত বেঁকা হৈ পৰা তাইৰ অৱস্থাটো দেখি সি বৰকৈ কষ্ট পায়৷
“নাই অ’, মোৰ কি বেমাৰনো আছে বাহিৰত যাবলৈ? এনেই টকা খৰচৰ বাহ৷ তাতকৈ শোৱনি কোঠাৰ লগতে বাথৰূম এটাকে সাজা৷ অজু কৰিবলৈ বাৰে বাৰে পিছফালে যাবলৈ কষ্ট হয় তোমাৰ”৷
“ভাল কথা কৈছা, মিস্ত্ৰী এটাকে মাতিব লাগিব সোনকালে৷ কিন্তু তোমাক ডাক্তৰৰ ওচৰত দেখুওৱাৰ পিছতহে”৷
সপোনবোৰ পোখা মেলিবলৈ ধৰে লাহে লাহে৷ ভায়েক আহি খবৰ খাতি লয়৷ পইচা দি সহায় কৰিব খুজিলেও তাই নলয়, আত্মসন্মানত লাগে৷ তাতকৈ পিছফালৰ বাঁহনিডৰাত আস্থা বেছি তাইৰ৷ বাঁহনিডৰাই সম্পদ৷ বিপদতো হাত আগবঢ়াই দিয়ে৷ উকুলি মুকুলিকৈ পাৰ হোৱাৰ দিনবোৰত ফৰিস্তাৰ দৰে দুটি কণমানি আহি সিহঁতৰ সংসাৰখন পূৰ্ণ কৰি তুলিলে৷
বাঁহনিখনে সিহঁতক আৱৰি থাকে৷ গৰমত ছাঁ দিয়ে, ঠাণ্ডাত উম দিয়ে৷ শুকান বাঁহখৰি কেইডাল গোটাই মেলি জুইকুৰা জ্বলাই লৈ ভাবি থাকে সি৷

দৃশ্যাংশ ৫

“নিলু অ’, এইফালে মূঢ়া লৈ আহা, জুইকুৰা ভালকৈ জ্বলিছে, হাত-ভৰি কেইটা সেকি লোৱাহি৷” নিলুফাৰে হাত ভৰি কেইটা সেকে মানে জুইকুৰাত কেটলিটোও উঠাই দিয়ে, ৰঙাচাহ, প্লেটত গুৰ দুটুকুৰা৷ ভিতৰত কণমানি দুটাই নেওতা আওৰায়, একে একে দুই, একে দুয়ে তিনি৷ নিলুফাৰে শুকান বাঁহ এডোখৰি আগুৱাই দিয়ে জুইকুৰালৈ৷ জুইকুৰা দপদপাই জ্বলি উঠে৷ জুইকুৰালৈ চাই চাই তাই আব্বাচক টিপ্পনী মাৰে, “এই বাঁহনিতে মোক কবৰ দিবা দেই আব্বাচ৷ এই বাঁহেৰেই, এই জুইৰ কাষতে৷”

ধেমালিতে কয় যদিও আব্বাচৰ খঙে মূৰৰ চুলিৰ আগ পায়গৈ৷ ৰঙা চাহকাপ আধাকৈয়ে এৰি বিছনা লয়গৈ, তেওঁ নিলুফাৰতকৈ তিনিবছৰৰ ডাঙৰ৷ গতিকে তেওঁ আগতে যাব৷ আল্লাৰ হিচাপত ভুল নহয়৷ পিছে এই বয়সতে এই কথাবোৰ কিয় মনলৈ আহিছেনো? এইবাৰ কণমাণিকেইটাই বিয়োগৰ নেওতা মাতে,
“দুইৰ দুই গ’ল থাকিল শূন্য, তিনিৰ দুই গ’ল থাকিল এক৷”

চৰাই এজনীয়ে মূৰৰ ওপৰেৰে ঢপঢপাই পাৰ হৈ যায়৷ আব্বাচৰ কপালত ঘামৰ টোপাল বিৰিঙি উঠে, মনটো ভাল লগা নাই কিবা৷ অহেতুক ভয় যেন৷
গৰম পানীৰ কেটলিটোৰে পানী বাকি লৈ অজুৰ নিয়ত পাঠ কৰে, “নাৱাইতুৱান আতাৱাজ্জাৱা………..”
জায়নামাজখন মজিয়াত পাৰি লৈ আব্বাচে নামাজৰ বাবে তহৰীমা বান্ধে৷ ইছাৰ নামাজৰ শেষ ৰাকাত আদায় কৰি মোনাজাত ধৰে, নিলুফাৰৰ বাবে তেওঁ দোৱা কৰি কান্দোনত ভাগি পৰে৷ কিয় কান্দে নাজানে, কান্দিবলগীয়াতো একোৱেই নাছিল৷

দৃশ্যাংশ ৬

জানাজালৈ নিবলৈ তিনিডাল বাঁহেই লাগে হেনো, ঠিক তিনিডাল বাঁহেই পূৰঠ হৈছিল৷ চহৰৰ ভাল নাৰ্ছিংহোমখনেও বচাব নোৱাৰিলে নিলুফাৰক৷ মগজুৰ ৰক্তক্ষৰণ হৈ কমাত আছিল তাই৷ আব্বাচে চকুপানী মোহাৰি বগী বগীকৈ জোকাইছিল, জিকাৰ খাই উঠিছিল যেন সংজ্ঞাহীন দেহাটো৷ হৰলিক্স এচামুচ মুখখন মেলি খুৱাই দিছিল আব্বাচে, সেইখিনি লৈয়ে চকু মুদিছিল তাই৷ হঠাতে কি হৈ গ’ল কোনেও তৰ্কিবই নোৱাৰিলে৷ নামাজ খতম কৰি আব্বাচে টুপীটো
খুলি হাতত লৈছিল মাথোঁ, পাকঘৰত কাম কৰি থকা অৱস্থাতে গৰম পানীৰ কেটলিটোৰে সৈতে মূৰ ঘূৰাই পৰি গৈছিল নিলুফাৰ৷
“বৰ ঠাণ্ডা লাগিছে মোৰ আব্বাচ৷”
আব্বাচৰ তত হেৰাইছিল৷ দৌৰাদৌৰিকৈ কম্বলখনেৰে মেৰিয়াই তাইক এম্বুলেন্সত বহুৱাইছিল৷ এম্বুলেন্সৰ তীব্ৰ গতি, চাইৰেন, নাৰ্ছিংহোমৰ আই চি ইউ কক্ষ,
অক্সিজেন মাস্ক আৰু অৱশেষত….
“আপোনালোকৰ ধৰ্মৰ নিয়ম অনুসৰি কোৰানৰ চুৰা পঢ়ি দিয়ক”, ডাক্তৰে হাত দাঙি দিছিল৷
কি কয় ডাক্তৰে! ইমান সহজ নে এই মৃত্যু? চকুপানী মচি বিৰবিৰকৈ আয়াত-উল-কুৰশ্বী গাইছিল নিলুফাৰৰ কাণত৷ এই চুৰাই তেওঁৰ মৃত্যুৰ কষ্ট লাঘৱ কৰিব৷ লাহে লাহে নিঠৰ হৈ আহিছিল শৰীৰ৷ আব্বাচৰ হাতখনতে হাতখন ৰাখি নিৰ্ভয়ে নতুন যাত্ৰা আৰম্ভ কৰিছিল তেওঁ….অকলে৷ চেঁচা চেঁচা আঙুলিবোৰ সেকিবলৈ জুই জ্বলোৱাৰ প্ৰসংগটো অৰ্থহীন হৈ পৰিছিল৷
বৰং হস্পিতেলৰ পৰা অনাৰ পাছতে জামাতৰ মানুহ আহি জানাজাৰ আয়োজন কৰিছিল৷ পত্নীক অকলশৰে কবৰস্থানত এৰি থৈ অহা কথাটোত কোনোমতেই মান্তি হোৱা নাছিল আব্বাচ৷ অৱশেষত সকলোৰে সিদ্ধান্তমৰ্মে বাহঁনিডৰাৰ চুকৰে ছফুট মাটিৰ তলত পাঁচফুটীয়া নিথৰ দেহাটো সমাধিস্থ কৰিলে৷
বিশ্বাস হোৱা নাছিল কাৰো৷ গধূলিলৈকে কথা পাতি আছিল সকলোৰে লগত, চাহকাপ খুৱাই নহ’ল, ল’ৰাই নেওতা আওৰায়েই থাকিল, “দুইৰ দুই গ’ল থাকিল শূন্য, তিনিৰ দুই গ’ল থাকিল এক……….৷” তাৰ পিছত সকলো শূন্য, কেৱল শূন্য৷
বাঁহনিডৰাতে জুইকুৰা জ্বলাই ল’লে আব্বাচে৷
“নিলু অ’, চাহ একাপ কৰিবানে? ”, নাই৷ নিলুফাৰে মাত নিদিয়ে৷
“বোলো, মইনাৰ মাক, চাহ একাপ দিবানে? ”
এইবাৰো মাত নিদিলে তেওঁ৷
অগত্যা আব্বাচে চাহ দুকাপ বাকি ল’লে৷ শুই থকা মানুহজনীক মাতি মাতিও জগাব পৰা নাই তেওঁ৷ ঠাণ্ডা পোৱা নাইনে তেওঁ? হাতে ভৰিয়ে ঊণৰ কাপোৰ মেৰিয়াই থকা মানুহজনীয়ে এই চেঁচা মাটিৰ তলত বাৰু কেনেকৈ শুই আছে?
“হৌৰা, উঠাচোন উঠা, চাহকাপ খাই ল’লে অলপ গাটো টঙাব পাৰিবা৷”, জুইকুৰাৰ ওচৰৰ পৰা তেওঁ আঁতৰি আহি এইবাৰ বাঁহনিৰ চুক পালেহি৷
ইমানকৈ শুইছেনে মানুহজনীয়ে? জুইকুৰাই গৰমাব পাৰিছেনে বাৰু মাটিৰ তলৰ দেহাটো? জুইকুৰাৰ পৰা কঢ়িয়াই অনা উত্তাপখিনি ঢালিবলৈ তেওঁ এইবাৰ নিলুফাৰৰ কবৰটো সাৱটি ধৰিলে৷

ল’ৰাহঁতে এইবাৰ যোগৰ নেওতা মাতিছে,
“একে একে দুই, একে দুয়ে তিনি….”

(সমাপ্ত)

শব্দাৰ্থঃ
মোহৰানাঃ বিবাহৰ সময়ত দ’ৰাই কইনাক সৈতে কৰা অগ্ৰিম ধনৰ চুক্তিপত্ৰ৷
ফৰিস্তাঃ দেৱদূত৷
অজুঃ পৱিত্ৰ মন্ত্ৰ মাতি হাত ভৰি পখালা৷
জায়নামাজঃ নামাজ পঢ়াৰ অৰ্থে মজিয়াত পাৰি লোৱা কাপোৰ বা কঠ৷
ইছাৰ নামাজঃ ৰাতিৰ নামাজ৷
তহৰীমাঃ নামাজৰ এক ভংগীমা৷
মোনাজাতঃ নামাজৰ এক ভংগীমা৷
জানাজাঃ মুছলমানসকলৰ শৱ সৎকাৰ কাৰ্য৷
চুৰাঃ কোৰানৰ বাণী৷
আয়াত-উল-কুৰশ্বীঃ মৃত্যুসম কষ্ট আঁতৰাবলৈ এই মন্ত্ৰ পাঠ কৰা হয়৷
জামাতঃ মুছলমান সমাজৰ নীতি নিয়ম পৰিচালনা কৰাৰ বাবে সংগঠিত গোট৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক