নৱদুৰ্গা (নিৰ্মালী বৰঠাকুৰ)

নৱদুৰ্গা

 

নিৰ্মালী বৰঠাকুৰ

দেৱীদুৰ্গা হ’ল সৃষ্টিৰ আদি। পিতামহ ব্রহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেওঁৰে শক্তিৰে এই সৃষ্টিৰ স্রজন, পালন-পোষণ আৰু সংহাৰ কৰে। আই দুৰ্গা দেৱীৰ ৰূপ নবিধ। সেই বোৰৰ নাম হ’ল-

১)শৈলপুত্রী, ২)ব্রহ্মচাৰিণী, ৩)চন্দ্রঘণ্টা, ৪)কূষ্মাণ্ডা, ৫)স্কন্দমাতা, ৬)কাত্যায়নী, ৭)কালৰাত্রি, ৮)মহাগৌৰী, ৯)সিদ্ধিদাত্রী।

১)শৈলপুত্রী :
মা দুৰ্গা নিজৰ প্রথম স্বৰূপত “শৈলপুত্রী” নামেৰে জনাজাত। পৰ্ব্বতৰাজ হিমালয়ৰ তাত পুত্রী ৰূপে জন্ম লোৱা বাবে এই “শৈলপুত্রী” নাম হৈছিল। বৃষভৰ ওপৰত স্থিতা শৈলপুত্রী মাতৃৰ সোঁ হাতত শূল আৰু বাওঁহাতত কমল পুষ্প সুশোভিত।ন গৰাকি দুৰ্গাৰ মাজত এওঁ হ’ল প্রথম দুৰ্গা। ইয়াৰ পূৰ্বজন্মত এখেতে প্রজাপতি দক্ষৰ কন্যা ৰূপে জন্ম গ্রহণ কৰিছিল।তেতিয়া এওঁৰ নাম আছিল “সতী”।ভগৱান শংকৰৰ সৈতে এওঁৰ বিবাহ হৈছিল। কিন্তু প্রজাপতি এই বিবাহৰ সম্পূৰ্ণ বিৰোধী আছিল।এবাৰ প্রজাপতি দক্ষই বৰ ডাঙৰকৈ এটা যজ্ঞ অনুষ্ঠিত কৰিছিল। কিন্তু ভগৱান শংকৰক তেওঁ নিমন্ত্রিত নকৰিলে। পিছে সতীৰ প্রৱল আগ্রহ দেখি ভগৱান শংকৰে তেওঁক পিতৃ-গৃহলৈ যোৱাৰ বাবে অনুমতি প্রদান কৰিলে। পিতৃ-গৃহলৈ গৈ দেখিলে যে তাত প্রতিটো ক্ষেত্রত, চাৰিওপিনে ভগৱান শংকৰৰ প্রতি তিৰস্কাৰৰ ভাৱহে পৰিপূৰ্ণ।নিজৰ স্বামী ভগৱান শংকৰৰ প্রতি এনে ঘোৰ অপমান তেওঁৰ অসহ্য হৈ উঠিল।তেওঁ তৎক্ষণাৎ তাত যোগাগ্নি প্রজ্বলিত কৰি নিজৰ সেই ৰূপটোকে ভস্মীভূত কৰি পেলালে। যোগাগ্নিৰে নিজ শৰীৰক ভস্মীভূত কৰাৰ পিছত সতী শৈলৰাজ হিমালয়ৰ পুত্রী ৰূপে পৰবৰ্তী জন্ম গ্রহণ কৰিলে। তেওঁ তেতিয়া “শৈলপুত্রী”নামেৰে জনাজাত হ’ল।‘পাৰ্বতী’, ‘হৈমৱতী’ও তেওঁৰে নাম। উপনিষদৰ এটি আখ্যান অনুসৰি ‘হৈমৱতী’স্বৰূপ ধাৰণ কৰি দেৱতা সকলৰ দৰ্প চূৰ্ণ কৰিছিল। ‘শৈলপুত্রী’ৰ বিবাহো ভগৱান শংকৰৰ সৈতেহে হৈছিল। নগৰাকী দুৰ্গাৰ মাজত প্রথম ‘শৈলপুত্রী’ দুৰ্গাৰ মহিমা আৰু শক্তি অনন্ত। নৱৰাত্ৰি পূজনৰ প্রথম দিৱসতএই শৈলপুত্রীৰ পূজা আৰু উপাসনা কৰা হয়।

২)ব্রহ্মচাৰিণী :
মাতৃ দুৰ্গাৰ ন শক্তিৰ দ্বিতীয় স্বৰূপটো হ’ল-‘ব্রহ্মচাৰিণী’। ইয়াত ‘ব্রহ্ম’ শব্দৰ অৰ্থ হ’ল তপস্যা। ব্রহ্মচাৰিণী অৰ্থাৎ তপচাৰিণী, তপস্যা কৰা তপস্বিনী। “বেদস্তত্ত্ব তপো ব্রহ্ম’’। এই ব্রহ্মচাৰণী দেৱীৰ স্বৰূপ পূৰ্ণ জ্যোতিৰ্ময় আৰু অত্যন্ত ভৱ্য। এওঁৰ সোঁহাতত জপমালা আৰু বাওঁহাতত কমণ্ডলু বিদ্যমান। হিমালয়ৰ তাত পুত্রীৰূপে উৎপন্ন হোৱাত নিজৰ এই পৰৱৰ্ত্তী জন্মটো নাৰদৰ উপদেশমতে ভগৱান শংকৰক পতিৰূপে পাবলৈ তেখেতে প্রচণ্ড তপস্যা কৰিছিল। তেনে দুষ্কৰ তপস্যা কৰা বাবেহে তেওঁক “তপশ্চাৰিণী” বা “ব্রহ্মচাৰিণী”নামেৰে অভিহিত কৰা হৈছিল। মা দুৰ্গাৰ এই দ্বিতীয় স্বৰূপটো ভক্ত আৰু সিদ্ধসকলৰ অনন্ত ফলপ্রদ। ব্রহ্মচাৰিণীৰ উপাসনা কৰিলে মানুহৰ তপস্যা, যোগ, বৈৰাগ্য, সদাচাৰ আৰু সংযম বৃ্দ্ধি পায়। জীৱনৰ কঠিন সংঘাতবোৰতো তেওঁৰ মন কৰ্তব্য পথৰ পৰা বিচ্যুত নহয়। দুৰ্গাপূজাৰ দ্বিতীয় দিৱসত এওঁৰে স্বৰূপৰ উপাসনা কৰা হয়।

৩)চন্দ্রঘন্টা:
মা দুৰ্গাৰ তৃতীয় শক্তিৰ নাম হ’ল ‘চন্দ্রঘণ্টা’। নৱৰাত্রি উপাসনাত তৃতীয় দিনা এওঁৰে বিগ্রহৰ পূজা-আৰাধনা কৰা হয়। এওঁৰ এই স্বৰূপ পৰম শান্তিদায়ক আৰু কল্যাণকাৰী।এওঁৰ মস্তকত ঘণ্টাৰ আকৃতিৰ অৰ্ধচন্দ্র থাকে।সেইকাৰণে তেওঁক ‘চন্দ্রঘণ্টাদেৱী’ বোলা হয়।এওঁৰ শৰীৰৰ বৰণ স্বৰ্ণৰ দৰে উজ্জ্বল। এওঁ দশভুজা। এই দহোখন হাত খড্গ আদি শস্ত্রেৰে আৰু বাণ আদি অস্ত্রেৰে বিভূষিত।এওঁৰ বাহন হ’ল সিংহ। যুদ্ধৰ বাবে সদায় সাজু হৈ থকা-এওঁৰ ভাৱ-মুদ্রা! ঘণ্টাৰ নিচিনা এওঁৰ প্রচণ্ড ধ্বনিৰে অত্যাচাৰী দানৱ-দৈত্য-ৰাক্ষস সদায় প্রকম্পিত হৈ থাকে। নৱৰাত্ৰিৰ দুৰ্গা-উপাসনাত তৃতীয় দিনাৰ পূজাৰ মহত্ব অত্যধিক। নিজৰ মন, বচন, কৰ্ম আৰু কায়াক বিহিত বিধি-বিধান অনুসৰি পূৰ্ণৰূপ পৰিশুদ্ধ আৰু পবিত্র কৰি আই চন্দ্রঘণ্টাৰ শৰণাগত হৈ তেওঁৰ উপাসনা-আৰাধনাত আমি তৎপৰ হোৱা উচিত!

৪)কূষ্মাণ্ডা:
মা দু্ৰ্গাৰ চতুৰ্থ স্বৰূপৰ নাম হ’ল-কূষ্মাণ্ডা। নিজৰ মৃদু –মন্দ হাঁহিৰে অণ্ড অৰ্থাৎ ব্রহ্মাণ্ড উৎপন্ন কৰা হেতুকে তেওঁক দেৱী কূষ্মাণ্ডা নামেৰে অভিহিত কৰা হৈছে। সৃষ্টিৰ অস্তিত্বই যেতিয়া নাছিল, চাৰিওপিনে অন্ধকাৰ, কেৱল অন্ধকাৰ হে পৰিব্যাপ্ত হৈ আছিল –তেতিয়া এই দেৱীয়েই নিজৰ ‘ঈষৎ’ হাঁহিৰে ব্রহ্মাণ্ড ৰচনা কৰিছিল। গতিকে এওঁহে হ’ল সৃষ্টিৰ আদি স্বৰূপা, আদি শক্তি। এওঁৰ আঠখন হাত থকা বাবে অষ্টভুজা দেৱী নামেৰেও বিখ্যাত। সাতোখন হাতত আছে ক্রমে কমণ্ডলু, ধেনু, কাঁড়, কমল পুষ্প, অমৃতপূৰ্ণ কলহ, চক্র আৰু গদা। সকলো সিদ্ধি আৰু নিধি প্রদান কৰোঁতা জপমালা থাকে বাওঁহাতত। এওঁৰ বাহন হ’ল সিংহ। সংস্কৃত ভাষাত কূষ্মাণ্ডৰ অৰ্থ হ’ল কোমোৰা। বলিসমূহৰ ভিতৰত কোমোৰা-বলি এওঁৰ আটাইতকৈ প্রিয়। নৱৰাত্রীৰ চতুৰ্থ দিনত এই কূষ্মাণ্ডা দেৱীৰ স্বৰূপৰ উপাসনা কৰা হয়।

৫)স্কন্দমাতা:
মাতৃ দুৰ্গাদেৱীৰ পঞ্চম স্বৰূপটো ‘স্কন্দমাতা’ নামেৰে জনাজাত। ভগৱান স্কন্দ ‘কুমাৰ কাৰ্তিকেয়’ নামেৰেও জনাজাত। প্রসিদ্ধ দেৱাসুৰ সংগ্রামত তেওঁ দেৱ–সেনাপতি হৈছিল। পুৰাণবোৰত ‘কুমাৰ’ আৰু ‘শক্তিধৰ’ আখ্যা দি তেওঁৰ মহিমা বৰ্ণোৱা হৈছে। এওঁৰ বাহন হ’ল, ‘ময়ূৰ’ বা ম’ৰা চৰাই। সেইকাৰণে ‘ময়ূৰ-বাহন’ নামেৰেও অভিহিত।এই ভগৱান স্কন্দৰ মাতৃ হোৱা বাবে মা দুৰ্গাদেৱীৰ উক্ত পঞ্চম স্বৰূপটো ‘স্কন্দমাতা’ নামেৰে জনাজাত। এওঁৰ উপাসনা নৱৰাত্ৰি পূজাৰ পঞ্চমদিনা অনুষ্ঠিত হয়। ভগৱান স্কন্দ শিশুৰূপে কোলাত বহি থকাটো এওঁৰ বিগ্রহত দৰ্শিত হয়। স্কন্দমাতৃস্বৰূপিণী দেৱী চতুৰ্ভূজা।

৬)কাত্যায়নী:
মা দুৰ্গাদেৱীৰ ষষ্ঠ স্বৰূপৰ নাম হ’ল, “কাত্যয়নী”। এওঁৰ নাম ‘কাত্যায়নী’হোৱাৰ আখ্যানটো হ’ল এনে ধৰণৰ—‘কত’ নামৰ এজন প্রসিদ্ধ মহৰ্ষি আছিল। তেওঁৰ পুত্র হ’ল, ঋষি কাত্য।এই কাত্য গোত্রত বিশ্বপ্রসিদ্ধ মহৰ্ষি কাত্যায়ন উৎপন্ন হৈছিল।ভগৱতৰ উপাসনাত বহু বছৰ ব্যাপী তেওঁ বৰ কঠিন তপস্যা কৰিছিল। “আই ভগৱতী তেওঁৰ কোলাত পুত্রীৰূপে জন্ম লওক”- তেওঁৰ মনোকামনা এয়ে আছিল। আই ভগৱতীয়ে তেওঁৰ প্রাৰ্থনা স্বীকাৰ কৰিছিল। কিছু কালৰ পিছত পৃথিৱীত দানৱ মহিষাসুৰৰ অত্যাচাৰ বৰকৈ বাঢ়ি যোৱাত, ভগৱান বিষ্ণু, ব্রহ্মা আৰু মহেশ্বৰ এই তিনিও গৰাকীয়ে নিজ-নিজ তেজৰ অংশ প্রদান কৰি মহিষাসুৰ বিনাশৰ হেতু এগৰাকী দেৱীক উৎপন্ন কৰিলে। মহৰ্ষি কাত্যায়নে সৰ্বপ্রথমে এই দেৱীৰ পূজা-অৰ্চনা কৰিছিল। তাৰ বাবে এওঁ ‘কাত্যায়নী’ আখ্যা পালে। মহৰ্ষি কাত্যায়নৰ তাত পুত্রী ৰূপেও এওঁ উপজিল, বুলি আখ্যানো আছে। আহিন মাহৰ কৃষ্ণপক্ষ চতুৰ্দ্দশী তিথিত জন্ম গ্রহণ কৰি, শুক্লপক্ষৰ সপ্তমী, অষ্টমী আৰু নৱমীলৈ তিনিদিন তেওঁ কাত্যায়ন ঋষিৰ পূজা গ্রহণ কৰি দশমী তিথিৰ দিনা মহিষাসুৰক বধ কৰিছিল। দুৰ্গাপূজাৰ ষষ্ঠ দিনাখন এওঁৰ স্বৰূপৰ উপাসনা কৰা হয়।

৭)কালৰাত্রি:
মা দুৰ্গাৰ সপ্তম শক্তি ‘কালৰাত্রি’ ৰূপে জনাজাত। এওঁৰ শৰীৰৰ বৰণ ঘন অন্ধকাৰৰ নিচিনা সম্পূৰ্ণৰূপে ক’লা।মূৰৰ চুলিবোৰ অৱিন্যস্ত।গলত বিদ্যুতৰ দৰে জিলিকি থাকে মালাধাৰি। এওঁ ত্রিনেত্রা, তিনিওটা চকু ব্রহ্মাণ্ডৰ নিচিনা ঘূৰণীয়া। সেইবোৰৰ পৰা বিদ্যুতৰ নিচিনা উজ্জ্বল ৰশ্মি বিকীৰিত হৈ থাকে। এওঁৰ নাসিকাৰ উশাহ-নিশাহৰ পৰা ভয়ংকৰ প্রচণ্ড অগ্নি শিখাবোৰ ওলাই থাকে। এওঁৰ বাহন হ’ল-গৰ্দভ অৰ্থাৎ গাধ।আই কালৰাত্রি’ৰ স্বৰূপ দেখাত অতি ভয়ংকৰ কিন্তু তেখেতে সদায় শুভফল হে প্রদান কৰে।তাৰ কাৰণে এওঁৰ এটা নাম হ’ল ‘শুভংকৰী’। গতিকে ভক্ত সকলে মাতৃ কালৰাত্রিৰ স্বৰূপ দেখি ভয়ভীত বা আতংকিত হব নালাগে।দুৰ্গাপূজাৰ সপ্তম দিনা আই কালৰাত্রিৰ উপাসনাৰ বিধান আছে।

৮)মহাগৌৰী:
মা দুৰ্গাদেৱীৰ অষ্টম শক্তিৰ নাম হ’ল ‘মহাগৌৰী’। এওঁ সম্পূৰ্ণৰূপে গৌৰ বৰ্ণা।এই গৌৰ বৰণৰ গৌৰতাৰ উপমা শংখ, চন্দ্র আৰু কুন্দ ফুলৰ সৈতে দিয়া হয়। মান্যতা অনুসৰি এওঁ হ’ল আঠ বছৰীয়া। এওঁৰ সকলো বস্ত্র আৰু আ-অলংকাৰো শ্বেত বৰ্ণৰ। নিজৰ পাৰ্ৱতী ৰূপত এখেতে ভগৱান শিৱক পতি ৰূপে পাবলৈ বৰ কঠোৰ তপস্যা কৰিছিল। এনে কঠোৰ তপস্যা কৰা হেতু এওঁৰ বৰণ সম্পূৰ্ণৰূপে ক’লা পৰি গ’ল। এওঁৰ তপস্যাৰে প্রসন্ন আৰু সন্তুষ্ট হৈ যেতিয়া ভগৱান শিৱই এওঁৰ শৰীৰক ঘঁহি-ঘঁহি গংগাৰ পবিত্র পানীৰে গা ধুৱালে, তেতিয়া তেওঁৰ শৰীৰ বিদ্যুত প্রভাৰ নিচিনা অতি কান্তিমান গৌৰ হৈ উঠিল। তেতিয়াৰ পৰা এওঁৰ নাম ‘মহাগৌৰী’ হ’ল।দুৰ্গাপূজাৰ অষ্টম দিনা ‘মহাগৌৰী’ৰ উপাসনাৰ বিধান আছে।

৯)সিদ্ধিদাত্রী:
মা দুৰ্গাদেৱীৰ নৱম শক্তিৰ নাম হ’ল-‘সিদ্ধিদাত্রী’। এওঁ সকলো প্রকাৰৰ সিদ্ধি প্রদান কৰে। মাৰ্কণ্ডেয় পুৰাণৰ মতে অণিমা, মহিমা, গৰিমা, লঘিমা, প্রা্প্তি, প্রাকাম্য, ঈশিত্ব আৰু ৱশিত্ব-সিদ্ধি এই আঠবিধ। ব্রহ্মৱৈৱৰ্ত্ত পুৰাণৰ শ্রীকৃষ্ণ জন্ম খণ্ডত এনে সিদ্ধিৰ সংখ্যা ওঠৰ বুলি কোৱা হৈছে। সেইবোৰৰ নাম-

১)অণিমা, ২)লঘিমা, ৩)প্রাপ্তি, ৪)প্রাকাম্য, ৫)মহিমা, ৬)ঈশিত্ব, ৭)সৰ্ৱকামাৱসায়িতা, ৮)সৰ্বজ্ঞত্ব ৯)দূৰশ্রৱণ, ১০)পৰকায়প্রৱেশন, ১১)বাক্ সিদ্ধি, ১২)কল্পবৃক্ষত্ব, ১৩)সৃষ্টি, ১৪)সংহাৰকৰণসামৰ্থ্য, ১৫)অমৰত্ব, ১৬)সৰ্ব নায়কত্ব, ১৭)ভাৱনা আৰু ১৮)সিদ্ধি।

ভক্ত আৰু সাধকসকলক আই সিদ্ধিদাত্রীয়ে উক্ত সকলো ধৰণৰ সিদ্ধি প্রদান কৰিবলৈ সমৰ্থ। দেবীপুৰাণৰ মতে এওঁৰে কৃপাত ভগৱন শিৱই এইবোৰ সিদ্ধি লাভ কৰিছিল। এওঁৰে অনুকম্পাত ভগৱান শিৱৰ অৰ্ধ শৰীৰ দেৱীৰ হৈছিল আৰু তাৰে বাবে তেওঁ অৰ্ধ নাৰীশ্বৰ নামেৰে বিশ্ব প্রসিদ্ধ হৈছিল। আই সিদ্ধিদাত্রী চতুৰ্ভুজা। বাহন হ’ল, সিংহ। নৱ দুৰ্গাৰ মাজত আই সিদ্ধিদাত্রী হ’ল অন্তিম। অন্য অষ্ট দুৰ্গাৰ পূজা-উপাসনা শাস্ত্রীয় বিধি-বিধানেৰে কৰাৰ পিছত ভক্তই দুৰ্গা পূজাৰ নৱম দিনা এওঁৰ উপাসনাত প্রবৃত্ত হয়।এই সিদ্ধিদাত্রী আইৰ উপাসনা পূৰ্ণ হোৱাত ভক্ত আৰু সাধকৰ সকলোবিধ মনোকামনা পূৰণ হৈ যায়।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments