নৈপৰীয়া জীৱনৰ এমুঠি কবিতা – সমুজ্জ্বল শইকীয়া

নৈপৰীয়া জীৱনৰ ছবিক ধৰি ৰখা এখনি কবিতাৰ সংকলন হ’ল “মই ধলৰ প্ৰেমত পৰিছোঁ, বিদ্ৰোহী জীয়াধলৰ”। বিগত দুটা দশক ধৰি নীৰৱে কাব্যচৰ্চা অব্যাহত ৰখা কবি মৃদুপৱন চুতীয়াই এই কাব্য সংকলনটিত নৈ আৰু মানুহৰ প্ৰগাঢ় সম্পৰ্ক; কৰ্মঠ আৰু দৰিদ্ৰ শ্ৰমিক-খেতিয়কৰ জীৱনৰ ডুখৰীয়া ছবিক নিমজ ভাষাৰে দেখুৱাইছে। কাব্য সংকলনটিৰ কবিতাসমূহৰ মাজেদি দুটা গুৰুত্বপূৰ্ণ দিশৰ প্ৰকাশ ঘটিছে; প্ৰথমটো হৈছে, কবিতাবোৰৰ অধিকাংশৰে বিষয়বস্তুত নৈপৰীয়া মানুহৰ জীৱন-সংগ্ৰামৰ চিত্ৰৰ প্ৰকাশ পাইছে।

কৃষি সভ্যতাৰ সৈতে নৈ আৰু মানুহৰ যি সম্পৰ্ক সেয়া কবিগৰাকীয়ে একাধিক কবিতাৰ মাজেদি প্ৰতিফলন ঘটোৱাইছে। অতীতৰেপৰা ধেমাজিৰ বৈচিত্ৰ্যপূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে বৈ যোৱা সৰু-বৰ নদীৰ সংখ্যা অনেক। সেইবোৰৰ ভিতৰত ব্ৰহ্মপুত্ৰ, গাই, জীয়াধল, মৰিধল, চিমেন, লালি, অয়ান, লেকু, চিচি, কুমতীয়া, ন-নদী, মিছামাৰী, ডিমৌ, দিখাৰী আদি অন্যতম। সুদুৰ অতীতৰেপৰা ধেমাজিৰ বুকুৰে বৈ যোৱা এই নদীবোৰে সৃষ্টি কৰা সৌন্দৰ্য্য আৰু নদীবোৰৰ ধ্বংসাত্মক ৰূপৰ সৈতে সঘন পৰিচিত জীৱন-সংগ্ৰামৰ সুৰ কাব্য-সংকলনটোৰ ভালেমান কবিতাই বহন কৰিছে। ‘ৰাতিৰ সাজৰ কবিতা’, ‘সোণাৰী ঘাটলৈ আহে যদি’, ‘এখন যুঁজৰ প্ৰস্তুতি’, ‘গাইনদী’, ‘চমৰাজানত কঁহুৱা ফুলিছে’, ‘আমোলমোল পকা ধানৰ গোন্ধ’, ‘সোণালী আঘোণ’, ‘মই ধলৰ প্ৰেমত পৰিছোঁ বিদ্ৰোহী জীয়াধলৰ’, ‘টঙিঘৰৰ ছবি’ আদি কবিতাসমূহ এইক্ষেত্ৰত উল্লেখনীয়।

নাঙলৰ ওপৰত ভৰসা ৰখা কৰ্মঠ লোকৰ দৰিদ্ৰ জীৱনৰ ছবি, তেওঁলোকৰ চিন্তা আৰু আশা, নৈবোৰে ঠানবান কৰা কৃষকৰ সপোন, নৈবোৰৰ স’তেই জীৱন কটোৱা কৃষক-শ্ৰমিকৰ ধল-প্ৰেম, সেই নৈবোৰে সৃষ্টি কৰা প্ৰাকৃতিক সৌন্দৰ্যৰ জীয়া অভিজ্ঞতা কবিতাবোৰত মূৰ্তমান হৈছে। সংকলনটিৰ একে শিৰোণামৰ কবিতাটিৰ ছান্দিক গতিৰে আগবাঢ়ি যোৱা দুটি স্তৱক ইয়াত দিয়া তুলি ধৰা হ’ল- “এৰিলেও ধল/মৰিলেও ধল/ধল সদায় ধলেই,/ এৰি এৰি ধলে/ঘূৰি ঘূৰি ধৰে/মৰি মৰি ধলে/বাৰে বাৰে জীয়ে।…ধল অশান্ত/ধল জীৱন্ত/ধল গতিশীল,/মোৰ বুকুত/ধৰে কৰে টলবল/ওফন্দি উঠে/বিদ্ৰোহী জীয়াধল।…অশান্ত জীয়াধলত/জীৱন্ত ধেমালি–/ভাঙিছে পাতিছে/পাতিছে গঢ়িছে/ভঙা-পতা খেল জীৱনৰ,/হয়, মই ধলৰ প্ৰেমত পৰিছোঁ/বিদ্ৰোহী জীয়াধলৰ…।”

আনহাতে পথাৰৰ সৈতে নিবিড় সম্পৰ্ক থকা খেতিয়কেহে কৰিব পাৰে ‘টঙিঘৰৰ ছবি’ৰ নিভাঁজ কল্পনা। টঙিঘৰটো খেতিয়কৰ অআপোন; এটি অস্থায়ী অথচ সপোনৰ ঘৰ। কবিয়ে বৰ্ণনা কৰিছে — “…যেনিয়েই চাওঁ/তেনিয়েই উপচি উজলি উঠে/বুকুৰ সুৱাগমণি, আমপাখি, এমনা বাও,/বেলি লহিওৱা পৰত/ মোৰ অহংকাৰৰ প্ৰতীক/টঙিঘৰৰ শিখৰত বিজয় ধ্বজ্জা উৰুৱাই/ৰমক-জমক পথাৰৰ গান গাওঁ।” অধ্যয়ন আৰু বাস্তৱ অভিজ্ঞতাৰে ৰচনা কৰা দুই-এটি কবিতাত কবিৰ ৰোমাণ্টিক আৱেগৰ প্ৰকাশো লক্ষণীয়; যি কবিতাবোৰক ৰমণীয় বোল সানি গৈছে।

কাব্য সংকলনটোৰ দ্বিতীয়টো লক্ষণীয় দিশ হৈছে, কবিগৰাকীৰ সুগভীৰ সমাজ চেতনাৰ প্ৰকাশ। সেয়ে কবিয়ে সামাজিক অস্থিৰতা, ৰাজনৈতিক সমস্যা, দৰিদ্ৰ সমাজৰ দ্বন্দ্ব আৰু শ্ৰেণী সমস্যা;  আৰু এইবোৰৰ ফলস্বৰূপে কবিৰ মাজত সৃষ্টি হোৱা ক্ষোভ কবিতাবোৰত প্ৰকাশ পাইছে। কবিয়ে সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি প্ৰধানকৈ নৈপৰীয়া মানুহৰ সমস্যা আৰু তেওঁলোকৰ জীৱনৰ কৰুণ অৱস্থাক প্ৰকাশ কৰিছে আৰু নিপীড়িতসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে।

‘কাৰ বেদীত শীতৰ নিশা কঁপি কঁপি জ্বলে এগছি চাকি?’ কবিতাটোত স্বাধীনতাৰ কাৰণে অসমীয়া ডেকা ওলাই গৈ দেহপ্ৰাণ দিয়া আৰু অলেখ আশা ভংগ হোৱাৰ কথা প্ৰকাশ পাইছে। ‘৫২ নং ৰাষ্ট্ৰীয় পথৰ পিঠিত ৰ’দ জ্বলোৱা ছোৱালীজনী’ কবিতাত শ্ৰমিকসকলে ৰ’দত পিঠি জ্বলাই কৰা চিৰ-সংগ্ৰামৰ খেল এখনৰ বৰ্ণনা কৰিছে। কবিতাটোৰ চিত্ৰধৰ্মী ভাষাৰে এজন শ্ৰমিকৰ বৰ্ণনা কৰিছে এনেকৈ – “আলকাতাৰাৰ ধোঁৱাৰে প্ৰলেপ সনা তোমাৰ হাওঁফাওঁ/ৰ’দবোৰক জ্বলিবলৈ দিয়া তোমাৰ পিঠিত/বৰষুণবোৰক অবাধে চুমিবলৈ দিয়া/ঘাম আৰু ক’লা ছাই সনা তোমাৰ গালত/অথবা উদং বাহুত।” কবিৰ জীৱন আৰু জগত সম্বন্ধীয় চিন্তা-চেতনা, মৌলিক চেতনা তথা স্ব-অনুভৱ কাব্য সংকলনটোৰ আন কবিতাবোৰত প্ৰকাশ হৈছে। ‘আমি ক’লা-বগা’, ‘কোনে কয় মৃত্যুও এক শিল্প বুলি?’, ‘সময়’ আদি কবিতাত কবিৰ দাৰ্শনিক দৃষ্টিভংগীৰ প্ৰকাশ ঘটিছে।

কাব্য সংকলনটিৰ কবিতাবোৰৰ ভাষা সৰল অথচ গভীৰ অৰ্থ বহনকাৰী। কবিয়ে সাম্প্ৰতিক সময়ৰ অনেক কবিৰ দৰে কবিতাক ভাষা আৰু প্ৰতীকৰ যোগেদি জটিলতাৰ ফালে নানি চিনাকী আৰু পৰিমিত শব্দ প্ৰয়োগ কৰি কবিতাবোৰ ৰচনা কৰিছে। সেইবাবে কবিতাসমূহ আবৃত্তিযোগ্যও হৈ উঠিছে। দীৰ্ঘদিন ধৰি কাব্যচৰ্চা কৰাৰ পিছত কবিতাৰ সংকলন প্ৰকাশ কৰা এই কবিগৰাকীৰ কবিতাৰ সন্দৰ্ভত দুগৰাকী সমালোচকে লিখিছে, “মৃদুপৱন পেনপেনীয়া প্ৰেমৰ কবি নহয়; মৃদুপৱন বৰং জীয়া বাস্তৱৰ সবল কণ্ঠস্বৰ।”- (অংকুৰ ডেকা)। 

“দুই-এবছৰ কবিতা লিখিয়েই সংকলন প্ৰকাশৰ বাবে উথপথপ লগোৱা কবিকূলৰপৰা মৃদু পৱন নিলগ; বৰঞ্চ জীৱনৰ অভিজ্ঞতাৰ এক পৰিপক্ব অৱস্থাতহে তেওঁ কাব্যৰসিকলৈ আগবঢ়াইছে এই সংকলন।” (দিগন্ত ওজা)।

প্ৰকৃতাৰ্থত সংকলনটোৰ কবিতাসমূহ বিচাৰ কৰিলে কবি মৃদু পৱন চুতীয়াই গভীৰ অধ্যয়ন, সূক্ষ্ম পৰ্যবেক্ষণ,বাস্তৱ অভিজ্ঞতালব্ধ হৈ তথা সচেতনভাৱে কাব্য চৰ্চা কৰা যেন বোধ হয়। এই কাব্য সংকলনটিৰ মুঠ কবিতাৰ সংখ্যা তিনিকুৰি ছয়টি (৬৬)। কাব্য সংকলনটিৰ মূল্য এশ পঞ্চাশ (১৫০/-) টকা। প্ৰকাশক ধেমাজিৰ কিৰণ প্ৰকাশন।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক