ন্যাদন্তে সুত্ৰধাৰং (অনন্ত বৰা)

প্ৰণয়দা পাগল হ’ল৷ কথাটো সিদিনা অৰুপে ফ’ন কৰি ক’লে৷ মনটো বেয়া লাগিল দিগন্তৰ৷ ইমান অমায়িক শিক্ষিত মানুহজন, হঠাৎ পাগল হ’ল! আৰু কেইমাহ মান আগতেহে বিয়া কৰাইছিল প্ৰণয় দাই৷ ভাবিবলৈকে বেয়া লাগিল দিগন্তৰ৷ নতুনকৈ বিয়া হৈ অহা কইনাজনীৰ চাগে কি অৱস্থা হৈছে৷ আৰু প্ৰণয়দাৰ দেউতাক! সহজ সৰল বৰদেউতাৰ মুখখন মনত পৰিল৷ এই বুঢ়া বয়সত মানুহজনে নিজৰ একমাত্ৰ পুত্ৰৰ এই অৱস্থাটো কেনেকৈ সহ্য কৰিব? বৰ বেয়া কথা হ’ল৷

———-ৰসায়ন বিজ্ঞানৰ মানুহ প্ৰণয় দা৷ কিছুবছৰৰ আগতে তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ চাকৰিত জইন কৰিছিল৷ নম্ৰ ভদ্ৰ একেবাৰেই অহংকাৰ নাইকিয়া মানুহ প্ৰণয় দা৷ নিজৰ গাওঁখনৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেই মানুহজন গাৱঁৰ ঘৰখনতে থাকিল৷ গাওঁখনৰ প্ৰতিটো সমস্যা, প্ৰতিটো অনুষ্ঠান, যিকোনো উৎসৱ পাৰ্বনত প্ৰণয়দাই তথা আৰ্থিক ভাবে সহায় সহযোগিতা কৰে৷ কৰি ভাল পায়৷ গাঁৱৰ বছৰেকীয়া ভাওনাখন আয়োজন কৰিবলৈ মানুহজনে প্ৰতি বছৰেই বৰ কষ্ট কৰে৷ নিজে বাঁহ কাটি কান্ধত তুলি আনি ৰভা দিয়ে৷ কুমলীয়া বাঁহৰ টমাল ( টঙাল) তুলাই খুটাবোৰৰ লগত চটি মাৰলীবোৰ টানকৈ বান্ধে৷ ভাওনাৰ নাট বিচৰাৰ পৰা, টীয়কৰ নাটঘৰ পোছাক ভাণ্ডাৰৰ ভাৱৰীয়াৰ ড্ৰেছ পেইণ্ট, মাইক লাইট জেনেৰেটৰলৈকে মানুহজনে সকলোবোৰ দায়িত্ব নিয়াৰিকৈ পালন কৰে৷ যোৱাবছৰ ৰাজহুৱা খেলপথাৰখনৰ মেৰামটিৰ কামটো কম বুদ্ধিৰে সমাধা কৰা নাছিল৷ পঞ্চায়তৰ প্ৰেচিদেণ্ট, ৱাৰ্ড মেম্বাৰ মিলি পইচাখিনি খোৱাৰ ব্যৱস্থা এটা কৰিছিল৷ দুই লাখ টকীয়া কামটো তিনিশ টকীয়া মাটি বিশগাড়ীমান পেলাই সামৰি থৈছিল৷ প্ৰণয়দাই কথাটো গম পাই গাঁৱৰ ল’ৰাবোৰ একগোট কৰি কথাটো ভালকৈ বুজাই বঢ়াই মিটিং পাতি জিলা উপায়ুক্তক মাতি আনি খেলপথাৰখন দেখুৱাব বুলি প্ৰচাৰ এটা চলাই দিলে৷ উপায়ুক্ত আহিব বুলি গম পাই পঞ্চায়ত প্ৰেচিডেণ্টে কথা বিষম দেখি খেলপথাৰৰ কামটো পুনৰ ভালকৈ কৰিবলৈ বাধ্য হ’ল৷ ইফালে পাছত গম পোৱা মতে প্ৰণয়দাই আচলতে জিলা উপায়ুক্তৰ নাম লৈ বেচেৰা মেট্ৰিক ফেইল পঞ্চায়ত প্ৰেচিডেণ্টক ব্লেক মেইল কৰি কামটো কৰালে৷ উপায়ুক্তই সেইবোৰ কথা একো গমেই নাপায়৷ প্ৰণয় দাই কেতিয়াবা তেওঁলোকৰ অফিচৰ কোনোবা মৃণাল দিহিঙীয়া বুলি মানুহজনৰ কথা কয়৷ বুদ্ধিত বোলে বৃহস্পতি মৃণাল দিহিঙীয়া৷ আৰু এনেকুৱা বুদ্ধিবোৰ বোলে প্ৰণয়দাই মৃণাল দিহিঙীয়াৰ পৰা পোৱা৷

————– হয় কথাটো হয়৷ চিঅ’ৰ৷ আৰু দুই এজনৰ লগত আলোচনা কৰি দিগন্ত নিশ্চিত হ’ল যে প্ৰণয়দা পাগল হোৱাটো খাটাং৷ ৰাতিপুৱা বোলে চাৰে তিনিমান বজাতেই উঠি প্ৰণয়দাই ফুল ভলিওমত বিহু গান লগাই বাৰাণ্ডাত নাচি থাকে৷ কেতিয়াবা আকৌ মাজৰাতিও ফুল ভলিওমত যিকোনো ধৰণৰ গান লগাই ডাঞ্চ মাৰি থাকে৷ মনগ’লে বোলে হাতত দীঘল দা এখন লৈ পদূলিত গদা ঘূৰোৱাদি ঘূৰাই ভাওনাৰ বচন দুটামানও মাতে৷ আগতে দিয়া ভাও বোৰ চাগৈ মনত পৰে৷ দেহি অই, বৰ ডাঙৰ কথা হ’ল৷ ইমান ভাল মানুহ এজন হঠাতে কিয় এনেকুৱা হ’ল! নাই এই কথাই কথা নহয়৷ দিগন্তই ভাবিলে এপাক প্ৰণয়দাৰ ঘৰৰ পৰাই অহা যাওক৷ এইবোৰটো আজিকালি তেনেই সাধাৰণ ৰোগ৷ ভাল মানসিক চিকিৎসক এজনক দেখাই ঔষধ খালেই সোনকালে ভাল হ’ব৷ প্ৰণয় দাৰ দেউতাক আৰু বৌৰ লগত কথাটো ভালকৈ আলোচনা কৰিব লাগিব৷ যিহে সহজ সৰল মানুহ প্ৰণয়দাৰ দেউতাক৷ কি কৰো কি নকৰো অৱস্থা হৈছে চাগৈ তেওঁলোকৰ৷ নাই নাই, দৰকাৰ হ’লে দিগন্তই নিজে ডাক্তৰৰ ওচৰলৈ লৈ যাব প্ৰণয়দাক৷ আজিকালি যোৰহাট মেডিকেল কলেজতো ভাল মানসিক ৰোগৰ চিকিৎসক আহিছে বুলি শুনিছে দিগন্তই৷ যোৰহাট কিয়? প্ৰণয়দা মানুহজনৰ বাবে সি যিকোনো ঠাইলৈ যাবলৈ প্ৰস্তুত৷

————— সন্ধিয়া সাত মান বাজিছে৷ দিগন্ত গৈ প্ৰণয়দাৰ ঘৰ পাওঁ পাওঁ হৈছে৷ এনেতে দিগন্তৰ কানত পৰিল, কোনোবাই চিঞৰ বাখৰ কৰি বিভিন্ন অশ্লীল গালি কিছুমান পাৰি আছে৷ প্ৰণয়দাই চাগে! দিগন্তৰ মনতো বৰ বেয়া লাগিল, কথা তাৰমানে ইমানখিনি পালেগৈ৷ এনেতে দিগন্তই শুনিলে, আৰু কোনোবা এটাই চিঞৰি চিঞৰি কাৰোবাক গালি পাৰিছে৷ লগতে দুই এটা মাইকী মানুহৰ মাতও কানত পৰিছে দিগন্তৰ৷ তামাম যুদ্ধ এখন চলি আছে তাৰমানে! প্ৰণয়দা পাগল মানুহ, ওচৰৰ কাৰোবাক কিবা বেয়াকৈ ক’লে চাগে৷ আজিকালি কোনে কাৰ কথা শুনিব! মানুহটোক মাৰপিট নকৰিলেই হ’ল আৰু দেই৷ আন্ধাৰতে দিগন্ত, মটৰচাইকেলখনতে ভেঁজা দি ৰৈ আছে৷ এনেতে কোনোবা এটা ধলং পলংকৈ আহি থকা দেখিলে সি৷
: কোন? ( লগত ক বৰ্ণৰে আৰম্ভ হোৱা হোৱা সেই প্ৰাচীন অসমীয়া বিখ্যাত শব্দটো, লগত স নে চ আখৰেৰে আৰম্ভ হোৱা আৰু এটা শব্দ )৷
——— অজিত মদাহী৷ মাতটো দিগন্তই চিনি পালে৷ প্ৰণয়দাৰ ঘৰৰ কাষৰে৷ অ’ এইজন গৈ চাগৈ আৰু ফালিবগৈ এতিয়া৷ আজি আৰু প্ৰণয়দাৰ ঘৰলৈ যোৱা নহ’ব৷ ওভতি যাবলৈ ওলাল দিগন্ত৷

———— কৃষি বিশ্ববিদ্যালয়ত সাতদিনীয়া কৰ্মশালা এটা চলি আছে দিগন্তৰ৷ জৈৱিক পদ্ধতিৰে চাহ উৎপাদনৰ ওপৰত৷ প্ৰণয়দাৰ খবৰ ল’বলৈ এইকেইদিন একেবাৰেই সময় পোৱা নাই সি৷ অৰুপে ফোনত কোৱা মতে সেই একেই কাৰবাৰ৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল প্ৰণয়দাই এইকেইদিন সিহঁত কাৰোৰে লগত কথা পতা নাই৷ আনদিনা হোৱা হ’লে ফোন কৰি প্ৰণয়দাই ইটো সিটো খবৰ খাতি লৈ থাকিলে হেঁতেন৷ দিগন্তই কেইবাদিনো ফোন কৰিছে, নাই ৰিং কৰি কৰি শেষ হৈ গৈছে৷ ৰিচিভ কৰা নাই৷

———— বিহুৰ দিনা কথাটো বোলে নামঘৰতো আলোচনা হৈছে৷ অজিত মদাহী আৰু লম্বোদৰ দোকানীয়ে একপ্ৰকাৰ প্ৰণয়দাৰ বিপক্ষে ৰাইজক অভিযোগেই দিছে৷
: নোৱাৰি আৰু দেই ৰাইজ, ৰাতি এপৰতে সেইদাল বজাই শিৱ নৃত্য দি গোটেই পৰিবেশ বেয়া কৰি দিছে আৰু ৰাইজ৷ গাত বোলে বস্ত্ৰও নাথাকে, বুলি দুই একে কোৱা শুনিছো আৰু৷
——- বৰ জোখি মাখি অজিত মদাহীয়ে কথা কেইটা ক’লে৷ তাকে দেখি লম্বোদৰ দোকানীয়েও হাত উজান দিলে৷
: দোকানলৈ মানুহ আহিবলৈ এৰিছে ৰাইজ৷ সন্ধিয়াতে ভীমৰ বচন মাতি মেছি দা ঘূৰাই থাকিলে কৰ পৰা মানুহ আহিব৷ মোৰ দোকানলৈতো সেইটো পদূলিৰেই আহিব লাগিব৷ গতিকে বজাৰ বেয়া ৰাইজ৷
—- চল পাই প্ৰাক্তন ৱাৰ্ড মেম্বাৰেও বোলে
: অলপ বুজাই মেল চাব লাগে, নুবুজিলে আৰু ভালকৈ পিতন এটা দি পুলিচক চমজাই দিব লাগে৷ নে কি কয় ৰাইজ?
—– নামঘৰত হোৱা আলোচনাৰ কথা দিগন্তৰ কাণত পৰিছে৷ ছেহ, কথাবোৰ বৰ বেয়ালৈ গৈ আছেগৈ৷ যিটো অজিত মদাহীৰ উৎপাতত মানুহ থাকিব নোৱাৰে সেই অজিত মদাহীয়ে আজি প্ৰণয়দাৰ দৰে মানুহৰ কথা ক’ব পৰা হ’ল৷ সেইটো লম্বোদৰ দোকানী, আগফালে নামত দোকান পাছফালে মদ ভাংৰ আদ্দা৷ ৰাতি এপৰলৈকে ক’ৰ কি মানুহ অহাযোৱা কৰে তাৰ হিচাপ নাই৷ দিনে নিশাই বাইকত উঠি ক’ৰ পৰা যে চেঙেলীয়া ল’ৰাবোৰ আহে, তাৰ ঠিক নাই৷ আৰু সেই ৱাৰ্ড মেম্বাৰটো! ৰাইজৰ নামত অহা কিমান টকা খাই হজম কৰিলে তাৰ কোনো হিচাব নাই৷ প্ৰণয়দাই তাক ভালকৈয়ে এসেকা দি থৈছে৷ আৰু সেয়ে আজি প্ৰণয়দাৰ এই অৱস্থা হোৱা বাবে সি আনন্দ পাইছে৷ চাল্লা, ভাল আলোচনা এটা নাই৷ মানুহটোক বোলে কেনেকৈ আৰোগ্য কৰিব পৰা যায়, কেনেকৈ ভাল ডাক্তৰ এজনৰ ওচৰলৈ নিব পাৰি সেইবোৰ আলোচনা নাই৷
———– সেইদিনা সাহস কৰি দিগন্ত প্ৰণয় দাৰ ঘৰ পালেগৈ৷ প্ৰণয় দা ঘৰত নাই৷ প্ৰণয় দাৰ দেউতাক বাৰাণ্ডাত বহি পেপাৰখন পঢ়ি আছে৷
: দিগন্ত আহিছা আঁহা৷ তোমাক বহুদিন দেখাই নাই ঘৰত নাছিলা নেকি?
: দুদিনমান নাছিলো বৰদেউটা৷
—— প্ৰণয়দাৰ বৌও ভিতৰৰ পৰা ওলাই আহি কথা পাতিবলৈ লাগিল৷ দিগন্তই লক্ষ্য কৰিলে ক’তা কাৰোৰে মুখত দেখোন কোনো ধৰণৰ পৰিবৰ্তন নাই৷ সেই আগৰ দৰেই আছে সকলো৷ দিগন্তই ভাবিছিল, প্ৰণয়দাৰ পাগল হোৱা কথাটোৱে তেওঁলোকৰ চাগৈ ভাত পানী নোখোৱা অৱস্থা কৰিছে৷ নাই তেনেকুৱাতো কোনো ধৰণৰ কথা হোৱা যেন লগা নাই৷ প্ৰণয়দাৰ বৌৱে চাহ একাপ আনি দিলে৷ দিগন্তই লক্ষ্য কৰিলে বাৰাণ্ডাৰ এচুকত বৰ ডাঙৰ চাউণ্ড বক্স এটা আছে৷ তেনেহঁলেতো কথাটো হয়৷ মিউজিক বজাই শিৱ নিত্য দিয়া কথাটো৷ কথাটো সুধিম বুলিও দিগন্তই সুধিব পৰা নাই৷ সুধিলে কিজানি বেয়াও পায়৷ তথাপি দিগন্তই সুধিলে,
: প্ৰণয় দা ক’ত গৈছে বৌ?
: নকবা আৰু দিগন্ত এইকেইদিন বোলে ডাইৰেক্টৰ অফ ফাইনেঞ্চ নে কোনোবা আহিছে৷ ৰাতিপুৱাই ওলাই যায় ৰাতিহে ঘৰ পায়হি৷
—— বৌৰ কথাবোৰে দিগন্তক আৰু কনফিউজ কৰি পেলালে৷ আচলতে কথাটো কি? বাহিৰত সকলোৱে প্ৰণয়দা পাগল হ’ল বুলিয়েই জানে, অথচ পাগল প্ৰণয়দাই অফিচলৈ অহাযোৱা কৰি আছে, ডাইৰেক্টৰ অফ ফাইনেঞ্চৰ লগত মিটিং মাৰি আছে৷ নাই কথাবোৰৰ মাজত কিবা এটা নিশ্চয় আছে৷ প্ৰণয়দাৰ বৌ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান পোৱা মানুহ৷ কিবা এটা কথা নিশ্চয় লুকুৱাইছে তেওঁ৷ বাৰু যি কি নহওক প্ৰণয়দাক লগ কৰিব লাগিব, তেতিয়াহে আচল কথাবোৰ ভালকৈ গম পোৱা হ’ব৷ দিগন্ত প্ৰণয়দাৰ ঘৰৰ পৰা ওলাই আহিল৷
——– অৰুপলৈ ফোন লগালে দিগন্তই৷
: কথাটো আচলতে কি হৈছে অই! মানুহবোৰে বাহিৰত প্ৰণয়দা পাগল হ’ল বুলি কৈ আছে অথচ ঘৰখনটো তেনেকুৱা পৰিবেশ একেবাৰেই নাই৷
: সেই, তই কলেই হ’ব নেকি! সেইদিনা মই যাওঁতে প্ৰণয়দাৰ বৌৱে কন্দা কটা কৰি মোক কৈছে, আৰু মই নিজেই দেখিছো প্ৰণয়দাই বাৰাণ্ডাত নাচি থকা৷
——— কনফিউজ, দিগন্ত একেবাৰে কনফিউজ৷ আচলতে এইবোৰ কি হৈ আছে! নাই আজি ৰাতি পৰিস্থিতিটো ভালকৈ চাব লাগিব৷
ৰাতি ন মান বজাত দিগন্ত ঘৰৰ পৰা ওলাই আহিল৷ প্ৰণয়দাহঁতৰ ঘৰৰ ওচৰ পাওঁতেই দিগন্তই কিছুমান বিশৃঙ্খল চিঞৰ বাখৰ শুনিবলৈ পালে৷ তাৰমানে কাহিনী আৰম্ভ হৈ গৈছে৷ লম্মোদৰৰ মদৰ ঘাটিৰ পৰা বাইক দুখনমান ওলাই গৈছে৷ দিগন্ত খৰ খোজেৰে আগবাঢ়িল৷ প্ৰণয়দাৰ ঘৰৰ কাষত অজিত মদাহীয়ে কাৰোবাৰ হুংকাৰ দিছে: ওলাই আহ … অশ্লীল অশ্লীল৷ প্ৰণয়দাৰ ঘৰৰ সন্মুখৰ জীৱন মিস্ত্ৰীয়ে সিফালৰ পৰা চিঞৰিছে, : অই কুকুৰৰ পোৱালি৷ দিগন্তই মন কৰিলে জীৱন মিস্ত্ৰীও তাৰমানে মদখাই ফিটিং৷ তাৰ মাজতে লম্বোদৰ দোকানীয়ে দুয়োটাকে চিঞৰি চিঞৰি কিবাকিবি বুজাইছে৷ নাই কাৰোৰে মাত কোনেও নুশুনা অৱস্থা৷ অৱশ্যে এটাও পদূলি বাহিৰ হোৱা নাই৷ নিজৰ নিজৰ ঘৰৰ সীমাত থাকিয়েই চিঞৰি আছে৷ দিগন্তই প্ৰণয়দাৰ ঘৰৰ ফালে মন কৰিলে৷ নাই ক’তা প্ৰণয়দা নাই দেখোন৷ কোনো গান মিউজিকও বাজি থকা নাই৷ সঁচাকৈয়ে দেই এই মদাহীবোৰৰ মাজত থাকিলে ভাল মানুহো পাগল হৈ যাব দেই৷
—— ৰাতি দহমান বাজিল৷ অজিত মদাহী আৰু জীৱন মিস্ত্ৰীৰ কাজিয়াখন চলিয়েই আছে লম্বোদৰৰ মদৰ দোকানৰ সন্মুখত তেতিয়াও দুই এখন বাইক ৰৈয়ে আছে৷ এনেতে দিগন্তই দেখিলে প্ৰণয়দাৰ ঘৰৰ বাৰাণ্ডাত কোনোবা মানুহ এটা৷ প্ৰণয় দাই হ’ব চাগে! উচ্চ স্বৰত গান এটা বাজিল এইবাৰ৷ তাৰ পাছত প্ৰণয়দাৰ নাচ আৰম্ভ৷ দিগন্তই আচৰিত হৈ ৰাষ্টাৰ পৰা গোটেই কাৰবাৰটো চাই থাকিল৷ সেইয়া প্ৰণয়দা নাচিছে৷ গানৰ শব্দ আৰু বাঢ়িল৷ দিগন্ত এইবাৰ সম্পূৰ্ণ নিশ্চিত হ’ল৷ প্ৰণয়দা পাগল হোৱাটো খাটাং৷ ৰাষ্টাৰ কাষৰ কালভাৰ্টটোতে বহিল দিগন্ত৷ পাগল ন’হলেনো এনেকৈ কোনোবাই এই ৰাতিখন গান বজাই নাচি থাকে নে? কিন্তু কালি বৌৱে কিয় কথাটো তাক ন’কলে! ইমান ভাল মানুহ এজন এনেকৈ হঠাতে শেষ হৈ যাব বুলি দিগন্তই কেতিয়াও ভবা নাছিল৷ নতুনকৈ সজা ৰাজহুৱা প্ৰেক্ষাগৃহটোত এইবাৰ ভালকৈ শিল্পী দিৱসটো পাতিম বুলি প্ৰণয়দাৰ লগত আলোচনা কৰিছিলহে সেইদিনা৷ সকলো পণ্ড হ’ল৷ ডি চিক লগ কৰি ৰাষ্টাটোৰ বিষয়েও কথা পতাৰ কৈছিল প্ৰণয়দাই৷ এৰা ভবা কথাবোৰ ভবাতেই থাকিব যেন লাগিল দিগন্তৰ৷
———– কিছুসময় বহাৰ পাছত দিগন্ত উঠিল৷ ঘৰলৈ বুলি খোজ ল’লে৷ সময় তেতিয়া প্ৰায় এঘাৰমান বাজিল৷ ঘূৰি আহি তিনি আলিটো পাওঁতেই গাড়ী এখন আহি থকা দেখিলে দিগন্তই৷ আৰে এইখন দেখোন প্ৰণয়দাৰ গাড়ী৷ প্ৰণয়দাইটো গাড়ীখন নিজেই চলাই, তেওঁৰতো কোনো ড্ৰাইভাৰো নাই৷ আৰু প্ৰণয়দা এনেকৈ কেতিয়াবা কেতিয়াবা মাজে মাজে দিউটিৰ পৰা দেৰিকৈ ঘৰলৈ আহে বুলি সি জানে৷ যদি প্ৰণয়দাই গাড়ীখন চলাই গৈছে তেনেহলে প্ৰণয়দাৰ ঘৰৰ বাৰাণ্ডাত নাচি থকাটো কোন!
—– দিগন্তৰ গোটেই কথাবোৰ কিবা খেলিমেলি লাগি গ’ল৷ আচলতে হৈছে কি? কথাবোৰ ভাবি ভাবি দিগন্ত ঘৰলৈ ওভতিল৷ বিছনাত পৰি তাৰ ভালকৈ টোপনি নাহিল৷
——— যোৱানিশা বহু সময় টোপনি নহা বাবে দিগন্তই অলপ দেৰিকৈ সাৰ পালে৷ সময়টো চাওঁ বুলি মোবাইলটো হাতত লৈ দেখিলে তিনিটা মিছড কল৷ আৰে, প্ৰণয়দাই ফোন কৰিছিল দেখোন৷ লৰালৰিকৈ বিছনাৰ পৰা জাপ মাৰি উঠি প্ৰণয়দালৈ কল বেক কৰিলে দিগন্তই৷ নাই চুইছ অফ৷ নিজৰ ওপৰতে খং উঠিল দিগন্তৰ৷ মানুহটোৱে নিজেই ফোন কৰিলে অথচ, সি গম নাপালে৷ তাতে যোৱা ৰাতিৰ গোটেই কথাবোৰেও তাৰ মনটো ব্যতিব্যস্ত কৰি ৰাখিছে৷ আকৌ এবাৰ ফোন লগালে সি, নাই চুইচ অফ৷
চাহ একাপ খাই দিগন্ত ৰৈ নাথাকিল, মটৰচাইকেল ষ্টাৰ্ট দিলে প্ৰণয়দাৰ ঘৰলৈ৷ আজি দেওবাৰ, প্ৰণয়দা চাগে নিশ্চয় ঘৰতে আছে৷
হয় প্ৰণয়দা ঘৰতে আছে৷ বাৰাণ্ডাত বহি আছে প্ৰণয়দা৷ চুচুক চামাককৈ ভিতৰলৈ সোমাই গ’ল দিগন্ত৷
: কোন তই?
— প্ৰণয়দাৰ প্ৰশ্নত থতমত খালে দিগন্তই৷ অ’ কথাটো তাৰমানে!
: পাগল মানুহৰ ওচৰলৈ আহিবলৈ তোমাৰ ভয় লগা নাই দিগন্ত৷
—- এইবুলি প্ৰণয়দাই ফাক ফাককৈ হাঁহি এটা মাৰি দিগন্তক সাৱটি ধৰিলে৷ দিগন্তৰ অৱস্থাটো তথৈবচ৷ কি হৈছে এইবোৰ৷
: ভয় খাব নালাগে দিগন্ত, মোৰ একো হোৱা নাই৷
—— দিগন্তৰ মনটো এইবাৰ ভাল লাগিল৷
: মই সন্দেহ কৰিছিলো প্ৰণয়দা৷ নিশ্চয় কিবা এটা গণ্ডগোল আছে৷
: আচলতে মই অতিষ্ঠ হৈছো দিগন্ত৷ সদায় সন্ধিয়াৰ পৰা ৰাতি এপৰলৈকে এফালে অজিত মদাহী আনফালে জীৱন মিস্ত্ৰীৰ চিঞৰ বাখৰ আৰু সেই লম্মোদৰৰ মদৰ দোকানৰ কাজিয়া পেচাল৷ গোটেই পৰিবেশটোৱেই বেয়া হৈ যায়৷
: কিন্তু প্ৰণয় দা এইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ আপুনি এনেকৈ!
—– প্ৰণয়দাই হাঁহি এটা মাৰি ক’লে৷ কি কৰিবা দিগন্ত, পুলিচ থানাত খবৰ দি কি হ’ব! এদিন পুলিচ আহিব সদায়টো সিহঁতক চাই থাকিব নোৱাৰে৷ সেয়ে ইহঁতে যেনেকৈ আমাক সদায় অশান্তি দি থাকে সিহঁতকও মই শান্তি নিদিবলৈকে এইবোৰ কৰি আছো৷ আমাৰ মৃণাল দিহিঙীয়াদাৰ বুদ্ধি বুজিছা দিগন্ত৷ এক প্ৰকাৰ মানসিক অত্যাচাৰ৷ মদাহী কেইটাই চিঞৰি চিঞৰি ভাগৰ লাগিলে দহ এঘাৰ বজাত শুবলৈ লয়৷ আৰু সিহঁতক আমনি দিবলৈ প্ৰণয়দাই মাজনিশা ন’হলে ৰাতিপুৱা তিনি মান বজাতেই ডাঙৰ ভলিওমত গান মিউজিক আৰম্ভ কৰি দিয়ে৷ আৰু মাজনিশা ডাঙৰকৈ মিউজিক বজাবলৈ হ’লে অলপ পাগলামি কৰিবৈ লাগিব৷ ইফালে শৰীৰক পৰিশ্ৰম নকৰি নকৰি প্ৰণয়দাৰবোলে পেটতোও অলপ বাঢ়িছে৷ সেয়ে ৰাতিপুৱা তিনিবজাত উঠি নাচ৷ ওচৰত দুই এক মদাহীৰ লগতে এনেয়ে ভুক্তভুগী হৈছে, কিন্তু প্ৰণয়দাৰ মতে তেওঁলোকে মদাহীৰ অশ্লীল গালি গালাজ, চিঞৰ বাখৰবোৰতো কোনো প্ৰতিবাদ নকৰে৷ প্ৰণয়দাইতো সংগীতহে শুনাইছে৷
: প্ৰণয়দা আপুনি বোলে পদূলিত দা ঘূৰাই ভীমৰ বচন মাতিছে৷
: অ ’ কথাটো মিছা নহয়৷ মনতে ভাবিলো, ৰাইজে যেতিয়া পাগল বুলি ধৰি লৈছেই এই চেগতে পাৰিলে লম্মোদৰৰ মদৰ দোকানৰ ভিৰটোও অলপ কমাব পাৰো নেকি! সেইবুলিয়েই দুদিনমান দীঘল দা খন লৈ ভীমৰ বচন দুটামান মাতিছিলো৷ পাছে অলপ কাম নিদিয়া নহয়৷ কি কৰিম কোৱা দিগন্ত? গাওঁখনৰ পৰিবেশটো ইমানেই বেয়া হৈ আহিছে, কেনেকৈ কি কৰিলে ঠিক হ’ব বুজি পোৱা নাই৷ মানুহে চন্দ্ৰত ঘৰ সাজিছে আৰু আমি চোৱাচোন সাধাৰণ মদাহী দুটামান নিয়ন্ত্ৰণ কৰিব পৰা নাই৷
—– প্ৰণয়দাৰ কথাবোৰ শুনি হাঁহিও উঠিছিল দিগন্তৰ৷ হয় ইহঁতক এনেকৈহে পৰা হ’ব৷ এদিন পাগলামীৰ চলেৰে লগত আৰু দুই তিনিটামান খেদা খেদি কৰি কাজিয়া লগাৰ অভিনয় কৰি লম্বোদৰৰ মদৰ ঘাটিত সোমাই তহিলং কৰাৰ অভিযান এটাৰ কথাও বোলে ভাবি আছে প্ৰণয় দাই৷ কাজিয়াৰ চলেৰে দুই এটাক দুচাট মান দিবও পৰা হ’ব৷ মদৰ দোকানৰ কাজিয়া যেতিয়া পুলিচৰ ওচৰলৈ নাযায় গ’লে নিজেই ফচিব৷
: এদিন আহিবা দিগন্ত, লগত প্ৰসেনকো লৈ আহিবা৷ মই পদূলিতে দাখন ঘূৰাই থাকিম, তোমালোকে মোক খেদা মাৰি নি লম্বোদৰৰ দোকানত সুমুৱাই দিবা, আৰু তিনিওটাই মিলি তাৰ মদৰ দোকান তহিলং কৰি পেলাম৷
——– প্ৰণয়দাৰ সতে কথাপাতি থাকোতে মাজতে বৌৱে চাহ একাপ দিলেহি৷
: বুজিছা দিগন্ত, বৌৱেৰাইও তামাম অভিনয় এটা কৰি আছে৷ সেইদিনা অৰুপ আঁহোতে কন্দা কটা কৰি বোলে ভাল নাটক এখন কৰিলে৷ আৰু মই নাথাকোতে সেইদিনা তুমি যে বাৰাণ্ডাত নাচি থকা মানুহটো দেখিছিলা, সেইটো মোৰ কাপোৰ পিন্ধা বৌৱেই আছিল৷
——– প্ৰণয়দাৰ কথাত বৌ হাঁহি এটা মাৰি আঁতৰি গ’ল৷ কথাবোৰ ভাবি হাঁহিও উঠিল, খংও উঠিল দিগন্তৰ৷ সভ্যতা, সংস্কৃতি, প্ৰযুক্তি ইমান আগুৱাই গ’ল অথচ আমাৰ দৰে নিম্ন মধ্যবিত্ত সমাজ ব্যৱস্থাটো বা গাওঁবোৰত আজিও মদ বা মদাহীৰ দৰে ব্যাধিবোৰ সেই আগৰ দৰেই থাকি গ’ল৷ আইন, প্ৰশাসনে ধুকি নোপোৱাকৈ আজিও সৰু সৰু চহৰবোৰত, গাওঁবোৰত মদৰ অবৈধ ব্যৱসায়৷ ভুক্তভূগীৰ বাহিৰে আন কাৰোবাক সেইবোৰ কথা ক’’লে হয়তো হাঁহিব৷ কিন্তু প্ৰকৃততে যে সেইয়াই হৈ আছে৷ কথাবোৰ ভাবি ভাবি দিগন্ত প্ৰণয়দাৰ ঘৰৰ পৰা ওলাই আহিল৷ এৰা বহুদিনেই হ’ল কলেজ এৰাৰ পৰা বহুদিন নাটক বা অভিনয় কৰা নাই দিগন্তই৷ সি মনে মনে সিদ্ধান্ত কৰিলে, প্ৰণয়দাৰ এই নাটকখনত সি অভিনয় কৰিব৷ ফলাফল কি হয় সেইয়া দেখা যাব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments