নৱ প্ৰজন্মৰ মুখত প্ৰচলিত ভাষা –(সুস্মিতা বৰা)

এটি মানৱ শিশুৱে মাত মাতিব পৰা সময়ত যি ভাষা উচ্চাৰণ কৰে সাধাৰণ অৰ্থত সেয়াই মাতৃভাষা ৷ এই ভাষা এটা জাতিৰ দাপোণ স্বৰূপ ৷ এটা ভাষাৰ জৰিয়তে সেই জাতিৰ ঐতিহ্য আৰু পৰম্পৰাৰ বিষয়ে জানিব পৰা যায়৷ ভাষাৰ জৰিয়তে মানুহে নিজৰ মনৰ ভাৱ আনৰ আগত প্ৰকাশ কৰিব পাৰে৷ ভাষাই হ’ল মানৱ জাতিৰ উন্নতিৰ সোপানৰ প্ৰথম খোজ ৷ এটা ভাষা ব্যাকৰণগত দিশত যিমান শুদ্ধ হব লাগে ঠিক একেদৰে সি শুনিবলৈও শুৱলা হব লাগে৷ ভাষাত প্ৰয়োগ হোৱা অৰ্থযুক্ত শব্দই ভাষাৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷

বৰ্তমান সময়ত আমাৰ সমাজত বিশেষকৈ অসমত নৱ প্ৰজন্মৰ মুখত ভাষাৰ যি বিভ্ৰাট দেখা গৈছে সি সঁচাকৈয়ে চিন্তনীয়৷ নৱ প্ৰজন্মৰ মুখত বৰ্তমান বহুল প্ৰচলিত ভাষাৰ শব্দবোৰ কোনো অভিধানতে অৰ্থ উলিয়াব নোৱাৰি৷ ইয়াক ব্যাকৰণর নিয়মেৰেও বান্ধিব নোৱাৰি৷ তেওঁলোকৰ মাজত বৃত্তিভাষা, গুপ্তভাষা, বৰ্গভাষা বা প্ৰচলিত অৰ্থত চলতি ভাষাৰ দৰে এইবোৰ অনানুষ্ঠনিকভাৱে প্ৰচলিত হৈ আহিছে৷ ইয়াৰ কাৰণ হিচাপে আমি বিভিন্ন সম্প্ৰদায়ৰ একেঠাইতে হোৱা একত্ৰীকৰণৰ কখা উনুকিয়াব পাৰোঁ৷ বিভিন্ন ভাষাভাষীৰ মানুহ আহি এখন ঠাইত বসবাস কৰিবলৈ লোৱা বাবে সেই ঠাইত প্ৰায় সকলোবোৰ ভাষাৰ সংমিশ্ৰণত এক নব্য ভাষাৰ সৃষ্টি হয়৷ যিটো পুৰণিচামৰ বাবে আয়ত্তলৈ অনা সম্ভৱপৰ নহয়৷ আৰু নতুনচামে ইয়াক নিজৰ সুবিধামতে ব্যৱহাৰ কৰে৷ ইয়াৰ উপৰিও বৰ্তমান দূৰদৰ্শনৰ কিছুমান ব্যক্তিগত চেনেল, এফ এম ৰেডিঅ’, ম’বাইল আদিয়ে এই ব্যাধি বিয়পোৱাত সহায় কৰিছে৷ নৱ প্ৰজন্মৰ মুখত (সকলোবোৰ নহয়) অসমীয়া নিভাঁজ উচ্চাৰণ ৰীতি প্ৰায় নোহোৱাই হৈছে৷ বৰ্তমান প্ৰজন্মৰ মুখত সৰু, সেউজীয়া, নিৰাশা, শতৰু, মৃতদেহ এই শব্দবোৰৰ ঠাইত স্মল, গ্ৰীণ, উদাছ, দুছমন, লাছ আদি শব্দৰ ব্যৱহাৰ হে দেখা যায়৷ আমি এইখিনিতে ক’ব পাৰোঁ যে ভাষা সংমিশ্ৰণত অতীতৰে পৰা প্ৰচলিত হৈ অহা এটা ধাৰা৷ কিন্তু সেই ধাৰাটোক সন্মান জনাবলৈ গৈ আমি নিজে ভাষাৰ স্বকীয়তা হানি হ’বলৈ দিয়াটো কিমান দূৰলৈ সমিচীন সেয়া চিন্তনীয় বিষয়৷

ইয়াৰ উপৰিও আন কিছুমান অৰ্থহীন শব্দৰ ব্যৱহাৰ নৱ প্ৰজন্মৰ মুখত সততে দেখা যায়৷ উদাহৰণ স্বৰূপে ‘ভাল বস্তু এটা খালো বে’, ‘তাক ঠাণ্ডা বনাই দিছো’, ‘চকাতু পামচাৰ হৈছে’, ‘দাৰিতু ঠিকছে বনাই দিয়ে’ ইত্যাদি৷ বৰ্তমান চামে ‘লৈ’ আৰু ‘লে’ৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে পৰিহাৰ কৰা দেখা গৈছে৷ যেনে, ‘অই, আদাবাৰী যাবি?’, ‘ই বেটা সদায় পাৰ্ক যায়’৷ এইবোৰ জৰিয়তে তেওঁলোকে শব্দবোৰ ব্যাকৰণগতভাৱে নলৈ পৰালৈকে সহজ আৰু চুটি কৰি ভাষাটোকে বিকৃত কৰি তুলিছে৷ যুৱ সমাজত প্ৰচলিত এই ভাষাৰ ব্যৱহাৰে অসমীয়া ভাষাৰ নিজৰ স্বকীয়তা হেৰুওৱাত যে পুৰামাত্ৰাই সহায় কৰিব ই ধূৰূপ৷ আজিৰ প্ৰজন্মই ‘লেবেল দিয়ে’, ‘খঙত টেমা গৰম হয়’, দুখত ছেণ্টি ফালে’, ’চালিয়া বস্তু কিনে’, ‘কামোৰ দিয়ে’, ‘থাণ্ডা দেখে’ আৰু কাৰোবাক এটা কিক দি ‘চুটাই দিয়ে’৷ এইদৰে অসমীয়া, বঙালী, ইংৰাজী, হিন্দী ইত্যাদি ভাষাৰ সংমিশ্ৰণেৰে খিচিৰি ভাষাৰ ব্যৱহাৰেৰ নিজকে আলট্ৰা মডাৰ্ণ বুলি পৰিচয় দিয়ে৷ পৰিশেষত ইয়াকে ক’ব পাৰি যে অসমীয়া ভাষাৰ মহিমাময় ৰূপটো এনে বিভ্ৰাটৰ বাবেই নিজৰ ঠাইতে বহিৰাগতৰ দৰে হ’ব৷ নৱ প্ৰজন্মৰ এই ব্যৱহাৰৰ বাবে আমি কেৱল তেওঁলোকে দোষ নিদি তেওঁলোকক নিজ ভাষাৰ স্বৰূপৰ বিষয়ে অৱগত কৰোৱাটো অগ্ৰজসকলৰ আওতাৰ ভিতৰতে পৰে বুলি ক’ব পাৰোঁ৷ আমি সকলোবোৰ সচেতন নহ’লে সকলোতে এই ভাষাৰ প্ৰচলন শীঘ্ৰে দেখা পোৱা যাব যিটো অসমীয়া ভাষাৰ ভৱিষ্যতৰ বাবে শুভ লক্ষণ নহ’ব৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments