নৱপ্রভাত (মিতালী গোস্বামী)

মেজিৰ ৰঙা জুইকুৰাৰ উমত ৰঙা পৰি উঠিছে লতাৰ দুগাল। কিমানটা বছৰযে পাৰ হৈ গ’ল তাইৰ লাজুকী দেহত এই উমাল স্পর্শ নলগাকৈ। কিছুদিন আগে হোমৰ জুইকুৰাৰ কাষত বহিও এইদৰেই উমাল হৈ পৰিছিল লতা; সমসাময়িকভাৱে ৰঙাও পৰিছিল।

বিগত চাৰিটা বছৰে পাহিকলৈ তাই অজস্র সপোন দেখিছে। কিন্তু নিজকলৈ? নিজকলৈ সপোন দেখিবলৈ লতাৰ সময়েই বা ক’ত? এটা মৃত শৰীৰৰ সতে অর্দ্ধমৃত হৈ পৰি থকা লতাজনী ভালদৰে ঠন ধৰি উঠিব আজিও পৰা নাই। সময়ৰ নিষ্ঠুৰে আঘাতে বিদীর্ণ কৰি থৈ গ’ল তাইৰ জীৱনটোৰ এছোৱা মিঠা ক্ষণ।

লতাৰ আচলৰ ধন পাহিজনীক কোনোবাই অমঙ্গলীয়া বুলি ক’লে কষ্ট হয় তাইৰ। নোৱাৰে, এগৰাকী মাতৃ হয় এনে অন্যায় কথা সহ্য কৰি ঠিৰ হৈ থাকিব নোৱাৰে তাই; সিৰা-উপসিৰাবোৰে আন্দোলন কৰি উঠে। যুগলৰ মৃত্যুৰ প্রকৃততে জগৰীয়া কোন? এটা দুর্ঘটনাই প্রাণ কাঢ়ি নিলে তেওঁৰ। সুৰাসক্ত অৱস্থাৰে অথবা অন্যায়ভাৱে গাড়ী তেওঁতো চলোৱা নাছিল । তেন্তে? ডিঙিলৈ মদিৰা পান কৰি অহা সিখন গাড়ীৰ গাড়ীচালকজনৰ কিবা ক্ষতি হ’লনে নাই নাজানে লতাই। সেই খবৰ ল’বলৈ তাইৰ সময় তথা সুবিধা নহ’ল। তাই অকলশৰীয়া মানুহজনীয়ে কোর্ট-কাছাৰী, পুলিছ-উকিলৰ পাছে পাছে দৌৰিবইবা কিমান? এই অঘটনৰ বাবে সমাজখনে লতা আৰু পাহিক সম্পূর্ণৰূপে জগৰীয়া কৰিলে। পাহি যুগলৰ জীৱনলৈ অহাৰ পাছত এই দুর্ঘটনা হ’ল। সেয়াই হ’ল তাইৰ অপৰাধ। কেতিয়াবা সময় পালে লতাই ভাৱে- যুগলৰ মৃত্যুত বেছিকৈ ক্ষতিগ্রস্ত হ’ল কোন? কথাবোৰ ভাবিব ল’লেই সকলো ধুঁৱলি-কুঁৱলি হৈ যায়; আউল লাগি যায় তাইৰ সমগ্র চিন্তাত। কিয় জানো সেইবোৰ মূহুর্তত লেকাম নোহোৱা ঘোঁৰাৰদৰে সময়ে দৌৰিব ধৰে। পাহিজনীক ভাতকেইটা যতনাই দিয়া অথবা কিতাপত বহুওৱাৰ সময় হয়েইচোন।

: লতা, মেজিৰ জুইক সেৱাঁ এটা জনোৱা আকৌ।

মন্ত্রমুগ্ধৰ দৰে লতাই অৰুণাভৰ কথামতে জুইকুৰালৈ সেৱাঁ জনালে। এই জুইকুৰাৰ দৰেই উজ্জ্বল হৈ ৰওঁক তাইৰ কপালৰ সেন্দুৰকণ, জিলিকি পৰক তাইৰ নতুন ঘৰখন। সেই ঘৰখনৰ বাবে পাহি হৈ পৰক আনন্দৰ উৎস। এৰি অহা দিনৰ তিক্ত অভিজ্ঞতাবোৰক তাইৰ মনত জীয়াই থাকিবলৈ দি পাহিজনীক চিৰদিনৰ বাবে মানসিকভাৱে ঘুণীয়া হৈ থাকিবলৈ দিব নিবিচাৰে তাই।

:আহ পাহি, তইও এটা সেৱাঁ জনা আই।

ফুটফুটীয়া চোলা পিন্ধি দৌৰি ফুৰা কনমানি ছোৱালীজনী মাকৰ এষাৰ মাততে দৌৰি আহি ওচৰ পালেহি। অৰুণাভে দুহাতেৰে তাইক সাৱতি ধৰি জুইকুৰাৰ ফালে পোনাই থিয় কৰাই দিলে। লতাই চাই পঠিয়ালে দুয়োটালৈ। কোনে বাৰু ক’ব এইজন মানুহযে পাহিৰ জন্মদাতা পিতৃ নহয়! অতীতৰ সময়খিনিলৈ এটা মূহুর্তৰ বাবে তাই উভতি চালে। হায়! কেনে এক কৰুণ জীৱন! যুগলহঁতৰ গাৱঁৰ সমজুৱা মেজিটিৰ জুইত কোনো কাহানিও সেৱা এটা জনোৱাৰ অৱকাশ নাপালে পাহিয়ে। কুলক্ষণীয়া শব্দটোৱে জন্মামূহুর্ততেযে গ্রাস কৰি পেলালে তাইৰ জীৱনৰ আৰম্ভনিটো। এইখন ঠাইৰ সকলোৱে সহৃদয়তাৰে আপোন কৰি লৈছে পাহিক। লতাই মতা বাবেহে তাই আহি অৰুণাভৰ কাষত থিয় দিছেহি। ইমান সময়ে বৰ সুন্দৰকৈ তাই কনমানিবোৰৰ লগত কিছু আঁতৰত উমলি ফুৰিছিল। একেবাৰে দেও দি উৰি ফুৰা পখিলাজনী যেন লাগিছিল তাইক।

লতাৰ আপত্তি আছিল অৰুণাভৰ সতে বিয়াত বহাত। মাকহঁতে জোৰকৈ নধৰাহেঁতেন তাই কোনোদিনেই এইখন বিয়াত মত নিদিলেহেঁতেন। এজনৰ সতে সাতোটা জীৱনলৈ বান্ধ খাই পৰা মানুহজনীয়ে কিদৰেনো নিজৰ প্রতিশ্রুতি ভঙ্গ কৰি অইন এজন পুৰুষৰ সতে একাত্ম হ’ব পাৰে? কিন্তু পাহি? লতাৰ সমস্যা হ’ল পাহিক লৈহে। তাইযে অৰুণাভৰ সতে কটোৱা প্রতিটো মূহুর্ত অতি আন্তৰিকতাৰে উপভোগ কৰে। প্রতিদিনেই তাই মাকৰ ওচৰত আৱদাৰ ধৰে তাইৰ দেউতাকক আনি দিয়াৰ। কনমানিজনীৰ ইচ্ছাক বাৰে বাৰে প্রত্যাখ্যান কৰিবলৈ কষ্ট হ’ল লতাৰ। বুজি পায় লতাই পাহিৰ কনমানি মনটোৱেযে বিচাৰে পিতৃৰ প্রচ্ছায়া। উপায়ন্তৰ হৈ লতাই যুগলৰ মৃত্যুৰ পাছতে তাইৰপৰা বিচ্ছিন্ন হৈ পৰা শাহু-শহুৰহালৰ ওচৰলৈ গৈছিল; তেওঁলোকৰপৰা সু-পৰামর্শ এটা পাব বুলি আশা কৰি। কিন্তু তাইৰ সতে কোনো সম্পর্ক নাই বুলি কৈ তেওঁলোকে চোতালৰপৰাই তাইক ওভতাই পঠিয়ালে। অৱশেষত বাধ্য হৈয়ে তাই গুছি আহিছিল অৰুণাভৰ সতে; অৰুণাভৰ গৃহিণী হৈ। সেই নিষ্ঠুৰ সময়ৰ পোৱা-নোপোৱাবোৰৰ হিচাপ তাই সেইটো জীৱনতে এৰি থৈ আহিছে। অৰুণাভৰ জীৱনটোক পোহৰাই তুলিবলৈ পূর্ণৰূপত চেষ্টা কৰিছে লতাই। হয়, যিজন মানুহৰ কৃপাত তাইৰ কনমানি ছোৱালীজনীয়ে পোহৰ দেখিছে, সেইজন মানুহৰ প্রতি অন্যায় কৰিব নোৱাৰে তাই। অৰুণাভৰ জীৱনটোওটো কম সংঘাতময় নহয়। মাক-দেউতাকহালৰ বিচ্ছেদৰ কাৰণ কি আছিল নাজানে অৰুণাভে। কিন্তু বুজা হোৱাৰ পাছত মাকজনীৰ অত্যাধুনিকতাবোৰ তেওঁৰ ভাল নলগা হ’ল। অৱশেষত মাকৰ সংগ ত্যাগ কৰি নিজৰ বাবে এক নিঃসংগ জীৱন বাছি ল’লে তেওঁ। চাকৰিসূত্রে সেইজন অৰুণাভ এদিন গৈ লতাহঁতৰ গাওঁ পালে। আৰু অৱশেষত সেইখন গাৱঁৰ অন্ধকাৰ জীৱনটোৰ সতে অভ্যস্ত হৈ পৰা লতাজনীক উলিয়াই আনি পোহৰ পোহৰ যেন লগা এটা জীৱনত তাইক এৰি দিলেহি। তাইৰ জীৱনটোৰ এই পৰিৱর্তনৰ বাবে তাই কাক ধন্যবাদ দিব ভাবি নাপায়। এই সকলোবোৰ ঈশ্বৰৰ ইচ্ছা বুলি মানি লৈ ভাল লাগেচোন কিবা। মাজে-সময়ে যুগলৰ স্মৃতিয়ে তাইক আমনি নিদিয়া নহয়। কিন্তু যুগল আজি তাইৰ অতীত। আৰু অৰুণাভ? অৰুণাভ হৈছে লতাৰ বর্তমান। বর্তমানত জীয়াই থকাটো উচিত বুলি ভাবে বাবে তাই প্রাণপণে চেষ্টা কৰে যুগলৰ বাবে বোৱা তাইৰ চকুৰ পানী অৰুণাভৰপৰা লুকুৱাবলৈ। লতাৰ চকুত পানী দেখিলেই বৰ উৎকন্ঠিত হৈ পৰেচোন মানুহজন।

অৰুণাভৰ দুবাহুৰ মাজৰপৰা ওলাই দৌৰ মাৰি গৈ কনমানি পাহিজনী তাইৰ সংগীমহলৰ মাজত সোমাই পৰিল। এচাম মানুহ এতিয়াও মেজিৰ উমাল জুইৰ স্পর্শ লোৱাত ব্যস্ত। কৃতজ্ঞতাৰ চাৱনিৰে লতাই অৰুণাভৰ মুখলৈ চালে। অৰুণাভৰ মুখমণ্ডলত প্রশান্তিৰ চাপ বিদ্যমান। কিমান মহান এই মানুহজন! নিজৰ প্রাণটোৰ দৰে তেওঁ স্নেহ কৰে পাহিক। সমাজৰ নিয়ম ভঙ্গ কৰি কম সাহসেৰে বাৰু তেওঁ আপোন কৰি লৈছেনে পাহি আৰু লতাক? হয়, সেইজনী পাহিকেই স্নেহবন্ধনেৰে তেওঁ আঁকোৱালি লৈছে যিয়ে জন্মামূহুর্ততে নিজৰ বাবে আর্জিছে কুলক্ষণী নামৰ বিশেষণ। ভয় হোৱা নাছিলনে তেওঁৰ পাহিৰ সংস্পর্শই তেওঁৰ জীৱনটোক বিপদাপন্ন কৰিব পাৰে বুলি।

প্রচণ্ড হৈ-হাল্লাৰ শব্দত লতাৰ চিন্তাত আউল লাগিল। তাই কিছুদূৰলৈ চাই পঠিয়ালে। অঞ্চলটোৰ সকলো মানুহ দূৰৰ ঠাই এডোখৰত জুম বান্ধি ভিৰ কৰিছেগৈ। মেজিৰ গুৰিত কোনোৱেই নাইচোন। অৰুণাভো দৌৰ মাৰি গৈ সেইখিনি পাইছে। লতাইও দৌৰিলে। ক’ত জানো কি হৈছে? কোনো কাৰণ নোহোৱাকৈ মানুহবোৰ নিশ্চয় তালৈ যোৱা নাই।

:কি হৈছে পাহি?

উশৃঙ্খলভাৱে ভাঁহি অহা শব্দটোত লতাৰ বুকু কঁপি উঠিল। সেয়া অৰুণাভৰ মাত। আৰু পাহি? অলপ আগলৈ তাই হাঁহি-মাতি খেলি আছিল। এতিয়া সেইখিনি ঠাইত কোনো মানুহেই নাই। গাৰ সমস্ত শক্তিৰে সম্মুখত ভিৰ কৰি ৰোৱা মানুহবোৰক ঠেলি তাই জুমটোৰ ভিতৰলৈ সুমাই গ’ল। চকুৰ পানীৰে ভিজি পৰিছে লতাৰ দুগাল; কঁপি উঠা বুকু-নাকত ফোঁপনিৰ শব্দ। পাহিক দেখামাত্রেই তাইৰ ওচৰত বহি লতাই তাইক সাৱতি ধৰিলে।

:কি হ’ল, কি হ’ল তোৰ?

পাহিৰ গালে-মুখে হাত বোলালে লতাই। ক’তো কোনোধৰণৰ বিসঙ্গতি চকুত নপৰিল তাইৰ।

:তাইৰ কি হৈছে?

একো তর্কিব নোৱাৰি অসহায় লতাই অৰুণাভক প্রশ্ন কৰিলে।

:আই, তোমাৰ ছোৱালীজনীয়ে আজি গোটেই ঠাইখন ৰক্ষা কৰিলে। বৰ লক্ষ্মী ছোৱালী দেই এইজনী।

পাহিক লক্ষ্মী বুলি কৈছে মানুহজনীয়ে। ভাল লাগি গ’ল লতাৰ মন। বয়সস্থ মানুহজনীয়ে কথাখিনি কৈ শেষ কৰাৰ লগে লগে লতাহঁতৰ কাষৰ ভাড়া ঘৰটোত থকা ককাজনে কৈ উঠিল,

:জুইৰ আধাপোৰা খড়ি এটুকুৰ কেতিয়া আহি ইয়াত পৰিলেহি আমি গমেই নাপাওঁ। ফৰফৰকৈ বনবোৰ জ্বলি উঠিছিল। আজি কনমানিজনীয়ে দেখিলে বুলিহে গোটেই অঞ্চলটো বাছি গ’ল। কাষত সেইঘৰ মানুহ। ফিৰিঙতি গৈ কেনেবাকৈ চিলিণ্ডাৰত জুই লাগিলে অঞ্চলটো জ্বলিবলৈ দুটা পলো নালাগিলহেঁতেন। অলপৰ বাবে আজি উৰুকা উকা হৈ নপৰিল। সঁচাই বৰ লক্ষ্মী ছোৱালী দেই এইজনী।

পাহিৰ প্রতি উচ্চ প্রশংসা শুনি লতাৰ মনটো নাচি উঠিল। হাতত ধৰি তাই পাহিক থিয় কৰালে। ছোৱালীজনী কঁপিছে আৰু ঘামিছে। মানসিকভাৱে অলপ দুর্বল বাবে এনে মূহুর্ত কিছুমানত তাইক সুস্থিৰ কৰিবলৈ অলপ টান হয় লতাৰ। অৱশ্যে আজি অৰুণাভ লগত আছে যেতিয়া বিশেষ চিন্তা কৰিবলগীয়া নাই তাইৰ। অত বছৰে লতাই অকলে বৰ কষ্টেৰে পাহিক ডাঙৰ কৰিছে। যুগল যেতিয়া পাহিৰ জীৱনৰপৰা গুছি গৈছিল, তেতিয়া পাহিৰ বয়স আছিল মাত্র ছমাহ। সেই দিনধৰিয়ে মানসিকভাৱে দুর্বল ছোৱালীজনী। দুর্ঘটনাটোৰ সময়ত তাইও লগত আছিল। পিতৃৰ মৃত্যু একেবাৰে ওচৰৰপৰা দেখিছিল তাই। হয়তো তাৰেই কিবা প্রভাৱ পৰি তাই আজি এনে ফল ভোগ কৰিছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments