নৱবৰ্ষ (বিজু সেনাপতি)

(এইবাৰ তোক এৰি নাহোঁ বুলি ভাবিছো/ আয়তিৰ উৰুলিৰে তোক আদৰিম বুলি, / প্ৰেয়সীক কথা দিছো । / তইতো জানই, দুখৰ হামৰাও এবোজাৰে, / ‘হৃদয়হীনা’ কাৰোবাৰ মই প্ৰেমিক।…)
নৱবৰ্ষৰ আদৰণি মানে প্ৰকৃতিৰ মাজত, নৈ-জান-জুৰি, পাহাৰৰ দাঁতিত কেইটামান উমাল মুহূৰ্ত। এইবাৰ নৱবৰ্ষত কিন্তু কবি বিজু সেনাপতিৰ পৰিকল্পনা বেলেগ—
নৱবৰ্ষ
চিলঙত এৰি আহিছিলো তোক
এৰি আহিছিলো, ভালুকপুং, বমডিলাত
ব্ৰহ্মপুত্ৰৰ পাৰঘাট, কাজিৰঙা, আকাশীগংগা,
পাহাৰৰ দাঁতি, নৈ পাৰ, পথাৰ
ক’ত ক’ত এৰি নাহিছিলো তোক
তথাপি আকৌ আহিলি ঘুৰি,
তই পোহনীয়া মেকুৰীতকৈও সাতচাৰ ।
এইবাৰ তোক এৰি নাহোঁ বুলি ভাবিছো
আয়তিৰ উৰুলিৰে তোক আদৰিম বুলি,
প্ৰেয়সীক কথা দিছো ।
তইতো জানই, দুখৰ হামৰাও এবোজাৰে,
‘হৃদয়হীনা’ কাৰোবাৰ মই প্ৰেমিক ।
তোৰ আগমনত মোৰ বৰ ভাৰষা,
তোৰ জন্মত মোৰ ৩০ বছৰীয়া যন্ত্ৰণা
সেইবাবেই তোৰ নামতেই আদৰিলোঁ,
নাঙঠ হোৱাৰ জোখাৰে কাপোৰ,
ভোকাতুৰ হ’বপৰাকৈ আহাৰ
আৰু অঘৰী হোৱাকৈ বাসস্থান ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments