ন কইনা মই ধান ডাবলৈ যাম – (পৰী শ্যামলী ভূঞা)

ন কইনা মই ধান ডাবলৈ যাম

– পৰী শ্যামলী ভূঞা

পুৱাই খুলি দিয়া খিৰিকিখনত মোৰ চকু থৰ হৈ ৰল৷ পিছফালেই বিশাল ধাননি এডৰা৷ ক্ষন্তেকৰ বাবে আপোনবিভুৰ হৈ থমকি ৰল মোৰ নয়নজুৰি৷ থমকি ৰোৱা নয়নজুৰি ঢাপলি মেলি গল ধাননি ফালি ফালি দূৰ দিগন্তৰ অসীমলৈ৷ ইমান ধুনীয়া….! ! নিমিষতে প্ৰেমত পৰি গলো অচিনাকি এই ঘৰখনৰ৷ ৰাতি আহি সোমোৱা ঘৰখন হঠাতে আপোন যেন লাগি গল৷ টাউনৰ ঘৰখনৰ পৰা কালি বিয়া হৈ আহিছো গাঁৱৰ এই অচিনাকি ঘৰখনলৈ৷ কইনা হৈ বহি থকা কোঠাটোৰপৰাই চকু থমকি ৰৈছে ধাননিডৰাত৷ সোণোৱালী হৈ ভৰি থকা পথাৰবোৰ, বতাহত নাচি উঠা ধাননিৰ চঞ্চলতাবোৰ মন মুহি নিয়া৷ ইমান মোহনীয়া ..“তোমাৰ গাওখন ইমান ধুনীয়া তুমি কোৱাই নাছিলা“….এওঁক অকণমান অকলে পাওতে ৰৈ থকা কথাকেইটা যেন দৌৰি উলাই আহিল মোৰ মুখৰ পৰা৷
ধাননিখন দেখাৰপৰাই মোৰ মনৰ মাজত অসংখ্য ভাবৰ হেতা উপৰা কৰিব ধৰিছে৷ এটা হেপাহ জাগি উঠিব ধৰিছে৷ পিছে এতিয়া মই ন কইনা৷ নিয়মেৰে ভৰা ৰভাতলিত মানুহৰ সমাগমত মই এজনী ন কইনা৷ পাৰিম জানো এই কইনা সাজেৰে সোমাই যাব এই বিশাল ধাননি ডৰাত, পাৰিম জানো কইনা হাতত কাচিখন লৈ ধান দাবগৈ৷ আজি কইনা সাজত ৰভা তলিতে মোৰ বহুতো কল্পনা৷ বিয়াৰ সকলো লেঠা শেষ হোৱাৰ পাছতে পুহিৰখা হেপাহৰ কথাটোৰ বিষয়ে এবাৰ খোলোচা কৰিম, শাহুক কথাতো কম৷ ৰভা তলিতে ভাবি ভাবি সিদ্ধান্তই লৈ পেলালো৷ শাহুক কথাতো জনাম৷ মনৰ কথাতো খুলি কম৷ মই তেঁওক কম, মই ধান দাবলৈ যাম৷ তাকে ভাবি ভাবি ওঁঠৰ কোনত অজানিতে বিৰিঙি উঠা হাঁহিটিক চাদৰৰ আচলেৰে সকলোৰে অগোচৰত চেপা দি ঢাকিলো এই জন সমাজৰ ৰভাতলিত৷ উৰণিৰে এফাল মুখ ঢাকি মনে মনে লক্ষ্য কৰিলো চাৰিওফাল৷ নাই কোনেও দেখা নায়৷ আজিলৈ কেতিয়াও ধান ডাই নোপোৱাজনীক আজি এই সোণালী ধাননি ডৰাই মুহি পেলাইছে৷ সৰুতেই মামাৰ ঘৰত গৈ এবাৰ ৰুইছিলো৷ তিক্ত অভিজ্ঞতাৰে আৰু নোৱাৰো দেই বুলি পথাৰৰ পৰা দৌৰি দৌৰি যি আহিলো তাৰ পাছৰ পৰা আৰু পথাৰত নমাৰ সাহসেই কৰিব পৰা নাছিলো৷ তেতিয়াৰ পৰাই ৰোৱণি সকলৰ প্ৰতি ভক্তিত সন্মানত মোৰ মূৰ দোঁ খাই উঠে৷ সেইয়াই যি পথাৰত নামিছিলো, তাৰ পাছত আৰু পৰীক্ষা হোষ্টেল পঢ়াশুনাৰ মাজত পৰি সেই বিশেষ কটা ৰোৱাৰ দিনকেইটাত মামাৰ ঘৰলৈ যোৱা প্ৰায় অসম্ভবেই হৈ পৰিছিলগৈ৷ আজি ঘৰৰ পাছফালৰ এই ধাননি ডৰাই মোক হাত বাউল দি দি মাতি আছে৷ পকা ধানৰ মাজৰ সৰু সৰু আলিবোৰত যেন মই ফুৰিমগৈ, খুউব ফুৰিম, বহিম, দৌৰিম৷ চোতালত যতনাই থোৱা খেৰবোৰত যেন বাগৰি পৰিম৷ হিন্দী চিনেমাৰ নায়িকাই গান গাই গাই বাগৰাৰ দৰে ময়ো বাগৰিম৷ পিছে এতিয়াই নহয় ৷ এতিয়া যে মই ন কইনা৷

.. …“খুড়ী… খুড়ী.“..মাতটোত মোৰ তন্দ্ৰা ভাগি গল৷ সৰু লৰাটোৱে বৰকৈ চিঞৰিছে৷ জানো কি হল তাৰ? কি নো লাগে, কাক মাতিছে, দূৰৰ পৰাই চিঞৰি আছে৷
……“.খুড়ী… খুড়ী চকলেট কেইটামান দিয়া.“..বৰ তীখৰ দেই লৰাটো মনতে ভাবি মই ন কইনা চাবলৈ অহা সকলোকে তামোল পান যাচি গলো৷ …“বৌ…অ বৌ…সি তোমাকে মাতি আছে৷ যোৱা তাক চকলেট কেইটামান দি দিয়া“…..সমন্ধীয় ভনীয়েক এজনীয়ে একেবাৰে ওচৰত আহি মোক মনেমনে কলেহি৷ হঠাতে যেন মগজূৱে শূন্য হৈ পৰিলো মই৷ কোচ খাই পৰা কপালত সেন্দূৰৰ ডাঙৰ ফোঁটটোও কোচ খাই গল৷ হয়তু ময়ে খুড়ী৷ যোৱাৰাতি কোনোৱাই কোনোবাই কৈ থকা বৰমা, মামী সম্বোধনবোৰ কানৰ ওচৰেৰেই পাৰ হৈ গৈছিল৷ কাকনো মাতিছিল তলকিবই নোৱাৰিলো৷ সম্বোধনবোৰৰ গৰাকি বাৰু ময়ে আছিলো নেকি! ! ইছ ..কোনোবাই মই গুৰুত্ত নিদিয়া বুলি কি ভাবিব বাৰু৷ নকইনা, বোৱাৰী, বৌ শব্দৰ লগত আজি মই পৰিচিত৷ আৰু বাকীবোৰ সমন্ধ? ? …..“কি ভাবি আছা মামী, খালি হৈ যোৱা মোৰ হাতৰ বটাতোত ৰুপাই কাটি কুটি ৰেদি কৰা তামোল পান সোপাকে তুলি ধৰিলেহি৷

——————————

আজি প্ৰায়বোৰ বিয়াৰ লেঠাই শেষ হৈছেগৈ৷ মান ধৰা, সেৱা কৰা, ভকতীয়া নীতি নিয়মৰ সকলো লেঠাই মৰিছেগৈ৷ কইনা চাবলৈ অহা ভিৰো পাতলীয়া হলগৈ৷ আজি এসপ্তাহ পাৰ হল৷ দিনবোৰ যিমানে বাঢ়িব ধৰিছে মনতো সিমানে ভাল নলগা হব ধৰিছে৷ একোতো মন নবহা হৈছে৷ কিবা একোৱে ভাল নলগা হল৷ সকলোৱে এয়া মাকৰ ঘৰ এৰাৰ এৰিব নোৱাৰা বিষাদ বুলিয়ে লক্ষ্য কৰিছে৷ পিছে মোৰ বুকুত কিহে ঘপিয়াইছে , মোৰ প্ৰতিতো ইচাট- বিচাট এওঁ ভালদৰেই বুজি উঠিছে৷
…..“আৰু চাৰিদিনহে বাকী আছে আৰু অলপ বেছিকৈ ছুটি লব নোৱাৰিলা নেকি৷ বিয়া ঘৰতে মোক এৰি যাবলৈ ওলাইছা৷ অকলে মই কেনেকৈ কটাম ভাবি নোচোৱানে“…..নকওঁ নকওঁ কৈ ও অনিচ্ছাস্বত্বে কোন্দোন ভৰা মাতেৰে স্বতঃস্ফূৰ্ত ভাবে ওলাই আহিল শব্দকেইটা৷

…..ছুটিৰ দিন যে বহু কম ময়ো জোনো পৰী, দুসপ্তাহতে যাব উলাই বহুত দোষী যেন লাগিছে নিজকে৷ সাগৰত জাহাজ আগুৱাই যাব৷ সময়ত ডিউতি জইন কৰিবই লাগিব৷ আমি ফৌজীবোৰ সদায় সময়তকৈ এক মিনিটৰ আগত থাকিবই লাগিব….“চাদৰৰ আচলেৰে চকুপানী টোকি টোকি মই ভালদৰেই দেখিপালো এওঁৰ চলচলীয়া চকুকেইটা৷ ভাহি উঠা বিষাদৰ চাৱনিকেইটা৷ মই ভালদৰেই বুজি পাও বন্দৰ আহি পোৱা সময়কণতে তেওলোকৰ কিমান যোজ বাগৰ ছুটিৰ দিনকেইটাৰ বাবে৷ নিজে কোৱা কথাকেইটাৰ ওপৰতে কিবা বেয়া লাগি গল৷
……আৰু দুই তিনিমাহৰহে কথা মই আহি লৈয়ে যামহি তোমাক৷ মোৰ হাতত যে এতিয়া একোৱেই নোহোৱা হৈছে৷ একোৱেই নোৱাৰিম৷ এই দুমাহত মই মাটিতে নানামিম৷ বিশাল সাগৰত জাহাজখনতে উটি ভাহি মই তোমাৰ খবৰ এটাও লব নোৱাৰিম৷ আৰু কেইদিনমানৰহে কথা৷ সকলো ঠিক হব৷ ধৈৰ্য্য ধৰিবা…
….শোকে খুন্দা মাৰি ধৰা তেওঁৰ মুখখনত আৰু যেন একো শব্দই নোহোৱা হৈ ৰল৷ শব্দহীন হৈ পৰিছো ময়ো৷
…তোমাৰ ধাননীখন চোন আছেই …… হঠাতে নিৰবতা ভাঙি কোৱা তেওঁৰ কথাকেইটাই মোক হহুঁৱাই তুলিল৷ তৎক্ষণাত সেই বিষাদৰ ক্ষণবোৰ হাঁহিলৈ বাগৰি প্ৰতিধ্বনিত হৈ ৰ’ল কোঠাটোত৷

আজি এওঁ গৈছেগৈ৷ পদূলিটোলৈ চাবলৈ সাহসকণো গোটাব পৰা নাই মই৷ নিগৰি নিগৰি উলোৱা চকুপানীবোৰৰ মাজত ধূৱলী কুঁৱলী চকুকেইটাৰ মাজত তেওঁ লাহে লাহে নোহোৱা হৈ ৰল৷ দিনৰ পোহৰকণো যেন কলা হৈ ৰল৷ মই নোৱাৰিছো আজি শক্তি গোটাব, তেওঁৰ বিচ্ছেদত মই টোকোৰাকৈ ভাগি পৰিছো৷ সান্ত্বনা দি কৈ যোৱা তেঁওৰ কথাকেইটাই মোক অলপ হলেও জীয়াই তুলি থাকিল, সাহস আৰু ধৈৰ্য্য দি থৈ গল জীৱনৰ এই নিজান বাটচোৱাত৷

আজি এই ঘৰখনত এমাহ পাৰ কৰিলো৷ ইঘৰ সিঘৰত ন কইনা ফুৰি ফুৰি লাহে লাহে এইখন গাঁৱত সহজ হবলৈ মোৰ বেছিদিন নালাগিল৷ পিছে মনৰ মাজতহে সকলো লোকৰ উপস্থিতিৰ মাজতো যেন অকলশৰীয়া অকলশৰীয়া হৈ ৰলো৷ বহুতো দিন বাগৰি গল৷ বাগৰা সময়ৰ লগত এতিয়া মই ন কইনা গুচি ন ছোৱালী হলোগৈ৷ কইনা হোৱাৰ পৰা ন ছোৱালী হোৱালৈকে পুহি ৰখা হেপাহটো “ন“ হয়ে ৰল৷ লাহে লাহে সোণালী পথাৰবোৰ সকলোতে দোৱা আৰম্ভ হব ধৰিছে৷ আমাৰ ঘৰৰ পথাৰবোৰো আজিৰ পৰা দাবলৈ লৈছে৷ বনুৱা লগোৱা হৈছে৷ সেই ৰোৱণি সকলৰ দৰে দাৱনী সকলক দেখিও আজি মোৰ পুনৰ ভক্তিৰে সন্মানেৰে মূৰ দোঁ খাই উঠিছে৷ মনতে পুহি ৰখা কথাটোৱে আকৌ মোক আমনি লগাব ধৰিলে৷ আজিয়ে মই শাহুক কথাটো কব লাগিব, মনতে ভাবি ৰলো৷ কথাটো কবলৈ ভাল পৰিবেশ এটা হাতত পৰালৈ বাট চাই ৰলো৷ গধূলী পাকঘৰত মোৰ লগতে তেওঁ ইটো সিটোত লাগি দিয়ে৷ আজিও লাগি দিছেহি৷ কিবা কিবি কৰি কৰি এষাৰ দুষাৰ ঘৰখনৰ পুৰণা কথা কিছুমান মোক জ্ঞাত কৰি গৈ আছে৷ সুবিধাতো ভাল পাই তাৰ মাজতে মনৰ কথাটো উলিয়াবলৈ ভাল যেন দেখা পাই হুমুনিয়াহ এটা কাঢ়ি আৰম্ভ কৰি পেলালো….“মা, আমাৰ পথাৰখন দোৱা আজি দুদিন হলেই নহয়৷ পথাৰখন মোৰ চোৱাই হোৱা নাই৷ অহাদিনৰে পৰা চাবলৈ মন গৈ আছে৷ কালিলৈ আপুনি চাহ ভাত দিবলৈ যাওতে ময়ো গৈ লাগি দিম গৈ৷ লগতে ময়ো অলপ ধান দাই পেলাম৷ এবাৰ কাটি চাব মন গৈছে৷ মই একেবাৰেই কাটি পোৱা নাই নহয়“….৷ তেঁওৰ কাম কৰি থকা হাতদুখন হঠাতে ৰৈ গল, মোলৈ চালে, আকৌ নিজৰ কামত লাগিল, মই একো অনুমানে কৰিব পৰা নাই তেঁওৰ মনৰ ভাবনা কি ৷ অলপ দেৰি নিস্তদ্ধতাই বিৰাজ কৰি গল৷ ময়ো সেপ গিলি গলো৷ এবাৰত হাঁহি এটা মাৰি তেঁও মোৰ ফালে চালে, কলে….“তুমি এতিয়া ন ছোৱালী৷ বেয়া দেখাব ধান দাব গলে৷ পিছত ডাবা“…ন ছোৱালী শব্দটো মোৰ কিবা আপদীয়া যেন লগা হৈছিল আজি কিছুদিনৰ পৰা৷ আজি আৰু বেছিকৈ আপদীয়া লগা হল৷ ন ছোৱালী উপাধিতো পোৱাৰে পৰা এইটো নাপায়, সেইটো নাপায়৷ এনে কৰিব লাগে, এইটোহে হব লাগে৷ বিয়াৰ পাছতে জীৱনলৈ অহা এটা যাদুকৰী শব্দ৷ কিন্তুু এয়াইতো সমাজ, সমাজৰ ৰীতি নীতি৷ পিচে ধান দাবলৈ এজনী পুৰণি বোৱাৰী হোৱালৈ বাট চাব লগা হোৱাৰ দৰে , সেই সোণোৱালী পথাৰৰ মাজৰ আলিত ফুৰিবলৈ মই বাট চাব লগা নহল৷ মোৰ এই ইচ্ছাত শাহুমায়ে অলপো হাক দিয়া নাই৷ আজি মই পথাৰলৈ যাম৷ পুৱাতে উঠি আজি মোৰ ভীষণ খৰখেদা৷ তৎ নাইকিয়া গাত৷ বাকী দিনতকৈ আজি সোণকালেই কামবোৰ শেষ কৰিলো৷ এঁওৰ পচন্দৰ বোৱা হালধীয়া মেখেলা চাদৰ যোৰ পিন্ধি শেষত তৈয়াৰ হৈ উঠিলো৷ ধান দোৱা সকলক চাহ ভাত দিবলৈ বুলি শাহুমাৰ লগত যথাসময়ত পথাৰলৈ বুলি খোজ আগবঢ়াই দিলো৷ মনত মোৰ যে কিমান ফুৰ্তি আজি৷ মোৰ এই ফুৰ্তিকণ চাবলৈ তেঁও আজি লগত থকা হলে৷ কথাটো মনলৈ অহাৰ লগে লগেই বিষত বিন্ধি গল হঠাত কলিজাৰ এফালে৷ তেওঁক ভাবি ভাবি আগবাঢ়োতেই লাহে লাহে বিশাল ধাননি পথাৰখন ওচৰ চাপি আহিল৷ আহি আহি শেষত নিজকে পোলো সোণালী সোণালী ধানবোৰৰ মাজত৷ যিখন ধাননিয়ে হাত বাউল দি মাতি আছিল সেইখনৰ বুকুত মই লাহে লাহে যাহ যাব ধৰিলো৷ ধানৰ মুঠিবোৰ চুই চুই আলিয়ে আলিয়ে পখিলা জনীযেন হৈ উৰি ফুৰিব ধৰিলো৷ সোণোৱালী ধানৰ আলিতে বহি ৰৈ সকলোকে চাহ যাচিলো পানী যাচিলো৷ সেই মামাৰ ঘৰত দৌৰি ফুৰা কণমানি চঞ্চলাজনী হৈ খুউব ফুৰিলো৷ পাৰ্থক্য আছিল মাত্ৰ উৰণিখনৰ৷ কিমান কষ্টৰে যে সম্ভালি ৰাখিলো উৰণিখন সেই বতাহৰ মাজত৷ বাটে ঘাটে লগ পোৱা এজন দুজনৰ মোক লৈ শাহুমাৰ লগত কথাও হল৷ “…..ন ছোৱালীয়ে আহিয়ে দায়িত্ব লৈয়ে ললে যে! ভালেই হৈছে দিয়ক, আপোনাৰে লগ হৈছে…“মই নিজৰ নাম পাহৰি ন ছোৱালী উপাধিৰে বিভূষিত হৈ ৰলোগৈ৷ সেইদিনা নামঘৰ যাওতেও….অ, ন ছোৱালীও আহিছা নেকি …ঘৰলৈ কোনোবা আহিলেও ন ছোৱালীৰ নাম লৈয়ে সোমায়….ন ছোৱালী আছানে…বিয়া সবাহে লগ পোৱা সকলৰো মুখত …নছোৱালী কেনে আছা….ন ছোৱালী বহা…নছোৱালী ইয়াত কেনে পাইছা… ন ছোৱালী মানুহজনৰ খবৰ পাই আছা ….অ, ন ছোৱালী আহিছে বহিব দে ……ন ছোৱালী…ন ছোৱালী…ভালে লগা হৈছেগৈ লাহে লাহে ন ছোৱালী নামতো শুনি শুনি৷

আজি লাহে লাহে ধান দোৱা প্ৰায় শেষ হও হও হৈছেগৈ৷ এইকেইদিনতে আৰু দুবাৰ মই পথাৰখনত ভুুূমুকি মাৰিলোগৈ৷ আৰু মনতে ভাবি ৰৈ গলো এজনী পুৰণি বোৱাৰী হোৱালৈ৷ যত নাথাকিব একোৱে যাদুকৰী শব্দ, একোৱে উপাধি, না সমাজৰ ৰীতি নীতি৷ শেষত আজি ধান দোৱা সম্পূৰ্ণ শেষ হলগৈ৷ উদং হৈ ৰল পথাৰখন৷ উদং হৈ ৰল যেন মোৰ জীৱনটোও৷ খালী পথাৰখনলৈ চাই চাই মোক এওঁৰ স্মৃতিয়ে আজি বেছিকৈ কন্দোৱাব ধৰিছে৷ খালী হৈ যোৱা ধাননিখিনিৰ ঠাই পুৰাব নোৱাৰা কিবা খালী খালী ভাব এটাই এইকেইদিন মোক একোতে ভাল লাগিব নিদিয়া হৈছে৷

সময়বোৰ যেন লাহে লাহে বাগৰিছে৷ আজি বিয়া হোৱা দুমাহ পাৰ হল৷ মনৰ উৎকণ্ঠা বাঢ়ি আহিছ এওৰ ছুটিৰ কথাটো লৈ৷ মনৰ উগূল থূগূল যেন দিনে দিনে বাহিয়ে যাব৷ কত আছে বাৰু এওঁ …কেনকৈ আছে …? কিমানদিন যে হ’ল ফোনত কথা এষাৰ পতা৷ কিমানবা কষ্ট হৈছে তেওঁৰ জাহাজখনতে সোমাই সোমাই, সাগৰৰ ঢৌবোৰ বাৰু কিমান ওখ ওখ হব? মনত বহুত চিন্তাই আজিকালি ঘেৰা কৰিব ধৰিছে লাহে লাহে৷ এনে সময়তে আজি সকলো যন্ত্ৰনা তল পৰি যোৱাকৈ ফোনটো পালো৷ বহুদিনৰ মূৰত এওঁৰ মাতযাৰ শুনি মই কান্দি উঠিলো৷ কপি উঠা মাততো বহু চেষ্টা কৰি লুকুৱাই পেলাবলৈ চেষ্টা কৰিলো৷ পিছে তেওঁ ধৰাই পেলাই দিলে৷ থোকাথোকি মাতেৰে যে মুখৰপৰা কথা কেইটাকে স্পষ্টকৈ উলাব নিবিচাৰিলে৷ মোৰ দৰেই এওঁৰ অবস্থাও মই ভালদৰেই উমান পাইছো ফোনত ভাহি অহা মাতষাৰতে৷ খুউব ফুৰ্তিত খবৰটো দিছে ছুটি পাইছে৷ কেইদিনমানতে ঘৰ পাবহি৷ খবৰটো পায়ে মই ফুৰ্তিতে উটি ভাহি ফুৰিব ধৰিছো৷ মোৰ কল্পনাই পাখি দুখন মেলি মোক উৰাইয়ে ফুৰাব ধৰিলে৷ ৷ কিমান দিনৰ পাছত যে আজি কথা এষাৰ পতা হল৷ মাজতে এটা বন্দৰৰ পৰা যি ফোন কৰিছিল সেয়াই কথা কেইষাৰমান পতা৷ আজি অহাৰ খবৰটো দি ফোন কৰা মাতটো কানত বাজিয়ে ৰৈ গল মোৰ৷
এতিয়া তেওঁ বন্দৰত, আজি দুমাহ বিৰতিৰ মূৰত সদায়ে ফোনেৰে দুয়ো দুয়োকে পাব ধৰিছো৷ সকলো সময়তে তেওঁৰ খবৰ পাও তেওঁ যে ঠিকে আছে৷ নতুনকৈ যেন মই জী উঠিলো৷ আজি কালি লগ পোৱা এজন দুজনমানে মোক প্ৰায়েই প্ৰশংসা কৰিব ধৰিছে মই বোলে ধুনীয়াজনী হৈ পৰিছো! ! জানো পাই কি সৌন্দৰ্য্য বাঢ়িছে মইচোন একোৱে ধৰিব পৰা নাই মনতে ভাবি ভাবি ৰৈ যাও৷ সকলো সময়ত মোৰ মুখত বিৰিঙি থকা হাঁহিটিয়ে চাগে সৌন্দৰ্য্য! ! সেইদিনা ওচৰৰে আইতাজনীয়েযে সমজোৱাকে চিঞৰিয়ে দিছিলে …..“আমাৰ কণ বোপাটো পাবহিয়ে নহয়, ন ছোৱালীৰ মুখত চৰা জেউতি চোৱা “….৷ ইমানযে লাজ পাই গৈছিলো সেইদিনা৷ উৰণি খনযে সেইদিনাহে কামত অহা যেন লাগি গৈছিল৷

যথা সময়ত আপোনজনৰ লগত উৰা মাৰি গুচি আহিলো যুগ্ম জীৱনৰ পাতনি মেলিবলৈ দূৰ দিগন্তলৈ৷ আৰু এৰি থৈ আহিলো ঘূৰি গৈয়ে হাতত পোৱাকৈ এটা “হেপাহ“৷ এই নতুন ঠাই নতুন ঘৰখনত আজি মোৰ আঠ মাহে পাৰ হল৷ এই আঠমাহত গাঁৱৰ ঘৰখন বহুত সলনি হল৷ খেতিৰ মাটি বিঘাই বিঘাই বিক্ৰী হল৷ ডাঙৰ পুতেক থকা টাউনৰ ঘৰটো বহলাই আৰু ডাঙৰকৈ বনাই থকা হৈছে৷ মানুহ নোহোৱা হোৱা গাঁৱৰ এই ঘৰতো এৰি শাহু শহুৰ তালৈকে গুচি যাবগৈ৷ আমিও আজি এবছৰৰ পাছত গাঁৱৰ ঘৰখনলৈ উভতি আহিছো৷ গাঁওখনত ভৰি দিওতে এতিয়া মোৰ লগত নাই সেই ন ছোৱালীৰ উপাধিতো, নাই একো সামাজিক বাধ্যতাও৷ আহিয়ে পিছদিনা টাউনৰ ঘৰলৈ চিফ্ট কৰি এৰি আহিলো গাঁৱৰ ঘৰ৷ লগতে এৰি আহিব লগা হল মোন মনটোও, মোৰ হেপাহটোও৷ সেই সময়তযে দেউতাৰ চকু পানীৰে ভৰি পৰিছিল মই দেখিছিলো৷ বহু স্মৃতিৰে ভৰা তেঁওৰ সেয়া জন্ম হোৱা ঘৰ৷ সকলোৱেই তেঁওক কৈ থকা শুনিলো আবেগতকৈ বেছি বাস্তৱত চকু দিয়া ভাল৷

এই ঘৰটোতে আজি মোৰ কেইবাদিনো পাৰ হল ৷ আজি গধূলী এঁও মোক হাঁহি হাঁহি এটা কথা কলেহি…“বলা ককাহঁতৰ ঘৰৰ ধাননিলৈ যাও৷ পাৰ্চটোতে কটাৰি এখন ভৰাই লোৱা, ধান কাটিবাগৈ“….৷
***

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments