নৱেম্বৰৰ বাবে এখন্তেক সোঁৱৰণ (- পৰশমণি বৰা)

অক্টোবৰ মাহটো যাওঁ- নাযাওঁ কৰি থকাৰেপৰাই মোৰ মনটোৱে মাজে-সময়ে সোঁৱৰাই আছিল যে নৱেম্বৰ মাহটো আহিবৰ হ’লহি, কিছুমান বিশেষ দিনৰ আকৌ ভুমুকিয়াবৰ হ’লহি। যোৱাবছৰৰ নৱেম্বৰ মাহত আমি অসমৰ দুজনকৈ সুযোগ্য সন্তান হেৰুৱাইছিলোঁ- এগৰাকী সুৰৰ সম্ৰাট আছিল আৰু আনগৰাকী আছিল গদ্যৰ জগতখনৰ এটি উজ্জ্বল নক্ষত্ৰ; ড° ভুপেন হাজৰিকা আৰু ড° মামণি ৰয়ছম গোস্বামী নামেৰে আমি আটাইবোৰৰে বাবে মৰমৰ হৈ পৰা ড° ইন্দিৰা গোস্বামী। এই দুয়োজনৰে নাম ইমান বেছিকৈ মনত পৰিবলগীয়া কিয় হ’ল সেয়া ভাবিলে মই আচৰিত হওঁ, কিয়নো এটা সময়লৈকে এই দুয়োগৰাকী ব্যক্তিকেই মই বেয়া পাইছিলোঁ, সহজ ভাষাত ক’বলৈ গ’লে তেওঁলোকৰ জীৱনৰ মূল্য বুজি পোৱা নাছিলোঁ।

মামণি ৰয়ছম গোস্বামী বুলি ক’লেই সৰুতে মই বুজিছিলোঁ জাপৰি চুলিৰ, কপালত ডাঙৰ ৰঙা ফোঁট লোৱা, চকুত খুব ডাঠকৈ কাজল লগোৱা, তেজাল কাপোৰ পিন্ধা মানুহ এজনী- সেই মানু্হজনীয়ে বহুত ভাল-ভাল কথা লিখে বুলিও বুজিছিলোঁ, কিন্তু হ’লেও মই বেয়া পাই্ছিলোঁ তেওঁক; সাজ-পোছাকে মানুহৰ ব্যক্তিত্বৰ ওপৰত যে প্ৰভাৱ পেলায় বুলি কয়, সেয়াই খাটিছিল মোৰ এই ক্ষেত্ৰত। তেওঁৰ বাহ্যিক ৰূপটোৱে মোৰ সৰু মনটোত তেওঁ সম্পৰ্কে এটা নেতিবাচক ইমেজ গঢ়ি তুলিছিল। পৰিপাটী হৈ থকাৰ শিক্ষা দি থকা হৈ আছিল সেই সময়ত অহৰহ আৰু তেজাল ৰং মই একেবাৰেই বেয়া পোৱা ৰং আছিল, সেয়েহে জপৰা চুলিৰ সেইু মানুহ গৰাকীক মই বেয়া পাইছিলোঁ। আৰু যেতিয়া আখৰ জোঁটনি পঢ়িব জনা হ’লো তেতিয়া প্ৰান্তিকত তেওঁ লিখা এটা গল্প প্ৰথম বাৰলৈ পঢ়িছিলোঁ, পঢ়ি একো বুজি নাপালোঁ আৰু মন্তব্য দিছিলোঁ নিজে-নিজেই- কি এনে ভাল কথানো লিখিছে বুলি; ‘বোৰ্খা’ আছিল সম্ভৱ সেই গল্পটোৰ নাম। সেয়া ১৯৯৫/’৯৭ ৰ কথা। তাৰ পাছত এদিন হঠাৎ গ’ম পাইছিলোঁ- মানুহগৰাকী বিধবা, আৰু এই কথাষাৰে মোক তেওঁৰ প্ৰতি সেই তেতিয়াৰেপৰা তীব্ৰভাৱে অনুসন্ধিৎসু কৰি তুলিলে। বিধবা মানুহ এগৰাকীৰ কপালত ৰঙা ফোঁটটো মোৰ বাবে হজম কৰিব নোৱাৰা কথা হৈছিল কাৰণ সৰু হ’লেও বুজিছিলোঁ কপালত মায়ে লোৱা ৰঙাকৈ, গোল ফোঁটটোৰ অৰ্থ কি। ড° মামণি ৰয়চম নামটোৰ গৰাকীজনৰ সন্ধান তেতিয়াৰেপৰা আৰম্ভ হৈছিল, ‘বোৰ্খা’ৰপৰা তাৰ আৰম্ভণি। টুকুৰা-টুকুৰাকৈ পঢ়িছিলোঁ তেওঁৰ বিষয়ে য’তেই নাপাওঁ লাগিলে আৰু যিমানেই তেওঁৰ বিষয়ে জানিবলৈ পালোঁ, সিমানেই তেওঁক বেছিকৈ জানিবলৈ আগ্ৰহ বাঢ়ি গৈ থাকিল। আৰু যিদিনা তেওঁৰ কপালৰ ফোঁটটোৰ আঁৰৰ কথা গ’ম পালোঁ সেইদিনা মোৰ লাজ লাগিছিল- কিমান ভুল আছিলোঁ তাকে ভাবি; সেইদিনা তেওঁৰ স্বৰ্গগত পতি মাধৱেন ৰয়চমক মোৰ ক’বলৈ মন গৈছিল, “চোৱা, কিমান ভাগ্যৱান তুমি, যে মামণি বাইদেউৰ দৰে পত্নী তুমি পালা- যিগৰাকী পত্নীয়ে ৰঙা ফোঁটৰ মাজেৰেই তোমাক জীয়াই ৰাখে, তোমাক অনুভৱ কৰে” বুলি। হিন্দু ধৰ্মত বিশ্বাস কৰা গংগাতকৈয়ো পবিত্ৰ যেন লাগি গৈছিল তেওঁক সেইদিনা।

এবছৰ পুৰণি দিনটো কালি আকৌ আহিল- সুধাকণ্ঠৰ মৃত্যুদিন, যাক মৃত্যু বাৰ্ষিকী হিচাপে আমি যেয়ে যেনেকেই পাৰোঁ- পালন কৰিলোঁ। কালি দিনযোৰা ব্যস্ততাৰ পাছত গধূলি বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আয়োজিত অনুস্থানত লগ হৈছিলোঁ আমি আটাইবোৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ শদিয়া-ধুবুৰীৰ মানুহ; হাতত হাত ধৰি মানৱ শৃংখল গঠন কৰিছিলোঁ, শপতবাক্য পাঠ কৰিছিলোঁ আৰু সুৰত সুৰ মিলাই গাইছিলোঁ/গাবলৈ চেষ্টা কৰিছিলোঁ, “মানুহে মানুহৰ বাবে/যদিহে অকণো নেভাবে/অকণি সহানুভুতিৰে/ভাবিব কোনেনো কোঁৱা…”; সমনীয়া গায়ত্ৰীয়ে গোঁৱা, “We are on the same boat brother” উপভোগ কৰি থাকোঁতেই কেতিয়ানো ক’ব নোৱাৰাকৈ হাত চাপৰিৰ তাল আৰু তালৰ লগতে কণ্ঠইদি সুৰো বৈ আহিছিল গ’মকে নাপালোঁ; আৰু কালিহে, বহু পলমকৈ হ’লেও গ’ম পালোঁ- আমাৰ বিশ্ববিদ্যালয় সংগীতটিৰ ৰচক আৰু সুৰকাৰ আছিল স্বয়ং ভুপেন দা! লতাজীৰ সুৰত চিৰযুগমীয়া, “গোদাৱৰী নৈৰে পাৰৰে পৰা/অসমী আইলৈ যাচোঁ প্ৰণাম” গীতটিত নাছি থকা অকণমাণি ছোৱালীজনীৰ নৃত্যৰ তালে সোঁৱৰাই দিছিল আমাৰ গৌৰৱময় অতীতটোক ক্ষণিকৰ বাবে হ’লেও, আৰু গীতটিৰ আৰম্ভণিত বাজি উঠা ৺ভুপেন দাৰ মাতষাৰ-“এয়া মোৰ কাষত লতা মংগেশকাৰ। লতা” আৰু তাৰ পাছতেই শুনা কুকিল কণ্ঠীৰ মাতে আজি দুদিনমানৰ আগতে মই শুনিবলৈ পোৱা প্ৰিয়ম হাজৰিকাই প্ৰসংগক্ৰমেত ৰাজহুৱা কৰা লতাজী আৰু ভুপেন হাজৰিকাৰ কথাবোৰে মোৰ মনত সঁচা-সঁচাকৈ সাঁথৰৰ গঢ় দি পেলাইছিল। চিৰকুমাৰী লতাজীক জনাৰ হাবিয়াসতকৈ বিবাহিত হৈয়ো কৌমাৰ্য ব্ৰতৰতৰ দৰেই পাৰ হোৱা ভুপেন হাজৰিকাক জনাৰ হাবিয়াস বেছি হৈছিল। বিচিত্ৰ মানৱ মন, বিচিত্ৰ যাৰ পৰিচয়!

সৰুতে ড° ভুপেন হাজৰিকা বুলিলে মই এটাই কথা বুজিছিলোঁ- “বুকু হম্-হম্ কৰে” আৰু কিয় ক’ব নোৱাৰোঁ কিন্তু সেই গানটো মই ভাল নাপাইছিলোঁ। দেউতাই শুনিবলৈ অনা দুটা অডিঅ’ কেছেট সেই সময়ত মোৰ আটাইতকৈ বেয়া লাগিছিল; তাৰে এটা হেৰাল, আনটো এতিয়াও আছে- য’ত আছে ‘মদাৰৰে ফুল হেনো’, ‘এই পৃথিৱী এক ক্ৰীড়াংগন’, ‘ঢাক-ঢাক-ঢাক-ঢাক ঢাকেই বজালি’, ‘উজাই বুৰে দিলে’, ‘তোমাৰ দেখোন নাম পত্ৰলেখা’; বাকী গানকেইটা পাহৰিলোঁ। মিউজিক চিষ্টেমত সেইকেইটা বজোৱা শুনিলেই মোৰ খং উঠিছিল, হেৰাই যোৱা কেছেটটোৰ দৰেই এইটোৰো একেই গতি হওক বুলি মনে-প্ৰাণে কামনা কৰিছিলোঁ, পিছে মনোবাঞ্চা পূৰণ নহ’ল। এতিয়া ভাবোঁ- হেৰাই যোৱা হ’লে এতিয়া বেয়া লাগিলহেঁতেন। গান বেয়া পোৱাৰ বাবে মানুহজনকো কিবা এটা বেয়া পাইছিলোঁ মই।ঘৰত ভুপেন হাজৰিকাৰ প্ৰসংগ ওলালেই হয় মই ফালৰি কাটি গুছি গৈছিলোঁ, নহয় প্ৰসংগয়েই সলনি কৰাইহে এৰিছিলোঁ। তেনেকুৱাতে ভুপেন দা সম্পৰ্কীয় এটা বাতৰি পঢ়িবলৈ পাইছিলোঁ, “ঘৰলৈ আহিছে ভুপেন হাজৰিকাৰ পুত্ৰ তেজ” শীৰ্ষক বাতৰিটো। পঢ়ি আচৰিত হৈছিলোঁ- কোন তেজ এয়া? ইয়াৰ পাছৰেপৰাই অন্ন্বেষণ আৰম্ভ ভুপেন দাৰ জীৱনটোৰ ৰহস্যৰ। ‘তেজ’ নামটোৰ পাছত ‘প্ৰিয়ম হাজৰিকা’, ‘সুদক্ষিণা শৰ্মা’, ‘কল্পনা লাজমী’ আৰু বহুতো নাম সংযোজিত হ’ল; কথাবোৰ লাহে-লাহে গ’ম পোৱা হৈ আহিলোঁ। কল্পনা লাজমীৰ সৈতে সাঙুৰি থকা কথাবোৰে মোৰ মনত তেওঁৰ প্ৰতি নেতিবাচক মনোভাবহে জন্ম দিছিল। এনেকৈ থাকোঁতেই ভুপেন হাজৰিকাৰ ক্ৰমাৎ পৰি অহা স্বাস্থ্যৰ খবৰবোৰে প্ৰায়েই বাতৰিৰ শিৰোনামা দখল কৰা হ’লহি আৰু তেনেকুৱাবোৰ দিনৰ মাজতে, যোৱাবছৰৰ ৫ নৱেম্বৰত, প্ৰায় গধূলি পৰত শুনিছোঁ- সংগীতত সপোন ৰচা, সংগীতৰ মাজেৰেই মানৱ শৃংখল গঢ়ি তোলাৰ সপোন দেখা মানুহজন নাই; মহাবিদ্যালয়ৰপৰা উভটাৰ সময় সেয়া, ঘৰলৈ আহি টেলিভিচন, কম্পিউটাৰ অন কৰি চাই গ’ম পাইছোঁ- মই পোৱা খবৰ সঁচা।

ভুপেন হাজৰিকাৰ মৃত্যুৰ পাছৰ তিনিদিন মই চাগৈ কেতিয়াও নাপাহৰিম; সেইকেইদিন কিহে পাইছিল ক’ব নোৱাৰোঁ কিন্তু গো-গ্ৰাসে ভাত গিলাৰ দৰে মই প্ৰয়াত ভুপেন দা সম্পৰ্কীয় যিয়েই পাইছিলোঁ তাকেই পঢ়ি গৈছিলোঁ; তেওঁৰ জীৱন, তেওঁৰ আদৰ্শ, তেওঁৰ কৰ্ম অধ্যয়ন কৰাত বহি গৈছিলোঁ। কথাতে কয় মৃত্যুৰ পাছতহে জীৱন এটাৰ মূল্য কিমান-সেয়া ভালকৈ বুজি পোৱা যায়। ভুপেন হাজৰিকাদেৱৰ মৃত্যুৰ পাছতহে তেওঁৰ ৰচনাৰাজি, তেওঁৰ খেয়ালি মন, তেওঁ দেখা বৰলুইতৰ দুয়োপাৰ বিস্তীৰ্ণ বৰ অসম গঢ়াৰ সপোন বুজি উঠিছোঁ। জুইৰ লেলিহান শিখাত বিলীন হৈ যোৱা নশ্বৰ দেহটো দেখি সেইদিনা নভবাকৈয়ে চকুপানী সৰিছিল, যিদৰে মৌচাকৰ ‘এণ্ডিখুড়া’ৰ আকস্মিক মৃত্যুত ওলাইছিল চকুলো। তেওঁৰ মৃত্যুৰ দিনা উপলব্ধি কৰিছিলোঁ- আমি অসমবাসীয়ে সঁচাকৈয়ে ডাঙৰ কিবা এটা হেৰুৱালোঁ।

“November pores”- যোৱাটো বছৰৰ বাবে এটা কঠোৰ, কিন্তু নিৰ্ধাৰিত থিম্ যেনেই হৈ পৰিছিল। এসময়ত একেবাৰেই বেয়া পোৱা দুজনকৈ ব্যক্তি সময়ত প্ৰিয় ব্যক্তি হৈ পৰিছিল মোৰ বাবে; তাৰ বাবে যোৱাটো নৱেম্বৰ মোৰ বাবে স্মৰণীয়। কিন্তু বেয়া লাগে ভাবিলে যে এটা সময়ত মই তেওঁলোকৰ জীৱন দুয়োটা বেয়া পাইছিলোঁ, তেওঁলোকৰ বিষয়ে জানিবলৈ ন্যুনতম হেঁপাহকণো নেদেখুৱাইছিলোঁ। তেওঁলোকৰ মৃত্যুৱে মোৰ ভ্ৰান্ত ধাৰণা দুৰ কৰিলে। আৰু আন এটা কথাও শিকালে- নদীৰ দৰেই জীৱনে বাট সলায়, বাট সলালেও সেই সলনিৰ মাজতেই সৃজনিৰ গঁজালিও মেলে…।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক