নোকোৱাই ভাল ( -ৰাজীব শৰ্মা)

(১)

আপোনালোকে বাৰু বাছত ভ্ৰমণ কৰি কেনে পায়? বাছ ভ্ৰমণ মোৰ বৰ প্ৰিয়৷ কৰ্মৰ খাতিৰত কৰবালৈ যাব লগীয়া হ’লে মোৰ প্ৰথম পছন্দ বাছ৷ আজিলৈকে বাছত
সন্মূখীন হোৱা বিভিন্ন তিতা- মিঠা অভিজ্ঞতা আপোনালোককো জনাও আহকচোন৷ এদিনৰ কথা •••
বাছত অসম্ভৱ ভীৰ৷ সেইহেতু বাছত উঠা-নমা কৰিবলৈও যাত্ৰীৰ যথেষ্ট বেছি সময় লাগিছে৷ তাতে ৰখাবলগীয়াও হৈছে বেছি৷ গতিকে সময় মিলাবলৈ চালকে বাছখন বেগাই চলাইছে৷ লগতে ওচৰৰ দুটা ষ্টপেজৰ যাত্ৰীক একে ঠাইতে নামিবলৈ তেওঁ অনুৰোধ জনাইছে৷ তেনেতে বাছখন এবাৰ এটা ষ্টপেজৰ পৰা গতিলোৱাৰ প্ৰায় লগে লগে এগৰাকী মহিলা যাত্ৰীয়ে তেওঁৰ ঘৰৰ সন্মুখত বাছখন ৰখাবলৈ চিঞৰিবলৈ ধৰিলে৷ অধৈৰ্য্য বাছ চালক জনে মহিলা যাত্ৰী গৰাকীক উদ্দেশ্য কৰি খঙেৰেই ক’লে•••••
“সকলোকে পদুলিয়ে পদুলিয়ে নমাব লাগে৷ ইমান ঘৰৰ সন্মুখত নামিবলৈ লাগে যদি নিজৰ গাড়ীত অহা যোৱা কৰিলেই হয়৷ “
মই কেবিনতে আছিলো৷ বাছ চালকৰ চিনাকি হোৱাৰ সুত্ৰে তেওঁ মোলৈ সমৰ্থনৰ আশাৰে চালে৷ মই ঠিক কিবা এষাৰ ক’বলৈ লৈছোহে, তেনেতে মহিলা গৰাকী গৰজি উঠিল–
“চাল্লা লাজ নাইকিয়া, জীৱনটো আনৰ গাড়ী চলাই পাৰ কৰিছ আৰু মোক নিজৰ গাড়ীত আহিবলৈ কৈছ? “
মোৰ মেলা মুখ মেলাতেই থাকিল৷

bus

(২)

আন এদিনৰ কথা৷ আকৌ বাছ যাত্ৰা৷ এইটো যাত্ৰা ম’বাইল যুগৰ আগৰ৷ সেইদিনা বাছত মানুহ কম৷ ফলত সন্মুখৰ আসনত বহা দুজন যাত্ৰীৰ কথোপকথন শুনি আছিলো৷ যাত্ৰী দুজনৰ ডেকা ল’ৰা জনে কাষতে বহা অলপ বয়সস্থ যেন লগা মানুহ জনক কেইবাবাৰো সময়টো সুধি আছিল৷ কিন্তুু তেখেতে তাৰ উত্তৰ দিয়া নাছিল৷ এবাৰত যেনিবা তেখেতে সময়টো ক’লে৷ ডেকাজনে এই কথাটোকে ক’বলৈ টান পোৱাৰ কাৰণটোনো কি তেখেতৰ পৰা জানিব খুজিলে৷ মানুহ জনে ইয়াৰ উত্তৰত ক’লে যে তেওঁৰ সহযাত্ৰীৰ লগত কথা পাতি চিনাকি হ’বলৈ মন নাই, সেয়েহে উত্তৰ দিবলৈ
বহুত সময় লৈছে যাতে তেওঁ আৰু একো নোসোধে৷ কিন্তুু ল’ৰাজনে ইটো সিটোকৈ তেখেতৰ লগত কথা আগবঢ়োৱাত লাগিল৷ মইয়ো তেখেতসকলৰ কথা শুনিয়েই মোৰ যাত্ৰাৰ আমেজ লোৱাত লাগিলো৷ কথা প্ৰসংগত মানুহজনে কোৱা শুনিলো তেখেতৰ বোলে এগৰাকী বিবাহযোগ্যা ভনীয়েক আছে আৰু তাইৰ কাৰণে তেওঁ যথেষ্ট চিন্তিত৷ কথাটো শুনি ডেকাজনে কথা বঢ়াবলৈকে নে ধেমালিতেই নাজানো হাঁহি মাৰি কৈ উঠিল- কিজানিবা সিয়েই তেখেতৰ ভনীয়েকৰ বাবে উপযুক্ত প্ৰমাণিত হয়৷ কথাষাৰ শুনা মুহূৰ্ততে মানুহজনে যিষাৰহে কথা ক’লে মোৰ হাঁহিমেই নে কান্দিম লাগিল৷ “যিজন ল’ৰাৰ হাতত এটা হাতঘড়ী নাই সেইজন ল’ৰালৈ মই মোৰ ভনীক বিয়া দিম? “ তেখেতৰ উত্তৰ৷

(৩)

বাছ খনত থকা একমাত্ৰ খালী চিটটোত এজনী প্ৰায় পাঁচ-ছয় বছৰীয়া ধুনীয়া অকণমানি ছোৱালী মাকৰ সৈতে বহি আছিল৷ কণ্ডাক্টৰ জনে মোক সেই চিটটোলৈকে আঙুলিয়াই দেখুওৱাত মই হ’ব বাৰু বুলি শলাগি থ’লো৷ মই সাধাৰণতে বাছত সৰু ল’ৰা-ছোৱালীক ঠিয় কৰাই নিজে বহিবলৈ বেয়া পাওঁ৷ কিন্তুু ইতিমধ্যে কণমানি জনীক মাকে নিজৰ কোলাত ল’লেই৷ অগত্যা মই অনিচ্ছা স্বত্তেও চিটটোত বহি পৰিলো৷ অলপ সময়ৰ পাছতেই কণমানি জনীৰ দুষ্টালী আৰম্ভ হ’ল৷ মই মৰমতে তাইক মোৰ কোলাত বহুৱাই ইটো-সিটো কথা পাতিবলৈ ধৰিলো৷ কণমানিজনী খুবেই সপ্ৰতিভ আৰু মৰমলগা৷ মোৰ লগত ধেমালি ধুমুলাৰে তাই পৰিবেশটো বেচ উপভোগ্য কৰি তুলিলে৷ মোক কৰা মৰমৰ অত্যাচাৰ ক্ৰমান্বয়ে বাঢ়ি অহা দেখিয়েই হ’ব’লা, মাকে তাইক খং কৰাৰ লগতে মোৰ ফালে চাই ক’লে, “এই বৰ দুষ্ট জানেনে, দেখিছেনে আপোনাক কেনেদৰে আমনি কৰিছে৷ “ মই একো ক’বলৈ নাপাওঁতেই কণমানি জনীয়ে মাকলৈ চাই পতককৈ ক’লে- “অ’ তুমি ভাল বস্তু নাখালা আৰু মই ক’ত ভাল হ’ম৷ ৰিয়াবাৰ মাকে ভাল বস্তু খোৱাৰ বাবেহে তাই ইমান ভাল৷ “ মই একো নুবুজি ভেলেঙাৰ দৰে মাকলৈ চোৱাত পৰিস্থিতি চম্ভালিবলৈ তাইক দম এটা দি মাকে মোক ক’লে–“এ নক’ব আৰু বুজিছেনে মই এদিন তাইক খং কৰোতে ওচৰৰ ঘৰৰ ছোৱালী জনীৰ লগত ৰিজাই কৈছিলো বোলো ৰিয়াক মাকে কি খাই পাইছিল জানো, তাই ইমান ভাল৷ তেতিয়াৰে পৰা এইক বেয়া বুলিলেই ওলোটাই মোক তেনেকৈ কোৱা হ’ল৷ “ বাপৰে আজি- কালিৰ ল’ৰা-ছোৱালী! ! (মাকৰ মুখৰ অৱস্থা সঁচাই দুখলগা হৈছিল)

(৪)

এইবাৰৰ কাহিনী চৰকাৰী ৰঙা বাছৰ৷ সচৰাচৰ হোৱাৰ দৰে সেইদিনাও যাত্ৰী কম৷ বাছৰ ভিতৰত যেন এটা থমথমিয়া পৰিৱেশ৷ মই চকু দুটা মুদি চিটতে আউজি আছিলোঁ৷ অলপ দূৰ যোৱাৰ পাছত বাছখনত এজন ডেকা ল’ৰা উঠিল৷ মোৰ আজিৰ কাহিনীও এই ডেকাজনৰে৷ কেনেকৈ শুনকচোন-
আজি কালি মূল্য বৃদ্ধিৰ এই যুগত দহ টকীয়া, পাঁচ টকীয়া নোটৰ কোনো মূল্য নোহোৱাৰ দৰেই৷ কেনেবাকৈ হাতত থকা কেইটাৰো অৱস্থা নাথাকে৷ খুব সম্ভৱ ডেকা জনে এনে এখন নোটকে কণ্ডাক্টৰজনক দিয়াত তেওঁ ভোৰভোৰাই উঠিল৷ নহ’ব, ইমান লেতেৰা টকা নলওঁ, বেলেগ এখন দিয়ক৷ ডেকাজনে এইবাৰ সঁচাই এখন চাফা পঞ্চাশ টকীয়া নোট তেখেতক দিলে৷ কণ্ডাক্টৰজনে ঘূৰাই পাবলগীয়া কেইটা পাছত দিব বুলি কৈ আঁতৰি গ’ল৷ অলপ সময় পাছত ডেকাজন গন্তব্য স্থানৰ কাষ চপাত কণ্ডাক্টৰজন পইচা ঘুৰাবলৈ আহিল৷ এইবাৰ ডেকাজনৰ পাল৷ তেওঁ তাৰে এখন নোট লেতেৰা কাৰণে আন এখন বিচাৰিলে৷ কিন্তুু কণ্ডাক্টৰজনে উত্তৰত ক’লে-বিচাৰিলেই চাফা নোট দিবলৈ মই নোট নছপাও নহয়৷ ডেকাজনো যেন ইয়ালৈকেহে ৰৈ আছিল৷ তেওঁ গহীনাই কণ্ডাক্টৰজনক সুধিলে, “তাৰমানে মই নোট ছপাও নহয় জানো?”

(৫)

এবাৰ চাকৰি সংক্ৰান্তত গুৱাহাটীলৈ গৈছিলো মোৰ জীৱন- যাত্ৰাৰ লগৰী বাছত৷ বাছখন পুৱা সাত বজাত গোলাঘাটৰ পৰা গুৱাহাটীলৈ বুলি ৰাওনা হ’ল৷ মোৰ সহযাত্ৰী আছিল কটন কলেজত পঢ়ি থকা এগৰাকী ছাত্ৰী৷ অতি অমায়িক, সুন্দৰ চেহেৰাৰ ছোৱালীজনী মই বাছত উঠাৰ আগৰে পৰা ছিটত বহি আছিল৷ যাত্ৰা আৰম্ভ হোৱাৰ কিছুসময়ৰ পাছতে আমি দুয়ো কথা পাতিবলৈ ধৰিলো৷ বিভিন্ন ধৰণৰ কথাৰে আমাৰ যাত্ৰা মুখৰ হৈ পৰিল৷ কথাৰ মাজতে এবাৰ মই তেওঁক ঘৰৰ কথা সুধিলোঁ৷ তেওঁ মোক ঘৰৰ খবৰ দিয়াৰ লগতে ক’লে যে তেওঁৰ অতি মৰমৰ খুড়াক জন অলপদিনৰ আগতে ঢুকাল৷ মই কেনেকৈ বুলি জানিব খোজাত তেওঁ ক’লে, খুড়াৰ কেঞ্চাৰ হৈছিল৷ অত্যধিক চিগাৰেট খোৱাৰ বাবেই যে তেখেতৰ অকাল মৃত্যু হ’ল সেই বিষয়ত কোনো সন্দেহ নাই৷ মোৰ একো ক’বলৈ নাছিল৷ মাত্ৰ তেওঁক সমবেদনা জনাইছিলো৷ এনেতে বাছখন আহি জখলাবন্ধাত ৰখালে আৰু কণ্ডাক্টৰে বাছৰ সকলো যাত্ৰীকে পুৱাৰ চাহ-জলপান খাবলৈ অনুৰোধ জনালে৷ মই ছাত্ৰী গৰাকীৰ লগতে বাছৰ পৰা নামি হোটেল সোমালোঁ৷ আমাৰ দুয়োৰে খোৱা হোৱাৰ পাছত মই তেওঁক বাছলৈ যাবলৈ কৈ নিজে এটা চিগাৰেট হুপিবলৈ মন কৰিলো৷ মই চিগাৰেট হোপাতো তেওঁৰ পৰা লুকুৱাবলৈ হোটেলৰ পাচফাল পালোগৈ৷ অলপ সময়ৰ পাছত যাত্ৰা পুনৰ আৰম্ভ হ’ল৷ অলপ দূৰ যোৱাৰ পাছত ছোৱালীজনীয়ে মোক খুব মৰমলগা মাতেৰে সুধিলে, “খুড়া, আপুনিও চিগাৰেট খায়! (তাই নিশ্চয় মোৰ মুখত চিগাৰেটৰ গোন্ধ পাইছিল)৷ মই অপৰাধীৰ দৰে তেওঁলৈ চোৱাত তেওঁ ক’লে, “চিগাৰেট খোৱাতো যে বেয়া তাৰ এটা প্ৰমাণ মই আপোনাক কওঁনে? “ মই তেওঁলৈ সন্মতিসুচক চাৱনিৰে চোৱাৰ লগে লগেই তেওঁ ক’লে, “খুড়া মই আপোনাক চিগাৰেট হোপা দেখিম বুলিয়েই নিশ্চয় হোটেলৰ পাছফালৰ সেই লেতেৰা খনত আপুনি চিগাৰেট হুপিলেগৈ৷ এতিয়া আপুনিয়েই মোক উত্তৰ দিয়কচোন আমি জানো খোৱা বস্তু ইমান লেতেৰা জেগাত খাওঁ৷ ইমান লেতেৰা জেগাত লুকাই চুৰকৈ খোৱা বস্তু কেনেকৈ ভাল হ’ব পাৰে? মই চিগাৰেটৰ পেকেটটো বাছৰ বাহিৰলৈ দলিয়াই দিলো আৰু জীৱনত চিগাৰেট নাখাওঁ বুলি তেওঁক কথা দিলো৷

*****

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments