নৈ (দেৱাংগ পল্লৱ শইকীয়া)

নৈ খনৰ লগত মোৰ আজন্ম সম্বন্ধ। শৈশৱৰ পৰাই মই নৈ খনৰ প্রেমিক। কৈশোৰত যেতিয়া ঘৰ এৰি বাহিৰলৈ উলাই আহিছিলো সপোনৰ সন্ধানত, নৈ খনক মই কথা দি আহিছিলো, এদিন মই উভতি আহিম। তেতিয়াৰে পৰা যেতিয়াই ঘৰলৈ গৈছো, এবাৰ হলেও মই নৈ খনৰ কাষলে’ যাওঁ। কোনেও নুশুনা বুকুৰ কথাবোৰ মই নৈ খনক কওঁ। নৈ খনে শুনে। মোক সান্তনা দিয়ে। বুকুৰ সমস্ত অভিমান মই উজাৰি দিওঁ তাইৰ আগত। কেতিয়াবা বহুত সময় মই নিৰৱে ৰওঁ নৈ খনৰ আগত, আৰু সেই নিৰৱতা খিনিও তাই আলফুলে ধৰি ৰাখে।

নৈ খনৰ লগত মোক প্রথমে চিনাকি কৰি দিছিল দেউতাই আৰু মোক কৈছিল “ইয়ালৈ আহিবি মাজে সময়ে ডাঙৰ হলে, শান্তি পাবি। ”

আখৰে আখৰে দেউতাৰ কথা ফলিয়াইছিল। নৈ খনে মোক দিছিল এক অনাবিল শান্তি যিটো মই কোনো পাৰ্থিৱ বস্তুৰ পৰা পাবলে অক্ষম। আনকি দেউতা ঢুকোৱাৰ পাছত সকলো কাম-কাজ যোৱাৰ পাছত মই এদিন নৈ খনৰ কাষত গৈ হেপাঁহ পলুৱাই কান্দিছিলো, নৈ খনে মোৰ
চকুপানী বোৱাই নিছিল, মোৰ বুকুখন পাতল কৰিছিল। সিদিনা নৈখনেও কান্দিছিল মোৰ লগত, পাৰত দেউতাৰ খোজৰ স্পৰ্শ সুৱঁৰি। মই এক অনাবিল শান্তি লৈ উভতি আহিছিলো।

এনেদৰেই নৈখনে আমাৰ অভিমান, আৱেগ বোৰক আশ্রয় দি আহিছে। কাকো কব নোৱাৰা বুকুৰ নিভৃত কোনৰ কথাবোৰ শুনি আহিছে নৈখনে একান্ত আপোন হৈ। দূৰ্যোগৰ সময়ত বুকু পাতি লৈছে দুখবোৰ। নৈ খন মোৰ আজন্ম আপোন।

নৈখনেও কথা কয়। নৈ খনৰোতো বূকুত দূখ আছে। নৈখনৰ বুকূৰ দুখৰ কথা কোনে শুনে ?? নৈখনৰ বুকূৰ কথা কোনো উমান লৈছে ?? নৈ খন লাহে লাহে শুকাই আহিছে। এদিন হয়তু এনেকৈয়ে নৈখন মৰি থাকিব। তাৰ পাছত ?? কোনে শুনিব বুকুৰ দুখৰ কথা ?? কোনে সান্তনা দিব
ধুমুহাৰ বাটত , কাৰ আগত কান্দিম মই বুকু উজাৰি ?? কোনে বোৱাই নিব বুকুৰ ক’লা তেজ ?? কোনেও নৈখনৰ বুকুৰ বেদনাৰ উমান নলয়।

নৈ খন লাহে লাহে শুকাই আহিছে। নৈ খন এদিন মৰি থাকিব। বুকুৰ আবেগ, অভিমান বোৰৰো মৃত্যু হব নেকি অকালতে?? এই ভয়ত আজি মই নৈ খনৰ বাবে এসোতাঁ কান্দিছো গোপনে। কেনেবাকে নৈ খনক জিয়াই ৰাখিব পৰা হলে !!

জুহাল!
জাৰৰ দিন অহাৰ লগে লগে শৈশৱৰ জুহাল খনলৈ মনত পৰে। ৰাতি ভাত খাবলৈ যোৱাৰ আগে আগে অকণমান সময় আৰু ভাত খাই অহাৰ পিছত জুহালৰ আগত বহো। দেউতাৰ কাষতে ৰেডিঅটো বাজি থাকে। জুহালৰ আগতেই সেই অকণমান সময়তেই দেউতাই শিকাইছিল জীৱনৰ কেইবাতাও আদিপাঠ, কেতিয়াবা ৰেডিঅটোত বাজি থকা কথাখিনিৰ প্রসংগেৰে নাইবা বেলেগ কথাৰে।

জুহালখনৰ আগত ৰেডিঅৰ সোমবাৰৰ নাটকখন যে কিমান জীবন্ত হৈ উঠিছিল !!
জাৰত জঠৰ হোৱা আমাৰ আঙূলি কেইটা যে সেই জুইৰ তাপত জী উঠিছিল !!! সেই আলুগুতি পুৰি যে গৰমে গৰমে ফুৱাই ফুৱাই খাইছিলো,সেই সোৱাদ আজিলৈকেতো ক’তো নাপালো আৰু!!

ফ্রেঞ্চ ফ্রাইয়ে দিব পাৰিবনে সেই পুৰা আলুগুতিৰ সোৱাদ?? কোনোদিনেই নোৱাৰে।

প্রত্যেকৰেই ঘৰতে, যাৰ যাৰ ঘৰত জুহাল থাকে, জুহালখন এখন সমাজ। চুবুৰি বা অঞ্চলৰ জেষ্ঠ কেইজনমান আহি যেতিয়া জুহালৰ আগত আহি আলোচনা আৰম্ভ কৰে, গাঁৱৰ পৰা আৰম্ভ কৰি আমেৰিকালৈ, শুনিবলৈ বৰ মনোগ্রাহি হয়। বিশেষকৈ দেউতাৰ বা ককাদেউতাৰ লগৰ শিক্ষক কেইজনমানে আহি যেতিয়া ছাত্র ছাত্রীৰ লগত হোৱা ৰসাল অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে, আমি পঢ়া টেবুলৰ পৰাই কান উনাই উনাই শুনি বৰ আমোদ পাওঁ। জুহালখনৰ আগত সেইসকল লোকৰ আলোচনাৰ পৰা তেখেত সকলৰ অজ্ঞাতেই আমি বহুতো কথা
শিকিছিলো, জীবন পথত প্রয়োজন হোৱাকে।
কি সাংঘাতিক ব্যক্তিত্ব আছিল তেখেত সকলৰ!!

এতিয়া জাৰ অহাৰ লগে লগে জুহালখনলৈ মনত পৰে। আচৰিত ভাবে এতিয়া যিমান ব্রেন্দেদ চুৱেটাৰেই নিপিন্ধো কিয়, জুহালৰ সেই উম কিন্তু ক’তো নাপাওঁ। শৈশৱ হেৰুওৱা যিবোৰ বস্তু এতিয়াৰ এই যান্ত্রিক পৃথিৱীখনত বিছাৰি হাবাথুৰি খাওঁ, সেইবোৰৰ ভিতৰত জাৰৰ দিনৰ জুহালখনো অন্যতম।

শৈশৱৰ জুহাল খনলৈ বৰ মনত পৰে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক