নৱবৰ্ষ, ভোগালী আৰু জ্যোতিপ্ৰসাদ: ডাঃ ভূপেন শইকীয়া

(চৌকিডিঙিৰ জিলা পুথিভঁৰালৰ ওচৰত ৰেৱতী পেহীদেউ আৰু হৰেশ পেহাদেউৰ ঘৰ। সোমবাৰে লাইব্ৰেৰী বন্ধ থাকে। লাইব্ৰেৰীৰ পৰা এবাৰত দুখনকৈ কিতাপ ঘৰলৈ নিবলৈ দিয়ে। মই সপ্তাহত ৪/৫দিনেই লাইব্ৰেৰীলৈ যাওঁ আৰু প্ৰায়েই পেহীৰ ঘৰত সোমাওঁ। মোৰ কিতাপ পঢ়াৰ আগ্ৰহৰ বাবেই পেহী আৰু পেহাই মোক বিশেষ স্নেহৰ চকুৰে চাইছিল।)

সাহিত্য ডট অৰ্গৰ সম্পাদক ৰণজিৎ কুমাৰ বৰাৰ আগ্ৰহত দুআষাৰ লিখোঁ বুলি কীব’ৰ্ডত হাত বুলাবলৈ লৈছোঁ। নাজানো মোৰ লিখনিয়ে থীমৰ বিষয়-বস্তুৰ কিমান কাষ চাপিব পাৰিব। বিগত বছৰটোৰ অন্তিম মাহৰ নিৰ্লজ্জ দানৱীয় ঘটনাৱলীয়ে দেশে-বিদেশে ভাৰতবৰ্ষৰ মান-সন্মান ভূলুণ্ঠিত কৰিলে আৰু সৃষ্টি কৰিলে এক অভূতপূৰ্ব  জনপ্ৰতিবাদৰ ঢৌ, যাৰ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে। এই বিষয়ে অধিক চৰ্চাই মনলৈ দুখ আৰু হতাশাৰ ভাবহে আনে বাবে সদ্যহতে বিষয়টো সামৰিছোঁ।

ৰাতিপুৱাই টিভিত দেশৰ বাতৰি শুনাৰ আৰু ইন্টাৰনেটৰ মাধ্যমেৰে অসমৰ বাতৰি কাকতসমূহত চকু ফুৰোৱাৰ মোৰ  নিয়মীয়া অভ্যাস। এনে কৰোঁতে বেয়া বাতৰিৰ পয়োভৰত ভাল বাতৰি বিচাৰি হাবাথুৰি খাবলগীয়া হয়। ভাবিলে আচৰিতেই লাগে চকুৰ আগত চাওতে চাওতে কেনেকৈযে দিনবোৰ সলনি হ’ল।

এটা দিন আছিল যেতিয়া জানুৱাৰীলৈ পষেক থাকোতেই বগা বা ৰঙীণ ড্ৰয়িং পেপাৰ কিনি আনি সৰু সৰুকৈ কাটি তাত ছবি আঁকি ৱাটাৰ কালাৰ বা পেষ্টেল কালাৰৰে ৰঙ কৰিছিলোঁ। শুভেচ্ছা বাৰ্তা শুৱলাকৈ সাজি উলিয়াই ধুনীয়াকৈ ৰঙীন আখৰেৰে লিখিছিলোঁ। লেফেফাও প্ৰায় নিজে সাজিছিলোঁ আৰু ডাক-টিকট লগাই নিজ হাতেৰে ৰঙা চিঠিৰ বাকচত প’ষ্ট কৰিছিলোঁ। ডিচেম্বৰৰ শেষ সপ্তাহৰ পৰা জানুৱাৰীৰ মধ্যভাগলৈ  ডাকোৱালৰ আৰু ডাকোৱালে কঢ়িয়াই অনা  চিঠিৰ অতীব আগ্ৰহেৰে প্ৰতীক্ষা কৰিছিলোঁ।  দুই এখন গ্ৰিটিংছ টেলিগ্ৰামো কেতিয়াবা হাতত পৰিছিল। আমাৰ শিক্ষাগুৰুসকলকো নিজে সজোৱা গ্ৰিটিংছ যাঁচি আনন্দিত হৈছিলোঁ। নিজলৈ অহা  গ্ৰিটিংছ কাৰ্ডসমূহেৰে নিজৰ কোঠা শুৱনি কৰি এক বুজাব নোৱৰা তৃপ্তি পাইছিলোঁ।সময়ৰ বিৱৰ্তনৰ লগে লগে কিনা বা হাতেৰে বনোৱা গ্ৰিটিংছ কাৰ্ডৰ ছাহিদা নোহোৱা হ’ল। টেলিফোনত আৰু এছ এম এছত ম’বাইল ফোনত আৰু এতিয়া ফে’চবুকত মানুহে শুভেচ্ছাৰ বিনিময় কৰা হ’ল। মৃদুল সন্দিকৈ নামৰ এজন ভাব-বিভোৰলোকে সেয়ে ‘জনসাধাৰণ’ বাতৰি কাকতত লিখিছে -“নৱবৰ্ষ আহিল, নাহিল ডাকোৱাল!” এই নষ্টালজিয়াৰ মাজত সোমাই থাকোতে টিভিৰ পৰা অহা মন্দিৰ, নামঘৰৰ শংখ ঘন্টাৰ ধ্বনিয়ে পহিলা জানুৱাৰীৰ প্ৰভাতী পুৱাটোত মন মোৰ ফৰকাল কৰি তুলিলে। মোৰ সহৃদয় পাঠকসকলে জানে যে বৰ্তমান মই নিজৰ জনমভূমিৰ পৰা চাৰি হেজাৰ কিলোমিটাৰ দূৰত্বৰ এক মৰুৰ দেশত কৰ্মৰত। সেয়ে পূজা-পাঠৰ শব্দ শুনিয়ে মনলৈ পবিত্ৰ ভাব এটা আহিল। নৱবৰ্ষৰ প্ৰথম দুদিনত মোৰ চকুত পৰা কেইটামান বাতৰি ইয়াত উল্লেখ কৰিব খুজিছোঁ। গুৱাহাটীত নৱবৰ্ষৰ দিনা ৫ কোটি টকাৰ মদ বিক্ৰীৰ বিপৰীতে গ্ৰন্থ বিক্ৰী হয় দহ লাখ টকাৰ। গুৱাহাটীৰ চিৰিয়াখানাত এক জানুৱাৰী দিনা ২২ হেজাৰৰো অধিক দৰ্শণাৰ্থীয়ে প্ৰৱেশ কৰে। পৰিতাপৰ বিষয় চিৰিয়াখানাৰ বনস্পতি উদ্যান যুৱক-যুৱতীৰ অশালীন আচৰণৰ ৰম্যভূমিত পৰিণত হোৱাত কেইবামাহৰ পৰা কৰ্তৃপক্ষই উদ্যানত তলা মাৰি থৈছে।

আজিৰ মানুহৰ জীৱনৰ এক অপৰিহাৰ্য অংগত পৰিণত হোৱা ইন্টাৰনেটৰ শুভাৰম্ভ হৈছিল ১৯৮৩ চনৰ  এক জানুৱাৰীত। ২০১৩ চনত ইন্টাৰনেটে তিনিটা দশক সম্পূৰ্ণ কৰিলে। আৰক্ষীৰ তৎপৰতাত নতুন বছৰৰ প্ৰথম দুটা দিনত গুৱহাটী মহানগৰীত মটৰ দূৰ্ঘটনা আৰু  সুৰাপায়ীৰ অতপালি হ্ৰাস এক উল্লেখযোগ্য ঘটনা বুলি চিহ্নিত হৈছে।

চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত নিশ্চিতকৈ সহায়কাৰী হ’বপৰা তেজপুৰৰ বিহগুৰিত নিৰ্মাণৰত তেজপুৰ মেডিকেল কলেজৰ ৮০ ভাগৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাটো নিসন্দেহে এক আশাপ্ৰদ বাতৰি। একে সময়তে তেজপুৰ বিশ্ববিদ্যালয়ে ক্ৰমে অসমবাসীৰ মনলৈ নতুন আশাৰ সঞ্চাৰ কৰিব সমৰ্থ হৈছে। এসময়ৰ অসমৰ এজন মেধাৱী ছাত্ৰ ড বিপুল চন্দ্ৰ শৰ্মাই আমেৰিকাৰ লোভনীয় চাকৰি ত্যাগ কৰি তেজপুৰ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰাটো সঁচাকৈয়ে এক সুখবৰ। আনহাতে তিনিচুকীয়াৰ যুৱক ড মুকুট গোঁহায়ে বৰ্তমান দক্ষিণ আফ্ৰিকাত বিজ্ঞানীৰূপে সুনাম আৰ্জিবলৈ সক্ষম হোৱাৰ খবৰ অসমৰ বাতৰিকাকতত প্ৰকাশিত হৈছে।

আৰু বহুকেইটা সৰু-বৰ ভাল লগা খবৰ হ’ল— অসম কৃষি বিশ্ববিদ্যালয়ে স্বাইন ফিভাৰৰ  ছিটা উদ্ভাৱন কৰিছেআৰু ‘আসাম মিস্ক’ নামৰ সূলভ মূল্যৰ শিশু খাদ্যৰ উৎপাদন আৰম্ভ কৰিছে।

অসম এছ’চিয়েচন, গুড়গাঁৱে দিল্লীলৈ চিকিৎসাৰ বাবে অসমৰ পৰা যোৱা ৰোগীৰ সুবিধাৰ্থে সহজতে ৰক্ত সংগ্ৰহৰ ব্যৱস্থা কৰিছে। এয়া নিশ্চয় প্ৰয়োজনীয় লোকসকলৰ বাবে সকাহ দিয়া বাৰ্তা। স্কুলীয়া শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰা বিশ্বনাথ চাৰিআলিৰ স্তুতি খাউণ্ডৰ নাছা ভ্ৰমণ অভিজ্ঞতাৰ বিষয়ে সাক্ষাৎকাৰো পঢ়ি ভাল লাগিল। ভাল লাগিল অসমীয়া ডি টি পিৰ ছফ্টৱেৰ নিৰ্মাতা লক্ষীমপুৰৰ অনিল বৰুৱাৰ সংগ্ৰামৰ আৰু উত্থানৰ কাহিনী পঢ়ি। মন ভৰি উঠিল যেতিয়া অৱগত হলোঁ জীৱিকাৰ সংগ্ৰামত তেওঁ এটা সময়ত ৬০টকা হাজিৰাৰ ৰাজমিস্ত্ৰীৰ কাম কৰিবলগীয়া হৈছিল। ইন্টাৰনেটত জনসাধাৰণৰ বাতৰি পঢ়ি দক্ষিণ আফ্ৰিকাৰ বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়াই অনিল বৰুৱালৈ এক লাখ টকাৰ সাহায্য প্ৰেৰণ কৰিছে। সিও এক সুসংবাদ।

আন এজন যুৱ অভিযন্তা সমাজ সচেতন ব্যক্তি ডা০বুলজিৎ বুঢ়াগোঁহাই অহৰ্নিশে ব্ৰতী হৈ আছে অসমীয়া সমাজৰ বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰৰ পথ নিৰ্দেশনা দিয়াত। বিভিন্ন সংবাদপত্ৰত চিঠিপত্ৰৰ মাধ্যেমেদি তেওঁৰ অসমৰ প্ৰতি কিবা এটা কৰাৰ মানসিকতা প্ৰকাশ পাই  আহিছে । অভিযন্তা অনুপম বৰ্মনৰ এক লিটাৰ পেট্ৰ’লেৰে ১১৯ কিলোমিটাৰ দূৰত্বলৈ গাড়ী দৌৰাব পৰাৰ উপায় উদ্ভাৱনৰ উৎসাহী বাতৰিৰ লগতে উদ্ধৱ ভঁৰালীৰ নৱতম কঁকাল বেঁকা নকৰাকৈ কঠিয়া ৰোৱা যন্ত্ৰ আৱিস্কাৰৰ সংবাদেও দিলে মনত অশেষ আনন্দ।পানী মেটেকাৰ পৰা নিৰ্মিত সামগ্ৰীৰে নীলিম কুমাৰ ভূঞাৰ উদ্যোগ স্থাপন, টেঙা পুখুৰীৰ অজিত শৰ্মা বৰুৱাৰ “ভোগালী জলপান” উদ্যোগ প্ৰতিষ্ঠাৰ কাহিনীও কাৰো পৰা এটকাও সহায় নোপোৱা প্ৰীমল নাৰ্জাৰীৰ ৩০০বিঘা মাটিত ৰবৰ খেতি কৰি কেইবাটিও পৰিয়ালক সংস্থাপন দিয়াৰ আশাপ্ৰদ বাতৰিৰ ওপৰিও ভাল লাগিল “লা মেজু দি আনন্দ” শীৰ্ষকেৰে অসমীয়া প্ৰতিদিনত  প্ৰকাশিত বাতৰি। চমুকৈ ক’বলৈ হ’লে মাজুলীত পৰ্যটনৰ বিকাশৰ বাবে ডেনী গাম আৰু তেওঁৰ সহযোগী দুলাল, নিতুল, জ্যোতিৰ সহযোগত ওলাই অহা এদল উদ্যমী যুৱকৰ  কৃচ্ছ্ৰসাধনাৰ  কাহিনী  ‘প্ৰতিদিন’ত সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। দুখন কবিতা পুথি ৰচনা কৰা আৰু ‘গাইড’ হিচাবে জীৱন আৰম্ভ কৰা ডেনী গাম বৰ্তমান এজন টুৰিষ্ট অফিচাৰ। এইসকলৰ পৰিচালনাত মাজুলীলৈ এতিয়া দেশ বিদেশৰ ভ্ৰমণকাৰীৰ আগমন ঘটিবলৈ লোৱাটো  আশাৰ বতৰা।

ভাল লগা খবৰ হ’ল গ্ৰন্থমেলাত আৰু আন অনুষ্ঠানতো ১২টা ভাষাত (আদি,নাগমিজ,গাৰো,বড়ো, কাৰ্বি,ৰাজবংশী,হাজং,ৰাভা,চাহ জনগোষ্ঠীয় বাগানীয়া, হিন্দী,বাংলা আৰু অসমীয়া ) ‘অ’ মোৰ আপোনাৰ দেশ’ পৰিবেশন হোৱাটো। একে সময়তে প্ৰকাশিত হোৱা এটি উল্লেখযোগ্য বাতৰি হ’ল শিৱসাগৰৰ ‘উত্তৰণ’ যাদুঘৰৰ প্ৰতিষ্ঠাতা দুৰ্লভ বৰাৰ বিষয়ে। মোৰ সমবয়সী দূৰ্লভ বৰা আমাৰ দেউতাৰ নলেগলে লগা বাল্য বন্ধু স্বৰ্গীয় কুলধৰ বৰাৰ সুপুত্ৰ। এটা সময়ত কালুগাঁৱৰ বৰপাত্ৰ দ’ল হাইস্কুলত দেউতাই তাৱৈদেউৰ সৈতে একেলগে শিক্ষকতাকৰিছিল। আমি দুৰ্লভ বৰাৰ পিতৃ-মাতৃক “তাৱৈ -আমৈ” বুলিছিলোঁ। আজিকালি “আংকল”ৰ হেঁচাত এই সম্বোধনটো দুস্প্ৰাপ্য হৈ পৰিছে। ব্যক্তিগত যাদুঘৰ উত্তৰণৰ দিনক দিনে উত্তৰণ ঘটক ইয়াকে  অন্তৰেৰে কামনা কৰোঁ।

নৰৱেত বিজ্ঞানৰ গবেষণা কৰাৰ লগতে একনিষ্ঠভাবে অসমীয়া ভাষাৰ উত্তৰণত লাগি থকা পংকজ বৰাই নেটত খবৰ দিছে – সৌৰভ চলিহাৰ ‘অশান্ত ইলেকট্ৰ’ন’ আৰু কেইবাটাও গল্পৰ ইংৰাজী অনুবাদ ইন্টাৰনেটত উপলব্ধ হৈছে। আৰু এটা ভাল খবৰ হ’ল, ডসঞ্জীৱ কুমাৰ বৰকটকীৰ মহাপুৰুষ শংকৰদেৱৰ অৱদানৰ ওপৰত লিখা এখন ইংৰাজী গ্ৰন্থ জাৰ্মানীৰ লেমবাৰ্ট একাডেমিক পাব্লিচিঙে প্ৰকাশ কৰাটো।

এইবাৰ প্ৰসংগ সলনি কৰিব খুজিছোঁ। বিগত বছৰতটোৰ পৰ্যালোচনা কৰাতকৈ অলপ সুকীয়াকৈ ভাবিব খুজিছোঁ। সবাক চিন্তন (Loud thinking ) কৰিব লৈছোঁ। মনলৈ বাধাহীনভাৱে যি আহে আহিবলৈ দিছোঁ – মাথোঁ কথাখিনিয়ে আত্মশ্লাঘাৰ ৰূপ নললেই হ’ল। কিতাপৰ জগতখনৰ সৈতে মোক পৰিচয় কৰাই দিছিল দেউতাই। দেউতাই এফালে চতুৰ্থ শ্ৰেণীত ডিব্ৰুগড় চৰকাৰী হাইস্কুলত মোৰ নাম লগালে, আনফালে ৫ টকা দি  মোক জিলা পুথিভঁৰালত সদস্য ভৰ্তি কৰি দিলে। চৌকিডিঙিৰ জিলা পুথিভঁৰালৰ ওচৰত ৰেৱতী পেহীদেউ আৰু হৰেশ পেহাদেউৰ ঘৰ। সোমবাৰে লাইব্ৰেৰী বন্ধ থাকে। লাইব্ৰেৰীৰ পৰা এবাৰত দুখনকৈ কিতাপ ঘৰলৈ নিবলৈ দিয়ে। মই সপ্তাহত ৪/৫দিনেই লাইব্ৰেৰীলৈ যাওঁ আৰু প্ৰায়েই পেহীৰ ঘৰত সোমাওঁ। মোৰ কিতাপ পঢ়াৰ আগ্ৰহৰ বাবেই পেহী আৰু পেহাই মোক বিশেষ স্নেহৰ চকুৰে চাইছিল। পাফু চিৰিজ, দস্যু ভাস্কৰৰ পৰা আৰম্ভ কৰি হেম বৰুৱাৰ নানান ভ্ৰমণ কাহিনী, অনুবাদ সাহিত্য, বিলুপ্ত জগত, টলষ্টয়ৰ সাধু, এণ্ডাৰচনৰ সাধু  আদি এফালৰ পৰা গ্ৰাস কৰি গৈছিলোঁ। এটা সময়ত পাঠ্যপুথিৰ বাহিৰৰ কিতাপৰ এটা অংশ নপঢ়িলে মোৰ টোপনি নহা হ’ল। ডাক্তৰ হোৱালৈকে মোৰ এই অভ্যাসটো বাহাল আছিল। ষষ্ঠমানত পঢ়ি থাকোঁতেই ভাৰত চৰকাৰৰ এটি জলপানি পাই বেনাৰচৰ ‘ৰাজঘাট বেছেন্ত স্কুল’ত পঢ়িবলৈ গুছি গলোঁ। বিদ্যালয়ৰ অসমীয়া পঢ়াৰ সেয়ে সিমানতে অন্ত পৰিল। ইয়াৰ বাবেই মোৰ লিখাত বানানৰ ভুল হয়। জীৱনৰ সৰ্বোত্তম ৫টা বছৰ বেনাৰচত কটোৱাৰ পিচত এটা সময়ত ডাক্তৰ হ’লোঁ। চৰকাৰী চাকৰি ১৬ বছৰ কৰাৰ পিচত এৰা-ধৰাকৈ যোৱা দহটা বছৰে বিদেশত কৰ্মৰত। মৰুৰ দেশ কাটাৰলৈ আহি যোৱা বছৰটোত কম্পিউটাৰত নিজে নিজে অসমীয়া লিখিবলৈ শিকিলোঁ। ভাব প্ৰকাশ  কৰিবলৈ এখন মঞ্চ পালোঁ – ‘অসমীয়া কথা বতৰা’ গোট। অলপতে মোৰ ৰচিত কেইটিমান কবিতা দুখন কবিতা পুথিৰ সংকলনত প্ৰকাশিত হ’ল। এতিয়া মই নিজে সপোন দেখিব পৰা হ’লোঁ। কাটাৰৰ ডায়েৰি, এখনি কবিতাৰ কিতাপ আৰু এখন খুহুতীয়া কথাৰ সংকলন প্ৰকাশ কৰাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছোঁ। ফে’চবুকৰ মাধ্যেমেৰে বিগত বছৰটোত বহু কেইজন বন্ধু পালোঁ। দূৰৈত থাকিও মাতৃভাষাত ভাব ব্যক্ত কৰিবলৈ এখন আপোন সমাজ পালোঁ। কাকো দুখ নিদিওঁ বুলি মই ভাবিলেও মোৰ ওচৰত ক্ষুন্ন হৈ কোনো কোনোবাই মোৰ বন্ধু্ত্ব ত্যাগ কৰাটো মোৰ বাবে দুখৰ বিষয়।

ভোগালীৰ তাৎপৰ্য অসমৰ বাহিৰত থাকিয়েই বাল্যকালৰ পৰা ভালকৈ বুজি উঠিছিলোঁ। উৰুকাৰ আগনিশাৰ চুৰি কাৰ্যক পোনতে বিস্ময়ৰে প্ৰত্যক্ষ কৰিছিলোঁ যদিও মনটোৱে ইয়াক কাহানিও সমৰ্থন জনোৱা নাছিল। আনৰ চকুত আমাৰ বেয়া পৰম্পৰা এটা সদায় কিয় ধৰা দিব লাগে ? একেই কথা ব’হাগত বিহু হুঁচৰিৰ নামত বাৰে ভচহু দল এটা পাতি অনা-অসমীয়াৰ পদূলিত বিকৃতভাৱে গাই-বাই ফুৰাৰো তীব্ৰ গৰিহণা দিওঁ।

জ্যোতিপ্ৰসাদৰ বিষয়েনো কি লিখিম ? গোটত অনেকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে সাৰুৱা কথা লিখিছে আৰু লিখিব। মই মাথোঁ উপলব্ধি কৰোঁ এইজনা মনীষাই অল্পায়ুতে নুঢুকুৱা হ’লে অসমৰ সাহিত্য- সংস্কৃতিৰ জগতখন আৰু সমৃদ্ধিশালী হ’লহেঁতেন।

মোখনিত ইমানেই কম যে মনলৈ অহা বেবেৰিবাং লিপিবদ্ধ কৰা বাবে পাঠকসকলে দায়-দোষ নধৰে যেন। বেয়াখিনি অগ্ৰাহ্য কৰি লাগতিয়াল যেন লগা কথাখিনিতহে পাঠকে মনোযোগ দিয়ে। সকলোকে ধন্যবাদ আৰু নৱবৰ্ষৰ শুভকামনা জনাই আজিলৈ বিদায় মাগিলোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments