নেপালৰ বিস্ময়কৰ অভিজ্ঞতা(- ডাঃ ভূপেন্দ্ৰ শইকীয়া )

(প্ৰথম খণ্ড)

আজিলৈকে ক’তো নিলিখা অভিজ্ঞতা স্মৰণ কৰি দুআষাৰ লিখিবলৈ কি-বৰ্ডত আঙুলি বুলাব আৰম্ভ কৰিছোঁ৷ আজিৰ পৰা তিনি বছৰ আগতে নেপালৰ মেডিকেল কলেজ এখনত অধ্যাপনা কৰাৰ বাবে কামত যোগদান কৰিছিলোঁ৷ মোৰ লগত মোৰ ছোৱালীয়েও এম বি বি এচ পাঠ্যক্ৰমত নাম লিখালে৷ গুৱাহাটীৰ ভাস্কৰ ডেকা নামৰ কৰ্মচাৰী এজনে কলেজখনত বহুত বছৰৰ পৰা কাম কৰি আছিল৷ তেওঁ মই মোৰ কন্যাসহ তালৈ যোৱাৰ কথাটোত যথেষ্ট আগ্ৰহ দেখুৱাই  উৎসাহীত  কৰিলে৷ সেই প্ৰতিষ্ঠানটো আছিল নেপালৰ এখন উল্লেখযোগ্য মেডিকেল কলেজ৷তাৰ ৬০% ছাত্ৰ দেশখনৰ আৰু বাকী ৪০%  হ’ল বিদেশৰ৷ ভাৰতৰ বাহিৰে পাকিস্তান, বাংলাদেশ, মালদ্বীপ, দক্ষিণ আফ্ৰিকা আৰু আন দুই এখন  দেশৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে ইয়াত মেডিকেল পঢ়িবলৈ আহে৷ ভালেকেইটা বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমো কলেজখনত আছে৷ প্ৰিন্সিপালসহ  ভালেকেইজন অধ্যাপক হ’ল অসমৰ৷ তাৰে দুজন আছিল মোৰ নিজৰ শিক্ষাগুৰু৷ কলেজখনৰ প্ৰতিষ্ঠাপক মণ্ডলী দক্ষিণ ভাৰতৰ৷ কলেজৰ সঞ্চালক  সেই সময়ত নিজে  স্নাতকোত্তৰ ৰেডিঅ’লজি ফাইনেল বৰ্ষৰ ছাত্ৰ৷ তেওঁ সুন্দৰী এগৰাকী  মেডিকেল ছাত্ৰীক পৰীক্ষাত ফেল কৰাই দিয়াৰ ভাবুকিৰে বিয়া কৰোৱা বুলি শুনিবলৈ পাইছিলোঁ৷ তেওঁ সদায় লগত কেইজনমান চিকিউৰিটিলৈ ফুৰিছিল৷ কলেজখনৰ প্ৰসাশনীয়  ক্ষমতা ৯৯% তেওঁৰ হাতত আছিল৷ সদায় নেপালৰ ৰাজনৈতিক নেতাসকলৰ লগত তেওঁ ভাল সম্বন্ধ বৰ্তাই ৰাখিছিল৷

কলেজখনত শিক্ষা-দানৰ সা-সুবিধা, লেবৰেটৰী, যন্ত্ৰপাতি আদি পৰ্যাপ্ত পৰিমাণৰ চকুত পৰিল৷ ৰোগীৰ সংখ্যাও  বেচ ভাল৷ দেশখনৰ অশান্ত পৰিস্থিতিৰ মাজতো মুটামুটি নিয়মীয়া পাঠদান চলি থাকে৷ স্নাতক আৰু স্নাতকোত্তৰ উভয়তেই নিয়মীয়াকৈ উচ্চমানৰ চেমিনাৰ চলি থাকে৷  বেচি ভাগ ছাত্ৰ-ছাত্ৰীয়েই হোষ্টেলৰ নিবাসী৷ হোষ্টেলত চিট নাপালে কেইজনমানে মিলি মেছ কৰি থাকে৷ সৰু নগৰখনক মেডিকেল কলেজ খনে এটা সুকীয়া পৰিচয় প্ৰদান কৰিছে৷ কেম্পাচত এটা ডাঙৰ আৰু ভিতৰত ঠায়ে ঠায়ে সৰু সৰু তিৰুপতিৰ মন্দিৰ স্থাপনা কৰি থোৱা আছে৷ ৰোগীৰ পৰিয়ালৰ  মানুহ, চিকিৎসালয় আৰু কলেজৰ কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী,ডাক্তৰ আদি সকলোৱে সভক্তিৰে সেৱা জনাই  ফোঁট নিৰ্মালিলৈ নিজ নিজ কামত যায়৷

কলেজখন নেপাল মেডিকেল কাউঞ্চিলৰ ওপৰিও বিশ্বৰ কেইবাখনো মেডিকেল কাউঞ্চিলৰ মান্যতা প্ৰাপ্ত৷ নেপালৰ মাত্ৰ এখন মেডিকেল কলেজৰহে ভাৰতীয় মেডিকেল কাউঞ্চিলৰ মান্যতা আছে৷ ভাৰতীয় মেডিকেল কাউঞ্চিলে এই কলেজখনৰ স্নাতক শ্ৰেণীক মান্যতা দিবৰ বাবে জনোৱা আবেদনৰ ভিত্তিত পৰিদৰ্শনো কৰিছিল৷ কিন্তু কাউঞ্চিলৰ মুৰব্বী  ডা০ কেতন দেসাইয়ে সেই সময়ত বিনা বুজন দক্ষিণাৰে কোনো প্ৰাইভেট কলেজকে মান্যতা নিদিয়াত কথাটো তল পৰি ৰ’ল৷ এনেয়েো  ভাৰতীয় ছাত্ৰৰ বাহিৰে আন কাৰোৱেই একো অসুবিধা নহয়৷ ভাৰতৰ ছাত্ৰসকলে ইয়াৰ পৰা এম বি বি এচ পাচ কৰি ভাৰতৰ মেডিকেল কাউঞ্চিলৰ স্ক্ৰিনিং টেষ্ট দিব লাগে৷ তাত উত্তীৰ্ণ হলেহে আমাৰ দেশত চাকৰি, প্ৰেকটিচ বা পৰৱৰ্তী শিক্ষাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব৷

তিনি মাহলৈ মোক প্ৰতিশ্ৰুতি দিয়া দৰমহাৰ এটকাও কলেজখনে নিদিলে৷ আবাসৰ সুবিধাৰ নামত দুমাহ ছাত্ৰ হোষ্টেলৰ এটা কোঠা আৰু এমাহ কলেজৰ অতিথিশালাত কটালোঁ৷ নিগাজীকৈ কাম কৰাৰ মানসেৰে নিজা অগ্ৰিম ধনেৰে ঘৰ এটা ভাড়াত লৈছিলোঁ৷ কিন্তু বহুতবাৰ অনুৰোধ কৰাৰ পিছতো “আজি দিম,কালি দিম”কৈ এপদো ঘৰখনৰ আচবাব যোগাৰ নধৰিলে৷ দুপৰীয়া আৰু ৰাতিৰ সাজ ভাত হোষ্টলৰ মেছত খাইছিলোঁ৷ কলেজৰ সঞ্চালকৰ মিথ্যা প্ৰতিশ্ৰুতি শুনি শুনি মনটো টেঙাবলৈ আৰম্ভ কৰিছিল৷

এনেতে কেইদিনমানৰ বন্ধ পাই ঘৰলৈ আহিলোঁ৷ নেপালত বাচেৰে নাইবা ৰিজাৰ্ভ টেস্কিৰে যাত্ৰা কৰিব লাগে৷

ৰেল সেৱা দেশৰ কেইটামান ৰেলষ্টেচনতে সীমাবদ্ধ৷গতিকে চৰকাৰী- বেচৰকাৰী সমূহ বাচত অতিপাত ভীৰ সকলো সময়তে৷ ভিতৰত ঠিয় হবলৈও ঠাই নাইকীয়া হলে বাচৰ ওপৰত উঠি মানুহে যাত্ৰা কৰে৷ নিৰ্দিষ্ট ষ্টেচনৰ বাহিৰেও য’তেই বাটত মানুহে হাত ডাঙে তাতেই বাচ ৰখায়৷ গতিকে দূৰণিবতিয়া বাচসমূহে নিৰ্ধাৰিত সময়ত কেতিয়াও গন্তব্য স্থান নাপায়গৈ৷  নৈশ বাচসমূহত বাটত কোনো কোনো  দিন ডকাইতিৰ  ঘটনাও সংঘটিত হয়৷ নগৰখনত  বিমানবন্দৰ আছে যদিও যি কোনো  বিমান সেৱা ভায়া কাঠমাণ্ডুহৈহে  চলাচল কৰে৷ গতিকে বিমান যাত্ৰা আমাৰ বাবে কোনোমতে সুবিধাজনক নহয়৷

গুৱাহাটীৰ ঘৰৰপৰা ঘূৰি আহোতে নিউ জলপাইগুৰিৰ পৰা পোনতে নেপালৰ বৰ্ডাৰৰ নগৰ কাকৰভিটালৈ আহিলোঁ৷নৈশ বাচৰ যাত্ৰাৰ সময় বিয়লি ৪বজা যদিও  সেইদিনা আৰম্ভণিৰ পৰাই যেন কেনা লাগিছিল৷ দুঘন্টা পলমকৈ যাত্ৰা আৰম্ভ কৰি অভাৰলোড বাচখনে পঞ্চাছ কিলোমিটাৰমান আহি এটা ষ্টেচনত ৰখাই ঘোষণা কৰিলে- বাচখন আমি সলনি কৰিব লাগিব৷ এঘন্টা পৰ দিয়াৰ পিছত আমি বেলেগ এখন বাচেৰে পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ৷ মোৰ সহযাত্ৰী এজন শিক্ষিত নেপালী বয়সিয়াল ভদ্ৰলোকৰ সৈতে নানান বিষয়ৰ ওপৰত আলোচনা কৰি গৈ আছোঁ৷ তেতিয়া নেপালত ৰাজতন্ত্ৰৰ অৱসান ঘটিবৰ এবছৰৰ ওপৰকাল হৈছে মাথো৷ নেপাল  দেশখনৰ সামগ্ৰিক পৰিস্থিতি তেতিয়া মুঠেই ভাল নহয়৷ য’তে ত’তে হঠাতে ২৪ঘন্টীয়া বা ৪৮ঘন্টীয়া বন্ধ হৈ যায়৷ নেপালী  ভদ্ৰলোকজনৰ মতে ধৈৰ্য্য ধৰাৰ বাহিৰে আৰু একো উপায় নাই৷ স্বাধীনতাৰ তিনি কুৰি বছৰৰ মূৰতহে ভাৰতে আজি এক উন্নত পৰ্য্যায়ত উপনীত হব পাৰিছে আৰু নেপাল স্বাধীন হবৰ আজি দুবছৰেই হোৱা নাই, আনকি নতুন সংবিধানখনেই ৰচনা কৰি হোৱা নাই৷

মাজনিশা এটামান বজাত গাড়ীখন দুয়োফালে ঘন অৰণ্যৰ মাজত ৰখাই দিলে৷ ড্ৰাইভাৰে বাচৰ কণ্ডাক্টৰ আৰু হেণ্ডিমেনক জনালে- গাড়ীত তেল শেষ হৈছে৷ পিছফালৰ পৰা অহা গাড়ীত উঠি হাতত দুটা গেলনলৈ দুজন বাচৰ কৰ্মচাৰী তেল আনিবলৈ গ’ল৷ যাত্ৰীবিলাকে ড্ৰাইভাৰৰ গাত দোষ দি, ডকাইতৰ ভয়ৰ মাজত এঘন্টা অতিবাহিত কৰিলে৷ গেলনৰ তেল ভৰাই বাচখনে কিছুদূৰ যাত্ৰা কৰি এটা ডিপোত তেল লবলৈ সোমালে৷ ফুল টেংকী তেল ভৰোৱাৰ পিছত কমেও আধা ঘন্টা বাচৰ কৰ্মচাৰীৰ ডিপোৰ কৰ্মচাৰীৰ লগত বাক-বিতণ্ডা লাগিল-কাৰণ ডিপোৰ মিটাৰে গাড়ীৰ টেংকিৰ কেপাচিটিতকৈ কুৰি লিটাৰ বেচি তেল ভৰোৱা দেখুৱাইছিল৷ যি কোনো প্ৰকাৰে বুজাবুজি হোৱাত বাচখন চলিল৷সকলোৰে পেটত ভোকে কলমলাইছিল৷ এইবাৰ এখন লাইন হোটেলত বাচখন ৰখাই যাত্ৰীসকলক ভাত-পানী খাই লবলৈ ক’লে৷খোৱা-লোৱা হ’লত বাচখন পুনৰ চলিল৷ ইমান ঘটনাবহুল যাত্ৰাটোৱে “বোম্বে টু গোৱা” চিনেমাখনলৈ মনত পেলাই দিছিল৷ কিন্তু তেতিয়াও আমাৰ বাবে আৰু অধিক বিস্ময় ৰৈ আছিল৷ তেতিয়া আছিল গৰমৰ দিন৷ বাচখন চলিলেহে বাহিৰৰ বতাহত গৰম সহ্য কৰিব পাৰি৷ সকলো যাত্ৰীৰ এইবাৰ টোপনি আহিব আৰম্ভ হৈছিল৷ মোৰ চকুলৈ কিন্তু টোপনি নামি অহা নাছিল৷

মোৰ দৃষ্টি আৱদ্ধ আছিল সন্মুখৰ পৰা অহা যান-বাহনবোৰৰ ওপৰত৷ ভাতৰ সৈতে ড্ৰাইভাৰে গলাদ্ধ কৰা ৰঙীন পানীয়ই গোলাপী নিচা আনিব পাৰে বুলি মোৰ মনত সংশয়ে ক্ৰিয়া কৰি আছিল৷ বাচখনে অতি তীব্ৰ বেগেৰ যাত্ৰা কৰি বোধহয় লোকচান হোৱা সময়ৰ কিছু ‘মেক-আপ’ কৰিবলৈও চেষ্টা চলাইছিল৷ এনেতে দেখিলোঁ বিপৰীত দিশৰ পৰা এখন বাচ মাজ ৰাস্তাৰে তীব্ৰবেগেৰে আহি আছে৷ মুখামুখি দুয়োখন বাচে কোনেও কাকো চাইড দিব খোজা নাই৷ ফলত লাগিল বিকট শব্দ কৰি দুয়োখন বাচৰ সংঘৰ্ষ৷ আমাৰ বাচখনে পোনতে বাওঁদিশলৈ গতিকৰি ঢলংপলংকৈ আকৌ মাজলৈ আহি কোনোমতে লুটি নোখোৱাকৈ থাকিল৷ তথাপিও সেই ভগ্ন অৱস্থাৰে বাচখন চলি আছিল নিজ গন্তব্যস্থান অভিমুখে আৰু হয়তো নৰখোৱাকৈ গৈয়ে থাকিলহেতেন৷ কিন্তু বাচৰ অন্তিম ছিটৰ পৰা অহা এটা আৰ্তনাদে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে৷ “অ’হ-মই মৰিলোঁ” চিঞৰাজনক লক্ষ্য কৰিলত চকু পৰিল – সোঁফালৰ শেষ ছিটৰ মানুহজনে দুয়োটা ভৰি বাহিৰ ওলিয়াই বতাহলৈ বিপদজনকভাবে যাত্ৰা কৰি আছিল৷ তাৰ পৰিণামত দুয়োটা ভৰি আনখন বাচৰ খুন্দা লাগি ভাগিল৷ সকলোৰে দাবীত ড্ৰাইভাৰে গাড়ী ৰখাবলৈ বাধ্য হ’ল৷ আৰু অনিচ্ছা সত্বেও পুনৰ বাচখন ঘূৰাই আহত ব্যক্তিজনক চিকিৎসালয়লৈ নিবলৈ ধৰিলে৷ উভটি যাওঁতে দেখা পালোঁ সিখন বাচ ৰখাই থোৱা আছে আৰু তাৰো কেইজনমানে কিছু আঘাত পাইছে৷এইবাৰ দুয়ো ড্ৰাইভাৰৰ ভীষণ তৰ্ক লাগিল৷ দুয়োকে সৈমান কৰাই আমি যেনে তেনে চিৰিয়াচ ৰোগীজনৰ কথাকৈ বাচখন চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিলোঁ৷এটা প্ৰাথমিক চিকিৎসা কেন্দ্ৰ পালোঁগৈ৷অৱস্থা জৰাজীৰ্ণ৷ভঙা ষ্ট্ৰেচাৰেৰে ৰোগীক গাড়ীৰ পৰা নমাই কেজুৱেলিটিৰ লেতেৰা বিচনাত তুলি দিয়া হ’ল৷ডিউটিৰ ডাক্তৰক খবৰ দিবলৈ ৱাৰ্ড বয়ে ঢপলিয়ালে৷ মই নাৰ্চজনীক নিজা পৰিচয় দি এটা চেলাইন লগাই দিয়ালোঁ আৰু ওচৰৰ ফাৰ্মাচীৰ পৰা কেইটামান লাগতিয়াল বেজী কিনাই আনি লগোৱাৰ ব্যৱস্থা কৰিলোঁ৷ ডাক্তৰে আহি চাই ৰোগীক অপাৰেচনৰ আৰু তেজৰ প্ৰয়োজন হোৱা হেতুকে প্ৰাথমিক চিকিৎসা দি মেডিকেল কলেজলৈ এম্বুলেঞ্চেৰে পঠোৱাৰ ব্যৱস্থা কৰিলে৷

(দ্বিতীয় খণ্ড)

নেপালৰ বিস্ময়কৰ অভিজ্ঞতাৰ কিবা সাহিত্যিক মূল্য থাকক বা নাথাকক ই মোৰ মূৰৰ ভিতৰত কিলবিলাই থকা ভাৱবোৰ আন আগত প্ৰকাশ কৰিবলৈ পোৱাৰ এক সুযোগ বুলি মই গণ্য কৰিছোঁ৷

বুদ্ধদেৱৰ জন্মস্থান আৰু অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ এই দেশখনৰ প্ৰতি মোৰ মনত এক দূৰ্বাৰ আকৰ্ষণ সৰুকালৰ পৰাই আছিল৷ সৰুতে নেপালী চকিদাৰ আৰু গোৱাল দেখি তেওঁলোকৰ দেশখনৰ বিষয়ে জনাৰ কৌতুহল মনত ওপজিছিল৷ কিন্তু নেপাল ভ্ৰমণৰ সুযোগ পোৱা নাছিলোঁ৷ বাৰ বছৰ মানৰ আগতে গুৱাহাটীৰ ভেটাপাৰাত থকা ভন্টিজনীয়ে নিজা গাড়ীলৈ কাঠমাণ্ডু ভ্ৰমণলৈ ওলাওঁতে আমাৰ পৰিয়ালটোকো লগ ধৰিছিল৷ কিন্তু কিবা অসুবিধাৰ হেতু তেওঁলোকক লগ দিয়া নহ’ল৷ ঘূৰি আহি আমাক নিজৰ ভ্ৰমণৰ টেঙা-মিঠা অভিজ্ঞতাসমূহ জনাইছিল৷ নিজা গাড়ী লৈ গৈ খৰচান্ত হৈছিল৷ কাৰণ প্ৰতিখন নতুন নগৰত গাড়ী সোমোৱাৰ লগে লগেই নিৰ্ধাৰিতকৈ অনেক বেছি প্ৰবেশ-কৰ দিবলগীয়া হৈছিল৷ বিদেশী নম্বৰ প্লেট থকা গাড়ীক ইচ্ছামতে ধন দাবী কৰে আৰু ধন নোপোৱালৈকে বাঁহৰ  হেঙাৰডাল ডাঙি নিদিয়ে৷ এই তিক্ত  অভিজ্ঞতাই  তেওঁলোকৰ ভ্ৰমণৰ আনন্দ ভালেখিনি হ্ৰাস কৰিছিল৷

মই মোৰ কন্যা সপ্তমীৰ বাবেই পোন প্ৰথমবাৰৰ বাবে নেপাললৈ ওলালোঁ৷ হায়াৰ চেকেণ্ডৰীত ভাল নম্বৰেৰে উতীৰ্ণ হৈয়ো  যেতিয়া মেডিকেলৰ বাচনি পৰীক্ষাত নাম নুঠিল৷ তেতিয়া তাইৰ মেডিকেল পঢ়াৰ ইচ্ছাক পূৰণ কৰাৰ দায়িত্ব-বোধলৈ কলেজৰ সন্ধানত ওলালোঁ৷ অসমৰ বাতৰি কাকতত বিজ্ঞাপন দেখিলোঁ ভাৰতৰ সীমান্তবৰ্তী নেপালৰ এক চহৰত মেডিকেল কাউঞ্চিলৰ মান্যতা প্ৰাপ্ত এখন মেডিকেল কলেজ খুলিছে৷ গুৱাহাটীৰ  এজেন্টৰ ওচৰত কলেজৰ প্ৰচপেক্টাচো চাইছিলোঁ৷ নিজ চকুৰে কলেজখন চাই এজেন্টৰ সহায় নোলোৱাকৈ নিজা উদ্যমেৰে নামভৰ্তিৰ কথা মনতে পাঙিলোঁ৷

অবধ আসাম ৰেলেৰে গুৱাহাটীৰ পৰা গোৰখপুৰলৈ আহিঁলোঁ৷ গোৰখপুৰৰ পৰা ৩ ঘন্টাৰ বাচ যাত্ৰা কৰি ভাৰতৰ সীমান্তৰ চহৰ চুনৌলি পালোঁগৈ৷ নেপালৰ আদৰণি তোৰণ পাৰহৈ প্ৰৱেশ কৰিলোঁ ভৈৰৱা নামৰ চহৰত৷ সীমাৰপৰা ৫কিলোমিটাৰ দূৰত্বত থকা কলেজখনলৈ ৰিক্সাৰে যাত্ৰা আৰম্ভ কৰিলোঁ৷ ৰিক্সাখন গাঁৱৰ ধাননি পথাৰৰ মাজেৰে কেতিয়াবা পকা, কেতিয়াবা কেঁচা ৰাস্তাৰে আগবাঢ়িল৷ ৰিক্সাৱালাই অহৰ্নিশ মোৰ সৈতে কথা পাতি গৈছিল৷ কথাই কৈ গৈ আছিল৷ মাজে মাজে মই দুই এটা প্ৰশ্ন সোধো৷ বিৰক্তি মুঠেই লগা নাছিল৷ মেডিকেল কলেজখনৰ বিষয়ে ৰিক্সাৱালাজনৰ ধাৰণা ভাল নহয় বুলি গম পাইছিলোঁ৷ তেওঁৰ মতে মেডিকেল কলেজতকৈ ভাল চিকিৎসা তাৰ নাৰ্চিংহ’মখনতেই হয়৷ কলেজৰ প্ৰৱেশদ্বাৰে দি সোমাই দুমহলীয়া কলেজ আৰু চিকিৎসালয়ৰ মূলভৱনত প্ৰৱেশ কৰিলোঁ৷ওচৰতে নতুন চাৰিমহলীয়া এটা বিল্ডিংঙৰ নিৰ্মাণ কাৰ্য্য চলি আছে৷ওচৰতে কেইটামান সৰু সৰু ঘৰ৷ দেখা পোৱা দূৰত্বত দুমহলীয়া হোষ্টেল৷ কেম্পাচৰ বাহিৰত কেইখনমান ফাৰ্মাচী, চাহ-ভাতৰ হোটেল, পিচিঅ’, জেৰস্ক আৰু ষ্টেচনাৰীৰ দোকান, ৰিক্সা আৰু অটোৰ ষ্টেণ্ড৷ কলেজৰ মূলভৱনত তলৰ মহলাত কেজুৱেলিটি আৰু বহিৰ্বিভাগ৷ ৰোগীৰ উপস্থিতি তেনেই সেৰেঙা৷ ওপৰ মহলাত অধ্যক্ষৰ কোঠা,লাইব্ৰেৰী আৰু অফিচ৷ অধ্যক্ষ তেতিয়ালৈ আহি নোপোৱাত তেওঁৰ সহায়কৰ পৰা খা-খবৰলৈ জানিলোঁ -কলেজখন নেপাল মেডিকেল কাউঞ্চিলৰ মান্যতা প্ৰাপ্ত৷ তেতিয়ালৈ এটা বেটচ্ এম বি বি এচ পাচহৈ ওলাইছে৷ অসমৰ কোনো ছাত্ৰ বা শিক্ষক কলেজখনত নাই৷ অধ্যক্ষ আহিলত তেওঁক লগ ধৰি মোৰ আগমনৰ উদ্দেশ্য জনাই কলেজখনে ভাৰতীয় মেডিকেল কাউঞ্চিলৰ মান্যতা পাইছে নেকি বুলি পোনপতিয়াকৈ প্ৰশ্ন সোধাত তেওঁ অস্বীকাৰ কৰিলে৷ তেতিয়া মই তেওঁক জনালোঁ – আসাম ট্ৰিবিউন আৰু অইন কেইখনমান বাতৰি কাকতত কলেজখনৰ ভাৰতীয় মেডিকেল কাউঞ্চিলৰ মান্যতা থকা বুলি বিজ্ঞাপন ওলাইছে৷ অধ্যক্ষই জনালে – সেয়া আমি নিয়োগ কৰা এজেন্ট নহয়৷

কলেজখনৰ পুতৌ লগা অৱস্থাই নিৰাশ কৰিলে৷ আমাৰ বহুতবোৰ চিভিল হস্পিতেল ইয়াতকৈ উন্নত মানৰ৷ ডাক্তৰী পঢ়াসকলে কি শিকিব ইয়াত ?  ইয়াৰ পৰা ডাক্তৰ হৈ ওলালেও ভাৰতৰ মেডিকেল কাউঞ্চিলৰ স্ক্ৰিনিং টেষ্টত উত্তীৰ্ণ হোৱাটো অসম্ভৱ হব৷ ভাগ্যে এজেন্টৰ কথাতে ভৰষা কৰি ঘৰতে বহি এডমিচন লোৱাৰ কথা চিন্তা নকৰিলোঁ৷ কলেজৰ নতুন প্ৰচপেক্টাচ এখন কিনি তাৰ পৰা বিদায় ললোঁ৷ প্ৰচপেক্টাচত ক’তোৱেই ভাৰতীয় মেডিকেল কাউঞ্চিলৰ মান্যতা বা পৰিদৰ্শনৰ কথা উল্লেখ কৰা নাই৷

পাঠকৰ ধৈৰ্য্যচ্যুতি ঘটাৰ আগতে দূৰ্ঘটনাগ্ৰস্ত বাচৰ কাহিনীলৈ পুনৰ ওভটি আহোঁ৷ নিজে কন্যাসহ ইমান ডাঙৰ দূৰ্ঘটনা এটাৰ মুখামুখি হৈয়ো দৈৱক্ৰমে নমৰাকৈ যে বাচিলোঁ সেই বিষয়ে চিন্তা কৰাৰ অবকাশেই পোৱা নাছিলোঁ৷ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আনখন বাচো যাত্ৰীসহ আহিল৷ আহতলোকসকলে প্ৰাথমিক চিকিৎসা লৈ থাকোতে দুইখন বাচৰ কৰ্মচাৰীৰ মাজত ‘কাৰ দোষ’ তাকলৈ পুনৰ তৰ্কাতৰ্কি আৰম্ভ হ’ল৷ তেনেতে নেপাল পুলিচৰ পেট্ৰলিং গাড়ী আহি দুয়োখন গাড়ীক থানালৈ নিবলৈ নিৰ্দেশ দিলে৷ থানাৰ বাহিৰত যাত্ৰীসহ দুয়োখন বাচ আহি যেতিয়া ৰখায়হি তেতিয়া নিশাৰ আন্ধাৰে মেলানি মাঙিব ধৰিছে৷ আমি কেইজনমানে থানাৰ দায়িত্বত থকা পুলিচ বিষয়াক সোধা-পোচা শেষ কৰি আমাক যাবলৈ দিবলৈ অনুৰোধ জনালোঁ৷ তেওঁ কিন্তু নাচোৰবোন্দা – আমাক কোনোপধ্যেই যাব দিব নোৱাৰি, কাৰণ গাড়ীৰ ৰেজিষ্ট্ৰেচন,বাচৰ পাৰমিট, ড্ৰাইভাৰৰ লাইচেঞ্চ একোৱেই ঠিক-ঠাক নহয়৷ আমাৰ বাচখনত অন্তত: এক তৃতীয়াংশ মহিলা আৰু বৃদ্ধ আছিল৷ ৯টা বজাত থানাৰ অ’চি আহিল৷গাড়ীৰ মালিকৰ লগত ফোনেৰে কিবাকিবি আলোচনা হোৱাৰ পিছত দহ বজাত বাচখন যাবলৈ দিলে৷ ১১বজাত বাচখন এখন হোটলত ৰখাই দিলত আমি মুখ-হাত ধুই কিছু চাহ-জলপান খাই সতেজ হলোঁ৷এইবাৰ ‘নন-ষ্টপ’ যাত্ৰা আৰম্ভ কৰি সন্ধিয়া ৬বজাত নিৰ্ধাৰিত সময়তকৈ সম্পূৰ্ণ ১২ঘন্টা পলমকৈ বাচখন গন্তব্য স্থান পোৱাত আমি যাত্ৰীসকলে এক স্বস্তিৰ নিশ্বাস কাঢ়িলোঁ৷ থানাত ৰৈ থকা সময়খিনিত দূৰ্ঘটনাগ্ৰস্ত বাচৰ দুয়োখন বাচৰ যাত্ৰীসকলৰ ধৈৰ্য্য দেখি মই বিচূৰ্তি খাইছিলোঁ- সঁচাই নেপালীসকল কষ্টসহিষ্ণু আৰু ধৈৰ্য্য ধৰিব পৰা জাতি৷

ইয়াৰ পাচৰ কাহিনীখিনি চমু৷কলেজত ছাত্ৰ আৰু সহকৰ্মীসকলৰ আদৰ থকা সত্বেও লাহে লাহে কলেজৰ ‘ডন’ টাইপ সঞ্চালকৰ মোৰ প্ৰতি উদাসীন মনোভাৱ মোৰ বেচিকৈ অসহ্য লাগি আহিবলৈ ধৰিলে৷ তেনেতে আৰু এটা ঘটনা ঘটিল৷ সেইবাৰ ভাৰতীয় মেডিকেল কাউঞ্চিলৰ স্ক্ৰিনিং পৰীক্ষাৰ ফলাফল ওলাল – সেইখন কলেজৰ ৭০ জনৰ ৯জনহে উত্তীৰ্ণ হৈছে৷ আমাৰ আৰু সিদ্ধান্ত লবলৈ সময় নালাগিল -আৰু পলম নকৰি ঘৰমুৱা হোৱাই শ্ৰেয় হব!

এটা বছৰ ক্ষতি কৰি সপ্তমীয়ে হায়দৰাবাদত মেডিকেল পঢ়িবৰ আজি দুটা বছৰ সুকলমে পাৰ হ’ল৷ আৰু মই ?  পোনতে আবু ধাবিত, পিছত ড’হাত মেডিচিনৰ বিশেষজ্ঞ হিচাবে কৰ্মৰত হলোঁ৷ অধ্যাপনা কৰিবলৈ নোপোৱাৰ দুখ এটা মনত চিৰদিনলৈ থাকি গ’ল অৱশ্যে!

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments