নৈপৰীয়া কবিতা (ভৈৰৱ চাউদাং)

ভৈৰৱ চাউদাং
 
(এক)
যোৱাবাৰ বানে ধোৱা পথাৰত   
এথোকো ধান নাহিল ভৰাঁললৈ
ঘৰচিৰিকা কেইটাই
নকঢ়িয়ালে কুঁটা
ভৰাঁলত নাসাজিলে বাহ
সিহঁতে গুছি গল
কোনোবা দূৰলৈ
গুটি ধানেৰে ঠাহ খাই থকা
ভৰাঁলত ঘৰ বান্ধিবলৈ
আমি বোৰ ৰৈ গলো
আমাৰ আজোককাৰ ভেঁটিতে
“ভোক লাগিলে ভোককে খাম”
যিদৰে এদিন মোৰ আজোককাৰো আজোককা ৰৈ গৈছিল ইয়াত
“নদীয়ে নখহায় মানে
ইয়াতে জীম”

(দুই)
একাঠু বোকাত
বেলি পৰা পৰলৈকে
কঠিয়া ৰোব লগা হলেই
আইক এজনী বোৱাৰী লাগে
আয়ে ৰোৱা কঠিয়া
বানে মাৰিলেই
আয়ে পাহৰে পুতেকৰ
বয়সৰ অংক
তেতিয়া ছাগে
আইৰ হব লগা বোৱাৰীৰ
বাপেকে
আঙুলি মূৰত গণে
জীয়েকৰ বয়সে
কুৰি পাৰ হোৱা
কেইটা বছৰ গ’ল।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments