নেতৃত্বৰ সংকট (প্ৰতিম প্ৰতাপ বৰুৱা)

বহুদিনৰ আগতে টেলিভিশ্যনত দেখা এটা দৃশ্য মনত পেলাইছোঁ। সেই সময়ত অযোধ্যাত ৰাম মন্দিৰ-বাবৰি মছজিদৰ লজ্জাজনক কাণ্ডবোৰ চলি আছে। সেই সময়তে এদিন দেখা গ’ল বহুসংখ্যক উত্তেজিত লোকে হাতে হাতে ত্ৰিশূল, গদা, ধনু আদি পৌৰাণিক অস্ত্ৰ-শস্ত্ৰ কিছুমান লৈ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ সমৰ্থনত এটা দীঘলীয়া বিশৃংখল শোভাযাত্ৰা কৰিছে। শোভাযাত্ৰাটো সন্মুখৰ পৰা নেতৃত্ব দিছে কপালত ৰঙা দীঘলীয়া ফোঁট লোৱা এজন ডেকা মানুহে। আন মানুহবোৰক উত্তেজিত কৰি ৰখাত এই নেতাজনে চেষ্টাৰ ক্ৰুটি নকৰি সফল হৈছে। এজন সাংবাদিক এই নেতাজনৰ ওচৰলৈ আগবাঢ়ি আহিল। সাংবাদিকজনৰ প্ৰশ্নৰ উত্তৰত নেতাজনে যিখিনি কথা ক’লে সেইখিনি এটা বিশেষ সম্প্ৰদায়ৰ প্ৰতি ঘৃণাৰে ভৰ্তি হৈ আছিল আৰু সেই কথাখিনি বহুসংখ্যক চিন্তাশক্তিহীন ভাৰতীয়ক সাম্প্ৰদায়িকভাৱে উত্তেজিত কৰি তুলিব পৰা ধৰণৰ আছিল। সেই সময়ত সাংবাদিকজনে শান্ত-শিষ্টভাৱে নেতাজনক এটা প্ৰশ্ন সুধিলে _ “আপুনি নিশ্চিত নে যে এই ঠাই ডোখৰতে ৰামৰ জন্ম হৈছিল? নিশ্চিত যদি কেনেকৈ নিশ্চিত?” নেতাজনে থতমতমখাই উত্তৰ দিলে _ “মই এতিয়া এল এল বি ছেকেণ্ড ইয়াৰত পঢ়ি আছো। আমাৰ কোৰ্চত এই কথাখিনি নাই। থাৰ্ড ইয়াৰত থাকিব পাৰে। পঢ়ি লৈ আপোনাক জনাম।“ এই উত্তৰটোৰ দৰে ইডিয়টিক উত্তৰ আৰু থাকিব পাৰে বুলি মোৰ বিশ্বাস নহয়। আৰু এই উত্তৰটো দিয়া মানুহজনে এটা শোভাযাত্ৰাৰ নেতৃত্ব দিছিল।

এতিয়া এবাৰ চাৰিওফালে চকু ফুৰাই চাওঁকচোন। নেতৃত্বৰ নামত আমি এনে কিছুমান নেতা দেখা পাওঁ যিসকল ওপৰত কোৱা সেই নেতাজনতকৈ কোনোগুণে উন্নততো নহয়েই, বহুক্ষেত্ৰত তাতকৈও নিম্নমানৰহে। আজিৰ সময়ত আমি সন্মুখীন হোৱা বহু সমস্যাৰে এটা সমস্যা এই নেতৃত্বৰ মানদণ্ডৰ অৱনতি যেন বোধ হয়। নিম্নমানৰ নেতৃত্বই এটা সমস্যাৰ নিম্নমানৰ সমাধানহে চিন্তা কৰিব পাৰে। বহুসময়ত তেনে নেতৃত্বই সমস্যা একোটাৰ উপযুক্ত, সৰ্বজন গ্ৰাহ্য সমাধান এটা চিন্তা কৰি উলিয়াবই নোৱাৰে। তেনে নেতৃত্বই সমস্যাৰ সমাধান কৰাতকৈ নতুন সমস্যাৰহে সৃষ্টি কৰে।
নেতৃত্ব কেনে হোৱা উচিত? বা প্ৰশ্নটো হ’ব পাৰে সমাজত উচ্চ স্থান পাবৰ বাবে বা সমাজৰ নেতৃত্ব দিবৰ বাবে এজন মানুহ কেনে হোৱাটো প্ৰয়োজন? এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে আন এটা প্ৰশ্ন আমি নিজকে নিজে কৰা উচিত – কেনে এজন মানুহৰ নেতৃত্ব মই স্বীকাৰ কৰিম? এই প্ৰশ্নটোৰ উত্তৰটো দিবলৈ নিজেই চেষ্টা কৰকচোন। আমাৰ সকলোৰে উত্তৰটো প্ৰায় এনে ধৰণৰ হ’ব _ মই সেইজন মানুহৰ নেতৃত্ব স্বীকাৰ কৰিম যি মানুহৰ আৰু সমাজৰ নেতৃত্ব দিবলৈ প্ৰয়োজন হোৱা সকলোখিনি বৌদ্ধিক গুণেৰে সক্ষম, যি মানৱীয় সকলো উপাদানেৰে এজন সৎ মানুহ। যি মানুহ হোৱাৰ লগতে এজন ভাল মানৱো হয়। ইংৰাজীত ক’বলৈ গ’লে – before being a man/woman, he/she should be a good human being(.)।

এজন মানুহৰ বৌদ্ধিক সক্ষমতাখিনি আমি তেওঁৰ কথা আৰু কামেৰে দেখিবলৈ পাওঁ। কিন্তু ভণ্ডামিৰে ভৰা আজিৰ ভাৰতীয় সমাজত বিভিন্ন ক্ষেত্ৰত নেতৃত্ব লোৱা সকলৰ বেছিভাগেই চূড়ান্ত ভণ্ডামিৰ পৰিচয় দি সমস্যাবোৰ সমাধান কৰাৰ পৰিবৰ্তে নতুন নতুন সমস্যাৰ সৃষ্টি কৰি গৈ আছে। অপ্ৰিয় সত্য যে ভাৰতৰ নেতৃত্বৰ স্থানলৈ উঠিবলৈ প্ৰথম প্ৰয়োজন হ’ল টকা, দ্বিতীয় তথাকথিত জাত-ধৰ্ম আৰু তৃতীয় লবিগিৰি, কূট-কৌশল, ষড়যন্ত্ৰ ইত্যাদি। অৰ্থনৈতিক সাম্যতা নথকা আমাৰ ভাৰতীয় সমাজত টকাই মানুহৰ সামাজিক স্থান নিৰ্ণয় কৰে, তেহেলৈ সেই টকা যেনেকৈয়ে আহৰণ কৰা নহওক কিয়। দুৰ্নীতিকাৰী, দুঃচৰিত্ৰৰ মানুহজনেও টকাৰ জোৰতেই সমাজত আগ স্থান পোৱাৰ লগতে নেতৃত্বৰ যোগ্যতাও অৰ্জন কৰে। এইক্ষেত্ৰত আমিও দোষী। কাৰণ আমি স্বাৰ্থপৰ আৰু আমাৰ বেছিভাগ কথা আৰু কামত নীতিতকৈ ব্যক্তিগত উদ্দেশ্যহে নিহিত হৈ থাকে। আৰু সেয়ে আমাৰ দৰে স্বাৰ্থপৰ মানুহেই এখন বিদ্যালয়ৰ মেনেজিং কমিটিখনৰ সভাপতিৰ বাবটোৰ বাবে সেই অঞ্চলৰ সন্মানীয় শিক্ষাবিদজনক অথবা প্ৰশাসনিক অভিজ্ঞতাৰে অভিজ্ঞ সৎ ব্যক্তিজনক আমন্ত্ৰণ জনোৱাতকৈ সেই পদৱীটো বেনামীকৈ ১০০ খন দেশী মদৰ মহল থকা ধনী ব্যৱসায়ীজনকহে উপযাচি দি ধন্য হও।

আধুনিক ভাৰতৰ এটা দৃশ্য কল্পনা কৰিবৰ মন যায়। মোৰ কল্পনাৰ সেই আধুনিক ভাৰতীয় সমাজখন হ’ব অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিহীন, শোষক আৰু শোষিত বিহীন, কূট-কৌশল বিহীন এখন যুক্তিবাদী বৈজ্ঞানিক সমাজ য’ত জাতিভেদ প্ৰথা আৰু অৰ্থনৈতিক অসমতা নাথাকিব। যিহেতু সেই সমাজত অৰ্থনৈতিক অসমতা নাথাকিব, সেয়ে সমাজত এজনৰ যোগ্য স্থান নিৰ্ণয়ৰ বাবে সেইজনৰ ওচৰত থকা ধনৰ পৰিমাণৰ সলনি তেওঁৰ বৌদ্ধিক ক্ষমতা তথা সততাক মাপ দণ্ড হিচাপে লোৱা হ’ব। যোগ্যসকলে নিজৰ বৌদ্ধিক গুণবোৰৰ সাধনা তথা চৰ্চা কৰিব আৰু প্ৰতিটো ক্ষেত্ৰৰ যোগ্যতমজনে নিজৰ বৌদ্ধিক সম্পদখিনিৰে সমাজক সেই সেই ক্ষেত্ৰত নেতৃত্ব দিব।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments