নৈশভোজ — যামিনী গগৈ

ডিঙিটোৰে সেপ ঢুকি জিভাৰ তলৰ পৰা হঠাৎ বাহিৰ হোৱা অতিৰিক্ত পানীখিনি জয়াই সন্তৰ্পণে কোনেও গম নোপোৱাকৈ গিলি থ’লে। পোৰা গাহৰি মঙহ আৰু পকা ৰহীৰ মলমলীয়া গোন্ধৰ যুগলবন্দী এটা “মোক খা-মোক খা” কৈ জাৰত সেঙেতা লগা সেমেকা বতাহত উফৰি ঘূৰি ফুৰিল। সেই “মোক খা” কথাষাৰৰে স্বতঃস্ফূৰ্ত সঁহাৰি আছিল জিভাৰ তলৰ অবাঞ্চিত পানীখিনি। তাইৰ বাবে যে গাহৰি আৰু সাঁজ নিষিদ্ধ সেই কথাটোতো পোৰা গাহৰিৰ মঙহ আৰু তাইৰ জিভা কোনোটোৱেই নাজানে। সেয়ে সিহঁতে সিহঁতৰ নিজৰ কাম স্বাধীন ভাৱেই কৰি আছে। তাইহে নোৱাৰে, তাইৰ নিজৰ ইচ্ছামতে স্বাধীন ভাৱে কাম কৰিব!
একোৱেই কৰিব নোৱাৰে তাই।
আচলতে এশ শতাংশ নিজৰ ইচ্ছাৰে কোনেও একো কাম কৰিব নোৱাৰে। জনা হোৱাৰ পাচত তাই লগ পোৱা নাই নিজ ইচ্ছাৰে কাম কৰি সুখী হোৱা এজনো সুখী মানুহ। সুখী হোৱাৰ নাটক কৰা মানুহ অৱশ্যেই পাইছে। মুখাৰ আঁৰত সকলোৱেই যেন ইচ্ছাবোৰক পচনসাৰ কৰি জীয়াই ৰাখিছে নিজৰ জীৱনপুলিটো।
’ভাল’ বুলি স্বীকৃতিটো হেৰুওৱাৰ ভয়ত নৈষ্ঠিক ঘৰ এখনৰ বোৱাৰীয়ে সকলোৰে লগত একেলগে বহি ৰঙীণ পানীয়ৰ জুটি ল’ব নোৱাৰে। কিন্তু পুতেক-জোঁৱায়েকে পাৰে। তেওঁলোকে আড়ম্বৰপূৰ্ণ ভাৱে ঘৰৰ পাছচোতালত বাহিৰৰ জুইত নিজৰ গা সেকি পোৰা মঙহ আৰু কথা একেলগে চোবাই ৰঙীণ পানীয়ৰ জুতি কিন্তু পূৰা মাত্ৰাই ল’ব পাৰে।
কিন্তু তাই নোৱাৰে! … কলেজ-ইউনিভাৰ্চিটীৰ বহেমীয়ান জীৱনটোত অভ্যস্ত তাই জুইৰ আঙনিত তেলবিৰিঙাই জিভাৰ সৈতে অভিসাৰৰ বাবে সাজু হৈ উঠা গাহৰিৰ মঙহ এডোখৰ জিভাৰ আলিংগনলৈ ঠেলি দিব তাই নোৱাৰে। এহাতত ৰঙীণ পানীয়ৰ গিলাচ লৈ এহাতৰ চিগাৰেটৰ ধোঁৱাক সমৰ্পণ কৰিব নোৱাৰে দিনটোৰ সমস্ত অৱসাদ।
নিজৰ আৰ্থিক সচ্ছলতা থকাৰ পাচতো, তথাকথিত স্বাধীনতাৰ পতাকাখন হাতৰ মুঠিত থকাৰ পাচতো কিহে তাইৰ ইচ্ছাৰ ডেউকা বান্ধি ৰাখে কটকটীয়াকৈ নাজানে তাই।
ইচ্ছাৰ জুইকুৰাৰ কাষৰ উমখিনি অনুভৱ কৰি তাই জুইৰ কাষত ছাঁ-পোহৰৰ জীয়া আল্পনাটোলৈ চাই পঠিয়ালে। পিছচোতালৰ জুইকুৰা আগুৰি বহি থকা মানুহবোৰৰ মুখবোৰত জুইৰ নাচোনটো বৰ ধুনীয়াকৈ দেখা গৈছিল। সেই নাচোনটো চায়ে জয়াই জানিছিল, জুইকুৰাই কোন সময়ত কিমান উত্তাপ মানুহবোৰক যাঁচিছিল। জুইকুৰাৰ লগত সমানে ফেৰ মাৰি জুই আগুৰি বহি থকা মানুহবোৰৰ কথাবোৰৰ স্বৰৰো আৰোহণ-অৱৰোহণ চলি আছিল। মানুহবোৰৰ হাত ভৰিৰ সঞ্চালন, জুইৰ নাচোন চাই, জুইৰ কাষৰ পৰা উফৰি অহা টুকুৰা কথাবোৰ শুনি আৰু বতাহত উপঙি ফুৰা পোৰামঙহৰ গোন্ধটো হেঁপাহেৰে শুঙি-শুঙি জয়া বহি ৰৈছিল পিচ বাৰাণ্ডাৰ এই আচুতীয়া ঠাইখিনিত। ভিতৰৰ ভজা তেলাল হাঁহৰ মঙহৰ তুলনাত কিমানযে লোভনীয় এই সোৱাদ ভৰা গোন্ধ! তাই আকৌ এবাৰ নাকেৰেই চাকি চালে বতাহত পোৰা গাহৰি মঙহৰ গোন্ধৰ নৈশ বিলাস।

বছৰটোৰ শেষ নৈশ ভোজটোৰ ৰন্ধা-বঢ়াৰ কামখিনিৰ পৰা আজৰি হৈ পৰিয়ালটোৰ বাকীকেইজনী বোৱাৰীয়ে নিজৰ নিজৰ ল’ৰা-ছোৱালীহঁতৰ আবদাৰবোৰৰ পিচত লাগি থকাৰ সময়খিনিতে জয়াই একান্ত নিজৰ সময় অলপ বিচাৰি পিছবাৰাণ্ডালৈ ওলাই আহিছিল। জয়াই পিছবাৰাণ্ডাত ৰৈ জুইৰ ওচৰৰ আধা আলো আধা ছাঁৰ অবয়ৱকেইটালৈ চাই পঠিয়াওঁতেই তাই বিভাসৰ পিঠিখন দেখিবলৈ পালে। জুইৰ কাষত গাঢ় এন্ধাৰত বিভাসক চিনি পাবলৈ তাৰ এন্ধাৰ পিঠিটোৱেই যথেষ্ট আছিল যদিও সি ডিঙিত আলফুলে মেৰিয়াই থোৱা প’হ’খনে তাক আৰু স্পষ্ট কৰি তুলিছিলে।
বিভাসৰ প্ৰথম প্ৰেম সোণালীয়ে দিয়া এই প’হ’খনো তাই দলিয়াই পেলাই দিওঁ বুলিয়ে বিভাসৰ ডিঙিৰ পৰা আঁজুৰি আনি দলিয়াই পেলাই দিব নোৱাৰে। প’হ’খন বিভাসৰ ডিঙিত দেখিলেই জয়াৰ স্বয়ং সোণালীয়েহে যেন বিভাসৰ ডিঙিত আলফুলে সাৱটি জয়ালৈ চাই বিদ্ৰূপৰ হাঁহি মাৰিছে তেনে লাগে তাইৰ। তথাপি তায়েই বৰ যতনেৰে সেইখন ধুই-পখালি সামৰি থয়, বিভাসে বিচাৰিলেই দিব পৰাকৈ।

কেৱল জয়াইয়ে নে! ..কেৱল তায়ে নে ইচ্ছাবোৰক মনৰ মাজত পুতি থৈ সাৰ কৰে জীৱনক জীয়ন দিবলৈ?
নহয়। নিজৰ মাক-দেউতাককো দেখিছে তাই ইচ্ছাবোৰক কলিজাৰ অটল তলিত সামৰি থোৱা। সেইবোৰক জীৱনটো জীয়ন দিবলৈ পচন সাৰ কৰা দেখিছে তাই।
জীৱনক জীয়ন দিবলৈকে কিদৰে দেউতাকে নিজৰ প্ৰিয়তম বন্ধুৰ সৈতে তাইৰ মাকৰ বিশেষ সম্পৰ্কৰ কথা জানিও, প্ৰচণ্ড ইচ্ছা সত্ত্বেও মাকক তেওঁৰ জীৱনৰ পৰা বিদায় দিব নোৱাৰিছিল …সেই কথা ভাবি তাই আচৰিত হৈছিল! কিন্তু ৰাতিৰ নিসাৰ অন্ধকাৰত দিনৰ ভব্য পুৰুষ তাইৰ দেউতাকজনে ইচ্ছামতেই অভব্য হৈ প্ৰতিশোধ পৰায়ণ হৈ উঠিছিল তেওঁৰ পত্নীৰ ওচৰত।
জয়াৰ মাকেও সেইদৰেই তাইক আৰু তেওঁৰ সমাজ স্বীকৃত প্ৰেমহীন পুৰুষজনক এৰি নিজৰ প্ৰিয়তম পুৰুষজনৰ কাষলৈ একেবাৰেই গুচি যাব পৰা নাছিল কিবা এক অদ্ভুত অদৃশ্য বন্ধনৰ বাবে। কিন্তু তাইৰ দেউতাকৰ অনুপস্থিতিৰ নিশাবোৰত মাকৰ বিছনাখন উদং হৈ পৰি থকা দেখিছিল তাই বহুবাৰ। তিনিমহলীয়া ঘৰৰ বেলকণিৰ পৰা গে’টৰ বাহিৰৰ গাড়ীৰ ভিতৰত দেখিছিল মাকৰ ইচ্ছাবোৰৰ স্বচ্ছন্দ ভোগ-বিলাস! আৰু তাইৰ বায়েক সীমা! …সীমাই তাইৰ উচ্চশিক্ষাৰ সপোনটো সাৰ কৰি বিয়া হৈছিল সম্ভ্ৰান্ত বংশৰ এজন যুৱক কিংকৰৰ সৈতে। বিয়াৰ পাচতহে সীমাই গম পাইছিল কিংকৰৰ এক অবাঞ্চিত চৰিত্ৰৰ কথা! ৰাতিৰ ৰাতিটো সহকৰ্মীৰ সৈতে বিশেষ প্ৰজেক্টত কাম কৰি থকা ভাগৰুৱা কিংকৰক মচলা চাহ দিবলৈ গৈ সমলিংগীয় অভিসাৰৰ পাচৰ ভাগৰুৱা দুটা পুৰুষ দেহ আৱিষ্কাৰ কৰি চিৎকাৰ কৰি উঠিছিল সীমা।

কথাবোৰ মনলৈ আহি আহি জয়া কুঁৱলীয়ে ঢাকি ধৰা নিশাটোতো ভিতৰৰ পৰা ঘামি উঠিছিল। কুঁৱলীৰ আস্বাদনখন নাতিদূৰত জ্বলি থকা জুইৰ শিখাবোৰে চেলেকি চেলেকি পৰম তৃপ্তিহে যেন আঁজুৰিছিল! জুইৰ নৈশভোজ! জুইকুৰাৰ বাৰু দিনৰ পোহৰত কুঁৱলী চেলেকি চেলেকি তৃপ্ত হোৱাৰ ইচ্ছা হয় নে নহয়…!
আৰু ইচ্ছামতেই সকলো কৰি তৃপ্ত হোৱা মানুহৰ চিৰন্তন হাবিয়াসটো!
….প্ৰায়ে আচৰিত হয় জয়া কি এই বান্ধোন যি মানুহৰ ইচ্ছাৰ পাখিক জপটীয়াই বান্ধি থয়! আচৰিত হয় তাই নিজৰ স্থিতপ্ৰজ্ঞ অনুশাসক খুড়াকক দেখিও। ড্ৰাগছ আসক্ত কুলাংগাৰ পুতেকক যি ইচ্ছা কৰিও কৰিব নোৱাৰে ত্যাজ্যপুত্ৰ। দিনৰ পোহৰত ড্ৰাগছকলৈ বিষোদগাৰ কৰি থকা মানুজনৰ চেহেৰাটো আৰু নিশাৰ অন্ধকাৰত ড্ৰাগছ খাবলৈ নেপাই দেদাউৰিয়াই থকা পুতেকৰ হাতত নিজ হাতে ড্ৰাগৰ চিৰিঞ্জ-পুৰীয়া ধৰাই দিয়া খুড়াকৰ ৰহস্যময় চেহেৰাটোৰ তুলনাৰ বৈসাদৃশ্যত আতংকিত হৈ উঠে জয়া।
”মায়াবিনী ৰাতিৰ বুকুত…” -হঠাৎ বাজি উঠা হাতৰ মোবাইলটোৰ শব্দ আৰু চিন্তাৰ গভীৰতাৰ খুড়াকৰ ৰহস্যময় মুখৰ ছৱিখন একাকাৰ হৈ মুহূৰ্তৰ কাৰণে জয়া চক্ খাই উঠিল। পেডেড জেকেটটোৰ তলতো তাইৰ জাৰশুংবোৰ দাংখাই উঠিল। প্ৰকৃতিষ্ঠ হ’বলৈ অলপ সময় লৈ তাই ফোনটো ৰিচিভ কৰিলে। বিভাসৰ কল। কলটো ৰিচিভ কৰিবলৈ লৈয়ে তাই জুইৰ কাষৰ মেলখনলৈ চাই পঠিয়ালে, বিভাস নাই তাত।
: কোৱা!

: কি ভাৱি বহি আছিলা? ..তোমাৰ কাষেদিয়ে ভিতৰলৈ.. ৰুমলৈ আহিবলৈ চিগনেল দি মাতি আহিলো। একো ক’বই নোৱাৰা যে! -বিভাসৰ মাতত অনুযোগ।

: এতিয়া ৰুমলৈ কিয়… অলপ পাচতেচোন খাবৰ হ’বই!

: তোমালৈ ৰুমলৈকে স্ম’কড প’ৰ্ক অলপ লৈ আহিছিলো। পানীৰ বটলতে কোনেও গম ধৰিব নোৱাৰাকৈ ভডকা অলপো লৈ আহিছো খাই লোৱাহি। ভাতলৈ সময় আছে এতিয়াও। .….আগতে খাই থকা বস্তু খাবলৈ নাপালে তোমাৰ নৈশ ভোজ আধৰুৱা হৈয়ে ৰ’বচোন! – কৈ খেক খেক কৈ হাঁহি দিছিল বিভাসে।

বিভাসৰ আবদাৰ আৰু উপহাস মিহলি হাঁহিৰ মাজতে হঠাৎ জয়াৰ মনলৈ আহিল, ৰাতিৰ আন্ধাৰত ইচ্ছাৰ অভিসাৰৰ নামেই নেকি নৈশভোজ! তেনেহ’লে তাই আৰু নৈশভোজৰ আয়োজনো নকৰে নিমন্ত্ৰণো ৰক্ষা নকৰে। স্পষ্ট মাতেৰে তাই বিভাসক কৈ উঠিল,
: এতিয়া নাখাওঁ বিভাস। কালিলৈ দিনত মাইক্ৰ’ৱেভত গৰম কৰি দিবা। বে-ৰং ভডকাৰ লগত খোৱাতকৈ ৰঙীণ কুলীন ৰহীৰ লগত খাম। সকলোৰে সন্মুখত খাম। ..নৈশভোজ মোৰ ভাল নালাগে।
-কৈয়ে তাই ফোনটো ডিছকণেক্ট কৰি দিলে। তাৰ পাচত হঠাতে যেন তাইৰ চকুৰ আগৰ পৰা কুঁৱলী আৰু আন্ধাৰবোৰ লাহে লাহে আঁতৰি গ’ল।
আৰু ইচ্ছাৰ ডেউকাবোৰ ধপধপাই উৰিবলৈ সাজু হ’ল… মাকৰ, দেউতাকৰ, সীমাৰ, কিংকৰৰ, খুড়াকৰ, …বিভাসৰ সোণালীয়ে দিয়া প’হ’খনৰ আৰু, আৰু তাইৰো! …সকলোৰে।

নৈশভোজৰ আমন্ত্ৰণ আজি তাই কৰাৰ দৰে কোনোবাই যদি সেই তাহানিতে যদি উপেক্ষা কৰাৰ সাহস কৰিলেহেঁতেন….!
…হেঁতেনবোৰ থাকক। তাইযে কৰিব পাৰিলে, তাতেই সন্তুষ্টি।
এইবাৰ তাই বতাহত উৰি ফুৰা পোৰা গাহৰি মঙহৰ গোন্ধটোৰ উচতনিত ওলোৱা জিভাৰ তলৰ হেঁপাহৰ পানীখিনি বৰ আড়ম্বৰেৰে সেপ ঢুকি গিলি থৈ দিলে।
***

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক