নৈসৰ্গিক কল্লোলৰে উত্তৰাখণ্ডৰ বিনচাৰ (ভেলী) উপত্যকা-মধুমিতা বৰুৱা শইকীয়া

স্নেহময়ী প্ৰকৃতিৰ পৰশে এবাৰ যদি পৰশি যায় হিয়ামন, মানুহক অন্য সঞ্জীৱনী নালাগে। এইষাৰ কথা মই প্ৰতিবাৰ, প্ৰতিটো ভ্ৰমনতে বাৰে বাৰে উপলব্ধি কৰোঁ। চহৰৰ চমকপ্ৰদ জীৱনে মোক কোনোদিনে আলোড়িত কৰিব পৰা নাই যি মই বিচাৰি পাওঁ নদীৰ মোহনাত, উত্তাল সাগৰৰ উৰ্মিমালাত। পাহাৰৰ কেঁকুৰি, বৈ অহা জলপ্ৰপাতে মোক যি শিহৰণ দিয়ে সেই শিহৰণ কোনো বৈষয়িক বৈভৱৰ সোণৰ লাঠি অথবা ৰূপৰ কাঠিয়ে দিব পাৰিব বুলি কোনোদিনে ভবা নাছিলোঁ। আচলতে ভ্ৰমণ ভোকৰ বাহিৰে অন্য কোনো সপোন নথকা আমাৰ চকুত সদায় বাৰিষাৰ পথাৰ, জাৰৰ ফুল ফুলা পাহাৰৰ নামনি, ওখোৰা-মোখোৰা বাট আৰু বুকুৰ হেন্দোলনিহে আছে।
প্ৰতিটো শৰৎ অথবা জাৰত নহ’লেবা গ্ৰীষ্মকালীন সময়ত সাধাৰণতে আমি ফুৰিবলৈ যাওঁ। ক্লাব মহিন্দৰৰ মেম্বাৰশ্বিপ লোৱা বাৰবছৰ হ’ল। থকাৰ সুবিধা সম্পূৰ্ণ বিনামূলীয়া। তাৰবাবে অৱশ্যে আগতে মূল্য জমা দিয়া হয়। তালিকামতে প্ৰতিটো সময়তে আমাৰ বাবে ভ্ৰমণৰ দিনবোৰ বন্ধা থাকে। ইচ্ছা মতে লব পাৰোঁ। বহুত আগতে বুক কৰি থব পাৰি।
সেই অনুযায়ী যোৱা পূজাৰ আগে আগে আমি দুয়ো, অসমৰ স্বনামধন্য অভিনেত্ৰী মলয়া গোস্বামী বাইদেউ আৰু তেখেতৰ গৃহস্থ গোস্বামী দাদাৰ সৈতে নাইনিতাললৈ গৈছিলোঁ।তেওঁলোকৰ ক্লাব মহিন্দৰৰ সদস্য পদ আছে, যদিও এইবাৰ প্ৰথম যাত্ৰা কৰিছিল। মনত আশা আৰু হেঁপাহৰ ঢৌ। তাতে লগতে লাগিলোঁ মই।গানে,ৰগৰে যাত্ৰাটি মধুৰ হৈ পৰিছিল। মলয়া বাইদেউৰ গৃহস্থ গোস্বামী দাদাজন স্ফুৰ্তিবাজ। মলয়া বাইদেউও নিৰস নহয়। মোৰজন আকৌ বাহিৰ ওলালেই উদণ্ড ডেকা হৈ পৰে। সাতে পাঁচে যাত্ৰা ভিন্নৰঙী হৈ পৰিল।নাইনিতালৰ আটাইকেইটা তাল(পুখুৰীত)ত নৌকাবিহাৰকে ধৰি অলিগলিয়ে বেদুইন হৈ ঘূৰা-ফুৰাৰ অন্তত আমি আমাৰ অন্য এক গন্তব্যস্থান উত্তৰাখণ্ডৰ বিনচাৰ উপত্যকাৰ বাবে ৰাওনা হ’লোঁ। মাজে মাজে ৰৈ যাওঁ বাটৰ মায়াত। ইমান সুন্দৰ হব পাৰেনে ধুনীয়া ধৰণী?
যাওঁতে কেচিধাম নামৰ এখন ধামত সোমাই গ’লোঁ। তাৰ স্থানীয় মানুহে জনোৱা মতে মাৰ্ক জুকাৰবাৰ্গে ফেচবুক আৰম্ভ কৰাৰ আগতে দেউতাকৰ পৰামৰ্শ মতে ইয়াত বোলে তিনিমাহ আত্মগোপন কৰি সফলতাৰ বাবে প্ৰাৰ্থনা কৰিছিল। কেচি ধাম এখন সৰু দেৱী ধাম।কাষত হুৰহুৰকৈ বৈ থকা পাহাৰী নদী আৰু শৰতৰ শাৰদীয় শোভাত এনে লাগিছিল যেন আমি বাটতে পালোঁ যেন এখন সৰগীধাম। আমি উপস্থিত হওঁতে তাত মা বৈষ্ণৱীৰ ভজন চলি আছিল।
তাৰপিছত আমাৰ মূল যাত্ৰা আৰম্ভ হ’ল। শেৱালি ফুলা সময়ত শেৱালি দেখা নাছিলোঁ, যদিও আকাশত দেখিছিলোঁ তুলামেঘৰ শৰৎ পোহাৰ। আকুলতা আৰু শাৰদ বিলাসত
এনেদৰে ওৰেটি বাট আত্মবিস্মৃত হৈ মই নিজৰ মাজতে সোমাই গৈছিলোঁ কুৰুকি কুৰুকি। মাজে মাজে এওঁৰ চিগাৰেটৰ গোন্ধত সম্বিত পাওঁ।খঙত এষাৰ কম বুলি ভাবিও সম্বৰণ কৰোঁ, এয়া বুঢ়া-বুঢ়ীৰ প্ৰমোদ ভ্ৰমণ। জীয়ৰীও লগত নাই। পাছে নেচেল, তেখেতৰ মেল ড্ৰাইভাৰৰ লগত। বিষয় উত্তৰাখণ্ডৰ ভৌগোলিক স্থিতি, ৰাজনৈতিক বাতাবৰণ। উপায়ন্তৰ হৈ আকৌ আকাশ বতাহৰ ধেমালি চাই উৎফুল্লিত হৈছিলোঁ।
নাইনিতালৰ পৰা বিনচাৰলৈ পথেৰে নব্বৈ  কিলোমিটাৰ বাট। কিন্তু একাবেঁকা পাহাৰীয়া পথত সেই দূৰত্ব প্ৰায় দিনটোৰ। গৈ গৈ
বাটতে অন্য এখন পাহাৰীয়া ভ্ৰমনথলী “আলমোৰা” পালোগৈ। সময় তেতিয়া পাছ দূপৰ। স্বাস্থ্যকৰ ঠাই সুস্বাদু মিঠাইৰ বাবেও বিখ্যাত। মলয়াবাইদেৱে এসোপা মিঠাই ল’লে। এওঁলোকৰ যোগাৰ ৰঙাপানী। বাহিৰৰ দেশত এশোহা মাৰিবলৈ ময়ো ভালপাওঁ। আপত্তিৰ প্ৰশ্ন নুঠে।
কেঁকুৰিৰ মূৰত কেকুঁৰি, যেন গাড়ীখন মইহে চলাইছিলোঁ। ইফালে বাগৰো সিফালে বাগৰো চিটতে। দূৰত জিলিকা সৰু বৰ সাতখন আঠখন পাহাৰীয়া গ্ৰাম্য চহৰ। শৰতৰ আকাশৰ আলসুৱা মেঘৰ চকুৰ টিপ।
স্বগতোক্তি কৰিবলৈ মন গৈছিল…. স্বৰ্গ যদি আছে পৃথিৱীৰ মাজে ..ইয়াতে সি… ইয়াতে সি… ইয়াতে বিৰাজ।
সাধাৰণতে কেৱল ক্লাব মহিন্দৰৰ পৰ্যটক সদস্যৰ বাহিৰে ভ্ৰমণকাৰীৰ উপস্থিতি এইফালে সেৰেঙা। বিনচাৰ উত্তৰাখণ্ডৰ প্ৰায় এমূৰৰ আওহতীয়া উপত্যকা। আমি দুটাই বহুত বাৰ যাম বুলিও যোৱা হোৱা নাছিল অকল এই দূৰত্বৰ বাবেই। জীয়ৰী নোৱাৰিলে,ইউনিভাৰ্চিটি খোলা বাবে। তথাপিও ময়লা বাইদেউহতঁৰ লগ পাই সুযোগ এৰি নিদিলোঁ। অৱশেষত কানিমুনিপৰত বিনচাৰৰ হোটেলত উঠিলোঁ।
প্ৰসংগত কওঁ, বিনচাৰ লৈ দিল্লীৰ পৰা এখনহে নিতৌ বিমান আহে। বিমানবন্দৰটো হ’ল পন্টনগৰ। পাহৰী চহৰ আলমোৰাৰ পৰা বিনচাৰ ওচৰত। মাথো তেত্ৰিশ কিলোমিটাৰ। উত্তৰাখণ্ডৰ অন্য এক চহৰ কাঠগোডামৰ পৰা এশ ন কিলোমিটাৰ।
সমুদ্ৰপৃষ্ঠৰ পৰা ২,৪২০মিটাৰ ওপৰত অৱস্থিত বিনচাৰ উপত্যকা। ঝান্দি পাহাৰ পৃষ্ঠাৰে পৰিবেষ্টিত বিনচাৰ আওহতীয়া ৰম্যভূমিৰ লেখিয়া পৰ্যটন কেন্দ্ৰ। কিন্তু কবলৈ গ’লে
বিনচাৰৰ আটকীয়া পাহাৰীয়া সৌন্দৰ্য্য আৰু দূৰৰ পৰা মনিব পৰা হিমালয়ৰ পৰ্বতলানিৰ কপাহবগা ৰূপালী সন্মোহনৰ বাহিৰে উল্লেখযোগ্য চাবলগীয়া ঠাই তেনেকৈ একো নেদেখিলোঁ। পাহাৰীয়া মন্দিৰবোৰ কিন্তু বৰ দৃষ্টি নন্দন। এনে লাগে যেন তপস্যাৰত হৈ ৰৈ যাম বিষয় জঞ্জাল এৰি।
আমি থকা হোটেলখনৰ আগগুৰি ধৰিব নোৱাৰি। জোপোহাৰ জংগলৰ মাজত যেন মুনিৰ আশ্ৰম। ফুলে জালিয়ে জাতিস্কাৰ। নৱদম্পত্তিবোৰৰ উজ্জ্বল মুখত সন্ধিয়াও দেখিছিলোঁ ভালপোৱাৰ নিয়ৰ মুকুতা। কোনোবা জোপোহাৰ ঘাঁহনিত বাগৰিছে, কোনোবাই মোবাইল টিপিছে, কোনোবাই অনভ্যাসলৈ সলনি হোৱা হাতবোৰ টেবুল টেনিছত ধাৰ কৰিছে।
আলেখ লেখ চাওঁতেই এপৰ গ’ল। ৰাতিলৈ উদৰ পুৰাই এসাঁজ খায় নিন্দ্ৰাত পৰিলোঁ।
পাছদিনা বাঘ্ৰেশ্বৰী মন্দিৰ এটালৈ গ’লোঁ।শৰততে শীত অহা বিনচাৰৰ তুলনাত তাত ৰ’দৰ দহন আছিল গা পুৰি নিয়া। মলয়া বাইদেউ আৰু দাদাই পূজা দিলে। এওঁ গাড়ীত বহি থাকিল।
শিৱবাবাক প্ৰণাম কৰি মই হৰেক মালৰ দোকান বোৰ পিটপিটাই ফুৰিলোঁ। এসময়ত এই অঞ্চলত বোলে আগতে বাঘে দপদপাই ফুৰিছিল। মন্দিৰত বাটচৰাত ডাঙৰ এটা বাঘৰ মুৰ্তি দেখি নিজেও অনুমান কৰিছিলোঁ। পানীত ৰ’দবোৰ চকমক কৰিছিল। মলয়াবাইদেৱে ভৰিহাল ডুবাইহে এৰিলে। আবেলিলৈ হোটেলৰ আশেপাশে খোজকাঢ়ি সন্ধিয়া মলয়া বাইদেউ আৰু মই বহু দূৰ বাট গ’লোঁ। শীত শীত ভাব, নিজান সন্ধিয়াত আমাৰ মেলে কিন্তু অসমহে চুলে। লগতে মলয়া বাইদেউৰ অভিনয়ৰ ইটো সিটো বহুতো।
তৃতীয় দিনা দিল্লীত কাম থকা বাবে আগতীয়াকৈ মলয়া বাইদেউহঁত উভতিল।আমি দুয়োৱে কুমায়ুন ৰেঞ্জত থকা বিনচাৰ ৱাইল্ড লাইফ চেঞ্চুৰীলৈ গ’লোঁ। এইবাৰ কিন্তু আমাৰ বিনচাৰ ভ্ৰমণ সফল হ’ল
যথাযথ নিয়মমতে চহী কৰি, আইডেনটিটি কাৰ্ড আদি দেখুৱাই এবাৰ যেতিয়া ৱাইল্ড লাইফ চেঞ্চুৰীলৈ সোমালোঁ গহন বনত যেন নিজৰ সত্বাকে হেৰুৱাই পেলালোঁ। আকাশ ঢকা সেউজীয়াৰ ডাঠ অৰণ্যৰ মাজত গাড়ীখনত উঠি যাওঁতে নেদেখাজনলৈ প্ৰণাম জনালোঁ, এই ৰাস্তাটো এই জীৱনত দেখিবলৈ দিয়া সুবিধাকণৰ বাবে। তললৈ জুপি চাব লাগে সেউজীয়াৰ ঘন ছাঁ আঁতৰাই আঁতৰাই…..। এককথাত নিজকে টাৰজানৰ আত্মীয় যেন লাগিছিল। সাংঘাতিক ডাঙৰ সাহিত্যিক অথবা চিত্ৰকাৰেহে এনে অনুভৱৰ কাতৰতাখিনি প্ৰকাশ কৰিব পাৰিব। মোৰ সাধ্যৰ বাহিৰত। ৱাইল্ড লাইফ চেঞ্চুৰীখনত ইমান দূৰ গৈ তচনচ কৰিলোঁ, যদিও কিন্তু জীৱ-জন্তুৰ সঁচ এটাও নেদেখিলোঁ। হেপাঁহ পলুৱাই ফ’টো উঠিলোঁ মাথো।
এবেলিৰ পিছত সেই একেখন অৰণ্যানীৰ মাজেদিয়েই আমি আমাৰ শেষ টুৰিষ্ট পইন্টলৈ ৰাওনা হ’লোঁ। সেয়া আছিল বিনচাৰ ভেলীৰ জিৰ পইন্ট। জিৰ’ পইন্টত এনেকুৱা লাগিছিল যে সপোন এটাহে যেন বুটলিবলৈ গৈছিলোঁ আমি। কেনেকুৱা নিৰ্জনতা আৰু অতীৱ সুন্দৰতা সেয়া মাথো অনুভৱতহে। মোৰ কলম ইমান উৰ্বৰ নহয়, এনে বৰ্ণনাক সাকাৰ কৰিবলৈ। কেউফালে ৰিঙা ৰিঙা অশৰীৰি নীৰৱতাৰ নুশুনা সুৰ এটা যেন জিৰ পইন্টত বাজি আছিল। এনে লাগিছিল ৰাতি চাগৈ অপ্সৰা নামে ইয়াত। হয়তো মোহন বাঁহী বজাই কানাইও ইয়াতে থাকে। নৈসৰ্গিক সৌন্দৰ্য্যৰ পয়োভৰত এককথাত মন্ত্ৰমুগ্ধ হৈছিলোঁ। তলত দেখিছিলোঁ মাথো আকাশমুখী শৃংগ শৃংখলাৰ সৈতে হিমালয়ৰ ৰূপালী জিলমিল জ্যোতি। কিন্তু সেইদিনা ডাৱৰ আছিল বাবে হিমালয়খন বোলে অস্পষ্ট হৈ ওলাইছিল। তাত থকা সহায়কজনে কৈছিল। আমি কিন্তু তেতিয়াও পলক নেপেলোৱাকৈ হিমালয়ৰ ৰূপৰ সুধা পান কৰিছিলোঁ।
জিৰ পইন্টতে আমি দেখিলোঁ শতিকা পুৰণি এটি সাধাৰণ ডাকবঙলা, যিটো কিন্তু এতিয়াও অসাধাৰণ হৈ তাত থিয় হৈ আছে। কাৰণ তাত বিবেকানন্দই চাৰিদিন থাকি ধ্যানমগ্ন হৈছিল।আগতে বুক কৰিব পাৰিলে এতিয়াও তাত থাকিব পাৰি। এখন চাইনবৰ্ডত সবিশেষ লিখা আছে এতিয়াও। (দৰকাৰ হ’লে টুকুৰা টো দিব পাৰিম) বন্য বিভোৰহৈ মগ্ন হোৱাৰ এটা ঘন্টাৰ পাছত লাহেকৈ আমাৰ উভতি আহিবৰ হ’ল।একোখন ভৰা বুকুৰে আহি হোটেল পালোঁহি।পাছদিনাখন আমি জিম কৰবেটলৈ আহিলোঁ হোটেল এৰি। অহাৰ দিনা বতৰ ৰ’দঘাই আছিল। বিনচাৰে আমাক বিমুখ নকৰিলে। চকমক ৰূপালী হিমালয় চকুৰ আগত বিদ্যমান হ’ল। একেবাৰে ফটফটীয়াকৈ জিলিকিছিল ৰ’দত। মনৰ আনন্দত মই চিঞৰি দিলোঁ। অৱধাৰিত ভাবে গৃহস্থও ৰোমাঞ্চিত হ’ল। ড্ৰাইভাৰে ক’লে হিমালয়ৰ লানিখিনিক তাত ত্ৰিশূলমালা বুলি কোৱা হয়। জোঙা জোঙা শৃংখলাৰ হিমালয়ৰ কাষতেই যেন ৰৈ আছিল। পুৰণি হিন্দী গানটো মনত পৰিল, ইয়ে কৌন চিত্ৰকাৰ হে…ইয়ে কৌন চিত্ৰকাৰ…..
বেকগ্ৰাউণ্ডত হিমালয়ৰ ৰূপালী পোহৰখিনি লৈ আমি ফ’টো উঠিবলৈ লাগিলোঁ।
ড্ৰাইভাৰে হিন্দীতে ক’লে মৌচম ভাল, বহু দূৰ বাট, হিমালয় আপোনালোকৰ লগে লগে যাব। গাড়ীৰ খিৰিকীৰে মাথো চাই যাব অপলক। এতিয়া গাড়ীত উঠক। সন্ধিয়াৰ আগতে জিম কৰবেট সোমাবগৈ লাগিব।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
9 months ago

ধুনীয়া