"ন’ অ’মেন, ন’ ক্ৰাই" (দেৱপ্ৰতীম)

সময়ৰাতিপুৱা ৯:৩০। মই মোৰ কম্পিউটাৰৰ সন্মুখত, মেইল বিলাক চাই আছোঁ, পিন্ধনত গাত অন্তৰ্বাসৰ বাদে আন একো নাই। মূৰটো গধুৰ হৈ আছিল; সম্ভৱ কালি ৰাতি কৰা অত্যাধিক সুৰাপানৰ ফল। আধাঘন্টা আছে মোৰ ক্লাছ আৰম্ভ হ’বলৈ। তেনেতে মই কোঠাৰ দুৱাৰৰ ওচৰত শব্দ এটা শুনিলোঁ।
* * *
কথাবিলাক কাকো ক’বলৈ সুযোগ পোৱা নাই। সৰুৰেপৰাই অকলশৰীয়া মই। বেছি বন্ধু নাছিল সৰুতে, অৱশ্যে এতিয়াও ইমান বন্ধু নাই। মোৰ জীৱনৰ অদ্ভুৎ কিছুমান কথা ক’বলৈ বহুত আগৰে পৰা আৰম্ভ কৰিব লাগিব।
খন্তেক ৰ’ব, অলপ সময় দিয়ক। মনত পেলাবলৈ চেষ্টা কৰোঁ।
* * *
তেতিয়া মোৰ বয়স কিজানি বাৰ-তেৰ বছৰ। আগতেই কৈছোঁ, মই সৰুতে বৰ অকলশৰীয়া আছিলো, সহজতে কাৰো লগত মিলিব নোৱাৰিছিলো, মানে ধৰি লওঁক, মই লাজকুৰীয়া আছিলো। মোৰ  চখবিলাকো আন ল’ৰা-ছোৱালীৰ দৰে নাছিল। লুকাই মানুহৰ কথা শুনাটো মোৰ এটা চখ আছিল। লোকৰ ঘৰৰ দুৱাৰ-খিৰিকীৰ মাজেৰে জুমি মানুহৰ কাণ্ড, কথা-বতৰা শুনাটো আছিল এটা বৰ ভালপোৱা কাম। নাজানো, কিয় এনে কাম কৰি ভাল পাইছিলোঁ; কিন্তু ই দিছিল মোক অপাৰ আনন্দ !
* * *
আমাৰ ঘৰৰ ওচৰতে আছিল আমাৰ স্কুলৰ শিক্ষয়িত্ৰী মনোৰমা শইকীয়া বাইদেউ। বাইদেৱে মোক বহুতো স্কুলৰ কাম দিছিল। বাইদেউক মই ভাল পোৱা নাছিলো। আবেলি পৰত সেই বাইদেউৰ ঘৰলৈ গৈ বাইদেউৰ ঘৰৰ দুৱাৰ-খিৰিকীৰে মনে মনে জুমি বাইদেউ আৰু গিৰীয়েকৰ কথা শুনাটো মোৰ এক স্বভাৱ হৈ পৰিছিল।
বাইদেউৰ গিৰীয়েক ভাল নাছিল। সৰু সৰু কথাতে বাইদেউৰ ওপৰত হাত উঠাইছিল। এদিন তেনেদৰে তেওঁলোকৰ কথা শুনি আছিলো, কিন্তু সেইদিনা ঘৰত এজন তৃতীয় লোকো আছিল। সেই কথাটো বাইদেউ বা বাইদেউৰ গিৰীয়েকে গম পোৱা নাছিল কিজানি। গান বাজি আছিল “ন’ অ’মেন, ন’ ক্ৰাই”। আৰু সেই তৃতীয় লোকজনে সেই গানৰ তালে তালে নাচি আছিল। মানুহজনে পিন্ধিছিল এটা বগা কোট, বগা চাৰ্ট, বগা পেন্ট, বগা টাই, হাতত বগা গ্লভছ আৰু এটা বগা হেট। অকস্মাৎ মানুহজনৰ চকু মোৰ ওপৰত পৰিল। মোৰ জীৱ উৰি যোৱা যেন লাগিল। মই সেই ঠাইৰ পৰা দৌৰিব খুজিও দৌৰিব পৰা নাছিলো। মানুহজনে হাতেৰে মোক চুপ থাকিবলৈ নিৰ্দেশ দিলে। মানুহজনে আকৌ নাচিবলৈ ধৰিলে। এইবাৰ মানুহজন অকলে নাছিল, তেওঁৰ লগত নাচিছিল মনোৰমা বাইদেৱে। মানুহজনে বাইদেউৰ ওঁঠত আঁকি দিছিল এটা চুমা। লাহে লাহে দুয়ো সেই ঠাইৰ পৰা নোহোৱা হৈছিল।
মই ঘৰলৈ প্ৰাণটাকি দৌৰিলো, ভীষণ ভয় খাইছিলো সেই সময়ত।
তাৰ কেইদিনমান পাছত মায়ে কৈছিল মনোৰমা বাইদেউৰ নিৰুদ্দেশ হোৱাৰ কথা। পুলিচে বাইদেউৰ গিৰীয়েকক সন্দেহ কৰি গ্ৰেপ্তাৰ কৰিছিল। বাইদেউৰ কোনো শুংসূত্ৰ বিচাৰি পোৱা হোৱা নাছিল।
কিন্তু বাইদেউৰ নিৰুদ্দেশ হোৱাৰ আচল কাৰণ কিজানি মই গম পাইছিলোঁ। কিন্তু….
* * *
এদিন মোৰ নামত এখন চিঠি আহিছিল ঘৰলৈ। মই বৰ উৎফুল্লিত হৈছিলোঁ। কাৰণ ইয়াৰ আগলৈকে মোৰ নামত কেতিয়াও চিঠি অহা নাছিল।
নিজৰ কোঠালৈ গৈ মই চিঠিখন পঢ়িবলৈ ধৰিলোঁ। তাত লিখা আছিল
“কি হে সৰু ল’ৰা, জুমি জুমি কি চোৱা…গম পালা নে আচল কথা?”
চিঠিখনৰ খামটোত লিখা আছিল
“ষ্ট্ৰীট অৱ হেভেন
৭৮৪৫৩৬
ন’ অ’মেন, ন’ ক্ৰাই।”
চিঠিখন কোনে দিছে মোৰ বুজিবলৈ বাকী নাছিল। ভয়ত মোৰ গাটো কঁপিবলৈ ধৰিলে।
* * *
সেই চিঠিখনৰ পাছত মই আৰু এখন চিঠি পাইছিলোঁ। মায়ে মোক জোকাইছিল কোন ছোৱালীয়ে চিঠি দিছে বুলি। চিঠিখনত লিখা আছিল,
“কিহে সৰু ল’ৰা…নোচোৱা নেকি আজিকালি জুমি-জুমি…গান শুনা বেলকনিত।”
সেই একেই ঠিকনা আছিল চিঠিখনৰ পাছফালে।
সেইৰাতি বহুদেৰিলৈ মোৰ টোপনি অহা নাছিল। ভাল ভাল সকলো কথা মনলৈ আনিছিলো,  টোপনি আহিবলৈ। অৱশেষত মোৰ টোপনি আহিছিল।
কিন্তু সেই টোপনি বেছিপৰৰ নাছিল। ক’ৰবাত হৈ থকা শব্দত মই অকস্মাৎ সাৰ পালো। মা-দেউতাই কাজিয়া কৰিছে নেকি?
মই বিচনাৰ পৰা উঠি আহিলোঁ। শব্দটো মা-দেউতাৰ কোঠাৰ পৰাই আহিছিল। লাহে লাহে শব্দটো স্পষ্ট হৈ আহিবলৈ ধৰিলে। সেইয়া মানুহৰ কথা পতাৰ শব্দ নাছিল। সেইয়া আছিল কিবা গান বাজি থকাৰ শব্দ।
গানটো স্পষ্ট হৈ আহিল।
“ন’ অ’মেন, ন’ ক্ৰাই”
গানটো শুনাৰ লগে লগে মোৰ গাটো কঁপিবলৈ ধৰিলে। মই কোঠাটোলৈ সোমাই গ’লো। মই মা-দেউতাক মাতিবলৈ ধৰিলো। কিন্তু কোনো সঁহাৰি নাপালো। তেনেতে দেখিলো কোঠাটোত থকা বেলকনিখনত মায়ে নাচি আছিল। লগত এজন মানুহ। কিন্তু মানুহজন দেউতা নাছিল, আছিল সেই অদ্ভুৎ মানুহজন।
লাহে লাহে মোৰ পৃথিৱীখন আন্ধাৰ হৈ আহিছিল। মই মাটিত ঢলি পৰিছিলোঁ।
* * *
পিছত মই নিজকে আৱিষ্কাৰ কৰিছিলো নিজৰ বিচনাত। মোৰ বিচনাৰ কাষত দেউতা। দেউতাই কাৰোবাৰ লগত কথা পাতি আছিল। কাষতে মোৰ আইতা।
-“দেউতা…দেউতা..”
দেউতা মোৰ ওচৰলৈ লাহে লাহে আগুৱাই আহিছিল।
-“কি হৈছে তোমাৰ মুন্না? তুমি দুদিন এনেদৰেই শুই আছিলা…”
-“দেউতা, মা ক’ত?”
দেউতাই একো উত্তৰ দিয়া নাছিল। একো কোৱা নাছিল।
-“মা ক’ত….মা ক’ত…”
-“নাজানো মুন্না, নাজানো…..সকলো বিচাৰিলো কিন্তু মাক বিচাৰি পোৱা নাই….”
মই যেন সকলো বুজি উঠিছিলোঁ। কিন্তু…
* * *
সেইয়া তেতিয়াৰ কথা, এইয়া এতিয়াৰ কথা।
এতিয়া মই কলেজৰ ওচৰতে এটা ভাড়াঘৰত থাকো। লগত থাকে মোৰ প্ৰেমিকা জুলী। তাইৰ বাহিৰে চহৰ খনত বেছি চিনাকী নাই।
সময়ৰাতিপুৱা ৯:৩০। মই মোৰ কম্পিউটাৰৰ সন্মুখত, মেইল বিলাক চাই আছো, পিন্ধনত গাত অন্তৰ্বাসৰ বাদে আন একো নাই। মূৰটো গধুৰ হৈ আছিল, সম্ভৱ কালি ৰাতি কৰা অত্যাধিক সুৰাপানৰ ফল। আধাঘন্টা আছে মোৰ ক্লাছ আৰম্ভ হ’বলৈ। তেনেতে মই কোঠাৰ দুৱাৰৰ ওচৰত শব্দ এটা শুনিলোঁ।
দুৱাৰৰ তলৰ ফাঁকেদি এখন চিঠি কোঠালৈ সোমাই আহিল।
চিঠিখনৰ খামটোত লিখা আছিল,
“ষ্ট্ৰীট অৱ হেভেন
৭৮৪৫৩৬
ন’ অ’মেন, ন’ ক্ৰাই।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments