নৈষধ চৰিত আৰু কৃষ্ণকান্ত সন্দিকৈ- (ৰণজিৎ কুমাৰ বৰা)

নৈষধ চৰিত আৰু কৃষ্ণকান্ত সন্দিকৈ
-ৰণজিৎ কুমাৰ বৰা

ত্ৰয়োহগ্নয়স্ত্ৰয়ো ৱেদাস্ত্ৰয়ো দেৱস্ত্ৰয়ো গুনাঃ।
ত্ৰয়ো দণ্ডিপ্ৰবন্ধাশ্চ ত্ৰিযু লোকেষু ৱিশ্ৰুতাঃ।।

তিনি প্ৰকাৰৰ অগ্নি (গাৰ্হপত্য, আৱহনীয়, দক্ষিণ), তিনি বেদ (ঋক, যজুঃ, সাম), তিনি দেৱতা (অগ্নি, বায়ু, সূৰ্য), তিনিবিধ গুণ (সত্ত, ৰজঃ, তমঃ) আৰু আচাৰ্য দণ্ডিৰ ৰচিত তিনি গ্ৰন্থ (কাৱ্যাদশ, দশম কুমাৰ চৰিত আৰু অৱন্তি সুন্দৰী) তিনিও লোকতে প্ৰসিদ্ধ। অনুৰূপ অসমৰ সুন্তান, বিদগ্ধ পণ্ডিত ড০ কৃষ্ণকান্ত সন্দিকৈয়ো তিনিখন গ্ৰন্থেৰে জগতজোৰা খ্যাতি অৰ্জন কৰিছিল। বিশ্বৰ বিদ্বান সমাজত স−সন্মানে উচ্চাৰিত তথা বিপলু সমাদৃত বিশ্ববিখ্যাত গ্ৰন্থ তিনিখন হৈছে—‘নৈষধ চৰিত’, ‘যশস্তিলক আৰু ইণ্ডিয়ান কালচাৰ’ আৰু ‘সেতুবন্ধ’।
পণ্ডিত ড০ সন্দিকৈ দেৱৰ গ্ৰন্থৰত্ন তিনিখনৰ শ্ৰেষ্ঠতম হৈছে শ্ৰীহৰ্ষৰ ৰচিত নৈষধীয় চৰিত’ৰ ইংৰাজী অনুবাদখন। শ্ৰীহৰ্ষৰ ‘নৈষধীয় চৰিত’ পুথিখনক সংস্কৃত পঞ্চ−মহাকাব্যৰ কঠিনতম বুলি আখ্যা দিয়া হৈছে। জটিলতাৰ বাবেই আধুনিক পণ্ডিতসকলে গ্ৰন্থখন এৰাই চলিছিল। বৰোদা বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক ড০ এ. এন. জনিৰ বক্তব্যই গ্ৰন্থখনৰ জটিলতাৰ বিষয়ে প্ৰাঞ্জলকৈ প্ৰতিফলিত কৰিছে। তেওঁ এইদৰে কৈছে — ‘নৈষধ চৰিত সংস্কৃত মহাকাব্যসমূহৰ ভিতৰত আটাইতকৈ কঠিন আৰু সেয়ে আধুনিক কালত এই মহাকাব্যখনক অৱহেলা কৰা হয়।’ আনকি গ্ৰন্থৰ ৰচক শ্ৰীহৰ্ষই নিজেই গ্ৰন্থৰ প্ৰসংগত কৈছিল—‘অষ্টৌ ৱ্যাকৰনানি তৰ্ক নিৱহঃ সাহিত্যসাৰো নয়ো ৱেদাৰ্থাৱগতিঃ পুৰাণপঠিতিৰ্যস্যান্য শাস্ত্ৰাণ্যপি। নিত্যং স্যুঃ স্ফুৰিতাৰ্থদীপৱিহতাজ্ঞানান্ধকাৰাণ্যসৌ ৱ্যাখ্যাতুং প্ৰভৱত্যমুং সুৱিষমং সৰ্গং সুধীঃকোৱিদঃ।’ অৰ্থাৎ অষ্ট প্ৰকাৰৰ ব্যকৰণ শাস্ত্ৰ, তৰ্কশাস্ত্ৰ, অলংকাৰ শাস্ত্ৰৰ সাৰ, ন্যায় শাস্ত্ৰ, বেদৰ অৰ্থবোধ, পুৰাণৰ পাঠ আৰু নিজৰ অৰ্থৰ পোহৰেৰে অজ্ঞান আন্ধাৰ দূৰ কৰিব পৰা আন শাস্ত্ৰসমূহৰ সৈতে যাৰ নিজ পৰিচয় আছে, কেৱল সেইজন সুধী পণ্ডিতেহে এই কঠিন সৰ্গৰ ব্যাখ্যা কৰিবলৈ সক্ষম হ’ব পাৰে। যিয়েই নহওক বাইশ সৰ্গযুক্ত এই গ্ৰন্থখনৰ অনুবাদেৰে সন্দিকৈদেৱে নৈষধ চৰিতক সকলোৰে বাবে সৰল আৰু বোধগম্য কৰি তুলিলে। বিশিষ্ট পণ্ডিত ড০ মহেশ্বৰ নেওগৰ ভাষাত সকলোৰে বাবে জঞ্জলীয়া কথাবোৰ দিন যেন পোহৰ হ’ল।
নৈষধ চৰিতৰ মূল কাহিনী নলৰ জীৱনৰ প্ৰথমছোৱা আৰু নল−দময়ন্তীৰ প্ৰেম−বিবাহৰ ঘটনা প্ৰবাহক লৈ ৰচিত। ২,৮০০ শ্লোকসমৃদ্ধ মহাকাব্যখনৰ প্ৰতিটো শ্লোক সুগভীৰ অৰ্থপূৰ্ণ আৰু জটিল ভাষাৰে পৰিপূৰ্ণ। যাৰবাবে পুথিখনৰ অনুবাদত ড০ সন্দিকৈদেৱে সুদীৰ্ঘ সাত বছৰ কঠোৰ শ্ৰম কৰিব লগা হৈছিল। শ্লোকসমূহৰ সৰল, পতিয়নযোগ্য ব্যাখ্যাৰ বাবে তেওঁ বিভিন্ন টীকাকাৰৰ টীকা−টিপ্পনিৰ সহায় ল’বলগা হৈছিল। লক্ষণীয় কথাটো হৈছে নৈষধীয় চৰিতৰ বিষয়ে সেই সময়ত মাথোঁ মল্লিনাথ আৰু নাৰায়ণৰ টীকাহে প্ৰকাশিত অৱস্থাত আছিল। বাকী ছগৰাকী পণ্ডিত চান্দু পণ্ডিত, বিদ্যাধৰ, ঈশানদেৱ, নৰহৰি, বিশ্বেশ্বৰ আৰু জিনৰাজৰ হাতে লিখা অৱস্থাৰ টীকা বিভিন্ন সূত্ৰৰ পৰা সংগ্ৰহ কৰিবলগা হৈছিল। সন্দেহ নাই সেয়া আছিল অতিকৈ কষ্টকৰ, অনিশ্চয়তাৰে ভৰা। মূৰকত সেইবোৰেই তেওঁৰ পাণ্ডিত্যপূৰ্ণ লিখাৰ অনুপম স্বাক্ষৰ হৈ পুথিখনক বিশ্বজোৰা প্ৰসিদ্ধি দিছিল। গ্ৰন্থখনৰ ৩৫৩ পৃষ্ঠা মূলগ্ৰন্থৰ ধাৰাবাহিক অনুবাদ। বাকী প্ৰায় ৩০০ পৃষ্ঠাত সংযোজিত হৈছে প্ৰসংগৰ উল্লেখ, মূল বিষয়ৰ সন্দৰ্ভত বিস্তৃত আলোচনাৰে টোকা, বিভিন্ন দাৰ্শনিকৰ মতৰ বিষয়ে বিশদ আলোচনা, ভিন্ন ভিন্ন ধৰ্মমতৰ সম্পৰ্কে তথ্যপূৰ্ণ আলোচনা আদি। সেইবোৰ সন্দিকৈ দেৱৰ নিজস্ব প্ৰজ্ঞা আৰু সাধনাৰ ফচল। সেয়ে পুথিখনক অকল অনুবাদ কৰ্ম বুলিলে বহু কথাই ৰৈ যায়। পুথিখনৰ বিষয়ে ‘ইণ্ডিয়ান কালচাৰ’ নামৰ আলোচনীখনে প্ৰকাশ কৰা সমালোচনাত দৰ্শন বিষয়ক টোকাসমূহক ভাৰতীয় দৰ্শন বিষয়ৰ গৱেষণাসদৃশ বুলি আখ্যা দিছে।
নৈষধ চৰিত ১৯৩৪ চনত প্ৰকাশ হয়। প্ৰায় লগে লগে ইউৰোপ, আমেৰিকাৰ পণ্ডিত সমাজে কিতাপখন আদৰি লৈ ড০ সন্দিকৈদেৱক প্ৰশংসাৰে ওপচাই দিয়ে। দুৰূহ কামটোৰ বাবে অনেকে তেওঁক অভিনন্দন জনায়। তাৰে ভিতৰত এডিনবাৰ্গৰ সংস্কৃত সাহিত্য বিষয়ক খ্যাতনামা লিখক এ. বি. কীথ, ভাৰতীয় সাহিত্যৰ ইতিহাসবিদ প্ৰাগৰ এম. ৱাণ্টাৰনিজ, মহামহোপধ্যায় গাপীনাথ কবিৰাজ, মহামহোপধ্যায় কুপ্পুস্বামী শাস্ত্ৰী, ড০ ভি. সুখটংকাৰ আদি উল্লেখযোগ্য। বৰোদা বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক ড০ এ. এন. জনিয়ে গ্ৰন্থখনৰ আধাৰত ‘A critical study of SriHorsa’s Nasadhiya Charitain’ শীৰ্ষক গৱেষণাপত্ৰ এখন প্ৰস্তুত কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। ড০ আদিনাথ নেমিনাথ উপাধ্যায় আৰু ড০ হীৰালাল জৈনে গ্ৰন্থখনৰ বিষয়ে প্ৰকাশ কৰা মন্তব্যত কৈছে—এই কামটোৱে অধ্যাপক সন্দিকৈৰ সংস্কৃত ভাষাৰ জটিলতাৰ ওপৰত চূড়ান্ত দখল আৰু তেওঁৰ সংস্কৃত শিক্ষাৰ বিশাল দিগন্তক প্ৰাচ্যবিদসকলৰ দৃষ্টিগোচৰ কৰে। গ্ৰন্থখনৰ আন এটা উল্লেখযোগ্য দিশ হৈছে পণ্ডিত সন্দিকৈদেৱে পুথিখনত ৰাজ্যখনৰ আন এগৰাকী বিদগ্ধ সংস্কৃত পণ্ডিত আনন্দৰাম বৰুৱাৰ নামত উছৰ্গা কৰি তেওঁ (আনন্দৰাম বৰুৱা)ক One of the pioneers of Sanskrit Research in India বুলি আভিহিত কৰিছে।
বিশিষ্ট গৱেষক, পণ্ডিত মহেশ্বৰ নেওগৰ কথাৰে এই লিখা সামৰিছো—‘শ্ৰীহৰ্ষ আৰু তেওঁৰ যুগ, তেওঁৰ ৰচনাৰ সামাজিক আৰু বিশেষতে দাৰ্শনিক পটভূমিৰ ব্যাখ্যা, মূল গ্ৰন্থৰ ইংৰাজী অনুবাদ, এই প্ৰত্যেকটো একোটা বৃহৎ প্ৰত্যাহ্বানৰ কৰ্ম। সন্দিকৈদেৱে কিতাপখন অকলে ল’লেও এটা কথা আছিল। তেওঁ কিন্তু তাকে নকৰি পূৰ্বৰে পৰা থকা গ্ৰন্থখনৰ নানা টীকা সংগ্ৰহ কৰি সমস্তকে একেলগে লৈ তন্ন তন্নকৈ পৰীক্ষা কৰি কঠোৰ পৰিশ্ৰমেৰে অনুবাদ আৰম্ভ কৰিলে। তেওঁৰ মনীষাৰ স্পৰ্শত সকলো জটিল কথাই সৰল আৰু প্ৰাঞ্জলৰূপ ল’লে। তেওঁৰ বিৰাট গ্ৰন্থখনি ‘পণ্ডিতে মুখ দিব নোৱাৰা ’হৈ পণ্ডিত জগতত এক বিস্ময়ৰূপে দেখা দিলে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments