নৈপৰীয়া গাভৰু মই — জয়শ্ৰী শইকীয়া খাউণ্ড

 

নৈপৰীয়া গাভৰু মই
নৈয়ে আমাৰ জীৱন৷
প্ৰকৃতিক লৈয়ে আমাৰ সপোন৷
এতিয়াযে ফাগুন, বলিয়া ফাগুন৷
পলাস, মদাৰ, শিমলু ফুলিছে,
চাই নীলা আকাশৰ দাপোণ৷
নিলাজী পছোৱা বলিছে,
কুৱঁলী আঁতৰাই,
ধূলিৰে ধেমালি পাতিছে৷
হিয়াই হিয়াই ৰঙীন সপোনে
নিগাজীকৈ বাহৰ পাতিছে৷
মোক কিন্তু সপোন ভঙা
দিনবোৰেহে আমনি কৰিছে৷
কাৰণ নৈপৰীয়া গাভৰু মই
সপোন আমাৰ প্ৰকৃতিক লৈ৷
বসন্তৰ বা লাগি নানাচে
আমাৰ গাভৰু মন৷
দুৰু দুৰুকৈ কঁপেহে হিয়াখন৷
কাৰণ,
এইবাৰো মাথাউৰিটো মেৰামতি নহল৷
যোৱাবাৰ,
মাথাউৰিতে পিতাইৰ শৰাধ হল৷
নবৌৰ কেঁচুৱাটোৰ মাথাউৰিতে
জন্ম হৈ তাতেই মৃত্যু হল৷
ভড়াঁল ঘৰ, গোহালিৰ সৈতে
আমাৰ ঘৰখন নৈয়ে লৈ গ ল৷
মোৰ সপোনৰ ফুল বছা
তাঁতশাল খনো নোহোৱা হ ল৷
আকাশলৈ চাই চাই
হিয়া ঢাকুৰি কান্দিলো,
উপায়হীন হৈ,
মাথাউৰিতে আশ্ৰয় ললোঁ৷
নদন-বদন গাঁৱৰ বাসিন্দা আমি,
এমুঠি অন্ন, এখনি বস্ত্ৰৰ বাবে
হলো পৰমুখাপেখী ভিক্ষাৰী৷
নৈপৰীয়া গাভৰু মই,
সপোন এটাই আছো বুকুত লৈ,
মাথাউৰিটো যাতে মেৰামতি হয়,
গাওঁখন মোৰ যেন নৈ নহয়৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক