নৈশ বাছত আহুকাল::ছাত্ৰাবাসৰ এডোখৰ (১৩) (দিগন্ত যাদৱ শৰ্মা)

(এক)

পৰিল পৰিল…

ধেৎতেৰি নপৰিল!

এইবাৰ পৰিবই পৰিব!

পৰিল! বঢ়িয়া! এইবাৰ গম পাইছে! দিলোঁনে টোপনি ভাঙি! কৰক এতিয়া উস-আস! উস্ ৰাম, শুবলৈ নিদিয়ে মানুহজনে! এনেকৈনো নাক বজাই শুৱেনে?

: অহ! খুড়া কি হ’ল? দুখ পালে নেকি? হেৰা ‘পাইলট’, ‘লাইট অন’ কৰাছোন।

: মূৰত অলপ দুখ পাইছোঁ! একো নহয় দিয়া। ভাইটি তোমাৰ একো অসুবিধা হোৱা নাইতো!

: নাই খুড়া, মোৰ আৰু কি অসুবিধা হ’ব!

: ৰবাচোন। মই কথা এটা বুজি পোৱা নাই। তোমাৰ ‘ছিট’ত মোৰ শৰীৰটো কেনেকৈ গৈ পালেহে?

: খুড়া মোৰ পানীৰ পিয়াহ লগাত হাউলি গৈ বেগৰ পৰা পানীৰ বটলতো উলিয়াবলৈ লৈছিলো। তেনেতে আপুনি মোৰ ‘ছিট’টোত আহি পৰিল। নহ’লে আপোনাৰ মূৰটো আহি মোৰ কান্ধতে পৰিলহেঁতেন। টোপনি আহিছিল চাগৈ। মোৰ ‘ছিট’টোৰ কাঠডালত লাগি আপুনি মূৰত নিশ্চয় দুখ পাইছে।

: আজি দিনটো বৰ কষ্টৰে গ’ল! সেইবাবে বাছখন ‘ষ্টাৰ্ট’ দিয়াৰ লগে লগে টোপনিত ঢলি পৰিলোঁ।

‘বিহৰ গুটি’ সৌৰভে কিন্তু পৰিবেশটো খুব উপভোগ কৰিলে। ‘বিহৰ গুটি’ মানে ভালকৈ জনাবোৰে সৌৰভক তেনেকৈয়ে মাতে। উজনিৰ মহাবিদ্যালয় এখনৰ পৰা উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ পাঁচ মাহ আগতে গুৱাহাটীত নাম ভৰ্তি কৰিছিল। তিনিমাহ আগতে শ্ৰেণীবোৰ আৰম্ভ হৈছেহে। ছাত্ৰাবাসত থাকিবলৈ লৈছিল। ইফালে ‘ৰেগিং’ আছেই। বৰকৈ নহয়, তথাপিও আশংকা এটা ছাত্ৰাবাসত থকা সময়খিনিত থাকেই! ইয়াৰ মাজত দুবাৰকৈ ঘৰলৈ অহা যোৱা কৰিলেই! নৈশ বাছতে অহা-যোৱা কৰে। কিছুমান মানুহৰ যে বাছখন চলিবলৈ লওঁতেই যে নাক বাজিবলৈ ধৰে। নিজে ফস্তি মাৰি শুই আনক আমনি কৰি থাকে। আজি তেনে ধৰণৰেই হ’ল। ক’ৰ জানো মানুহজন? সৌৰভৰ লগত এনেয়ে দুটামান কথা পতাৰ পিছত মানুহজনৰ নাক বাজিবলৈ আৰম্ভ কৰিছিল। টোপনিতে আহি সৌৰভৰ কান্ধত মূৰটো হাওলি পৰে। কি যে এক অশান্তি! সি বাৰে বাৰে মূৰটো লাহেকৈ মানুহজনৰ ‘চিট’লৈ হেঁচুকি দিয়ে। নাই আকৌ আহি কান্ধতে পৰে। গঁতা মাৰি দিয়ো সুফল নোপোৱাত মনত এই বুদ্ধিটো খেলাইছিল। ক্ষণ বুজি ‘চিট’টোত টিকাটো থৈ শৰীৰটো আগলৈ হাওলাই দিছিল। টোপনিৰ জালত হালি আহি মানুহজন সৌৰভৰ ‘চিট’টোৰ হেণ্ডেলত খুন্দা খাইছিল।

সেইবাৰ ঘৰৰ পৰা আহোতে মনটো ভাল লাগি আছিল। এসপ্তাহ পিছতেই নৱাগত আদৰণি সভা। ইয়াৰ পিছত মুকলিমুৰীয়াকৈ ঘুৰা-ফুৰা কৰিব পাৰিব। নাই! ইফালে দেখোন পইমাল নুগুচেই! মানুহজনৰ আকৌ নাক বাজিবলৈ আৰম্ভ কৰিছিল। কালি ৰাতিপুৱা ন বজাতে ‘ক্লাচ’। বাছৰ পৰা নামিয়েই ছাত্ৰাবাসত মুখ-হাত ধুই ‘ক্লাচ’লৈ যাব লাগিব। অকনমান বাছতে শুই লব নোৱাৰিলে দিনটো বৰ বেয়া লাগি থাকিব। ‘চিট’ সলনি কৰিবলৈ অন্য এটাও খালি নাই। শেষত সৌৰভে সিদ্ধান্ত ল’লে যে সি যদি শুব নোৱাৰে তেন্তে মানুহজনকো শুব নিদিয়ে। Tit for tat!

: “খুড়া খুড়া! উঠক উঠক!” _গাত হাত দি সৌৰভে মানুহজনক টোপনিৰ পৰা জগাই দিলে।

: “কি হ’ল ভাইটি?” —ধৰফৰাই উঠি মানুহজনে জোৰকৈ চকু মেলি চালে।

: “খুড়া, মই ভয় খাই গৈছিলোঁ। আপুনি জোৰকৈ চিঞৰি উঠিছিল। সেইবাবে জগাই দিলো। বেয়া নাপাব।”

: “অ’ সেইয়া! মোৰ গভীৰ টোপনি আহিছিল চাগৈ। টোপনিত নাক বজাইছিলো কিজানি। তুমি ভয় খাব নালাগে, আৰামত শুই থাকা।”

হুহ! আৰাম কৰি শুই থকাৰ কথা কয়! নাই সেইটো বুদ্ধিৰেও একো নহ’ল। দুবাৰমান কৰি চাইছিল তেনেকুৱা। জগাই দিয়াৰ পিছতেই আকৌ নাক বাজিবলৈ আৰম্ভ কৰে। সৌৰভে টোপনিওৱাৰ আশা বাদ দিলে। ‘বেগ’ৰ পৰা বিস্কুটৰ পেকেট এটা উলিয়াই ঠিক মানুহজনৰ কাণৰ কাষতে খৰমৰাই দিলে। মানুহজন আকৌ ধৰফৰাই পোন হৈ বহিল।

: “ভাইটি কি হ’ল? কিহৰ শব্দ?”

: “নাই দাদা, ভোক লাগিছিল। পানী আৰু বিস্কুট খাই আছোঁ।”

প্ৰায় গোটেই নিশাটো তেনেকৈ কটাই ৰাতিপুৱা ছয় বজাত গন্তব্যস্থানত নামিলেহি। সৌৰভে শুব নোৱাৰিলেও কিবা-কিবি কৰি মানুহজনকো শান্তিৰে শুবলৈ নিদিলে। তেৱোঁ পিছলৈ বোধকৰো সৌৰভৰ দুষ্টামিৰ উমান পাইছিল।

 

(দুই)

মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা। সন্ধিয়াৰে পৰা লাহে লাহে প্ৰেক্ষাগৃহ ঠাহ খাই পৰিছে। সৌৰভে লগৰ তিনিজনৰ লগত প্ৰশাসনীয় ভৱনৰ বাৰাণ্ডাৰ চুক এটাত চুটি নাট এখনৰ আখৰা চলাই আছে। লগৰকেইজনক কৈ আছে-

: ভাল হ’ব লাগিব দেই কিন্তু। ‘চিনিয়ৰ’ৰ হাততালি পাব লাগিব।

মৌচুমী, মধুমিতাৰ লগতে সমবেত সংগীতৰ বাবে প্ৰস্তুতি চলাই থকা দহজনী আহিয়েই পোৱা নাই। লগত সংগত কৰিবলৈ তবলা, হাৰমনিয়াম লৈ প্ৰদীপ, সুশীল ইতিমধ্যে আহি হাজিৰ। বোধকৰো মৌচুমীহঁতে ছাত্ৰীনিবাসত আখৰা চলায়েই আছে। সময়ত আহি নাপালে বৰ বেয়া কথা হ’ব। প্ৰদীপে ইচাটি-বিচাটি কৰিবলৈ ধৰিলে। সেয়া ঘোষণা কৰিলেই। সন্মুখৰ আসনসমূহ ইতিমধ্যে চাৰ-বাইদেউৰে ভৰি পৰিছিল। সুন্দৰ পৰিবেশ এটাই বিৰাজ কৰি উঠিছিল। ইতিমধ্যে সমবেত সংগীত গাব লগা কেইজনীও আহি পাইছিল। প্ৰদীপৰ মুখতো হাঁহি বিৰিঙি উঠিছিল। বিজ্ঞান গুৰুজন আহি পোৱাৰ লগে লগে নৱাগত আদৰণি সভাৰ অনুষ্ঠানসমূহ ঘোষণা কৰিবলৈ আৰম্ভ কৰিছিল। প্ৰথমতে সমবেত সঙ্গীতৰে অনুষ্ঠান আৰম্ভ কৰা হৈছিল। ইটো-সিটো কেইবাটাও অনুষ্ঠান পৰিবেশনৰ পিছত সৌৰভহঁতে নাটখন পৰিবেশন কৰিবলৈ সুযোগ পাইছিল। চাৰ-বাইদেউ, ‘চিনিয়ৰ’ সমন্বিতে সকলোৱে মনোযোগেৰে নাটকখন উপভোগ কৰিছিল। এক কথাত ক’বলৈ গলে প্ৰচলিত ভাষাত সৌৰভে “ফালি দিছিল”।

সৌৰভৰ পৰিচালনা আৰু অভিনয়ৰে নাটখন সঁচাকৈয়ে ভাল হৈছিল। নাট শেষ কৰি চাৰ-বাইদেউ সকলোৰে সমন্বিত হাতচাপৰি শুনি শুনি বুকু ফিন্দাই সৌৰভহঁতে মঞ্চৰ পৰা নামি আহিছিল। চাৰ-বাইদেউ বহি থকা প্ৰথম শাৰী পাৰ হ’ব খোজোতে হঠাৎ সৌৰভে তাৰ নাম ধৰি মাতোতে ৰৈ গ’ল।

: মোক চিনি পাইছানে সৌৰভ? ঘৰৰ পৰা আহোঁতে যে বাছত একেলগে……

: আপুনি…

: মই তোমালোকক জীৱতত্ত্ব পঢ়াম। তোমাৰ ঘৰ ক’ত?

জীৱতত্ত্বৰ চাৰজনে সৌৰভৰ পৰিয়াল আৰু ঘৰৰ কথা সোধ-পোছ কৰি ললে। তাৰ পিছত ক’লে-

: মোৰ ঘৰৰ পৰা তোমাৰ ঘৰ বেছি দূৰ নহ’ব। তোমাৰ দেউতাক মই চিনিয়ে পাম কিজানি!

: হয় চাৰ।

: বিহুত ঘৰত নিশ্চয় যাবা।

: হয় চাৰ।

: বন্ধৰ আগে আগে মোৰ ওচৰলৈ আহিবা। পিয়নজনক কৈ নৈশ বাছত ‘টিকট’ কাটিব দিম। একেলগে ঘৰলৈ যাম, ভাল লাগিব।

 

সৌৰভৰ নাটক কৰি পোৱা আনন্দখিনি নিমিষতে ম্লান হৈ পৰিল। দুমাহ পিছত নৈশ বাছত আকৌ এটা অশান্তিদায়ক বিনিদ্ৰ ৰজনী পাৰ কৰিবলৈ আকৌ সাজু হ’বৰ হ’লেই দেখোন!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক