নৱৰাত্ৰি আৰু মা দুৰ্গাৰ নৱৰূপ ( মেঘালী দিহিঙ্গীয়া )

Nabaratri Aru Ma Durgar Nabarup_Meghali Dihingia

“যা দেৱী সৰ্বভূতেষু শক্তিৰূপেন সংস্থিতা

নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ“

শৰতৰ আগমনৰ লগে লগে সৰ্বত্ৰ প্ৰস্তুতি চলিছে শাৰদীয় দুৰ্গোৎসৱৰ৷ শিল্পালয়ত খনিকৰৰ ব্যস্ততা বাঢ়িছে৷ ঠায়ে ঠায়ে পূজাৰ উদযাপন সমিতি গঠন কৰিছে, বাজেট প্ৰস্তুত হৈছে৷ দেৱী বন্দনাৰে আকাশ বতাহ মুখৰ কৰি তুলিবৰ বাবে ভক্তগণ সাজু হৈ উঠিছে৷

ভাৰতবৰ্ষত হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ হৈছে দুৰ্গাপূজা৷ শাস্ত্ৰ অনুসৰি আহিন মাহৰ শুক্লপক্ষত শাৰদীয় দুৰ্গোৎসৱ পালন কৰা হয়৷ এই পক্ষটোক দেৱীপক্ষ বুলিও কোৱা হয়৷ সাধাৰণতে দেৱীপক্ষৰ ষষ্ঠ দিনটোৰপৰা দশম দিনলৈকে দুৰ্গাপূজা পালন কৰা হয়৷ এই পাঁচদিন ক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী হিচাপে জনা যায়৷ দেৱীপক্ষৰ পূৰ্বৱৰ্তী অমাৱস্যাক মহালয়া বোলে৷ এই মহালয়াৰ পিছদিনাৰ পৰা, অৰ্থাৎ দেৱীপক্ষৰ প্ৰতিপদৰ পৰা মহানৱমীলৈকে এই ন টা দিন নৱৰাত্ৰি হিচাপে পালন কৰি দেৱী দুৰ্গাৰ ন টা ৰূপৰ উপাসনা কৰা হয়৷

দেৱী দুৰ্গাৰ উৎপত্তি আৰু উৎসক লৈ ধৰ্মীয় আখ্যান উপাখ্যানৰ অন্ত নাই৷ সৰ্বপ্ৰথমে কোনে দেৱীপূজাৰ প্ৰচলন আৰম্ভ কৰিছিল এই লৈয়ো ভিন ভিন মতবাদ দেখিবলৈ পোৱা যায়৷ ব্ৰহ্মবৈবৰ্ত আৰু ভাগৱত পুৰাণত উল্লেখ থকামতে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ পূজা প্ৰৱৰ্তন কৰিছিল৷

সৃষ্টিৰ আদিশক্তি দেৱী দুৰ্গা৷ দুৰ্গাপূজা হ’ল শক্তিপূজা৷ দুৰ্গা শব্দৰ অৰ্থ এনেদৰে বিশ্লেষণ কৰা হৈছে-

দ = দৈত্যনাশক

উ = বিঘ্ননাশক

ৰ = ৰোগনাশক

গ = পাপনাশক

আ = ভয় তথা শত্ৰুনাশক

অৰ্থাৎ দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ বিনাশ কৰি জগতৰ মঙ্গলসাধন কৰা দেৱীয়ে হ’ল দুৰ্গা৷ শাস্ত্ৰ অনুসৰি সমস্ত জগতৰ ত্ৰাণকৰ্তী, দুৰ্গতিনাশিনী, সঙ্কটনাশিনী, সৰ্বমঙ্গলকাৰিণী মা দুৰ্গাৰ মুঠ ন টা ৰূপ৷ এই ৰূপসমূহ হ’ল-

(১)শৈলপুত্ৰী, (২)ব্ৰহ্মচাৰিণী, (৩)চন্দ্ৰঘণ্টা, (৪)কুষ্মাণ্ডা, (৫)স্কন্দমাতা, (৬)কাত্যায়নী, (৭)কালৰাত্ৰী, (৮)মহাগৌৰী আৰু (৯)সিদ্ধিদাত্ৰী৷

(১)শৈলপুত্ৰী- মা দুৰ্গাৰ ন ৰূপৰ প্ৰথম ৰূপটোক শৈলপুত্ৰী নামেৰে জনা যায়৷ শৈল শব্দৰ অৰ্থ গিৰি বা পৰ্বত৷ পুৰাণত উল্লেখ থকামতে দেৱী দুৰ্গাই গিৰিৰাজ হিমালয়ৰ ঔৰসত মেনকা দেৱীৰ গৰ্ভত পুত্ৰী হিচাপে জন্ম লোৱাৰ হেতু এই শৈলপুত্ৰী নামৰ উদ্ভৱ হয়৷ নৱৰাত্ৰিৰ প্ৰথম দিনাই উপাসনা কৰা অনন্ত শক্তি আৰু মহিমাৰ প্ৰতীক দেৱী শৈলপুত্ৰী সোঁহাতত ত্ৰিশুল আৰু বাওঁহাতত কমল পুষ্পৰে সুশোভিত হৈ বৃষভ বা ষাঁড় গৰুৰ ওপৰত অধিষ্ঠিত৷

(২)ব্ৰহ্মচাৰিণী- মা দুৰ্গাৰ ন শক্তিৰ দ্বিতীয় ৰূপটো ব্ৰহ্মচাৰিণী নামেৰে খ্যাত৷ ’ব্ৰহ্ম’ অৰ্থাৎ ’তপস্যা’৷ ব্ৰহ্মচাৰিণী শব্দৰ অৰ্থ হৈছে ’তপচাৰিণী’ বা ’তপস্বীনি’৷ ভগৱান শিৱক পতিৰূপে পাবৰ বাবে নাৰদ মুনিৰ পৰামৰ্শ অনুযায়ী কঠোৰ তপস্যাত নিমগ্ন হোৱাৰ বাবে দেৱীয়ে এই নাম পায়৷ পূৰ্ণ জ্যোতিৰ্ময়ী আৰু অত্যন্ত ভৱ্য ৰূপৰ দেৱী ব্ৰহ্মচাৰিণীৰ সোঁহাতত জপমালা আৰু বাওঁহাতত কমণ্ডলু বিদ্যমান৷ নৱৰাত্ৰিৰ দ্বিতীয় দিনা এই দেৱীৰ অৰ্চনা কৰিলে ভক্তগণৰ যোগ, ত্যাগ, বৈৰাগ্য, ধৈৰ্য্য, সদাচাৰ আৰু সংযমশক্তি বৃদ্ধি পায় বুলি কোৱা হয়৷

(৩)চন্দ্ৰঘণ্টা- মা দুৰ্গাৰ তৃতীয় ৰূপ দেৱী ’চন্দ্ৰঘণ্টা’ৰ মূৰত ঘণ্টাকৃতিৰ অৰ্ধচন্দ্ৰৰ শোভা বিৰাজমান৷ এই দেৱী দশভুজা আৰু শৰীৰৰ বৰণ সোণৰ দৰে উজ্জ্বল৷ প্ৰতিখন হাততে ভিন্ন অস্ত্ৰ আৰু বাণেৰে শোভিত দেৱী চন্দ্ৰঘণ্টা সিংহৰ ওপৰত উঠি সদায় যুদ্ধৰ বাবে সাজু হৈ থাকে৷ দেৱীৰ প্ৰচণ্ড ধ্বনিত অত্যাচাৰী অসুৰ-দানৱসকল ভয়তে কম্পিত হৈছিল৷ পাপনাশিনী আৰু কল্যাণকামী দেৱী চন্দ্ৰঘণ্টাক নৱৰাত্ৰিৰ তৃতীয় দিনা উপাসনা কৰা হয়৷

(৪)কুষ্মাণ্ডা- মা দুৰ্গাৰ চতুৰ্থ ৰূপটোক ’কুষ্মাণ্ডা’ নামেৰে জনা যায়৷ সৃষ্টিৰ আদি স্বৰূপা শক্তি দেৱী ’কুষ্মাণ্ডা’ই নিজৰ মৃদু-মন্দ হাঁহিৰে ব্ৰহ্মাণ্ড ৰচনা কৰিছিল৷ অষ্টভুজা দেৱী কুষ্মাণ্ডাৰ বাহন সিংহ আৰু এখেতৰ আঠখন হাত ক্ৰমে কমণ্ডলু, ধেনু, কাঁড়, পদুমফুল, অমৃতপূৰ্ণ কলহ, চক্ৰ, গদা আৰু জপমালাৰে শোভিত৷ সংস্কৃত ভাষাত কুষ্মাণ্ডা মানে কোমোৰা৷ নৱৰাত্ৰিৰ চতুৰ্থ দিনা ভক্তসকলে দেৱীৰ অৰ্চনাত কোমোৰাৰ বলি আগবঢ়ায়৷

(৫)স্কন্দমাতা- দেৱী দুৰ্গাৰ পঞ্চম ৰূপটো হৈছে স্কন্দমাতা৷ স্কন্দ অৰ্থাৎ ’কুমাৰ কাৰ্তিকেয়’৷ কুমাৰ কাৰ্তিকৰ মাতৃ হোৱাৰ বাবে দেৱীৰ এই ৰূপক স্কন্দমাতা বুলি কোৱা হয়৷ চতুৰ্ভুজা, শ্বেতবৰ্ণা দেৱী স্কন্দমাতা পদুম ফুলৰ ওপৰত উপৱিষ্ট হোৱাৰ বাবে এখেতক ’পদ্মাসনা’ নামেৰেও জনা যায়৷ নৱৰাত্ৰিৰ পঞ্চম দিনা দেৱী স্কন্দমাতাক অৰ্চনা কৰিলে সৰ্বকামনা পূৰণ হয় বুলি ভক্তগণে বিশ্বাস কৰে৷

(৬)কাত্যায়নী- মা দুৰ্গাৰ ষষ্ঠ ৰূপটো কাত্যায়নী নামেৰে জনাজাত৷ মৰ্ত্যত দানৱ মহিষাসুৰৰ অত্যচাৰৰ প্ৰকোপ বাঢ়ি যোৱাত ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে তেওঁলোকৰ নিজ নিজ তেজৰ অংশ দি মহিষাসুৰ নিধনৰ উদ্দেশ্যে এগৰাকী দেৱীৰ সৃষ্টি কৰিছিল৷ মহৰ্ষি কাত্যায়নে সৰ্বপ্ৰথম এই দেৱীৰ উপাসনা কৰিছিল৷ কাত্যায়ন মুনিৰ পূজা গ্ৰহণ কৰা বাবে দেৱীৰ এই ৰূপক ’কাত্যায়নী’ নামেৰে জনা যায়৷ কাত্যায়নী দেৱী চতুৰ্ভুজা আৰু সিংহবাহনা৷ নৱৰাত্ৰিৰ ষষ্ঠ দিনা পূজিতা এই দেৱীৰ কৃপাত ভক্তসকল সৰ্বশাস্ত্ৰ বিশাৰদ, সৰ্বহিতকাৰী আৰু সিদ্ধিপ্ৰাপ্ত হ’ব পাৰে বুলি জনবিশ্বাস আছে৷

(৭)কালৰাত্ৰি- দেৱী দুৰ্গাৰ সপ্তম ৰূপটোক কালৰাত্ৰি নামেৰে জনা যায়৷ এই দেৱী কৃষ্ণবৰ্ণা, ত্ৰিনয়না, চুলি অবিন্যস্ত৷ গলত বিদ্যুতৰ দৰে এধাৰি মালা জিলিকি থাকে৷ চতুৰ্ভুজা দেৱী কালৰাত্ৰিৰ বাহন গাধ৷ দেখাত ভয়ংকৰ হ’লেও তেওঁ সদায় শুভ ফলহে প্ৰদান কৰে৷ সেইবাবে এখেতক ’শুভংকৰী’ নামেৰেও জনা যায়৷ নৱৰাত্ৰিৰ সপ্তম দিনা দেৱী কালৰাত্ৰিৰ অৰ্চনা কৰা হয়৷

(৯)সিদ্ধিদাত্ৰী- দেৱী দুৰ্গাৰ নৱম ৰূপটো দেৱী সিদ্ধিদাত্ৰীৰ নামেৰে খ্যাত৷ সকলো প্ৰকাৰৰ সিদ্ধি প্ৰদান কৰা এই চতুৰ্ভুজা দেৱীৰ বাহন সিংহ৷ নৱৰাত্ৰিৰ নৱম দিনা শাস্ত্ৰীয় বিধানমতে দেৱী সিদ্ধিদাত্ৰীৰ উপাসনা কৰিলে ভক্তসকলে সকলো প্ৰকাৰৰ সিদ্ধি লাভ কৰে বুলি কোৱা হয়৷ মাৰ্কেণ্ডেয় পুৰাণত উল্লেখ থকামতে এনে সিদ্ধি মুঠ আঠবিধ- অনিমা, মহিমা, গৰিমা, লঘিমা, প্ৰাপ্তি, প্ৰাকাম্য, ইশিত্ব আৰু ৱশিত্ব-সিদ্ধি৷ আনহাতে ব্ৰহ্মবৈবৰ্ত পুৰাণত ওঠৰবিধ সিদ্ধিৰ কথা লিখা আছে- অনিমা, লঘিমা, প্ৰাপ্তি, প্ৰাকাম্য, মহিমা, বশিত্ব, সৰ্বকামৱসায়িতা, সৰ্বজ্ঞত্ব, দূৰশ্ৰৱণ, পৰকায়প্ৰৱেশন, বাকসিদ্ধি, কল্পবৃক্ষত্ব, সৃষ্টি, সংহাৰসকৰণ সামৰ্থ্য, অমৰত্ব, সৰ্বনায়কত্ব, ভাৱনা আৰু সিদ্ধি৷

এয়াই হ’ল শক্তিৰ অধিষ্ঠাত্ৰী, দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ নৱৰাত্ৰিত উপাসিত নৱৰূপ৷ যুগে যুগে মা দুৰ্গাই ভিন্ন ৰূপেৰে ভক্তৰ বিপদ বিনাশি আসুৰিক শক্তিক দমন কৰি আহিছে৷ এই শৰতত শক্তিদায়িনী দেৱী দুৰ্গাৰ আগমনে জগতৰপৰা সমস্ত অন্যায়, অধৰ্ম, অবিচাৰ দুখ, কষ্ট, উৎপীড়ন, নিষ্পেষণ আঁতৰাই নিয়ক৷ তেখেতৰ চৰণত সমৰ্পিত ভক্তগণৰ অপায় অমঙ্গল নাশ কৰি এখন পাপমুক্ত পৃথিৱীৰ প্ৰতিষ্ঠা কৰক৷

“সৰ্বমঙ্গল মঙ্গলে শিৱে সৰ্বাৰ্থ সাধিকে শৰণে

ত্ৰম্বকে গৌৰী নাৰায়ণী নমোহ স্তুতে৷ “

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments