নৈপৰীয়া উকিঃ -নিশান্ত বৰদলৈ

আজি তিনিদিন হ’ল ৰশ্মিয়ে মোক মাতবোল নকৰা৷ ছোৱালীজনীকে যেনিবা চালে-বেৰে কোবাই মোক শুনাব লগাখিনি শুনাই আছে৷ আগতে কাহানিও নোহোৱা পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ গৈ মই চৰম অস্বস্তিত ভুগিছোঁ৷ মোক একেবাৰে আচৰিত কৰি ছোৱালীজনীক লগত লৈ তাই এই কেইদিন বেলেগ এটা কোঠাত শুইছে৷ কাকো ক’ব নোৱাৰা দুখ এটা লৈ দীঘলীয়া ৰাতিবোৰ মই যন্ত্ৰণাৰে পাৰ কৰিছোঁ৷

: হেৰৌ আই, তোৰ কি হৈছে মোক কৈ দেছোন!
মুখেৰে একো নামাতে, মোৰ ফালে চাই বাল্টিটোকে থেকেচা মাৰি দিয়ে৷ ক্ৰমাৎ থেকেচা-থেকেচিবোৰ বাঢ়ি যাবলৈ ধৰিলে৷ মাকৰ উৎপাতত ছোৱালীজনী দুদিন ধৰি স্কুললৈ যোৱা নাই৷ তাই মোক বাৰে বাৰে সুধিছে- ‘দেউতা, মাৰনো কি হৈছে?’ মই ৰশ্মিকে শুনাই চিঞৰি চিঞৰি কওঁ- ‘তোৰ মাৰৰ গাত কি দেও-ভূত লম্ভিছে মাৰকে সোধ।’ একেটা প্ৰশ্নৰ উত্তৰ বিচাৰি তাই মাকৰ ওচৰলৈ গৈ ভেকাহি খাই ফেঁকুৰি ফেঁকুৰি ওভতি আহিছে৷ অবুজন মানুহজনীক সৈমান কৰিবলৈ গৈ নিজৰেই অক্সিজেন হেৰুৱাৰ নিচিনা কথা হৈছেগৈ৷ ৰশ্মিৰ কথা ভাবোতে ভাবোতে এক-ডেৰ ঘণ্টা সময় কেনেকৈ পাৰ হৈ যায়, গমকেই নাপাওঁ৷ শেষত একো উপাই নেদেখি শাহু আইকে ফোন কৰি মাতি পঠালোঁ৷
শাহু আই আহি পাওঁতে সন্ধ্যা লাগিল৷ তিনিআলিটোৰ পৰা তেওঁক আগবঢ়াই নিবলৈ আহি গোটেই কথাবোৰ ভাঙি-পাতি ক’লোঁ৷ মোৰ কথাবোৰ শাহু আয়ে বিশ্বাস কৰিবলৈকে টান পাইছে৷ কোনো কাৰণ নোহোৱাকৈ ৰশ্মিয়েতো এনেখন নকৰে৷ মই অলপ উষ্মাৰে ক’লোঁ- ‘মই যদি কিবা দোষ কৰিছোঁ, কৈ দিব লাগে, তাকে নকৰি পাগলামীবোৰ কিয় কৰিব লাগে!’ শাহু আই মনে মনে ৰ’ল৷ ইমান দূৰ বাট দুখে-কষ্টেৰে আহি, জীয়েকৰ ৰুদ্ৰমূৰ্তি দেখি, তেওঁ নিজে পাকঘৰত সোমাল৷
কথাবোৰ নতুনকৈ একো নোলাল৷ শাহু আয়ে এনে দেখুৱালে যেন একো হোৱাই নাই৷ তেওঁ ভাত বাঢ়ি সকলোকে খাবলৈ মাতিলে৷ এইবাৰ ভাতৰ কাঁহীখন এহাতেৰে ঠেলি ৰশ্মিৰ নতুন ৰূপ- ‘মই ভাত-চাত একো নাখাওঁ৷’ মোৰ খঙে চূড়ান্ত সীমা অতিক্ৰম কৰিছিল, কিন্তু শাহু আইৰ আগত নিজৰ ফোঁপোলা স্বৰূপটো উদঙাই নিদিওঁ বুলিয়েই মনে মনে ভাতৰ কাঁহীত মন দিলোঁ৷ শেষত যেনিবা শাহু আয়ে ‘তই ভাত নাখালে ময়ো নাখাওঁ’ বুলি ওফোন্দ পতাত তেৰা ভাতৰ পাতত বহিল৷
কোঠাৰ লাইটটো অন কৰিলোঁ৷ কোঠাটো তেনেই অপৰিপাটি হৈ আছে৷ ৰশ্মিৰ মেখালা-চাদৰবোৰ, ছোৱালীজনীৰ কাপোৰ-কানিবোৰ আলনাডালত ছেদিলি-ভেদেলি হৈ ওলমি আছে৷ বিছনাৰ আঁঠুৱাখন আজি তিনিদিন গুজি থোৱা ভাগেৰেই আছে৷ লাইটটো নুমুৱাই বিছনাত বাগৰ দিলোঁ৷ ৰশ্মিৰ বাৰু হৈছে কি? তাইতো কেতিয়াও আগতে এনে কৰা নছিল৷ কথাবোৰ বুজিবলৈ চেষ্টা কৰোঁ বাবেই ঘৰখন ঘৰ গুচি বাঁহৰ তল হোৱা নাই! তাইক কোনোবাই কিবা কথা মিছাকৈ লগাইছে নেকি? নে কিবা অসুখ-বিসুখ, মই অন্তৰত আঘাত পাম বুলিয়েই তাই বাৰু নোকোৱাকৈ আছে নেকি? বুকুখনে হাহাকাৰ কৰি উঠিল৷ মোৰ প্ৰতিটো দুখক নিজৰ বুলি ভবা মানুহজনীয়ে, মই এতিয়া খাইছোনে নাই খোৱা খবৰ এটা লোৱা দূৰৈৰ কথা, মাত এষাৰকে নিদিয়ে৷ নিঃশব্দে যেন মোৰ আপোন পৃথিৱীখন চপৰা-চপৰকৈ খহিছে৷ লাইটটো পুনৰ জ্বলাই দিলোঁ৷
বাহিৰলৈ ওলাই আহিলোঁ৷ কুঁৱলী সৰা জোনাকী ৰাতি৷ পদূলিমুখৰ গছপাতবোৰ এটি-দুটিকৈ সৰিবলৈ আৰম্ভ কৰিছে৷ প্ৰকৃতিৰ বুকুত বসন্ত ঋতুৰ আখৰা চলিছে৷ কিন্তু ৰশ্মিৰ অবিহনে এইবোৰৰ মূল্যই বা ক’ত? মনটো বিষাদেৰে ভৰি পৰিল৷ কুকুৰটোৱে কু-কুৱাই, কু-কুৱাই মোৰ ভৰি দুটাৰ মাজত সোমাই দিলেহি৷ মই তাৰ মূৰত হাত ফুৰাই দিলোঁ৷ হঠাতে জোনৰ পোহৰত, খাল হৈ জিলিকি থকা তাৰ পেটটোলৈ মোৰ চকু গ’ল৷ খং আৰু ক্ষোভত মোৰ দুচকু সেমেকি উঠিল- তোক চাল্লা! এই অবোধ প্ৰাণীটোৱে কি জগৰ লগাইছিল? পাকঘৰলৈ সোমাই অৱশিষ্ট ভাতখিনি আনি কুকুৰটোক দি দিলোঁ৷ সি পাগলৰ দৰে ভাতবোৰ গিলিবলৈ আৰম্ভ কৰিলে৷ শাহু আয়ে সাৰ পাইছিল- ‘জোৱাঁই, ৰাতিখননো তোমাৰ কি হ’ল?’ মই খুউব শান্ত ভাবে উত্তৰ দিলো- ’একো হোৱা নাই মা, বাহিৰলৈ আহিছিলোঁ৷’
পুৱা সোনকালে উঠিলোঁ৷ বিছনাৰ আঁঠুৱাখন উঠাই, আলনাৰ কাপোৰবোৰ পৰিপাটিকৈ জাপিলোঁ৷ চাহ একাপ নিজে উঠাই দিলোঁ, আজিৰ পৰা ৰশ্মিক কোনো কথাতে মই খাতিৰ নকৰোঁ৷ তাই মোক অস্বীকাৰ কৰিছে, সেই কথাটো এতিয়াৰ পৰা ময়ো মানি ল’ম৷ আজিৰ ৰশ্মি, মোৰ অনুভৱী ৰশ্মি নহয়, যাৰ বাবে মই কান্দিম, হাঁহিম, মৰিম অথবা জী উঠিম৷ আজিৰ ৰশ্মি মোৰ বাবে মাথোঁ এজনী তেজ-মঙহৰ মানুহ৷ মোৰ লগে লগে বিছনা এৰা শাহু আইক চাহ একাপ দি, কেইবাদিনো জমা হৈ থকা বাতৰি কাকত কেইখন গোটাই ল’লোঁ৷
যন্ত্ৰণাৰ সময়বোৰ লেহেমীয়া৷ খুব লাহে লাহে সময়বোৰ আগবাঢ়িছে৷ আজি মই ৰশ্মিক এবাৰো মাতিবলৈ চেষ্টা কৰা নাই৷ প্ৰতিটো মিনিটতে মই প্ৰমাণ কৰি গৈছোঁ, তাইৰ অবিহনেও মোৰ এটা সুকীয়া জীৱন আছে৷ স্কুললৈ ছোৱালীজনীক পিন্ধাই-উৰাই উলিয়াই পঠিয়ালোঁ৷ আবেলি বাহিৰৰ ডাংডালত মেলি থোৱা চোলাকেইটা নিজে ভিতৰলৈ আনি আলনাত জাপি থ’লোঁ৷
সন্ধিয়ালৈ ঘৰত হুৱাদুৱা লাগিল৷ ৰশ্মিয়ে বিছনাত পৰি ৰাউচি জুৰি কন্দিবলৈ ধৰিলে৷ হাজাৰ দুখৰ মাজতো সুখী হোৱাৰ অভিনয় কৰিবলৈ গৈ মই জ্বৰে ঘমাদি ঘামিছোঁ৷ বুকুখনত কিবা এসোপাই হেঁচা মাৰি ধৰিছে৷ কিন্তু মোৰ কি দৰকাৰ তাইৰ কথা ভাবিবলৈ৷ টিভিৰ ভলিউমটো বঢ়াই দিলোঁ৷ কুঁহি কান্দি-কাতি মোৰ ওচৰলৈ দৌৰি আহিল- ‘দেউতা, মাৰ কিবা এটা হৈছে, তুমি বেগেতে আহা!’ শাহু আয়ে চকুপানী, নাকৰ পানীৰে বাট নেদেখা হৈ মোৰ ওচৰ ওলালেহি আৰু মোক জোৰ-জবৰদস্তি ৰশ্মিৰ ওচৰলৈ টানি লৈ গ’ল৷
গাৰু এটাত মুখখন গুজি, বুকুখন তললৈ দি ৰশ্মিয়ে উচুপি আছে৷ মোক দুৱাৰমুখতে এৰি শাহু আই আৰু কুঁহি আঁতৰি গ’ল৷ আপোনজনৰ চকুৰ পানীৰ আগত দিনটোৰ কঠোৰতাখিনি মুহূৰ্ততে শেষ হৈ মুখৰ পৰা আপোনা-আপুনি ওলাই আহিল- ‘ৰশ্মি’৷ মোৰ মাত শুনি তাই একেজাপে বিছনাৰ পৰা উঠি মোৰ বুকুত পাগলৰ দৰে ভুকুৱাবলৈ আৰম্ভ কৰিলে৷ ঘটনাৰ আকস্মিকতাত মই থতমত খালোঁ৷ ৰশ্মিয়ে আগতেও মোক এনে কৰে, কিন্তু সেই অত্যাচাৰত লুকাই থাকে এজনী সহজ-সৰল নাৰীৰ মমতাময়ী মৰম৷ কিন্তু আজিৰ কথা সম্পূৰ্ণ সুকীয়া, সেই ৰামো নাই, অযোধ্যাও নাই৷ মই পুনৰ কঠোৰ হ’বলৈ চেষ্টা কৰিলোঁ৷ ৰশ্মিৰ দুবাহুত জোৰেৰে খামুচি ধৰিলোঁ৷ ‘তুমি মোক আজি কিয় এবাৰো মতা নাছিলা?’ বুলি কোনোমতে মুখেৰে ফুটাই, ৰশ্মিয়ে মোৰ বুকুত মূৰটো পেলাই হুৰাহুৰে কান্দিবলৈ ধৰিলে৷ মই শিল পৰা কপৌৰ দৰে থৰ লাগিলোঁ৷ দুচকুত লানি নিছিগাকৈ ভাহি আহিল মাজুলীৰ জাক জাক সৰিয়হ ফুলৰ হালধীয়া৷
ৰশ্মিৰ মুখলৈ চাই মই হাঁহিমেই নে কান্দিম একো থিৰাং কৰিব নোৱাৰা হ’লোঁ৷ তাইৰ কপালৰ সেন্দূৰৰ ফোঁটটো বাগৰি সোঁফালৰ গালখনত বিয়পি পৰিছে৷ এইবাৰ মই নহঁহাকৈ থাকিব নোৱাৰিলোঁ৷ মোৰ হাঁহিৰ সমান্তৰালভাবে ৰশ্মিৰ উচুপনি বাঢ়ি গ’ল৷ মই তাইক দুবাহুত ধৰি বিছনাখনত বহুৱাই দিলোঁ আৰু আলফুলকৈ বুকুৰ মাজলৈ চপাই আনি মৰমেৰে সুধি পেলালোঁ সেই নিৰৱ ৰহস্যঘন নাটকখনৰ কথা৷ মোৰ বুকুত কুচিমুচি সোমাই ৰশ্মিয়ে উচুপি উচুপি কৈ গ’ল-
: তুমিনো সেইদিনা নদীৰ ঘাটলৈ যোৱা কাকুমনহঁতক দেখি কিয় উকি মাৰিছিলা? মই থাকোঁতে তুমি ভুলতে হ’লেও কিয় সিহঁতলৈ মূৰ তুলি চাবা? তুমি এতিয়া ডেকা হৈ আছা নেকি? তুমি নাজানা নেকি মই তোমাক কিমান ভাল পাওঁ? তুমি নাজানা নেকি…?
মোৰ বুকুৰ মাজৰ পৰা ওলাই ৰশ্মিয়ে পুনৰ মোৰ বুকুত ভুকুৱাবলৈ আৰম্ভ কৰিলে৷ নিয়ৰ সৰা ৰাতিটোক তল পেলাই মোৰ জিভাৰ তলৰ পৰা জাপ মাৰি ওলাই আহিল আৰু এটা তেজোদীপ্ত উকি৷ দুৱাৰখনৰ আঁৰত ৰৈ থকা কুঁহি মোৰ ওচৰলৈ দৌৰি আহিল- ‘দেউতা, আৰু এটা মাৰি দিয়ানা!’ ছোৱালীজনীলৈ পোন্দোৱাকৈ চাই ৰশ্মি জকজকাই উঠিল- ‘ক, ক তোৰ বাপেৰক আৰু দীঘলকৈ উকি মাৰিবলৈ ক, তোৰ বাপেৰ এতিয়াহে ডেকা হৈছে!’
জিভাৰ তলত আঙুলি দুটা সুমুৱাই থমকি ৰ’লোঁ- ‘ছেঃ নিজৰ ছোৱালীজনীৰ আগত…!’

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments