নৈঃশব্দ্যত অনামী আতংক ( গৌতম কাশ্যপ )

অৱশেষত বিবাহৰ দহ বছৰৰ পিছত আমি এটা সন্তান তুলি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সন্তানহীনতাৰ বেদনা কি সেয়া কেৱল এহাল সন্তানহীন দম্পতীয়েহে অনুভৱ কৰিব পাৰে। আৰু হঠাৎ এদিন এখন অনাথ আশ্ৰমত কোনোবাই এমহীয়া এটি শিশু এৰি যোৱাৰ খবৰ পালোঁ। নীৰু আৰু মই দেৰি নকৰিলোঁ। ন্যায়িকভাৱে কেঁচুৱাটিক নিজৰ সন্তান হিচাপে গ্ৰহণ কৰিলোঁ।

সন্তানটিক পাই নীৰু আনন্দত আত্মহাৰা হৈ পৰিল। তাইৰ মুখৰ পৰা হেৰাই যোৱা হাঁহিটো যেন ঘূৰি আহিল। মাতৃত্বৰ সুখৰ পৰা বঞ্চিত হৈ পৰাৰ বেদনাই নীৰুক জৰ্জৰিত কৰি তুলিছিল। কিছু বছৰৰ আগত তাই দুৰ্ঘটনাত পৰি পেটত থকা সন্তানটিৰ লগতে গৰ্ভধাৰণ কৰাৰ ক্ষমতাও হেৰুৱাই পেলাইছিল। তাৰ পিছৰে পৰা যেন নীৰুজনী সলনি হৈ পৰিছিল। খোৱা-শোৱাৰ প্ৰতি ধ্যান নিদিয়া হৈছিল। লাহে লাহে শুকাই-খীণাই যাবলৈ লৈছিল। মানুহক মাত-বোল নকৰা হৈ পৰিছিল। সদায় আমনজিমনকৈ দিনৰ দিনটো ঘৰৰ বাৰাণ্ডাৰ এচুকত বহি সময়বোৰ পাৰ কৰিছিল। অৱশেষত এজন চাইকিয়াকট্ৰিষ্টৰ লগত আলোচনা কৰিবলৈ বাধ্য হৈ পৰিছিলোঁ আমি। বহু চিকিৎসাৰ পিছতো কিন্তু নীৰুৰ মানসিক অৱস্থাৰ কোনো পৰিবৰ্তন নহ’ল। শেষত তেখেতে পৰামৰ্শ দিছিল এটি শিশুক এডপ্ট কৰিবলৈ আৰু ঘোষণা কৰিছিল যে নীৰুৰ মানসিক অৱস্থাৰ আৰু অধিক অৱনতি নোহোৱাকৈ ৰখাৰ এয়াই আছিল একমাত্ৰ উপায়।

নিবিড়!!! নীৰুৰ ইচ্ছামতেই নামকৰণ কৰা হ’ল। তাইৰ প্ৰিয় নাম এইটো। ময়ো ভাল পালোঁ নামটো। সাগৰৰ দৰে নীলা কণমানি দুটি চকু, দুখন সৰু সৰু হাতত নিচেই অকণমান অকণমান দহটি আঙুলি। হাতীৰ কুমৰ দৰে এখন বহল কপাল আৰু একোছা ঘন চুলিৰে আমাৰ মৰমৰ নিবিড়। তাৰ আগমনে ঘৰখনলৈ সুখৰ এক বন্যা নমাই আনিলে। আত্মীয়-স্বজন আহিল নিবিড়ক চাবলৈ। সকলোৱেই স্বীকাৰ কৰিলে যে নিবিড়ৰ যথেষ্ট সাদৃশ্য আছে মোৰ স’তে। মোৰ মন ভৰি পৰিল। ঘৰখন জুনুকা, খেলনা আদিৰে ভৰি পৰিল। কেঁচুৱাৰ কান্দোন আৰু কলকলনিয়ে আমাৰ জীৱনটোক পূৰ্ণ কৰি তুলিলে।

নিবিড়ৰ আগমনে আমাৰ দায়িত্বও বৃদ্ধি কৰিলে। বিশেষকৈ ৰান্ধনীশাল আৰু মাজে-সময়ে নিবিড়ৰ ডায়েপাৰ সলনি কৰা কামফেৰা মোৰ ভাগত পৰিল। নীৰুৱে প্ৰায় সকলো সময় নিবিড়ৰ স’তেই পাৰ কৰিছিল। খোওৱা-বোওৱা, গা ধুৱাই দিয়াৰ পৰা আৰম্ভ কৰি গান গাই শুৱাই থোৱালৈকে সকলো নীৰুৱে কৰিছিল। তাইৰ স্বাস্থ্যলৈয়ো লাহে লাহে পৰিবৰ্তন আহিবলৈ ল’লে।

নিবিড়ক ঘৰলৈ অনা প্ৰায় এমাহ হৈ গৈছিল। সেইসময়ত মই পাকঘৰত দাইল তেল মৰাত ব্যস্ত। এনেতে নীৰু উধাতু খাই পাকঘৰলৈ সোমাই আহিল। চকুৱে-মুখে আতংকৰ চিন স্পষ্ট।

“কি হৈছে নীৰু?” মই চিন্তিত হৈ পৰিলোঁ।

“মাইনাৰ কিবা এটা হৈছে, চোৱাহিচোন!” কন্দোনমুৱা হৈ নীৰুৱে ক’লে।

কেৰাহীত তেলত দিয়া পিঁয়াজ-নহৰু তেনেকৈয়ে এৰি দৌৰ মাৰিলোঁ নিবিড়ৰ কাষলৈ।
কেঁচুৱাৰ বাবে সজোৱা সৰু বেৰা থকা বিচনাখনত ওপৰলৈ চাই হাত-ভৰি আঁচাৰি খেলি আছিল সি। কোলাত তুলি ল’লোঁ তাক। নীৰু দুৱাৰ মুখত। চকুৱে-মুখে এতিয়াও ভয়ৰ চিন।

“মাইনা চোন ঠিকেই আছে! বৰ ভয় খুৱালা দেই!” মই কৈ উঠিলোঁ।

“তাৰ কিবা হৈছে। সি কথা কৈছে।” কঁপা কঁপা মাতেৰে নীৰুৱে কৈ উঠিল।

“ধেই! তুমি এনেয়ে কিবা শুনা পালা চাগে’। মাত ফুটিবৰ হোৱা নাই আমাৰ মাইনাৰ।” মই ক’লোঁ।

নীৰুক পতিয়ন যোৱা যেন নালাগিল।

“বাৰু কি বুলি মাতিছিল মাইনাই? মা বুলি?” তাইক ভাল লগাবলৈ বুলি সুধিলোঁ।

“তেজখাঁতী বুলি” নীৰু উচুপি উঠিল।

নিবিড়ৰ মুখলৈ এবাৰ চালোঁ। আৰু হাঁহি ৰখাব নোৱাৰিলোঁ। মোৰ হাঁহিৰ শব্দত ভয় খাই নিবিড়ে কান্দিবলৈ আৰম্ভ কৰিলে। নীৰুৰ উচুপনি খঙলৈ পৰিবৰ্তন হ’ল। জোৰেৰে দুৱাৰখন জপাই তাই আঁতৰি গ’ল। কিবা পোৰা পোৰা গোন্ধ পাইহে মোৰ মনত পৰিল পাকঘৰত কেৰাহীত গৰম তেলত পিঁয়াজ-নহৰু এৰি অহাৰ কথা। নিবিড়ক কোলাত লৈয়ে দৌৰ মাৰিলোঁ পাকঘৰলৈ।

দুদিনৰ পিছত আকৌ সেই একেই ঘটনাৰ পুনৰাবৃত্তি ঘটিল। এইবাৰ নিবিড়ে শাখিনী বুলি কোৱা শুনা পালে নীৰুৱে। হাজাৰ বুজাই-বঢ়ায়ো তাইক সৈমান কৰাব নোৱাৰিলোঁ যে এয়া তাইৰ মনৰ ভ্ৰম। এনেকৈ কেইবাদিনো তাই কিবা কিবি শুনিবলৈ ল’লে। নীৰুক সুখী কৰিবলৈয়ে এদিন এজন বেজ মতাই আনিলোঁ। বেজে দিয়া তাবিজ-মাদুলী নিবিড়ৰ ডিঙিত, কঁকালত বান্ধি দিয়া হ’ল। বেজজনে ঘোষণা কৰিলে যে আমাৰ জন্মৰ আগতেই মৃত্যু হোৱা সন্তানৰ আত্মাই নিবিড়ক আমনি কৰিছে। বেজজনৰ কথা মতেই পূজা পাতল কৰা হ’ল, কেৱল নীৰুক সুখী কৰিবলৈ। ইমানবোৰ কৰাৰ পিছতো নীৰুৰ মনৰ পৰা শংকা নাতৰিল। নিবিড়ে অদ্ভুত অদ্ভুত শব্দ কৰা শুনিবলৈ ধৰিলে প্ৰতিদিনেই তাই। খোৱা-শোৱা বাদ দিবলৈ ল’লে তাই। লাহে লাহে নিবিড়ৰ কাষলৈয়ো নহা হ’ল। পুনৰ চাইকিয়াকট্ৰিষ্টৰ কাষ চাপিবলৈ বাধ্য হৈ পৰিলোঁ। তেখেতে নীৰুৰ মানসিক অৱস্থাৰ গভীৰতা প্ৰকাশ কৰিলে।

চাইকিয়াকট্ৰষ্টজনে আৰু যিটোৰ শংকা কৰিছিল এদিন সেয়াই ঘটিল। মই অফিছত থকাৰ সময়ত কাম কৰা ছোৱালীজনীয়ে নীৰুক উদ্ধাৰ কৰিলে চিলিং ফেনখনত ওলমি থকা অৱস্থাত।

নীৰুৰ শেষকৃত্য হৈ গ’ল। পুলিছে মোক, কামকৰা ছোৱালীজনীক আৰু চুবুৰীয়াকেইজনমানক সোধা-পোছা কৰিলে ।

নিবিড়ৰ কোঠাত থকা চিচিটিভি কেমেৰাটোৰ বাবে বৰকৈ পকাই পকাই প্ৰশ্ন কৰিছিল বুঢ়া পেটুৱা অ’চিজনে।

নীৰুৰ মানসিক অৱস্থা বেয়া আছিল। কেঁচুৱাটিৰ লালন-পালন যোৱা কিছুদিনৰ পৰা ময়ে কৰিছিলোঁ। অফিছত থকা সময়কণত কাম কৰা ছোৱালীজনীয়েই চাইছিল তাক। সকলো সময়তে কেঁচুৱাটিৰ লগত লাগি থাকিব নোৱাৰো বাবেই কেমেৰাটো ফিট কৰি লৈছিলোঁ। যাতে অফিছৰ কম্পিউটাৰ আৰু মোৰ মোবাইলৰ পৰাই মনিটৰ কৰিব পাৰোঁ। অ’চিজন মোৰ কথাত পতিয়ন গৈছিল। চাইকিয়াকট্ৰিষ্টজনেও নীৰুৰ মানসিক অৱস্থা কেনে আছিল তাৰ এক প্ৰতিবেদন পুলিছক দিলে। আত্মহত্যাৰ কেছ বুলি পুলিছে ফাইল সামৰিলে।

এজন এজন কৈ আত্মীয়বোৰ গুচি গ’ল। ঘৰখনত যেন এক শূন্যতা বিৰাজমান হ’ল! প্ৰকৃততে সেই শূন্যতাক যথেষ্ট উপভোগ কৰিলোঁ।

মোবাইলত অনামিকাৰ নাম্বাৰটো ডায়েল কৰিলোঁ। আস! কিমান দিন যে তাই নিজৰ সন্তানটিৰ মুখ দেখাৰ পৰা বঞ্চিত হৈ আছে! কিমান দিনৰ পৰা যে নিবিড় নিজৰ মাকৰ কোলাত উঠাৰ পৰা বঞ্চিত হৈ আছে!

এটি এটি কৈ কথাবোৰ দৃষ্টিপটত ভাঁহি আহিল। নীৰুক সঁচাকৈয়ে এক বোজা যেন লগা হৈ পৰিছিল। তাইৰ বলিয়ালিবোৰে লাহে লাহে মোক অতীষ্ঠ কৰি তুলিছিল। সন্তান এটিৰ পিতৃ হোৱাৰ বাসনাই মোক উন্মাদ কৰি তুলিছিল। তেনেতে মোৰ জীৱনলৈ আহিছিল অনামিকা। আমাৰ প্ৰেমৰ চিহ্ন হিচাপে তাইৰ গৰ্ভত নিবিড়ে থিতাপি লৈছিল।

তাৰ পিছৰে পৰা মোৰ পৰিকল্পনা আৰম্ভ হৈছিল। অনামিকাই মোৰ কথা মতেই নিবিড়ক আশ্ৰমত এৰি আহিছিল। হঠাৎ মোৰ অনামিকালৈ বহুত দুখ লাগিল। মোৰ লগত থাকিবৰ বাবেই ইমান ডাঙৰ ত্যাগ কৰিছিল তাই।

দেখাত তেনেই সৰু অত্যধুনিক স্পীকাৰটো মোৰ মোবাইলৰ পৰাই ব্লুটুথৰ দ্বাৰা নিয়ন্ত্ৰন কৰিব পৰা গৈছিল। সময়-সুযোগ বুজি নিবিড়ৰ ডায়েপাৰৰ মাজত ভৰাই ৰাখিছিলোঁ সেইটো। নীৰুৱে নিবিড়ক খেলাই থকাৰ সময়ত চিচিটিভি কেমেৰাৰ লাইভ ফুটেজ চাই তাই অন্যমনস্ক হৈ থকাৰ সময়তেই মোৰ আঙুলিৰ নিৰ্দেশত স্পীকাৰটিৰ পৰা কেঁচুৱাৰ মাতৰ লগত মিলা শব্দবোৰ বাহিৰ হৈছিল। তাৰ পিছত সকলো সহজ হৈ পৰিছিল। বেজজনক আমাৰ আগৰ মৃত সন্তানৰ বিষয়ে ময়েই কৈছিলোঁ। আৰু সেইদিনা কাম কৰা ছোৱালীজনী মই অফিছ যাবলৈ ওলোৱালৈ আহি পোৱা নাছিল। তাৰেই সুযোগ লৈ… যন্ত্ৰনাত ছটফটাই বাহিৰলৈ ওলাই আহিব খোজা নীৰুৰ চকুযোৰ ভাঁহি আহিল মনলৈ….. চিগাৰেট এটি জ্বলাই ল’লোঁ। মুখৰ পৰা এক সন্তুষ্টিৰ হাঁহি ওলাই আহিল….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments