নেপায় ক’ব – ঊষামণি কাকতি

ৰাতিপুৱাৰে পৰা মাদাৰ ইণ্ডিয়াৰ গাত আজি ত’ত নাই৷ শুই উঠি চাহকাপ হাতত লৈয়ে মিনতি খুড়ীলৈ ফোন লগোৱাৰ পৰাই আৰম্ভ৷ পাকঘৰত চুজি ভজাৰ হেতাৰ সমানে সমানে ফ’নত ইটো-সিটো কথাৰ ঘুটুঙ-টুঙ…

: ওলামেই আৰু অলপ পাছতে৷ কি পিন্ধিবা…এস নীলাযোৰ নিপিন্ধো বুজিছা৷ সেইযোৰ নলেশ্বৰৰ জীয়েকৰ বিয়াত পিন্ধিছিলো নহয়! কেলে তুমিয়ে কৈছিলা দেখোন বোলে নবৌয়ে যে আৰু পায়, মুনমুনৰ শান্তি বিয়াত পিন্ধা কাপোৰযোৰকে পিন্ধি আহিব লাগে নে বাৰু!

সেইটো ফোনেৰে আৰম্ভ যে হ’ল তাৰ পাছত নেপায় ক’ব আপোনাক কৈছো নহয় কি যে আয়োজন! ন বজাত ৰাতিপুৱাৰ জলপান চাহ-চুজি৷ সমানে সমানে দেতাক পুৰা হাই ভলটেজ গালি…

: পেডাকেয়াৰটো কৰিম বুলি ভাবিছিলো পাই পইচা এটা সৰি নপৰে এইচবৰ হাতৰ পৰা৷ ৰাতিপুৱা-গধূলি এই বান্দীয়ে হ’লে ঠিকমতেই যোগাৰ দি থাকিব লাগে চাহ- ভাতৰ থালি৷

নিজৰ ভাগৰ চুজিৰ বাতিটো শেষ মুখৰ গালিও শেষ কৰি গুচি গ’ল ৰাজধানী এক্সপ্ৰেচ যোৱা দি৷ দেতাই চুজি এচামোচ মুখলৈ নি মোক সুধিলে…

– মাজনী, পেডাকেয়াৰ কি!

ময়ো ফুচফুচায় বুলিলো…: নেপায় ক’ব, আপোনাক কৈছো নহয়, পেডাকেয়াৰ নহয় অ’ পেডিকিউৰ-মেনিকিউৰ৷ মানে পাৰ্লাৰত হাত-ভৰি খচি-খচি ধুলায়৷

ৰাতিপুৱাৰ পৰ্ব সিমানতে শেষ৷ এঘাৰ বাজিলেই নহয় সিফালে৷ কাণত ফোনটো লগাই মাদাৰ ইণ্ডিয়াই নেমুটেঙা মাৰি আছে দুইভৰিৰ আৰু ফাট নেমেলিবা বসুমতী গোৰোহাত৷ ফোনত সিপাৰে এইবাৰ তগৰ মাহী৷ এইপাৰৰ পৰা মাদাৰ ইণ্ডিয়াই বোলে হিয়া উবুৰিয়াই…

: শ্লিভলেচকে পিন্ধো নেকি! যিমান হে গেলা গৰম৷ তই সেই নতুন ডিজাইনৰ যোৰেই পিন্ধিবি দেই৷

কথা শুনি ময়ো হাঁহিলো খেকখেক৷ নেপায় ক’ব একদম বান্দৰে মৰা হাঁহি দাঁত-মুখ মেলি৷ দুপৰীয়া ভাতো আহিল ডাইনিঙ টেবুললৈ একবজাত একদম ৰাজধানী এক্সপ্ৰেছ৷ উঠিলে উঠিবি নিচিনাকে খালে খাবি নেখালে নাই সুৰত ঝকঝক…ঝকঝক৷ দাইলত দিয়া আলুকিটাও নিজেই পিটিকি খা৷ ভাত-দাইল আৰু নেপায় ক’ব নিজে পিটিকি খোৱা আলু পিটিকা৷ খাই থাকোতে ভাত বাৰী সীমাৰ জেওৰাখনত ধৰি বন্তি খুড়ীৰ বাজে সুৰীয়া মাত…

“নবৌ হ’ল নে! মই হ’লে ওলালো দেই৷”
ওলালো বুলি কোৱা বন্তি খুড়ীৰ নেপায় ক’ব আপোনাক কৈছো আৰু তিনিঘণ্টা৷ খুড়ীৰ ওলালো আৰু শুনি ৰেলগাড়ী আৰু খৰধৰ৷ খোৱাৰ পাততে বুলিলে মোক…

: মাজনীয়ে ভাত খায়ে গিফ্ট পেপাৰ দি পেকিঙ কৰিবি৷ ভালকে কৰিবি তলৰফালটো৷ বুবুলৰ বিয়াত চিচাৰ গিলাচৰ চেটটো যিখন হে পেকিঙ কৰিলি৷ একদম সোলোক-ঢোলোক৷ মই আকৌ পিকুৰ দোকানত সোমাই বন্ধাই নিব লগা হ’ল সেইদিনা৷

আদেশ শিৰোধায্য গ্ৰহণ কৰি মই মূৰ দুপিয়াই থকা দেখি দেতাই থাকিল ভেবা লাগি চায়৷ তাকে দেখি দেতায়ো পালে এজাউৰি…

: মুখলে কি চাই আছে তাইৰ৷ আপুনি বাচনখিনি ধুই পেলাব’ একেহাতে৷

যথাসময়ত মোৰো হৈ গ’ল আই লভ ইউ …আই লভ ইউ লেখা গিফ্ট পেপাৰৰ পেকিঙ পৰ্ব৷ ইফালে শোৱা ৰুমৰ পৰা মাদাৰ ইণ্ডিয়াৰ চিঞৰ…

: হ’ল যদি চেণ্ডেলযোৰ চাফা কৰ’৷

ময়ো মুৰুখমতিয়ে সুধিলো উভতি -কোন যোৰ কৰিম?
নেপায় ক’ব আপোনাক কৈছো আৰু ৰাজধানী এক্সপ্ৰেছ অহা দি উৰি আহিল উকি মাৰি…

: বাপেৰে আজিলৈকে চেণ্ডেল এযোৰ দি পোৱা নাই৷ জীয়েকে সুধিবলে আহে কোনযোৰ চাফা কৰিম৷

এইফালে মই সাতযোৰৰ ভিতৰত কোনযোৰ চেণ্ডেল মচিম বুলি ভাবি পাৰ পোৱা নাই৷ চেণ্ডেল মচা পৰ্ব শেষ হ’ল কি নহ’ল আকৌ মাদাৰ ইণ্ডিয়াৰ পৰিল ডাক…

: মাজনী এইফালে আহ৷

জীয়েকে মাতিলে অহা চিলনীজনীৰ দৰে ময়ো উৰি আহি বিছনাৰ কাপোৰৰ দমতে পৰিলো ডাইৰেক্ট৷ কোনযোৰ পিন্ধিব ঠিক কৰিব পৰা নাই৷ দহযোৰ উলিয়াই মাদাৰ ইণ্ডিয়াই কৰি আছে অলৌ গুটি তলৌ গুটি …

: নতুন টচ মুগাৰযোৰকে পিন্ধো নেকি! … নে বগাযোৰকে লগাব পাৰি পিছে৷

নেপায় ক’ব, বিছনাখনতে পেট পেলাই ময়ো আলেখ লেখ চাই আছো৷ কাপোৰৰ নিৰ্বাচন পৰ্ব চলি থাকোতে দেতাই ভুমুকিয়াই কৈ গ’ল…

: বন্তি খুড়ীয়ে আকৌ চিঞৰলে দেই৷ আমাৰেই ভাল পটলুঙটোৰ লগত চোলা এটা হ’লেই হ’ল৷

নেপায় ক’ব দেতাৰ পাছৰ কথাখিনি শুনা হ’লে আপোনাক কৈছো আজি ঘৰত হ’লহেতেন কুৰুক্ষেত্ৰ৷ মাদাৰ ইণ্ডিয়া বাজিলেহেতেন…ই যে অগ্নি বীণাৰ তান৷ নহ’লে বাজক ডবা বাজক শংখ বাজক মৃদঙ্গ খোল৷ দেতাৰ কথাৰ ভলিউমটো কম আছিল বাবে নেবাজিল একো এপদ বাদ্য৷

বাদ্য নেবাজিলেও বাজিল ফোন৷ ৰুণী জেঠাইৰ৷ ৰাজধানী এক্সপ্ৰেছৰ ধৰিবলে সময় নাই৷ গতিকে ফনটো ধৰিলো মই৷ সিফালে জেঠাইৰ মুখত অবিৰাম কলকল কলকল…

: কেতিয়া যাবা উষাৰ মাক৷ শুনিছো সেইটো চুকৰ মানুহ নাহে এতিয়াই৷ সেইমখা খোৱাৰ ভূত৷ চাবা একদম খাবৰ টাইমত দিবগে ওলায়৷ মই যে কি পিন্ধো জানো পায়! সেউজীয়া ফুলৰ কাপোৰ এযোৰ জোৱায়ে দিছিল সেইদিনা৷ দৰমহা বাঢ়িল নহয় তাৰ৷ হে…হে…হে শাহুৱেকক কাপোৰ দিলে উপহাৰ৷ তাকে পিন্ধিম নেকি! তুমি কি পিন্ধিবা৷

কথা শুনি ময়ো বোলো জেঠাই মই হে মই৷ জেঠায়েও বোলে তই হে নেকি তই৷ তোক পালো ভালেই হ’ল দে৷ কাম এটা আছিল তোৰ লগত৷ ফোনত নোৱাৰি ক’ব৷ মই তহঁতৰ ঘৰলেকে গৈ আছো ৰ’৷

ৰুণী জেঠাই, বন্তি খুড়ী, মিনতী খুড়ী, তগৰ মাহীহঁত এজনী এজনীকে আহে মানে মাদাৰ ইণ্ডিয়া আইনাৰ আগত প্ৰসাধন পৰ্ব প্ৰায় শেষ৷ ফিনিচিঙ টাষ্ট বুলি পিঠিৰ ওলাই থকা অংশত ডৰ্মিকুল পাউদাৰ চটিয়ালে এজেবা৷ ৰঙা লিপষ্টিপকণ মোহাৰি পাতল গোলপীয়া অকণো লগাই ল’লে৷ তাৰ পাছতে সাজ-পোচাক পৰিধান পৰ্বত নামিল৷ ইস্ত্ৰি কৰি থোৱা তিনিযোৰৰ ভিতৰত শেষ নিৰ্বাচনত জিকিল যোৱা বহাগ বিহুত দেতাই দিয়া টচ মুগাৰৰ কাপোৰযোৰ৷

ৰাতিপুৱা চাহকাপ খাই থাকোতে ওলামেই আৰু বোলা মাদাৰ ইণ্ডিয়াৰ ওলাই হ’ল আবেলি চাৰিবজাত৷ নেপায় ক’ব আবেলিৰ চাহকাপ ভালকে খোৱাৰ সময়তহে হ’ল আৰু কোনোমতে৷ চাহকাপ খায়ে মাহী, পেহী, খুড়ীহঁতৰ লগতে মাদাৰ ইণ্ডিয়াৰো মোক তা…তা…বাই…বাই পৰ্ব৷

: মাৰহঁতে কাৰ ঘৰত বিয়া খাবলে গৈছে’ অ’ ইমান সাজি-কাচি

… আটাইকিজনী নঙলামুখ পাৰ হোৱাৰ পাছতে দেতাই সুধিলে মোক৷ ময়ো বোলো নেপায় ক’ব আপোনাক কৈছো আৰু বিয়া খাবলৈ যোৱা নাই নহয়৷ সিটো চুকত কিবা পৰিৱেশ দিৱসৰ প্ৰগেম পাতিছে আজি৷ ৰাস্তা কিনাৰত গছপুলি ৰোৱ বোলে৷ গছপুলি পেকিঙ কৰি নিয়া দেখা নাই নেকি হাতে হাতে৷ কথা শুনি দেতাই মূৰতে সৰগ ভাঙিল …

: মাৰে কি গছৰ পুলি ৰুবলৈ নিলে হয়!

ময়ো বোলো নেপায় ক’ব কালি গৈছিল নাৰ্চাৰীলে গছপুলি বিচাৰি৷ হাতীৰ সমান দাম বোলে সাঁচি, নাহৰৰ৷ নেপায় ক’বলে আপোনাক কৈছো আৰু এতিয়া ঘৰৰে বাৰী ঢাপত কিবা নাম নজনা গছৰ পুলিকে এটাকে গুৰিটোত মাটি অকণৰে সৈতে পেকিঙ কৰাই লৈ গৈছে৷ কাইলেৰ পৰাটো সেইটো পুলি কোনেও বাচিলে নে মৰিলে নেচায় বোলে৷ দেতাই বোলে, “হ’ব দে, নেপায় ক’ব যদি নক’বি আৰু নুশুনো!”

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক